/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/8fc8c453-24a6-4f48-8a90-2e349c24cb88/AP_FOR_WEB_new_format_pratibedon__nn_1.jpg)
লাখ লাখ লোকৰ মাজত জনপ্ৰিয় আছিল এজনী যুৱতী। ইউটিউবাৰ হিচাপে আছিল বিশেষ নাম। ৪ দিনৰ আগত দিছিল পাৰ্টী। এনে কি কাৰণ হ'ল যে সেই যুৱতী গৰাকী হ'ল আত্মঘাতী।অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন-
বামুনীমৈদামৰ এটা ভাড়াঘৰত দুয়ো একেলগে বাস কৰিছিল। পৰিয়ালৰ লোকে সেই কথা গ'মেই পোৱা নাছিল। বঙাইগাঁৱৰ এগৰাকী যুৱতী নাম পিয়লীনা নাথ। জামুগুৰিহাটৰ পংকজ নাথৰ সৈতে দুয়ো মহানগৰীত আছিল একেলগে।
সেই ভাড়া ঘৰটোতেই উদ্ধাৰ হ'ল পিয়লীনাৰ মৃতদেহ। চিপ লৈ ওলমি আছিল যুৱতী গৰাকী। গাত আছিল আঘাতৰ চিন।আৰক্ষী গৈ পোৱাৰ পূৰ্বেই নমাই অনা হৈছিল মৃতদেহ। পৰিয়ালৰ লোকৰ গুৰুতৰ অভিযোগ মৰণোত্তৰ পৰীক্ষাৰ পাছতহে কন্যাৰ মৃত্যুৰ খবৰ পাইছিল তেওঁলোকে।
নৱগ্ৰহত শেষকৃত্য অনুষ্ঠিত হ'ল যুৱতী গৰাকীৰ। এনেবোৰ বিসংগতিৰ বাবে পৰিয়ালে সন্দেহ কৰিছে এয়া আত্মহত্যা নহয়, হত্যাকাণ্ড। আৰক্ষীয়ে আটক কৰিছে পংকজ নাথক। ৩ মাহৰ আগতে দুয়োৰে বিবাহ হৈছিল আদালতত।
যুৱতী গৰাকী আছিল এগৰাকী জনপ্ৰিয় ইউটিউবাৰ। তেওঁৰ ইউটিউব চেনেলটোৰ নাম চাংগী ব্লগাৰ। ৪ দিনৰ পূৰ্বে বিৰাট স্ফূৰ্তিত আছিল পিয়লীনা। সেইদিনা আহিছিল এটা ভাল খবৰ।
ইউটিউবাৰ পিয়লীনাৰ নামত থকা চাংগী ব্লগাৰ একাউন্টটো চাবক্ৰাইবাৰ হৈছিল ১ লাখ। সেই কাৰণে আপোন কেইজনমানৰ সৈতে আনন্দ কৰিছিল পিয়লীনাই। এতিয়া পিয়লীনাৰ ইউটিউব একাউন্টত চাবক্ৰাইবাৰৰ সংখ্যা ১ লাখ ৪ হাজাৰ। আৰক্ষীয়ে এই কাণ্ড সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। কিন্তু এতিয়ালৈকে সেই আত্মহত্যা নে হত্যাকাণ্ড আৰু কিয় কোনে এই কাম কৰিলে সেই সন্দৰ্ভত কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই।
আৰু পঢ়ক: সামৰনি পৰিল শংকৰদেৱ সংঘৰ অধিৱেশন, শোকত ভাগি পৰিছে ভকত-বৈষ্ণৱ