সোণাপুৰত কোনে গিলিলে এটা পাহাৰ ?

সোণাপুৰত কোনে গিলিলে এটা পাহাৰ ?
সোণাপুৰত কোনে গিলিলে এটা পাহাৰ ?
দিছপুৰৰ নাকৰ তলতে বন বিভাগৰে মিলি অসাধু ব্যৱসায়ীয়ে গিলিলে এটা পাহাৰ। পাহাৰৰ ৰঙা মাটি ডাম্পাৰেৰে প্ৰেৰণ কৰাৰ লগতে মাটিৰ তলৰ প্ৰকাণ্ড প্ৰকাণ্ড শিল বিস্ফোৰণ ঘটাই ভাঙি চলিছে অবৈধ সৰবৰাহ। সকলো দেখিও নেদেখাৰ ভাও জিলা প্ৰশাসনৰ। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

পৰিৱেশ সচেতনতা আৰু সংক্ষণৰ আদৰ্শৰে অমৃত বৃক্ষ আন্দোলন (Amrit Brikshya Andolan) ৰ অধীনত ৰাজ্য চৰকাৰে ১ কোটি গছপুলি ৰোপণেৰে অভিলেখ সৃষ্টি আছিল এক চমক। ইয়াৰ আঁৰত ৰাজ্য চৰকাৰৰ নাছিল কোনো আন্তৰিকতা। ৰাজ্য চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ সহযোগত চলি থকা বন ধ্বংস কাৰ্যই এই কথাকেই যেন প্ৰমাণ কৰি আহিছে।

নিতৌ চৰকাৰী পৃষ্ঠপোষকতাতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা বন ধ্বংসৰ বাতৰি প্ৰকাশ হৈ আহিছে যদিও যেন কোনো কাণসাৰ নাই বন আৰু পৰিবেশ বিভাগৰ। ৰাজ্য চৰকাৰৰ এই বিভাগটোৱে বন আৰু প্ৰকৃতিৰ সুৰক্ষা তথা সংৰক্ষণৰ বিপৰীতে অবাধে ধ্বংস কৰাৰহে যেন দায়িত্ব লাভ কৰিছে।

ৰাজধানী দিছপুৰ (Dispur)ৰ পৰা মাত্ৰ কেই কিলোমিটাৰমান নিলগৰ সোণাপুৰৰ সেউজীয়া বননী ধ্বংসৰে অবাধে পাহাৰ খনন কৰি প্ৰকৃতিৰ ধ্বংস যজ্ঞ চলা বিষয়টো দেখিও নেদেখাৰ ভাও ধৰা এই বিভাগটোত বন সংৰক্ষকৰ পৰিৱৰ্তে যে বন দস্যুৰহে দপদপনি সেই কথা পুনৰবাৰ প্ৰমাণ হৈছে।

কামৰূপ মহানগৰ জিলাৰ সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত লফলং ৰাজহ গাঁৱত নীতবৰ্হিভূতভাৱে চলি আছে পাহাৰ খনন কৰি ৰঙা মাটিৰ অবৈধ ব্যৱসায়। এনেদৰে পাহাৰ খনন কৰাৰ ফলত মাটিৰ তলৰ পৰা ওলাইছে বিশাল আকৃতিৰ শিল। এই শিলসমূহো বিনা অনুমতিত ভাঙি নিশা ডাম্পাৰেৰে চালান দিয়া হৈছে বাহিৰলৈ।

বন আৰু পৰিবেশ বিভাগৰ নাকৰ তলতে এই গুৰুতৰ অপৰাধ তথা অনিয়ম সংঘটিত হৈ আছে যদিও জিলা প্ৰশাসন, চৰকাৰ কোনেৱেই কাণসাৰ দিয়া নাই। নীৰৱ ভূমিকা পালন কৰিছে সংশ্লিষ্ট কৰ্তৃপক্ষই।

উল্লেখ্য যে, কামৰূপ মহানগ (Kamrup Metro)ৰ জিলাৰ সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত লফলং ৰাজহ গাঁৱৰ দাগ নং ২৪ ৰ পট্টা নং ৩৮ ত প্রকৃততে প্রশাসনে ১.৫৫৭২ হেক্টৰ অৰ্থাৎ প্রায় ৬ বিঘা পাহাৰীয়া ভূমি খননৰ অনুমতি দিছিল ৰবীন শইকীয়া নামৰ এজন লোকক।

কিন্তু অভিযোগ উঠিছে ৬ বিঘা পাহাৰীয়া ভূমি খননৰ অনুমতি লাভ কৰা এই ৰবীন শইকীয়া (Rabin Saikia) নামৰ লোকজনে বন বিভাগৰ চকুৰ আগতে এতিয়া ৬ বিঘাৰ পৰিবৰ্তে প্রায় ৪০ বিঘা ভূমিত নির্বিবাদে চলাই আছে অবৈধ খনন।

এই ক্ষেত্ৰত তেওঁ এই বৃহৎ ভূমিখণ্ডত থকা সকলো গছ-বন কাটি তহিলং কৰিছে। পাহাৰ ৰঙা মাটিবোৰ ডাম্পাৰৰ জৰিয়তে বিভিন্ন স্থানলৈ স্থানান্তৰ কৰিছে। তথ্য অনুসৰি এই ব্যৱসায়ীজনক সোণাপুৰৰ লফলং ৰাজহ গাঁৱৰ উক্ত ছবিঘা ভূমিত ৩০ হাজাৰ ঘনমিটাৰ মাটি খননৰহে অনুমতি দিছিল কর্তৃপক্ষই।

তাৰ পৰিবৰ্তে এতিয়া ৪০ বিঘা ভূমিত প্রায় ৪ ৰ পৰা ৫ লাখ ঘনমিটাৰ ৰঙা মাটি উক্ত স্থানৰ পৰা খনন কৰা হৈছে। এই ৰঙা মাটিবোৰ প্ৰতি ঘন মিটাৰত ২০০ ৰ পৰা ৩০০ টকা দৰত বিক্ৰী কৰা হৈছে বুলিও জানিব পৰা গৈছে।

১০ ঘনমিটাৰ মাটি পৰিবহন কৰা এখন ডাম্পাৰে ২ ৰ পৰা ৩ হেজাৰ টকাত এই মাটি বিক্রী কৰি থকাৰো তথ্য পোৱা গৈছে। ৰবীন শইকীয়া নামৰ ব্যৱসায়ীজনে যি ৬ বিঘা ভূমি খননৰ অনুমতি লাভ কৰিছিল, সেই ভূমিৰ ৩০ হাজাৰ ঘনমিটাৰ মাটিৰ বাবদ চৰকাৰক আদায় দিয়াৰ কথা আছিল ৫০ লাখ টকা।

মাৰগদলা খণ্ড বিষয়া জয়ন্ত কলিতাৰ সৈতে গোপন বুজাবুজিৰে অবৈধভাৱে ৪০ বিঘা মাটিত পাহাৰৰ ৰঙা মাটি খনন কৰি ৮ ৰ পৰা ১০ কোটি টকা সংগ্ৰহৰ পাং পতা বুলি অভিযোগ উঠিছে। অভিযোগ অনুসৰি এই স্থানৰ পৰা ৫০ হাজাৰ ডাম্পাৰ মাটি বিক্ৰী কৰা হ’ব।

ইফালে পাহাৰ খনন কৰাৰ ফলত মাটিৰ তলত ওলাইছে বিশাল আকৃতিৰ শিল। এই শিলসমূহ ভঙাৰ বাবে বন বিভাগৰ পৰা কোনো অনুমতি নোলোৱাকৈয়ে বিস্ফোৰক ব্যৱহাৰ কৰি এইবোৰ বিস্ফোৰণ ঘটাই চালান অবিহনে ডাম্পাৰৰ সৈতে স্থানান্তৰ কৰা হৈছে।

এই ক্ষেত্ৰত প্ৰত্যক্ষ সহযোগিতা কৰিছে বন বিভাগৰ একাংশ বিষয়া, কৰ্মচাৰীয়ে। আৰু এই ৰঙা মাটি তথা শিলবোৰ নিৰ্মীয়মান অৱস্থাত থকা পঞ্চতাৰকা যুক্ত হোটেলৰ নিৰ্মাণকাৰ্যত ব্যৱহাৰ কৰাৰ লগতে চিমেণ্ট কোম্পানীক যোগান ধৰা হৈছে বুলিও জানিব পৰা গৈছে।

স্মৰ্তব্য, বিস্ফোৰক সামগ্ৰী ব্যৱহাৰ কৰি পাহাৰৰ শিল ভঙা কাৰ্য বেআইনী যদিও দিছপুৰৰ গাতে লাগি থকা সোণাপুৰত অভাধে আইন ভংগ কৰিয়েই পাহাৰৰ মাটিৰ তলত ওলোৱা শিল ভাঙি সৰবৰাহ কৰি থকা হৈছে। সকলো দেখিও নেদেখাৰ অভিনয় কৰিছে বন বিভাগ আৰু জিলা প্ৰশাসনে।

এই সন্দৰ্ভত ব্যৱসায়ী ৰবীন শইকীয়াৰ লগতে এই অবৈধ পাহাৰ খনন, বন ধ্বংস আৰু সৰবৰাহৰ বিষয়ে স্থানীয় দল, সংগঠনে জিলা আয়ুক্তগৰাকীক এক অভিযোগ দাখিল কৰিছে। তেওঁলোকে এই ক্ষেত্ৰত উচ্চ পৰ্যায়ৰ তদন্তও দাবী কৰিছে।

সোণাপুৰত কোনে গিলিলে এটা পাহাৰ ?
ৰামক চিন্তি নিৰ্বাচনী প্ৰস্তুতি !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in