ৰামক চিন্তি নিৰ্বাচনী প্ৰস্তুতি !

ৰামক চিন্তি নিৰ্বাচনী প্ৰস্তুতি !

পাঁচ ৰাজ্যৰ নিৰ্বাচন শেষ হোৱাৰ পথত। মিজোৰাম, ছত্তিশগড়, মধ্যপ্ৰদেশৰ বিধানসভাৰ ভোটগ্ৰহণ ইতিমধ্যে হৈ গৈছে। ৰাজস্থানৰ ২০০ খন আসনৰ বাবে ২৫ নৱেম্বৰত আৰু তেলেংগানাৰ ১১৯ খন বিধানসভা আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৩০ নৱেম্বৰত।

এই ৫ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলে ২০২৪ লোকসভা নিৰ্বাচনৰ এক পূৰ্বানুমান যে দিব সেয়া নিশ্চিত। এক কথাত ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এয়া ৰাজনৈতিক দলসমূহৰ বাবে ছেমি ফাইেনেল।

৫ ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰত প্ৰতিটো ৰাজনৈতিক দলেই বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ৰাজ্যভেদে সকলো ৰাজনৈতিক নেতা তথা দলৰে প্ৰতিশ্ৰুতি ভিন ভিন। প্ৰতিশ্ৰুতি প্ৰদানৰ ক্ষেত্ৰতত পিছ পৰি থকা নাই শাসকীয় দলেই হওক বা বিৰোধী দলেই হওক।

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে দাবী কৰা অনুসৰি ৫ ৰাজ্যৰ ভিতৰত ৪ খনত তেওঁলোকৰ চৰকাৰ নিশ্চিত যদিও এখন ৰাজ্যত বিজেপিৰ সৈতে যুঁজ হ’ব। অৱশ্যে শেষত তেওঁলোকেই পাঁচোখন ৰাজ্যত চৰকাৰ গঠন কৰিব।

বিজেপিয়ে ৰাহুল গান্ধীৰ দৰে স্পষ্টকৈ ৫ ৰাজ্য দখল কৰিব পাৰিব বুলি কোৱা নাই যদিও অন্ততঃ ৩ খন ৰাজ্যত একক সংখ্যা গৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব পাৰিব বুলি আশা পুহি ৰাখিছে। দলটোৱে ৰাজস্থান, মধ্যপ্ৰদেশ আৰু তেলেংগানাত চৰকাৰ গঠন কৰাৰ লগতে মিজোৰামত চৰকাৰৰ অংশীদাৰ হোৱাৰ আশা কৰিছে। ছত্তিশগড়ত অৱশ্যে কংগ্ৰেছেই দখল কৰিব বুলি বিজেপিও নিশ্চিত হৈছে।

কংগ্ৰেছ অথবা বিজেপি কোনে ৫ ৰাজ্যৰ নিৰ্বাচনত অধিক সফলতা লাভ কৰে সেয়া সময়ে ক’ব। ইতিমধ্যে ৩ খন ৰাজ্যৰ জনতাই দিছে জনাদেশ। এই ৫ ৰাজ্যৰ নিৰ্বাচনত কংগ্ৰেছেই হওক বা বিজেপিয়েই হওক বা আন ৰাজনৈতিক দলেই হওক সকলোৱে নিৰ্দিষ্ট কেতবোৰ ইছ্যু লৈ জনসাধাৰণৰ মাজলৈ গৈছে।

ৰাজ্যভেদে ইছ্যুবোৰ কিছু সালসলনি হৈছে যদিও কংগ্ৰেছৰ বিজেপিৰ বিৰুদ্ধে ইছ্যুবোৰ মূলতঃ একেই আছে। ইয়াৰ পৰাই ২০২৪ ৰ লোকসভা নিৰ্বাচনত বিৰোধীৰ নিৰ্বাচনী ইছ্যু কি হ’ব সেয়া ইতিমধ্যে সকলোৱে বুজি পাইছে।

মূল্যবৃদ্ধি, অত্যধিক কৰ, চি বি আই, ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা, প্ৰৱৰ্তন সঞ্চালকালয়, আয়কৰ বিভাগ আদিক বিৰোধীৰ মুখ বন্ধ কৰিবৰ বাবে উদ্দেশ্য প্ৰণোদিতভাৱে ব্যৱহাৰ কৰা, আদানীৰ কেলেংকাৰী আদিয়ে কংগ্ৰেছকে ধৰি বিৰোধীৰ বিজেপিৰ বিৰুদ্ধে হ’ব নিৰ্বাচনী ইছ্যু।

কিন্তু বিজেপিয়ে ক্ষমতা নিজৰ দখলত ৰাখিবলৈ জনতাৰ মাজলৈ কি ইছ্যু লৈ যাব ? সেয়া কিন্তু আজিৰ তাৰিখত এক ডাঙৰ প্ৰশ্ন। মূল্যবৃদ্ধি ৰোধ, ক’লা ধন ঘূৰাই অনা, সন্ত্ৰাসবাদমুক্ত, নিবনুৱাৰ সংস্থাপন, দুৰ্নীতি মুক্ত ভাৰতকে ধৰি বিভিন্ন প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা বিজেপিয়ে এইবাৰ ইছ্যু নোহোৱাকৈয়ে নামিব নিৰ্বাচনী প্ৰচাৰত।

১০ বছৰ ধৰি ক্ষমতাত থকা এই দলটোৱে নিজৰ সফলতাৰ জয়গান গাই ৰাইজৰ মাজলৈ যাবলৈও তেনে কোনো বিশেষ কাৰ্য কৰিবলৈ সক্ষম নহ’ল। ফলত ইছ্যুবিহীনভাৱে নিৰ্বাচনী যুঁজত নামিব লাগিব দলটো।

কংগ্ৰেছক পৰাভূত কৰি ক্ষমতা দখল কৰাৰ সময়ত সামাজিক মাধ্যমৰ লগতে দেশজুৰি যি মোডী মেজিক দেখা গৈছিল সেই মোডী মেজিকো এতিয়া দেখিবলৈ নাই। এনে পৰিস্থিতিত পুনৰ ধৰ্মীয় আৱেগৰ জৰিয়তে নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ বাবে চেষ্টা চলাব বিজেপিয়ে।

ইয়াৰ বাবে দলটোৱে প্ৰস্তুত কৰি তুলিছে পৰিকল্পনা। দলটোৱে এই ধৰ্মীয় আৱেগ সৃষ্টিৰ বাবে বাচি লৈছে নিৰ্মীয়মাণ ৰাম মন্দিৰ (Ram Mandir)। অযোধ্যাত নিৰ্মাণ কৰি থকা ৰাম মন্দিৰ উদ্বোধনৰ বাবে দিন নিৰ্ধাৰণ কৰা হৈছে ২০২৪ ৰ ২২ জানুৱাৰী। ইয়াৰ ঠিক ৬০/৭০ দিনৰ পাছতে দেশত অনুষ্ঠিত হ'ব সাধাৰণ নিৰ্বাচন।

সেয়ে ২২ জানুৱাৰীৰ ৰাম মন্দিৰ উদ্বোধনৰ পাছৰ ৪০ দিন ধৰি ৰাম মন্দিৰক কেন্দ্ৰ কৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰা হৈছে। এই ৪০ দিনত ভগৱান ৰামক ৰূপৰ কলসীৰে অভিষেক কৰিব পাৰিব ভক্তসকলে।

লোকসভা নিৰ্বাচনৰ ঠিক আগমুহূৰ্তলৈকে সমগ্ৰ দেশত এক হিন্দু আৱেগৰ সৃষ্টি কৰিবৰ বাবেই এই পৰিকল্পনা প্ৰস্তুত কৰা হৈছে। ৰাম মন্দিৰ (Ram Mandir) নিৰ্মাণ সম্পূৰ্ণ হোৱা নাই যদিও বহু পূৰ্বেই লোকসভা নিৰ্বাচনৰ আগে আগে ইয়াৰ শুভ উদ্বোধন কৰিবলৈ শাসক পক্ষই জোৰ দিছে। সেয়ে ইতিমধ্যে ৰাম মন্দিৰৰ শুভ উদ্বোধনৰ বাবে ২২ জানুৱাৰী নিৰ্ধাৰণ কৰা হৈছে। আৰু সেই অনুসৰি চলাই থকা হৈছে প্ৰচাৰ।

ৰাম মন্দিৰ শুভ উদ্বোধন হোৱাৰ পাছতো অৰ্থাত ২২ জানুৱাৰীৰ পাছৰ প্ৰায় ডেৰ মাহ ধৰি নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ আগলৈকে দেশত বিভিন্ন ধৰ্মীয় কাৰ্যসূচী চলাই যাব গেৰুৱা দলটোৱে। তাৰ পৰাই অনুমান কৰিব পাৰি গেৰুৱা শিবিৰে দেশজুৰি কিদৰে এক হিন্দু আৱেগ তৈয়াৰৰ চেষ্টা কৰিছে।

এই সকলো কাৰ্যসূচীৰে নেতৃত্ব ল’ব বিজেপিৰ শীৰ্ষ নেতৃত্বৰ লগতে, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ, বিশ্ব হিন্দু পৰিষদ আদিৰ দৰে হিন্দুত্ববাদী সংগঠনবোৰে।

আনহাতে ৰাম মন্দিৰ (Ram Mandir) উদ্বোধনকে ধৰি পৰৱৰ্তী ডেৰ মাহৰ বিভিন্ন কাৰ্যসূচীৰ বাবে যিদৰে ৰাম মন্দিৰৰ চৌহদ সজাই পৰাই তোলা হ'ব ঠিক সেইদৰে দেশৰ বিভিন্ন প্ৰান্তৰ লোকসকলক একত্ৰিতভাৱে ডিজিটেলী এই কাৰ্যসূচী উপভোগ কৰিব পৰাকৈ ব্যৱস্থাও গ্ৰহণ কৰা হ’ব। দেশৰ ভিন্ন প্ৰান্তত বাহিৰ কৰা হ’ব প্ৰভাত ফেৰী। অনুষ্ঠিত হ'ব ধৰ্মীয় অনুষ্ঠান, ধৰ্মীয় সভা আদি।

৫ ৰাজ্যৰ নিৰ্বাচন শেষ হোৱাৰ পাছত বিজেপিৰ হাতত তেনে কোনো বিশেষ কাৰ্যসূচী নাই। লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰিও তেওঁলোকে কোনো আন বিশেষ কাৰ্যসূচীৰ পৰিকল্পনা এই পৰ্যন্ত কৰা নাই। সেয়েহে ৰাম মন্দিৰক কেন্দ্ৰ কৰিয়েই দেশ জুৰি ধৰ্মীয় আৱেগ সৃষ্টিৰে নিজৰ অনুকুলে এক পৰিৱেশ তৈয়াৰ কৰাতেই মনোনিৱেশ কৰিছে দলটোৱে।

ৰাম মন্দিৰ উদ্বোধনৰ পাছত ৪০ দিন ধৰি চলিবলগীয়া বিভিন্ন কাৰ্যসূচীৰ বাবে এটা মোবাইল এপ তৈয়াৰ কৰাৰ কথাও প্ৰকাশ কৰিছে ৰাম মন্দিৰ কৰ্তৃপক্ষই। এই এপটোৰ নাম দিয়া হৈছে 'শ্ৰীৰাম সেৱা' (ShriRam Sewa)। এই এপটোৰ জৰিয়তে অভিষেক অনুষ্ঠানত অংশ ল'ব বিচৰা লোকসকলে আৱেদন কৰিব পাৰিব।

আনহাতে ৰাম মন্দিৰ কৰ্তৃপক্ষই দেশবাসীক ৰাম মন্দিৰ উদ্বোধনৰ দিনটোত ঘৰে ঘৰে হনুমান চালিছা, ৰাম চৰিত মানস পাঠ কৰিবলৈ আহ্বান জনাইছে। মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দৃশ্য টেলিভিশ্যনৰ লগতে সকলো সামাজিক মাধ্যমতে লাইভ সম্প্ৰচাৰ কৰা হ'ব।

সেই দিনটোৰ সন্ধিয়া সকলোকে চাকি জ্বলাই শংখ বজাবলৈও আহ্বান কৰিছে। ইফালে মন্দিৰ উদ্বোধন হোৱাৰ পাছতে প্ৰতিদিনে ৰাম মন্দিৰত পূজা অৰ্চনা কৰিবলৈ পূজাৰীৰ প্ৰয়োজনীয়তাৰ কথা চিন্তা কৰি পূজাৰীৰৰ বাবে আৱেদন কৰিবলৈ এক বিজ্ঞাপন প্ৰকাশ কৰিছিল।

ইতিমধ্যে প্ৰায় ৩ হাজাৰ পূজাৰীয়ে ইয়াত আৱেদন কৰিছে। এই ৩ হাজাৰ পূজাৰীৰ পৰা প্ৰথমে ২০০ জন নিৰ্বাচিত কৰি তাৰ মাজৰ পৰা ২০ জনক কৰ্তব্যত নিয়োগ কৰা হ'ব। অৱশ্যে তাৰ পূৰ্বে তেওঁলোকক ৬ মাহ ধৰি প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।

এইদৰেই ৰাম মন্দিৰক কেন্দ্ৰ কৰি দেশজুৰি এক পৰিৱেশৰ সূচনা কৰা হৈছে। এই সময়ছোৱাত সকলো হিন্দু ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি ৰাখি আৱেগত উটি-ভাঁহি থাকিব পৰা এক পৰিৱেশ পৰিকল্পিতভাৱে প্ৰস্তুত কৰিছে বিজেপিয়ে। এই আৱেদৰ ঢৌৰ জৰিয়তেই ২০২৪ ৰ লোকসভা নিৰ্বাচন পাৰ হোৱাৰ চেষ্টা দলটোৰ। ৰাম মন্দিৰৰ জৰিয়েতেই দলটোৱে উদ্ধাৰ হোৱাৰ চেষ্টা চলাব ২০২৪ লোক সভা নিৰ্বাচন।

ৰামক চিন্তি নিৰ্বাচনী প্ৰস্তুতি !
কৰ দি মৰ !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in