ক্ষুদ্ৰ চাহ খেতিয়কৰ মৰ্ম বেদনা কেতিয়া বুজিব ৰাজ্য চৰকাৰে ?

ক্ষুদ্ৰ চাহ খেতিয়কৰ মৰ্ম বেদনা কেতিয়া বুজিব ৰাজ্য চৰকাৰে ?

ভীষণ সমস্যাত পৰিছে ৰাজ্যৰ লক্ষাধিক ক্ষুদ্ৰ চাহ খেতিয়ক। ১জুনৰ পৰা এই খেতিয়কসকলৰ কেঁচা চাহপাত ক্ৰয় নকৰাৰ সিদ্ধান্ত লোৱাৰ পাছত ৰাজ্যৰ এই বৃহত উদ্যোগলৈ ভাবুকি নামি আহিছে। এই পৰিস্থিতিত ৰাজ্য চৰকাৰেও সমস্যা সমাধানৰ বাবে লোৱা নাই কোনো ব্যৱস্থা। অসমৰ ক্ষুদ্ৰ চাহ উদ্যোগ এতিয়া সংশয়ৰ কৱলত। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন।

প্ৰচুৰ সম্ভাৱনা থকা অসমৰ চাহ উদ্যোগলৈ সংকট নামি আহিছে। পূৰ্বতে বহিৰাগতৰ হাতত থকা এই উদ্যোগৰ সৈতে ক্ষুদ্ৰ চাহখেতিৰ জৰিয়তে এচাম থলুৱা লোক জড়িত হৈ পৰিছে যদিও পদে-পদে তেঁওলোক সন্মুখীন হৈছে তীব্ৰ প্ৰত্যাহ্বানৰ।

২০০ বছৰীয়া এই ঐতিহ্যপূৰ্ণ অসমৰ চাহ উদ্যোগ। ব্ৰিটিছ চাহাব ৰবাৰ্ট ব্ৰুছৰ পৰা আজিৰ এই সময়লৈকে অসমৰ চাহ উদ্যোগৰ আছে সুদীৰ্ঘ পৰিক্ৰমা। এই সুদীৰ্ঘ পৰিক্ৰমাত অসমৰ চাহ উদ্যোগে অসমক বিশ্ব মানচিত্ৰত এক সুকীয়া স্থান লাভ কৰি আহিছে। কিন্তু সময় বাগৰাৰ লগে লগে যেন অসমৰ এই চহকী কৃষি ক্ষেত্ৰৰে জড়িত উদ্যোগটোলৈ নামি আহিল গভীৰ সংকট।

এই সংকটে এতিয়া এনে ৰূপ ধাৰণ কৰিছে যেন তিল তিলকৈ মৃত্যুৰ মুখলৈহে আগবাঢ়িছে উদ্যোগটো। ভাৰতৰ মুঠ চাহ উৎপাদনত অসমৰ অৱদান ৫২ শতাংশ।

অসমৰ এই বৃহৎ উদ্যোগটোৰ গুৰুত্বপূৰ্ণ অংশ অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল। ১৯৮০ ৰ দশকৰ পৰা অসমত ক্ষুদ্ৰ চাহ খেতিৰ আৰম্ভ হৈছিল। ইয়াৰ পিছত যোৱা চাৰিটা দশকত অসমত ক্ষুদ্ৰ চাহ খেতিয়কে চাহ খেতিৰ জৰিয়তে কৃষি বিপ্লৱ কৰিবলৈ সক্ষম হৈছিল।

২০১৮ চনৰ হিচাপ মতে, অসমত পঞ্জীয়নভুক্ত ক্ষুদ্ৰ চাহ খেতিয়ক আছিল ১ লাখ ৪৪ হাজাৰ ২২২ জন। সেই সংখ্যা এতিয়া প্ৰায় ২লাখ হৈছে। ৰাজ্যৰ অৰ্থনীতিলৈ মূলতঃ চাহ উদ্যোগে সিংহভাগ বৰঙণি আহবঢ়াই আহিছে।

অসমত উৎপাদিত চাহৰ ৫২শতাংশ কেঁচা চাহপাত উৎপাদন কৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলে। এই খেতিৰ সৈতে পৰোক্ষ-প্ৰত্যক্ষভাৱে ১০লাখৰো অধিক লোক জড়িত হৈ আছে। ইয়াৰে ৩লাখ ৫হাজাৰ ৯শ জনৰো অধিক এই খেতিৰ সৈতে জড়িত প্ৰত্যক্ষ শ্ৰমিক।

শেহতীয়াকৈ এই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পৰা ক্ৰয় কৰি থকা কেঁচা চাহপাত ৰাজ্যৰ বটলিফ্ ফেক্টৰীসমূহে ক্ৰয় নকৰা সিদ্ধান্ত লোৱাত এই উৎপাদিত কেঁচা চাহপাতকলৈ ভীষণ সমস্যাত পৰিছে খেতিয়কসকল।

পূৰ্বৰে পৰা অতি কম দামত এই বটলিফ্ ফেক্টৰীসমূহে কেঁচা চাহপাত ক্ৰয় কৰা অভিযোগ আছে। অথচ ক্ষুদ্ৰ চাহ খেতিয়কসকলক সকাহ দিবৰ বাবেই ৰাজ্য চৰকাৰে ৰাজসাহাৰ্য প্ৰদানেৰে এই ফেক্টৰীসমূহ স্থাপন কৰিছিল। ৰাজ্যত প্ৰায় ৩০০টা এনে বটলিফ্ ফেক্টৰী আছে।

যিবোৰ ফেক্টৰীত ৪০ শতাংশ ৰাজসাহাৰ্য ৰাজ্য চৰকাৰে প্ৰদান কৰিছে। ভাৰতীয় টি বৰ্ড আৰু বটলিফ্ ফেক্টৰীৰ মাজত সৃষ্টি হোৱা সংঘাতৰ পৰিণাম ভুগিছে এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কসকলে। চাহখেতিত কীটনাশক প্ৰয়োগেৰে উৎপাদিত চাহৰ মান হ্ৰাস আৰু স্বাস্থ্যৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি কৰাৰ অভিযোগেৰে চাহ নিলামত এনে চাহৰ মূল্য হ্ৰাস পোৱা বুলি এক মহলে প্ৰচাৰ কৰি তাৰ মুনাফা আদায় কৰিছে।

কি হৈছে ক্ষুদ্ৰ চাহ খেতিয়কৰ লগত?

শেহতীয়াকৈ ভাৰতীয় টি ব’ৰ্ড আৰু ফুড ছেফটি এণ্ড চিকিউৰিটি অথ’ৰিটি অফ ইণ্ডিয়া চমুকৈ এফ এছ এছ এ আইয়ে বটলিফ্ ফেক্টৰীসমূহক উদ্দেশ্যি এক নিৰ্দেশনা জাৰি কৰিছিল। এই নিৰ্দেশনাত বটলিফ্ ফেক্টৰীসমূহত উৎপাদিত মেড-টি ৫০ শতাংশ আৰু টি-ডাষ্ট ১০০ শতাংশ নিলাম কেন্দ্ৰৰ জৰিয়তে বিক্ৰী কৰিবলৈ কোৱা হৈছে।

টি-বৰ্ড আৰু এফ এছ এছ এ আইৰ এই কঠোৰ নিৰ্দেশৰ বিৰোধিতা কৰিছে বটলিফ্ ফেক্টৰীসমূহে। এই নিৰ্দেশনাৰ বিৰোধিতাৰে বটলিফ্ টি মেনুফেকছাৰ্ছ এছচিয়েছনে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পৰা চাহ ক্ৰয় নকৰাৰ সিদ্ধান্ত লয়।

লোকসভা নিৰ্বাচনৰ পূৰ্বেই প্ৰথমে জাৰি কৰা এই নিৰ্দেশনাৰ বিৰোধিতাৰে যোৱা ১ আৰু ২ এপ্ৰিলত বটলিফ্ টি মেনুফেকছাৰ্ছ এছচিয়েছনে ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেঁচা পাত ক্ৰয় নকৰাকৈ থাকে যদিও নিৰ্বাচনত ইয়াৰ প্ৰভাৱ পেলোৱাৰ আশংকাত তাৎক্ষণিকভাৱে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰে আৰু ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেঁচা পাত ক্ৰয় কৰে।

কিন্তু টি-বৰ্ড আৰু এফ এছ এছ এ আইয়ে পূৰ্বৰ সেই সিদ্ধান্ত বাহাল ৰখাত পুনৰ ১ জুনৰ পৰা বটলিফ্ টি মেনুফেকছাৰ্ছ এছচিয়েচনে ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা চাহপাত ক্ৰয় নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ফলত অসমৰ প্ৰায় ২ লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা পাত অনিষ্ট হোৱাৰ আশংকাই দেখা দিয়ে।

ভাৰতীয় টি-বৰ্ড আৰু এফ এছ এছ এ আইয়ে বটলিফ টি মেনুফেকছাৰ্ছ এছচিয়েছনলৈ জাৰি কৰা নিৰ্দেশনাত স্পষ্টকৈ কোৱা হৈছে যে তেওঁলোকৰ উৎপাদিত মেড-টি ৫০ শতাংশ আৰু টি-ডাষ্ট ১০০ শতাংশ চাহ নিলাম কেন্দ্ৰৰ জৰিয়তে বিক্ৰী কৰি লাগিব। ইয়াতে সৃষ্টি হৈছে সমস্যা। যোৱা ২৪ মে'ত হৈ যোৱা চাহ নিলামত বটলিফ ফেক্টৰীসমূহৰ দ্বাৰা উৎপাদিত ৩ লাখ ৩৪ হাজাৰ ৯১১ কিলোগ্ৰাম চাহ পানীৰ দৰত বিক্ৰী হৈছে।

জানিব পৰা মতে নিলামৰ পৰা বাহিৰত থাকিল প্ৰায় ৫২ শতাংশ চাহপাত। বটলিফ ফেক্টৰীৰ নিলামত বন্ধ বিক্ৰী হোৱা চাহপাতৰ প্ৰতি কেজিত লাভ কৰিলে মাত্ৰ ১৪৯ টকা। এনে পৰিস্থিতিত বটলিফ ফেক্টৰীসমূহে ক্ষুদ্ৰ চাহ খেতিয়কসকলক কিদৰে পইছা দিব বুলিও প্ৰশ্ন উত্থাপন কৰিছে।

ফেক্টৰীৰ কৰ্তৃপক্ষৰ মতে ১৫০ টকা দৰৰ তলত যদি চাহপাত বিক্ৰী হয় তেন্তে এজন কৃষকক প্ৰাপ্য আদায় দিয়াটো অসম্ভৱ। যিহতে এই সময়খিনি চাহৰ ভৰপক সময়। অথচ এই সময়খিনিতে পানীৰ দৰত বিক্ৰী হৈছে চাহপাত।

বটলিফ ফেক্টৰীসমূহে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পৰা কেঁচা পাত ক্ৰয় কৰি আহিছে। ক্ষুদ্ৰ চাহ বাগানৰ প্ৰতি আগ্ৰহী হৈ লাখ লাখ অসমীয়াই এই কৃষিকাৰ্যত জড়িত হৈ পৰিছে যদিও এই খেতিৰ সকলো ব্যৱহাৰিক জ্ঞান বা চাহ খেতিত কীটনাশক ব্যৱহাৰক লৈ বিশেষ অধ্যয়ন কৰা নাই। পৰিৱৰ্তিত পৰিৱেশ, পৰিস্থিতি চাহ বাগানত এতিয়া কীট-পতংগৰো আক্ৰমণ বৃদ্ধি পাইছে। হেলুপেটিক, লুপাৰ আদিৰ দৰে চাহ গছক শেষ কৰিব পৰা কীট-পতংগ আহিছে।

এনে কীট-পতংগ নাশ কৰিবলৈ বজাৰত বিভিন্ন ৰাসায়নিক ঔষধো উপলব্ধ হৈছে। এই ঔষধসমূহ ক্ৰয় কৰি অনভিজ্ঞ কৃষককে চাহ বাগানত ব্যৱহাৰ কৰিছে। ফলত এই চাহ বাগিচাৰ পৰা তোলা পাঁতবোৰত ৰাসায়নিক পদাৰ্থৰ উপস্থিতি ধৰা পৰিছে।

অৱশ্যে ৰাসায়নিক পদৰ্থক লৈ চলি থকা এই বিতৰ্কৰ মাজতে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল এতিয়া কীট-নাশক ব্যৱহাৰত যথেষ্ট সচেতন হৈছে। কিন্তু এজোপা চাহ গছত ধৰা মৰাত্মক এই কীট-পতংগবোৰ নাশ কৰিবলৈ যিবোৰ ঔষধ ব্যৱহাৰ কৰা হয় তাৰ প্ৰভাৱ চাহ গছত বা পাতত ১০ ৰ পৰা ১৫ দিনলৈ থাকে।

এই চাহ যেতিয়া মানুহৰ দেহলৈ যায় ই হৈ পৰে মানুহৰ শৰীৰ বাবে মাৰাত্মক। বটলিফ ফেক্টৰীৰ দ্বাৰা উৎপাদিত চাহত এইবোৰ কাৰণতে অত্যাধিক ৰাসায়নিক পদাৰ্থৰ উপস্থিতি ধৰা পৰিছে।

ফলত নিলামত ইয়াৰ মূল্য যথেষ্ট হ্ৰাস পাইছে। এনে পৰিস্থিতিত টি-বৰ্ড আৰু এফ এছ এছ এ আইয়ে জাৰি কৰা জাননীক সম্পূৰ্ণকৈ অনুসৰণ কৰাটো বটলিফ ফেক্টৰীসমূহৰ বাবেও সহজ হৈ থকা নাই। পৰিণিতত তেওঁলোকে এই সিদ্ধান্তৰ বিৰোধিতাৰে ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেঁচা পাত ক্ৰয় নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

আছাম বটলিফ টি মেনুফেকছাৰ্ছ এছ’চিয়েছনে ১ জুনৰ পৰা কেঁচা চাহপাত ক্ৰয় নকৰাৰ সিদ্ধান্ত লোৱাত ৰাজ্যৰ দুই লক্ষাধিক চাহ খেতিয়কৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। ভাৰতীয় চাহ ব’ৰ্ড আৰু এফ এছ এছ এ আইয়ে জাৰি কৰা নিৰ্দেশনাৰ পাছত বটলিফ্ টি মেনুফেকছাৰ্ছ এছ’চিয়েছনে ইয়াৰ বিৰোধিতাৰে যোৱা ১ আৰু ২ এপ্ৰিলত কেঁচা চাহপাত ক্ৰয় নকৰি ফেক্টৰীসমূহ বন্ধ ৰাখি প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷

এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত আলোচনা কৰিবলৈ যোৱা ২৯ মে’ত অসম চৰকাৰৰ মুখ্য সচিব ৰবী কোটাৰ সভাপতিত্বত তেওঁৰ সভাকক্ষতে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকত উপস্থিত আছিল বিভিন্ন মালিক গোষ্ঠীৰ ABLTMA, NETA, BCP, সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা, ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদ, বড়োলেণ্ড ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিনিধি, অসম চৰকাৰৰ উদ্যোগ বিভাগ, ভাৰতীয় চাহ ব’ৰ্ড, গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ বিষয়াও। কিন্তু এই সভাত ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচাপাত ক্ৰয় কৰা-নকৰা সম্পৰ্কত কোনো সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নগ’ল ৷

বিশেষকৈ বটলিফ্ ফেক্টৰী এছ’চিয়েছনৰ আঁকোৰগোঁজ নীতিৰ বাবেই সহমতত উপনীত হ’ব নোৱাৰিলে বুলিও অভিযোগ উঠিছে। ফলত ৰাজ্যৰ প্ৰায় ২ লাখ ক্ষুদ্ৰ চাহ খেতিয়কে ৩জুনত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৰাজ্যজুৰি।

অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ চাহ পাতত ৰাসায়নিক পদাৰ্থৰ উপস্থিতিৰ অচিলাৰে তেওঁলোকক ভাতে মৰাৰ এক সুপৰিকল্পিত ব্যৱস্থা কৰা হৈছে। এই কথা এতিয়া আৰু লুকাই থকা নাই। কিয়নো চাহপাতৰ গুণাগুণ পৰীক্ষা কৰিবলৈ অসমত আজিলৈকে নাই কোনো ব্যৱস্থা।

সংবেদনশীল, সচেতন চাহ খেতিয়কৰ অভাৱ নাই। এইসকল খেতিয়কক অনভিজ্ঞ আৰু সচেতনতা নথাক চাহ খেতিয়কৰ সৈতে একেশাৰীতে ৰাখিব নোৱাৰি। এতিয়া কথা হ’ল কোন সকল খেতিয়কৰ চাহ পাতত ৰাসায়নিক পদাৰ্থৰ উপস্থিতি অধিক বা কোনোসকলৰ চাহ পাতত ৰাসায়নিক পদাৰ্থৰ উপস্থিতি কম বা প্ৰায় শূন্য সেয়া পৰীক্ষা কৰিব কোনে?

এই পৰীক্ষা কৰিবলৈ আজিৰ তাৰিখত অসমত নাই কোনো তেনে সু-ব্যৱস্থা। একমাত্ৰ টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠানত ইয়াৰ পৰীক্ষা হয় যদিও তাত দৈনিক কেৱল ১০ ৰ পৰা ১৫ টা নমুনাহে পৰীক্ষা কৰিব পাৰি। এনে পৰিপ্ৰেক্ষিতত অসমৰ পৰা কলিকতালৈ পৰীক্ষাৰ বাবে অসমৰ চাহ বাগানৰ নমুনা প্ৰেৰণ কৰিবলগীয়া হয়। ইয়াৰ ফলাফল অহালৈ অপেক্ষা কৰিব লাগে ১০ ৰ পৰা ১৫ দিন।

তাৰোপৰি ইয়াৰ বাবদ প্ৰতিটো চেম্পলৰ বিপৰীতে ৪হাজাৰ পৰ্যন্ত টকা ব্যয় কৰিব লাগিব ক্ষুদ্ৰ চাহ খেতিয়কসকলে। খেতিয়কসকলৰ বাবে কোনো সুবিধা কৰি নিদিয়াকৈ এনে হঠকাৰী সিদ্ধান্ত লোৱাৰ সুযোগ গ্ৰহন কৰিছে এই চক্ৰটোৱে।

বৰ্তমান সময়ত ১কেজি কেঁচা চাহপাত উৎপাদন কৰোতে ১৬ৰ পৰা ১৭টকা পৰ্যন্ত ব্যয় কৰে খেতিয়তসকলে। অথচ তেঁওলোকক বিভিন্ন কাৰণ দৰ্শাই প্ৰতি কেজি চাহপাতৰ বিপৰীতে ১৫টকাকৈ দিয়াৰো উদাহৰণ আছে।

উচ্চমানৰ কেঁচা চাহপাতৰ কথা কোৱা বহু বটলিফ্ ফেক্টৰীয়ে চুবুৰীয়া ৰাজ্য নাগালেণ্ড আৰু অৰুণাচলৰ পৰা কম দৰত চাহপাত ক্ৰয় কৰি আহিছে। যিসকল খেতিয়কে কোনো দিনেই ৰাসায়নিক দ্ৰব্য ব্যৱহাৰৰ প্ৰতি সজাগ আৰু সচেতন নহয়।

২০২২ চনতে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে তেঁওলোকৰ সমস্যা সমাধান কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে। মন্ত্ৰী বিমল বৰাৰ সৈতে ডিব্ৰুগড়ত ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতিনিধি আৰু বটলিফ্ ফেক্টৰীৰ মালিক পক্ষৰ সৈতে বৈঠকত বহিছিল।

কেঁচা চাহপাতৰ মূল্য সঠিকভাৱে দিবলৈ মন্ত্ৰীগৰাকীয়ে পৰামৰ্শ দিছিল যদিও সেই পৰামৰ্শ কাৰ্যতঃ ৰূপায়ন নহ’ল। ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বিষয়ববীয়াই মুখ্যমন্ত্ৰীকো সাক্ষাৎ কৰি তেঁওলোকৰ সমস্যা সমাধানৰ আহ্বান জনাইছিল। প্ৰয়োজনত ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা সংগ্ৰহ কৰা উপ কৰৰ যি ধন ৰাজ্য চৰকাৰৰ ওচৰত জমা আছে সেই ১৮৩ কোটি টকাৰে মিনি চাহ ফেক্টৰী স্থাপনৰ প্ৰস্তাৱো দিছিল তেঁওলোকে।

মুখ্যমন্ত্ৰীয়ে বিষয়টো চাম বুলি কৈছিল যদিও সেই ফাইল দিশপুৰতে আৱদ্ধ হৈ থাকিল। ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যা সমাধানৰ প্ৰতি ৰাজ্যৰ উদ্যোগ বিভাগৰ এই অনীহাও এই উদ্যাোগটোৰ প্ৰতি নামি অহা সংকটৰ অন্যতম কাৰক।

ইফালে ভাৰতীয় চাহ বৰ্ডে এই সংকটৰ মাজত ৩১মে ২০২৪ত এখন ই-মেইল প্ৰেৰণ কৰিয়েই দায়িত্ব সামৰিছে। এই ই-মেইলত চাহ বাগান, চাহ মালিক সংস্থা আৰু বটলিফ্ ফেক্টৰীৰ মালিক সন্থাক ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ চাহপাত ক্ৰয় কৰিবলৈ অনুৰোধ জনাই দায়িত্ব সামৰিছে।

ৰাজ্যত সৰ্বাধিক চাহ খেতিয়ক আছে তিনিচুকীয়াত। জিলাখনত ২০১৮ৰ তথ্য মতে পঞ্জীয়নকৃত চাহ খেতিয়কৰ সংখ্যা ৪০ হাজাৰ ২শ ১২গৰাকী। তিনিচুকীয়াত ২০১৭-১৮ বৰ্ষত পঞ্জীয়নকৃত চাহ খেতিয়কে ১,৪৮,৮১০ বিঘা মাটিত ২৯,৩২,২০,০০ কেজি কেঁচা চাহপাত উৎপাদন কৰিছিল।

বৰ্তমান জিলাখনত উৎপাদন হোৱা কেঁচা চাহপাতৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছে। কিন্তু সেই চাহপাত ক’ত বিক্ৰী কৰিব তাকলৈ এতিয়া জিলাখনৰ চাহ খেতিয়কসকল সমস্যাত পৰিছে।

ৰাজ্যৰ প্ৰতিখন জিলাতে অনুৰূপ সমস্যাই দেখা দিছে। বটলিফ্ ফেক্টৰীৰ মালিকসকলে টি অক্সন চেণ্টাৰৰ জৰিয়তে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ চাহপাত নিলাম হোৱাটো বিচৰা নাই। কিয়নো এনে হ’লে তেঁওলোকে চাহপাত ক্ৰয়-বিক্ৰয়ৰ বাবাদ দিব লগা কৰ ফাঁকি দিব নোৱাৰিব।

এই সমস্যা সমাধান ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সৈতে আলোচনাৰ মাধ্যমেৰে আন তৃতীয় পক্ষৰ অনুপস্থিতিত সমাধান কৰিবলৈ বটলিফ্ ফেক্টৰীৰ মালিক পক্ষ সক্ৰিয় হৈ পৰিছে। এনে প্ৰস্তাৱে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বিষয়ববীয়ালৈ পত্ৰও প্ৰেৰণ কৰিছে।

ক্ষুদ্ৰ চাহ খেতিয়ক সংস্থাই এই সমগ্ৰ ব্যৱস্থা নিকা আৰু স্বচ্চ হোৱাতো বিচাৰিছে। ৰাজ্যৰ কৃষি অৰ্থনীতিলৈ ইমান বৰঙণি আগবঢ়োৱা খেতি তথা উদ্যোগৰ প্ৰতি ৰাজ্য চৰকাৰে দায়বদ্ধতাৰে পদক্ষেপ লোৱাৰো দাবী জনাইছে।

অসমৰ গৌৰৱ চাহ খেতি আৰু উদ্যোগৰ প্ৰতি নামি অহা এই সংকট চৰকাৰে সমাধানত উদ্যোগ নল’লে এদিন এই উদ্যোগো মৃত্যুৰ মুখলৈ গতি কৰিব। পকেটৰ ধন খৰচ কৰি কৰি কম দামত কেঁচা চাহপাত আৰু কিমান দিনলৈ ক্ষুদ্ৰ চাহ খেতিয়কে বিক্ৰী কৰি থাকিব?

ক্ষুদ্ৰ চাহ খেতিয়কৰ মৰ্ম বেদনা কেতিয়া বুজিব ৰাজ্য চৰকাৰে ?
বৃদ্ধি পাইছে ভূটানৰ হিমবাহ হ্ৰদৰ আকাঁৰঃ যিকোনো সময়তে হ'ব পাৰে বিস্ফোৰণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in