বৃদ্ধি পাইছে ভূটানৰ হিমবাহ হ্ৰদৰ আকাঁৰঃ যিকোনো সময়তে হ'ব পাৰে বিস্ফোৰণ...

বৃদ্ধি পাইছে ভূটানৰ হিমবাহ হ্ৰদৰ আকাঁৰঃ যিকোনো সময়তে হ'ব পাৰে বিস্ফোৰণ...
বৃদ্ধি পাইছে ভূটানৰ হিমবাহ হ্ৰদৰ আকাঁৰঃ যিকোনো সময়তে হ'ব পাৰে বিস্ফোৰণ...

২০১৫ ত নাছা আৰু যোৱা এপ্ৰিল মাহত ইছৰোৱে এক প্ৰতিবেদনত প্ৰকাশ কৰিছিল ক্ৰমন্বয়ে বৃদ্ধি পাইছে চুবুৰীয়া নেপাল, ভূটানৰ লগতে ভাৰতৰ হিমবাহ হ্ৰদৰ আঁকাৰ আৰু সংখ্যা। ইয়াৰে ভূটানৰ হিমবাহ হ্ৰদসমূহ অসমৰ বাবে ভয়ংকৰ বিপদৰ কাৰণ হৈ পৰিছে। ভূটানৰ নদীবান্ধে জুৰুলা কৰা নামনি অসমৰ বাবে ভাবুকি হৈ পৰিছে এই হিমবাহ হ্ৰদসমূহ। এই সন্দৰ্ভত তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

মনত পেলাওকচোন আজিৰ পৰা প্ৰায় ৭ মাহ পূৰ্বে ছিকিমৰ সেই প্ৰাকৃতিক বিপৰ্যয়ৰ কথা।উত্তৰ ছিকিমৰ লোনাক হিমবাহ হ্ৰদৰ ওপৰত হোৱা বিস্ফোৰণৰ ফলত কিদৰে ধ্বংসলীলা চলিছিল পাহাৰীয়া ৰাজ্যখনত সেয়া হয়তো বহুতৰেই মনত আছে। এই বিস্ফোৰণৰ ফলত কিদৰে তীস্তা নদী উফন্দি উঠিছিল, কিদৰে চুংথাং জলবিদ্যুত প্ৰকল্প ভাঙি পৰিছিল সেই দৃশ্য সংবাদ মাধ্যমৰ জৰিয়তে সকলোৱেই দেখিছে।

ছিকিম, উত্তৰাখণ্ডৰ দৰে যে অসমতো অনুৰূপ ঘটনা নঘটিত তাৰ নিশ্চয়তা জানোঁ আছে ! অসমৰ গাতে লাগি থকা চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ বাবেই হয়তো অসমত সংঘটিত হ'ব তেনে প্ৰাকৃতিক বিপৰ্যয়।

ইতিমধ্যে ভূটানে মাজে মধ্যে জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দি নামনি অসমৰ কেইবাখনো জিলাত প্ৰলয়নকাৰী বানৰ সৃষ্টি কৰাই নহয় ধন, জন, জীৱনৰ ক্ষতি কৰি আহিছে। ভূটানৰ মানৱ সৃষ্ট নদী বান্ধ যিদৰে নামনি অসমৰ কেইবাখনো জিলাৰ বাবে সন্ত্ৰাস হৈ পৰিছে ঠিক সেইদৰেই ভূটানৰ প্ৰাকৃতিক হ্ৰদসমূহো অসমৰ বাবে বিপদৰ কাৰণ হৈ পৰিছে।

কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াৰ ফলত বাক্সাত সৃষ্টি হোৱা পৰিস্থিতি
কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াৰ ফলত বাক্সাত সৃষ্টি হোৱা পৰিস্থিতি

আজিৰ পৰা প্ৰায় এটা দশকৰ পূৰ্বেই নাছাই উপগ্ৰহৰ দ্বাৰা প্ৰাপ্ত ছবিৰ বিশ্লেষণ কৰি হিমালয়ৰ চাৰিওকাষৰ যিসকল লোক হিমবাহ হ্ৰদৰ তলৰ উপত্যকাত বাস কৰে তেওঁলোকৰ বাবে বিপদৰ আগজাননী জাৰি কৰিছিল। নাছাই এই সন্দৰ্ভত প্ৰকাশ কৰা প্ৰতিবেদনত নেপাল আৰু ভূটানৰ কথা বিশেষভাৱে উল্লেখ কৰিছিল।

শেহতীয়াকৈ যোৱা এপ্ৰিল মাহত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱেও উপগ্ৰহৰ চিত্ৰৰ আধাৰত অনুৰূপ জাননী জাৰি কৰিছে। মন কৰিবলগীয়া যে, হিমালয়ৰ পাদদেশত অৱস্থিত অসমৰ চুবুৰীয়া বিদেশ ৰাষ্ট্ৰ ভূটানত মুঠ ২৬৭৪ টা হিমাবাহ হ্ৰদ আছে। সময়ৰ লগে লগে এই হিমবাহ হ্ৰদসমূহৰ আঁকাৰ আৰু আকৃতি সমানেই বৃদ্ধি পাইছে।

নাছাই ১৯৯০ ৰ পৰা ২০১৫ চনৰ মাজৰ উপগ্ৰহৰ চিত্ৰৰ বিশ্লেষণ কৰি এই কথা উল্লেখ কৰিছে যে, নেপাল আৰু ভূটানৰ এই হ্ৰদসমূহৰ গড় আকাৰ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ ইয়াৰ সংখ্যাও বৃদ্ধি পাইছে। ফলত এই হিমবাহ হ্ৰদৰ তলৰ উপত্যকাত বাস কৰা লোকসকলৰ বাবে বিপদ অধিক বৃদ্ধি পাইছে। কিয়নো যিকোনো সময়তে এইবোৰ বিস্ফোৰিত হৈ হিমবাহ হ্ৰদ বিস্ফোৰণ বানপানী বা Glacial Lake Outburst Flood(GOLF) হোৱাৰ সম্ভাৱনা আছে।

নাছাৰ দ্বাৰা প্ৰকাশিত ১৯৮৮ আৰু ২০১৫ ৰ মাজৰ  বিশ্লেষণাত্মক চিত্ৰ
নাছাৰ দ্বাৰা প্ৰকাশিত ১৯৮৮ আৰু ২০১৫ ৰ মাজৰ বিশ্লেষণাত্মক চিত্ৰ

নাছাৰ অধীনত চাইনিজ একাডেমী অফ ছাইন্স আৰু ইউনিভাৰ্ছিটি অফ কেলিফৰ্নিয়া, লছ এঞ্জেলছে যুটীয়াভাৱে উপগ্ৰহৰ পৰা প্ৰাপ্ত শ শ ছবি বিশ্লেষণ কৰি এই সিদ্ধান্তত উপনীত হৈছিল যে, হিমালয়ৰ হিমবাহ হ্ৰদৰ সংখ্যা ১৯৯০ চনত আছিল ৪,৪৫৯ টা। ২০১৫ চনত ইয়াৰ সংখ্যা ৪,৯৫০ টালৈ বৃদ্ধি হৈছে।

সেইদৰেই ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই চমুকৈ ইছৰোৱেও যোৱা এপ্ৰিল মাহত কৈছে যে, যোৱা ৪০ বছৰত ভাৰতীয় হিমালয় নদীৰ অৱবাহিকাৰ হিমবাহ হ্ৰদৰ গুৰুত্বপূৰ্ণ সম্প্ৰসাৰণ হৈছে। ১৯৮৪ ৰ পৰা ২০২৩ ৰ ভিতৰৰ তথ্য নিৰীক্ষণ কৰি ইছৰোৱে এই সিদ্ধান্ত উপনীত হৈছে যে, ২০১৬-১৭ বৰ্ষত চিনাক্ত কৰা ১০ হেক্টৰতকৈ ডাঙৰ ২,৪৩১ টা হিমবাহ হ্ৰদৰ ভিতৰত, ৬৭৬ টা হিমবাহ হ্ৰদেই বিশেষভাৱে সম্প্ৰসাৰিত হৈছে।

ইয়াৰে ১৩০ টা হিমবাহ হ্ৰদ আছে ভাৰতৰ ভিন্ন স্থানত। তাৰ ভিতৰত সিন্ধু নদীৰ অৱবাহিকাত আছে ৬৫ টা, গংগা নদীৰ অৱবাহিকাত ৭ টা আৰু ব্ৰহ্মপুত্ৰ নদীৰ অৱবাহিকাত ৫৮ টা হিমবাহ হ্ৰদ অৱস্থিত।

নেপাল আৰু ভূটানত বৃদ্ধি পাইছে হিমবাহ হ্ৰদৰ আঁকাৰ
নেপাল আৰু ভূটানত বৃদ্ধি পাইছে হিমবাহ হ্ৰদৰ আঁকাৰ

অসমৰ বাবে আটাইতকৈ চিন্তাৰ কাৰণ হৈ পৰিছে ভূটানত অৱস্থিত হিমবাহ হ্ৰদসমূহ। কিয়নো নাছাৰ অধ্যয়নত গৱেষকসকলে এনে ১১৮ টা প্ৰ’গ্লেচিয়েল হ্ৰদ চিনাক্ত কৰিছিল যি তাৰ তলৰ উপত্যকাত বাস কৰা লোকসকলৰ বাবে সৰ্বাধিক বিপদাশংকা কঢ়িয়াই আনিছে।

এইবোৰৰ ভিতৰত আছে ভূটানৰ থিম্ফুৰ কাষত থকা হিমবাহ হ্ৰদসমূহো। কিয়নো এইবোৰ প্ৰতিবছৰে ১ শতাংশতকৈ অধিক আঁকাৰত বৃদ্ধি পাই আহিছে। একেদৰে নেপালৰ কাঠামাণ্ডুৰ কাষৰ মধ্য হিমালয়ত অৱস্থিত হিমবাহ হ্ৰদবোৰৰো একেই অৱস্থা।

হিমাবাহ হ্ৰদসমূহ এইদৰে বৃদ্ধি পোৱাৰ আঁৰত আছে গোলকীয় উষ্ণতা বৃদ্ধি। ইয়াৰ ফলত হিমবাহ হ্ৰদসমূহ গলি যোৱাৰ বাবে Glacial Lake Outburst Flood ৰ আশংকা বহু পৰিমাণে বৃদ্ধি পাইছে।

৭ মাহ পূৰ্বে ছিকিমত সৃষ্টি হোৱা সেই ভয়াৱহ পৰিস্থিতি
৭ মাহ পূৰ্বে ছিকিমত সৃষ্টি হোৱা সেই ভয়াৱহ পৰিস্থিতি

যেতিয়াই হিমবাহ গলিবলৈ আৰম্ভ কৰে তেতিয়াই এইসমূহে ইয়াৰ তলত বাস কৰা লোকসকলৰ বাবে বিপদ কঢ়িয়াই আনে। সমান্তৰালকৈ ভূমিস্খলনৰ ফলতো এই হিমবাহ হ্ৰদসমূহ বিপদৰ কাৰক হৈ পৰিব পৰে। এনে ঘটনা সংঘটিত হ'লেই মুহূৰ্ততে তলৰ উপত্যকাত হিমবাহ হ্ৰদৰ পৰা বাগৰি যোৱা বৃহৎ পৰিমাণৰ পানীয়ে ধ্বংসলীলা কঢ়িয়াই আনে।

এনে ঘটনাৰ ভয়ৱহতা ভাৰতৰ ছিকিম, উত্তৰাখণ্ড আদি ৰাজ্যত যোৱা সময়ছোৱাত সংঘটিত ধ্বংসলীলাই প্ৰমাণ কৰে। অসমেও হয়তো তেনে অভিজ্ঞতা আহৰণ কৰিবলৈ আগবাঢ়িছে। ভূটানৰ হিমবাহ হ্ৰদবোৰৰ আঁকাৰ যিমানেই বৃদ্ধি পাইছে অসমলৈ সিমানেই বিপদ বাঢ়িছে।

ছিকিমত এইদৰেই ভাঙিছিল নদীবান্ধ
ছিকিমত এইদৰেই ভাঙিছিল নদীবান্ধ

ইফালে ভূতৰ ওপৰত দানহ পৰাদি ভূটানে এটাৰ পিছত এটাকৈ নিৰ্মাণ কৰিছে নদীবান্ধ। মাত্ৰ ৬০ মেগাৱাটৰ কুৰিশ্বু বান্ধৰ পানী মুকলি কৰি দিলেই অসমৰ বাক্সা, বৰপেটা, কোকৰাঝাৰ, নলবাৰী, বজালী আদি জিলাত সৃষ্টি হয় প্ৰলয় সদৃশ পৰিস্থিতি।

তাৰ পাছতো ভূটানত ভাৰত চৰকাৰৰ সাহায্যতে মুঠ ৩০ হাজাৰ মেগাৱাট জলবিদ্যুৎ উৎপাদনৰ লক্ষ্যৰে আন কেইবাটাও বান্ধ নিৰ্মাণৰ কাম কৰি আছে। যদি প্ৰাকৃতিক কাৰণতে এই হিমবাহ হ্ৰদসমূহৰ বিস্ফোৰণ হয় আৰু তাৰ প্ৰভাৱত এই জলবিদ্যুৎ প্ৰকল্পসমূহো ভাঙিবলৈ আৰম্ভ কৰে তেন্তে অসমৰ কি অৱস্থা হ'ব সেয়া হয়তো আজিৰ তাৰিখত কল্পনাও কৰিব নোৱাৰি।

উত্তৰাখণ্ডৰ যোশীমঠত হিমবাহ বিস্ফোৰণৰ  পিছত দৃশ্য এয়া
উত্তৰাখণ্ডৰ যোশীমঠত হিমবাহ বিস্ফোৰণৰ পিছত দৃশ্য এয়া
বৃদ্ধি পাইছে ভূটানৰ হিমবাহ হ্ৰদৰ আকাঁৰঃ যিকোনো সময়তে হ'ব পাৰে বিস্ফোৰণ...
অৰুণাচল, ভূটানকে ধৰি কেওফালে বৃহৎ নদীবান্ধঃ কিমান দিনলৈ সুৰক্ষিত অসম ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in