/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/5e593ab9-c68a-43bf-90e9-4f9f5d7bd226/AP_FOR_WEB_new_format_pratibedon.jpg)
ডিজিটেল ডেস্কঃ অসম আন্দেোলনৰ ফচল আছিল নগাঁও জিলাৰ ধিঙত স্থাপন কৰা চেকক্ৰাফ্ট উদ্যোগ। ধিং বাসীক বহু সপোন দেখুৱা এই উদ্যোগৰ উৎপাদন এদিনৰ বাবেও আৰম্ভ কৰা নহ’ল। শ কোটি টকীয়া উদ্যোগটো স্থাপনৰ বাবে স্থানীয় কৃষকৰ পৰা অধিগ্ৰহণ কৰা মাটি অতি কৌশলেৰে গতাই দিয়া হ’ল বাবা ৰামদেৱৰ পতঞ্জলীক। ‘অসমীয়া প্ৰতিদিন ডিজিটেল’ৰ এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/1693c8f6-73a6-42a3-b5bf-c7cb756e1545/859758e2_cb73_4f4f_b889_79643bc2140b.jpg)
অসম আন্দোলনৰ অন্তত দিশপুৰত ক্ষমতা দখল কৰা অগপ চৰকাৰে স্থাপন কৰা প্ৰথমটো বিশেষ উদ্যোগ আছিল ধিঙৰ ‘চেকক্ৰাফ্ট’ উদ্যোগ। প্ৰায় ১০০ কোটি টকা ব্যয়ৰে স্থাপন কৰা এই উদ্যোগটোক লৈ উৎসাহী হৈ পৰিছিল ধিং বাসী। সেই সময়ৰ উদ্যোগ মন্ত্ৰী দ্বীগেন বৰাৰ পৃষ্ঠপোষকতাত এই উদ্যোগটোৰ কাম-কাজে পিছে যোৱা ৩৭ বছৰে এদিনৰ বাবেও আৰম্ভ নহ’ল। চৰকাৰী ধন ব্যয়েৰে বিদেশৰ পৰা যন্ত্ৰ-পাতি অনাৰ লগতে আন্তঃগাথনিৰ কাম সম্পূৰ্ণ কৰাৰ পাছতো ৰহস্যজনকভাৱে উদ্যোগটোক পেলাই থলে চৰকাৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/9c851418-59bf-4e4b-9638-d3de298d8431/717de7db_10c7_481f_8ad8_eba9fd29e894.jpg)
উদ্যোগটোৰ বাবে বিষয়া-কৰ্মচাৰী নিযুক্তি দিয়াৰ লগতে কৰ্মচাৰী আৱাসগৃহ পৰ্যন্ত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছিল। যদিও স্থানীয় কৃষকৰ পৰা মৰাপাট, নঁৰা আদি কেঁচা সামগ্ৰী সংগ্ৰহেৰে চেকক্ৰাফ্ট উদ্যোগটো চলোৱা কথা আছিল। তদানিন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই এই গুৰুত্বপূৰ্ণ উদ্যোগটো উদ্বোধন কৰিছিল। পৰৱৰ্তী সময়ত উদ্যোগটোত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলকো স্বেচ্ছামূলক অৱসৰ প্ৰদান কৰে ৰাজ্য চৰকাৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/6af3ab52-e838-4f36-8fe3-669df2bdc1f5/c5c4458b_6659_4bf6_a02f_0b57455dd9e9.jpg)
১৯৯২চনৰ পৰা অৱহেলিত হৈ থকা এই উদ্যোগটো আৰু যন্ত্ৰসমূহ ২০১০ চনত নিলামৰ বাবে সিন্ধান্ত লয় এআইডিচিয়ে। সেই সময়ত এআইডিচিয়ে উদ্যোগটোৰ অস্থাৱৰ যন্ত্ৰ-পাতি আৰু আচ-বাব তথা অন্যান্য সামগ্ৰী নিলামৰ নূন্যতম দৰ ধাৰ্য্য কৰিছিল ৫২৮.২২ লাখ টকা। এই নিলামৰ জৰিয়তে এআইডিচিয়ে ধিঙৰ 'চেকক্ৰাফ্ট' উদ্যোগটোৰ গিয়েৰ বস্ক থেৰ্মাচ ইনপুট, কাপলিং হাব, ৫.৫ কিলোৱাটৰ ডিচি মটৰ, এভিআৰ কিউবিকেল ৰোটাৰ টেম্পেচাৰ, ইণ্ডিকেটৰ চিষ্টেম, হাই প্ৰেচাৰ পাম্প, স্কিলট পাম্প এলে, হেভি ডিউটি পাৱাৰ হেস্ক’ মেচিন, ইঅটি কেন, লাথে মেচিন, টিজি কম্পনেল, গেট কম্পনেলকে ধৰি ৪৪টা মূল্যৱান যন্ত্ৰ আৰু আন যন্ত্ৰাংশ বিক্ৰী কৰি দিছিল। কোনো দিনেই কোনো চৰকাৰে এই উদ্যোগটোৰ কথা চিন্তা নকৰিলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/daa71a34-aee7-4464-835a-c1cd76b9a3c3/49407eba_53f3_478b_9969_8ef5b63ddbea.jpg)
ইণ্ডাষ্ট্ৰিয়েল ইষ্টেটে সেই উদ্যোগটোৰ কিছু মাটি আন উদ্যোগ স্থাপনৰ বাবে উদ্যোগীসকলক দিয়া কথা আছিল যদিও সেইয়াও কাৰ্যকৰী নহ’ল। ১০০ হেক্টৰৰো অধিক মাটি থকা উদ্যোগটোৰ সিংহভাগ মাটি অতি শেহতীয়াকৈ তুলি দিয়া হৈছে ‘পতঞ্জলী’ক। কৃষকৰ পৰা উদ্যোগ স্থাপনৰ বাবে লোৱা উক্ত মাটিত এতিয়া ‘পতঞ্জলী’য়ে খুলিছে নাৰ্চাৰী। ঔষৌধি গছৰ এই নাৰ্চাৰীত স্থানীয় কৃষকসকলে কাম কৰিবলগীয়া হৈছে মাত্ৰ ৩০০ টকা মজুৰিত। সেই উদ্যোগৰ মাটিত থকা আৱাসগৃহবোৰ ভাঙি পেলোৱাৰ কাম আৰম্ভ হৈছে। দিল্লীৰ এটা প্ৰতিষ্ঠানে ভাঙি আছে ঘৰবোৰ। যাতে বাবাই তাত খেতি কৰিব পাৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/0650df77-f2e9-49b1-b94e-55afc543a485/b5f98324_7613_46f1_9b2d_8d34379b9fab.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/77c4f4cf-c985-4a9c-9781-e2c7c6f2ad43/8946d203_bf98_4feb_974f_0cf97629f116.jpg)
অসম আন্দোলনৰ ফলশ্ৰুতিত স্থাপন কৰা ধিঙৰ এই উদ্যোগৰ এতিয়া এই গতি। ৰাজ্যত বন বিভাগ থকাৰ পাছতো ৰাজ্য চৰকাৰে ঔষৌধি গছৰ খেতি কৰিবলৈ ধিঙৰ চেকক্ৰাফ্ট উদ্যোগৰ মাটি পতঞ্জলীৰ হাতত তুলি দিয়া কাৰ্যই স্থানীয় কৃষকসকলৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। অসম আন্দোলনৰ বহু ত্যাগৰ অন্তত স্থাপন কৰা এই উদ্যোগটোৰ উৎপাদন নোহোৱাকৈয়ে মৃত্যু হ’ল। ৰাজ্যৰ জাতীয়তাবাদী দল সংগঠনে আজি পৰ্যন্ত এই উদ্যোগৰ খবৰ ল’বলৈ আজৰি নাপালে। অসম আন্দোলনৰ ফল এতিয়া ব্যৱসায়ী ৰামদেৱে লাভ কৰিছে। আৰম্ভ কৰিছে তাত ৰাজ্যৰ আন প্ৰান্তত শ শ বিঘা মাটি দখেলেৰে আৰম্ভ কৰাৰ দৰেই নিজৰ ব্যৱসায়।
Also Read: মুখ্যমন্ত্ৰীয়ে চাব চিনেমাঃ APSC কেলেংকাৰীৰ তদন্তৰ প্ৰতিবেদন ল'লে সচিবে...