মুখ্যমন্ত্ৰীয়ে চাব চিনেমাঃ APSC কেলেংকাৰীৰ তদন্তৰ প্ৰতিবেদন ল'লে সচিবে...

মুখ্যমন্ত্ৰীয়ে চাব চিনেমাঃ APSC কেলেংকাৰীৰ তদন্তৰ প্ৰতিবেদন ল'লে সচিবে...
মুখ্যমন্ত্ৰীয়ে চাব চিনেমাঃ APSC কেলেংকাৰীৰ তদন্তৰ প্ৰতিবেদন ল'লে সচিবে...

ৰাজ্য চৰকাৰৰ সময় নাই। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিভিন্ন চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰা, অমৃত কলহৰ দৰে কাৰ্যসূচীত ৰাজপথত সমদল কৰিবলৈ সময় থকা মুখ্যমন্ত্ৰীৰ সময় নাই উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত গঠন হোৱা তদন্ত আয়োগৰ প্ৰতিবেদন গ্ৰহণ কৰিবলৈ।

১৫ বছৰীয়া কংগ্ৰেছৰ অপশাসনৰ আঁতৰাই ৰাজ্যবাসীয়ে বিজেপিক ক্ষমতালৈ আনিছিল। বিজেপি ক্ষমতালৈ অহাৰ বিভিন্ন কাৰকৰ ভিতৰত আছিল সেই সময়ত ৰাজ্যত সংঘটিত হোৱা বিভিন্ন কেলেংকাৰী, দুৰ্নীতি আদিৰ ঘটনা।

বিশেষকৈ অসম লোকসেৱা আয়োগত সংঘটিত হোৱা কেলেংকাৰীৰ তদন্তৰ প্ৰতিশ্ৰুতিয়ে বিজেপিক ক্ষমতালৈ অহাৰ বাট মুকলি কৰাত সহায় কৰিছিল। নিৰ্বাচনী প্ৰচাৰৰ সময়ত দিয়া প্ৰতিশ্ৰুতি অনুসৰিয়েই বিজেপি ক্ষমতালৈ অহাৰ পাছতে সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালৰ সময়তে অসম লোকসেৱা আয়োগত সংঘটিত কেলেংকাৰী সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষী থানাত ৰুজু কৰা হৈছিল ৯৩৬/২০১৬ নম্বৰৰ এটা গোচৰ।

এই গোচৰৰ ভিত্তিতে ডিব্ৰুগড় আৰক্ষীয়ে ২০১৮ চনৰ ১৮ জুলাইত ২১ গৰাকী ৰাজপত্ৰিত বিষয়াক গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰ হোৱা এই আটাইকেইজন বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে ।

ইফালে ২০১৩ আৰু ১৪ বৰ্ষত সংঘটিত হোৱা এই কেলেংকাৰী তদন্তৰ বাবে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত অসম চৰকাৰে প্ৰথমে ২০১৩ বৰ্ষৰ কেলংকাৰীৰ তদন্ত কৰিবলৈ গঠন কৰিছিল অৱসৰ প্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ নেতৃত্বত এজনীয়া কমিটী। এই কমিটীয়ে অসম লোকসেৱা আয়োগত ধনৰ বিনিয়মত চাকৰি লোৱা ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে তদন্ত কৰিছিল।

আজিৰ পৰা প্ৰায় ডেৰ বছৰ পূৰ্বে আয়োগে ২০১৩ বৰ্ষৰ কেলেংকাৰী সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিছিল। আয়োগে বহু কেইজন বিষয়াৰ বিৰুদ্ধে তথ্য সহকাৰে প্ৰতিবেদন দাখিল কৰিছিল।

ইয়াৰ পাছতে ২০১৪ চনৰ পৰীক্ষাতো ব্যাপক খেলি মেলি হোৱাৰ অভিযোগ উত্থাপন হোৱাত পুনৰ ইয়াৰ তদন্ত কৰিবৰ বাবে বিপ্লৱ শৰ্মাৰ নেতৃত্ব এজনীয়া কমিটী গঠন কৰা হয়। ২০১৪ ৰ কেলেংকাৰীৰ বিষয়ে তদন্ত কৰিবলৈ ২০২২ৰ ২০ মে'ত গঠন কৰা এই আয়োগে সমগ্ৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত তদন্ত কৰি বক্ৰ পথেৰে চাকৰি লোৱাৰসকলৰ বিৰুদ্ধে প্ৰতিবেদন প্ৰস্তুত কৰে।

২০২২ ৰ ২০ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ গঠন কৰা এই আয়োগৰ কাৰ্যকাল অৱশ্যে পৰৱৰ্তী সময়ত পুনৰ ৬ মাহলৈ বৃদ্ধি কৰা হয়। চলিত বছৰৰ ৩১ আগষ্টত বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ কাৰ্যকাল অন্ত পৰে যদিও প্রতিবেদনৰ অন্তিম পৰ্যায়ৰ কাম সম্পূর্ণ কৰিবলৈ আয়োগে অতিৰিক্ত কিছু দিন সময় লয়।

অসম লোকসেৱা আয়োগৰ ২০১৩ বৰ্ষৰ কেলেংকাৰীৰ প্ৰতিবেদনৰ দৰেই ২০১৪ ত নিযুক্তি লাভ কৰা প্ৰায় ৩৫ গৰাকী ৰাজপত্ৰিত বিষয়াৰ দুৰ্নীতিৰ দস্তাবেজ প্ৰস্তুত কৰিছে। ইয়াৰে ১৫ গৰাকীক সম্পূৰ্ণকৈ অভিযোগ কৰাৰ লগতে আন ২০ গৰাকীৰ নাম সন্নিৱিষ্ট কৰা হৈছে।

এইসকলৰ বিৰুদ্ধে প্ৰস্তুত কৰিছে ৩৮৫ পৃষ্ঠাৰ প্ৰতিবেদন। প্ৰতিবেদনখনৰ পৃষ্ঠাই পৃষ্ঠাই ৰাকেশ পাল বাহিনীয়ে অসম লোকসেৱা আয়োগত সংঘটিত কৰা বিয়োগাম কেলেংকাৰিৰ তথ্য সন্নিৱিষ্ট কৰা হৈছে। এই তথ্যসমূহ এটা ট্ৰাংকৰ ভিতৰত ভৰাই আয়োগে চৰকাৰলৈ হস্তান্তৰ কৰিছে।

আয়োগৰ তদন্তৰ সময়তে অসম লোকসেৱা আয়োগত কেৱল বক্ৰ পথেৰে চাকৰি লোৱাই নহয় ধনৰ বিনিময়ত পদবী প্ৰদানৰ ক্ষেত্ৰতো ব্যাপক অনিয়ম সংঘটিত হোৱাৰ কথা প্ৰকাশ পাইছিল। ২০১৪ বৰ্ষত অসম লোকসেৱা আয়োগত সংঘটিত হোৱা কেলেংকাৰীৰ তদন্তৰ প্ৰতিবেদনৰ কাম যোৱা ১২ অক্টোবৰতেই সম্পূৰ্ণ কৰিছে আয়োগে।

১৩ অক্টোবৰত এই সম্পৰ্কে ৰাজ্য চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছিল বিপ্লৱ শৰ্মা আয়োগে। ২০১৩ বৰ্ষৰ কেলেংকাৰীৰ প্ৰতিবেদন গ্ৰহণ কৰিবলৈ আয়োগৰ কাষলৈ অহা ৰাজ্য চৰকাৰে আশ্চৰ্যজনক ভাৱে ২০১৪ বৰ্ষৰ প্ৰতিবেদন গ্ৰহণ কৰাৰ কোনো আগ্ৰহ প্ৰকাশ নকৰিলে।

ফলশ্ৰুতিত আয়োগে ১ নৱেম্বৰ ২০২৩, বুধবাৰে সচিব তৰালী শৰ্মাৰ হাততেই এই প্ৰতিবেদন দাখিল কৰে। তৰালী শৰ্মাই ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব নীৰজ বৰ্মাৰ হাতত প্ৰদান কৰে আয়োগৰ এই প্ৰতিবেদন।

লক্ষ্যণীয় কথাটো হল, ২০১৩ চনৰ কেলেংকাৰীৰ প্ৰতিবেদনৰ ভিত্তিত ৰাজ্য চৰকাৰে আজিও অসম লোকসেৱা আয়োগত সংঘটিত কেলেংকাৰীৰ সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কিছু দিন পূৰ্বে প্ৰশ্ন কৰা হৈছিল।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল, ২০১৪ চনৰ কেলেংকাৰিৰ প্ৰতিবেদন লাভ কৰাৰ পাছত দুয়োখন প্ৰতিবেদন চালিজাৰি চাইহে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কিন্তু এতিয়া ২০১৪ বৰ্ষৰ কেলেংকাৰীৰ প্ৰতিবেদন সম্পূৰ্ণ হোৱাৰ পাছতো ৰাজ্য চৰকাৰৰ এই প্ৰতিবেদন গ্ৰহণ কৰিবলৈ নহ'ল সময়।

অভিযোগ অনুসৰি ৰাকেশ পাল আয়োগৰ অধ্যক্ষ হৈ থকাৰ সময়তে একাংশ প্ৰাৰ্থীয়ে নিজৰ বাসগৃহ, কাৰ্যালয়, বিশেষ এক ধৰ্মীয় অনুষ্ঠান, ৰাজীৱ পালৰ ছপাশাল আদিত পৰীক্ষাৰ প্ৰশ্নোত্তৰ লিখাৰ সুবিধা পাইছিল। এনে প্ৰাৰ্থীয়ে পৰীক্ষাৰ পূৰ্বেই প্ৰশ্নকাকত লাভ কৰিছিল নাইবা উকা কাগজত উত্তৰ লিখি পৰৱৰ্তী সময়ত উত্তৰ বহীত সেই উত্তৰ লিখা কাগজবোৰ সংলগ্ন কৰাৰ সন্দেহ কৰা হৈছিল।

এনে পৰিপ্ৰেক্ষিতত অসম লোকসেৱা আয়োগৰ এই সমগ্ৰ কেলেংকাৰীত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী কৰি আহিছে ৰাজ্যবাসীয়ে। বক্ৰ পথেৰে চাকৰি লাভ কৰাৰ অভিযোগ উত্থাপিত বহু বিষয়াই এতিয়াও কৰি আছে চাকৰি। লাভ কৰিছে পদোন্নতি।

সেয়েহে এনে পৰিৱেশ, পৰিস্থিতিত স্বাভাৱিকতে প্ৰশ্ন উত্থাপিত হৈছে অসম লোকসেৱা আয়োগত সংঘটিত এই কেলেংকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে সদিচ্ছা নাই নেকি ৰাজ্য চৰকাৰৰ? কিয় আজিলৈকে এই বিষয়াসকলৰ বিৰুদ্ধে লোৱা নাই কোনো দৃষ্টান্তমূক ব্যৱস্থা?

কেৱল মানুহক দেখুৱাবলৈহে গঠন কৰা হৈছিল নেকি তদন্ত আয়োগ? চিনেমা চাবলৈ সময় থকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ মন্ত্ৰীসভাৰ সময় নাই আয়োগৰ পৰা প্ৰতিবেদন গ্ৰহণ কৰাৰ। এয়াই এতিয়া অসম লোকসেৱা আয়োগৰ তদন্তৰ নামত চলি থকা ভেকো ভাওনাৰ নমুনা।

মুখ্যমন্ত্ৰীয়ে চাব চিনেমাঃ APSC কেলেংকাৰীৰ তদন্তৰ প্ৰতিবেদন ল'লে সচিবে...
APSC ৰ কেলেংকাৰীৰ প্ৰতিবেদন গ্ৰহণ কৰিবলৈ সময় ন'হল ৰাজ্য চৰকাৰৰ !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in