সামৰনি পৰিল শংকৰদেৱ সংঘৰ অধিৱেশন, শোকত ভাগি পৰিছে ভকত-বৈষ্ণৱ

চিমেন চাপৰি চেৰেন পথাৰত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক বাৰ্ষিক অধিৱেশনৰ দেওবাৰে সামৰনি পৰিল।
সামৰনি পৰিল শংকৰদেৱ সংঘৰ অধিৱেশন, শোকত ভাগি পৰিছে ভকত-বৈষ্ণৱ

ডিজিটেল ডেস্ক,চিলাপথাৰঃ চিমেন চাপৰি চেৰেন পথাৰত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক বাৰ্ষিক অধিৱেশনৰ দেওবাৰে সামৰনি পৰিল। উদযাপন স্থলীত দেখা গৈছে সৰ্বত্ৰ নিৰব নিতাল পৰিৱেশ। কালিলৈকে লাখ লাখ ভকত বৈষ্ণৱেৰে গিজ গিজাই থকা বিশাল উদযাপন স্থলীত মানূহৰ সংখ্য হ্ৰাস পাইছে।

যোৱা নিশাৰ পৰাই দূৰ দূৰনিৰ পৰা অহা ভকত বৈষ্ণৱৰ মাজত চলিছে উভতনি যাত্ৰা। বয় বস্তু বান্ধি গৃহাভিমুখি পথত অগ্ৰসৰ হৈছে। বিশাল অধিৱেশনৰ মধুৰ স্মৃতি বুকুত বান্ধি প্ৰত্যাৱৰ্তন কৰিছে ৰাইজ। অধিৱেশন সফল কৰি তোলাত সহায় সহযোগ কৰা প্ৰতিজন অক্লান্ত কৰ্মী,সেৱক, সমাজকৰ্মী,প্ৰশাসনৰ লোকক কৃতজ্ঞতা জনালে আয়োজক সমিতিয়ে।

ইপিনে অধিৱেশনৰ কাহ পৰি জিন যোৱা পৰিৱেশ প্ৰত্যক্ষ কৰি শোকত ভাগি পৰিছে ভকত। দীৰ্ঘ দিনে চেৰেনপথাৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰৰ নামঘৰত হৰি নামৰ ধ্বনিৰে মুখৰিত কৰি লক্ষজনৰ হৃদয় জিনা ভকত সকলে আজিৰ মৰিশালী নিমাও মাও পৰিৱেশ সহজভাৱে লব পৰা নাই। ৰাইজক অশ্ৰুসিক্ত নয়নেৰে বিদাই জনালে। কোনো ক্ষেত্ৰত হোৱা অবাঞ্চিত ভূল ক্ৰুতিৰ বাবেও কৰযোৰে ক্ষমা মাৰ্জনা বিচাৰিলে নামঘৰীয়া সকলে।

আৰু পঢ়ক: বাথৰুমৰ নীলপৱন বৰুৱাক আমি কিয় চাম...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in