হাইব্ৰীড গামোচা!

অসমীয়াৰ স্বাভিমান গামোচা। গামোচাৰ অস্তিত্ব থাকে প্ৰতিগৰাকী অসমীয়াৰ মনত। কিন্তু এই গামোচাক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। উত্থাপন হৈছে বহু প্ৰশ্নৰ।
হাইব্ৰীড গামোচা!

মৃদুল কুমাৰ সন্দিকৈ

এয়াহে দেখিবলৈ বাকী আছিল অসমীয়াই। সমন্বয় গঢ়িবলৈ বা সমন্বয়ৰ বাৰ্তা সমাজলৈ প্ৰেৰণ কৰিবৰ বাবে গামোচা খনক অংগক্ষত কৰাৰ চিন্তা বাৰু কাৰ উৰ্বৰ মস্তিষ্কৰ ফল আছিল। যি সকলে গামোচাক এনে বিকৃত ৰূপ দি উচ্চহাৰা মন্তব্যৰে ইয়াক সমন্বয় প্ৰতীক আখ্যা দিছে সেই সকলে কিয় এবাৰো ভাবি নাচালে এয়া সন্মান নে অপমান।

অসমীয়াৰ বাবে এক আবেগৰ বস্ত্ৰ গামোচা। ই এক আত্ম সন্মানৰ প্ৰতীক। ২০২২ চনৰ ১৩ ডিচেম্বৰত বস্তুৰ ভৌগলিক উপদৰ্শন(পঞ্জীয়ন আৰু সংৰক্ষণ) অধিনিয়ম ১৯৯৯ অনুসৰি গামোচাক জি আই টেগত অন্তৰ্ভুক্ত কৰা হৈছিল।

অসমীয়া সমাজ জীৱনত গামোচাৰ এক স্থান আছে। অসমত বাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীয়ে নিজা নিজা গামোচা ব্যৱহাৰ কৰে। সেয়া তেওঁঁলোকৰ পৰিচয়। বহাগ বিহুৰ সময়ত এই গামোচাখনকেই শ্ৰদ্ধা আৰু সন্মান তথা মৰমৰ প্ৰতীক ৰূপে ব্যৱহাৰ কৰা হয়।

নামঘৰৰ থাপনাত গামোচা থোৱা হয়। অসমীয়া মানুহে ইয়াৰ ব্যৱহাৰ কেতিয়াৰ পৰা কৰিছে সেই কথা সঠিককৈ জনা নাযায় যদিও আহোম ৰাজত্ব কালতো গামোচা ব্যৱহাৰ কৰাৰ কথা ড০ লীলা গগৈৰ লেখাত আছে।

এডুৱাৰ্ড গেইটৰ 'এ হিষ্ট্ৰি আসাম' গ্ৰন্থত তেওঁ উল্লেখ কৰিছিল যে সেই সময়ত অৰ্থাৎ ১৮০০ শতিকাত এখন গামোচাৰ মূল্য ৫ পইচাৰ আছিল। প্ৰয়োজন অনুসৰি গামোচা তৈয়াৰ কৰা হয়।

অসমীয়া শিপিনী সকলে বসন্তৰ আগমনৰ লগে লগে তাঁতশাল জুৰে। এইবোৰ গামোচাক বিহুৱান বুলি কোৱা হয়। পানী গামোচা, তামোল গামোচা, বিহুৱান, ফুটুকী গামোচা, অমৰবন্ধ আদি বিভিন্ন প্ৰকাৰৰ গামোচা আছে।

নামনি অসমত প্ৰচলিত এবিধ গামোচাৰ ৰূপ হ'ল আনাকাটা। ইয়াক পৱিত্ৰ বস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হয়। গামোচাৰ এক পৰিচয় আছে। গামোচাৰ এখন বিশাল বজাৰ আছে। বিভিন্ন সভা অনুষ্ঠান আদিৰ অতিথি সকলৰ শ্ৰদ্ধা জনাবলৈ গামোচা ব্যৱহাৰ কৰা হয়। আমি গৌৰৱবোধ কৰো কাৰোবাৰ ডিঙিচ গামোচাখন দেখিলে।

তেনে এখন গামোচাক লৈ তাৰ সৈতে আন এক সম্প্ৰদায়ৰ গামোচা সদৃশ বস্ত্ৰৰ একাংশ সংযোজন কৰি দি ইয়াৰ সমন্বয়ৰ প্ৰতীক ৰূপত উপস্থাপন কৰাতো সহ্যহীন নে এয়া অসমীয়াৰ উদাৰতাৰ হৰন।

এইবোৰ কথা কোনবোৰ মানুহৰ মনত খেলে। গামোচাও ৫০-৫০ হৈ গ'ল নেকি? আৰু যি সকলে এই গামোচা খন কান্ধত লৈ হাস্যবৰ্ধনেৰে ইয়াক মানি লৈছে তেওঁলোকৰ স্বাভিমান বোলা কিবা এটা আছে নে নাই? নিসন্দেহে প্ৰশ্নৰ সন্মুখীন হ'ব বিমল বৰা, ৰনোজ পেগু, শিলাদিত্য দেৱ আদিয়ে।

মিছিং জনগোষ্ঠীয় গামোচাখনকো ফিউজন কৰিল। সমন্বয় ৰক্ষাৰ বাবে এফালে বৰাক আনফালে ব্ৰহ্মপুত্ৰ উপত্যকাৰ এই গামোচাখনৰ মাজত চিলাই বাংলা সাহিত্য সভাৰ উদ্যোগত কৰা এই কাম গৰিহণাযোগ্য। এয়া অসমীয়াৰ স্বাভিমানৰ ওপৰত কৰা আঘাত।

কেনেকৈ তেওঁলোকে মানি ল'লে এয়া অসমীয়াই মানি ল'ব? মুখ্যমন্ত্ৰীয়ে কৈছে অসমৰ স্থানীয় শিপিনীয়ে বোৱা বিশুদ্ধ গামোচা ব্যৱহাৰ কৰিব। পাৱাৰলুমক উৎপাদিত গামোচা ব্যৱহাৰ কৰিব নোৱাৰিব বুলি কঠোৰ নিৰ্দেশ জাৰি কৰিছে। গুজৰাটৰ গামোচা ব্যৱসায়ীৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। আৰু তেওঁৰেই মন্ত্ৰী সভাৰ দুই সতীৰ্থ মন্ত্ৰীয়ে গামোচাৰ এই বিতৰ্ক ৰূপত পৃষ্ঠপোষকতা কৰি সন্তুষ্টি লভিছে।

কৰিব পাৰিবনে আন ৰাজ্যত কাৰোবাৰ এনে জাতীয় বস্ত্ৰক এনে অপমান? এয়া কি সম্প্ৰতি? এয়া মুঠৰ ওপৰত সম্প্ৰিতিৰ আলাম লৈ কৰা বিকৃতি। সাধাৰণ কথাত এয়া প্ৰচাৰৰ লালসাত কোনোবাই কৰা ফটুৱামী।

আমাৰ গামোচা খন গামোচ হৈ থাকিব দিব নোৱাৰো কিয়? গামোচা খনক এনে বিকৃত ৰূপ নিদি কি সম্প্ৰিতি গঢ়িব নোৱাৰো? এনে ৰূপত গামোচা এখন তুলি ধৰি সমন্বয়ৰ নামত আমাৰ জাতীয় অস্তিত্বক বিকৃত কৰা হৈছে।

সম্প্ৰিতি আমাৰ বাবে আদৰণীয় আৰু কাম্য। কিন্তু নিজৰ স্বকীয়তাক বিসৰ্জন দি কোনোবাই কৰা এইবোৰ কাম অসহ্যকৰ। ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব লাগে। সমন্বয়ৰ নিদৰ্শন কৰিবলৈ আৰু বহু পথ আছে।

অসম চৰকাৰে পাৱাৰলুমত প্ৰস্তুত কৰা গামোচাৰ বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছিল। পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে ঠায়ে ঠায়ে অভিযান চলিছিল। বজাৰত পৰি ৰৈছিল প্ৰায় ২০০ কোটি টকাৰো অধিক মূল্যৰ গামোচা জাতীয় এনে বস্ত্ৰৰ।

সেই কঠোৰ ব্যৱস্থাৰ পাছত গুজৰাটৰ বস্ত্ৰ ব্যৱসায়ী সকলৰ যৌথ মঞ্চ ফেডাৰেশ্যন অৱ গুজৰাট ৱেভাৰ্চ ৱেলফেয়াৰ এছোচিয়েশ্যন আৰু চুৰাট টেক্সটাইল টেডাৰ্ছ এছোচিয়েশ্যনে ইয়াৰ বিৰোধীতা কৰি কেন্দ্ৰীয় টেক্স টাইল মন্ত্ৰী দৰ্শনা জাৰদোছক আপত্তি দৰ্শাইছিল।

আকস্মিক এই নিষেধাজ্ঞাই ৰঙালী বিহুৰ প্ৰাকক্ষণত অসমৰ থলুৱা শিপিনীৰ মুখত হাঁহি বিৰিঙাইছিল। কিন্তু সেইবোৰো যেন এক চমক হৈ ৰৈ গ'ল। বহিঃ ৰাজ্যৰ গামোচাত নিষেধাজ্ঞা আৰোপ কৰা চৰকাৰে এতিয়া গামোচাক এনে বিকৃত ৰূপ দিয়া সকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা প্ৰয়োজন।

অসমৰ প্ৰতিজন লোকৰ কান্ধত গামোচা খন থাকিলেও ইয়াৰ অস্তিত্ব থাকে অসমীয়াৰ হৃদয়ত। সেই সকলে জাতীয় আবেগক লৈ হয়তো অনিচ্ছাকৃতভাৱে এনে কাম কৰিছে। ইয়াৰ প্ৰতিবাদ সৰ্বত্ৰে ইতিমধ্যে হৈছে। তেওঁলোকে বুজি উঠা উচিত সমন্বয় গঢ়িবলৈ গামোচা খনক কাটি আন কাৰোবাৰ গামোচা এখন আনি চিলাই দিব নালাগে। সেই সমন্বয়বোধ মনৰ ভিতৰৰ পৰা জন্ম হ'ব লাগিব। আজি এচাম প্ৰদৰ্শনধৰ্মী, প্ৰচাৰমুখী মানসিকতাৰ কবলত পৰা গামোচা খনক উদ্ধাৰ কৰাৰ দায়িত্ব এতিয়া প্ৰতিজন অসমীয়াৰ।

হাইব্ৰীড গামোচা!
ৰাহুলৰ কান্ধত উঠি ইন্দিৰা গান্ধীৰ দিনলৈ উভতিব খুজিছে নেকি চৰকাৰ ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in