কোন ৰাজ্যত কাৰ চৰকাৰ, কোন দিশে বলিছে লোকসভা নিৰ্বাচনৰ বতাহ...

কোন ৰাজ্যত কাৰ চৰকাৰ,  কোন দিশে বলিছে লোকসভা নিৰ্বাচনৰ বতাহ...

সন্মুখত লোকসভা নিৰ্বাচন। টঙালী বান্ধিছে ৰাজনৈতিক দলবোৰে। এই নিৰ্বাচনৰ বাবে আনুষ্ঠানিক ঘোষণা হ'ব কিছুদিনৰ পাছতেই। বৰ্তমান কোন ৰাজ্যত কোন দলৰ চৰকাৰ আছে আৰু সেই ৰাজ্যসমূহত এইবাৰ নিৰ্বাচনৰ ফলাফলত ইয়াৰ কেনে প্ৰভাৱ পৰিব পাৰে সেই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এলানি নিৰ্বাচন কেন্দ্ৰিক প্ৰতিবেদনৰ প্ৰথমখন প্ৰতিবেদন-

লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে শাসক বিৰোধী। ৫৪৩ খন আসনৰ বাবে নিৰ্বাচনী যুঁজত নামিব ৰাজনৈতিক দলবোৰ। অন্ধ্ৰপ্ৰদেশত আছে ৱাইএছআৰচিপিৰ চৰকাৰ। ৰাজ্যখনত প্ৰধান বিৰোধীদলৰ আসনত আছে টিদিপি। মুঠ ৪২ খন লোকসভাৰ আসন আছে ৰাজ্যখনত। ইয়াৰে ৬ খন অনুসূচীত জাতি,আৰু দুখন অনুসূচিত জনজাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।

অৰুণাচলত এনপিপিৰ সৈতে শাসনত আছে বিজেপি। ৰাজ্যখনত মুঠ দুখন লোকসভা আসন আছে। এইবাৰ এই দুয়োখন আসনতে বিজেপিয়ে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। কংগ্ৰেছ হ'ব বিজেপিৰ প্ৰধান প্ৰতিদ্বন্দ্বী।

অসমত বিজেপি, অগপ আৰু ইউপিপিএলৰ মিত্ৰজোটৰ চৰকাৰ আছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এইবাৰ ৰাজ্যখনৰ লোকসভা নিৰ্বাচনৰ ফলাফল কি হ'ব সেয়া লক্ষণীয় হৈ পৰিব। বিজেপিয়ে দাবী কৰিছে এইবাৰ অসমত তেওঁলোকে ১১ খন আসন লাভ কৰাতো নিশ্চিত।

বিহাৰত বিজেপি, জনতা দল ইউনাইটেড আৰু এইচএএম(এছ)ৰ চৰকাৰ আছে। কিছুদিনৰ পূৰ্বে আৰজেডিৰ সং এৰি বিজেপিৰে মিত্ৰতা কৰি নীতিশ কুমাৰে পুনৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছে। লোকসভা নিৰ্বাচনত এই মিত্ৰতাৰ প্ৰভাৱ পৰা সম্ভাৱণা আছে। ৰাজ্যখনত মুঠ লোকসভাৰ আসনৰ সংখ্যা ৪০। আৰজেডি, কংগ্ৰেছ, চিপিআই(এমএল) আদি বিৰোধী মিত্ৰজোট বন্ধন 'ইণ্ডিয়া'ই শক্তিশালী ৰূপত নিৰ্বাচনী যুঁজ আগবঢ়াব বুলি ভৱা হৈছিল যদিও নীতিশৰ বিজেপি গমনে ইণ্ডিয়াক দুৰ্বল কৰি তুলিছে।

চট্টীশগড়ত আছে বিজেপিৰ চৰকাৰ। ৰাজ্যখনত মুঠ লোকসভা আসনৰ সংখ্যা ১১ খন। বিজেপি ২০২৪ ৰ লোকসভা নিৰ্বাচনলৈ ক্ষমতাত থকা ৰাজ্যসমূহত অতি আশাবাদী। ১১ খন আসনৰ ভিতৰত অতি কমেও ৮ খন আসনত তেওঁলোকৰ প্ৰাৰ্থী জয়ী হ'ব বুলি দাবী কৰে বিজেপিয়ে। অনুৰূপ দাবী কংগ্ৰেছৰো দাবী ৰাজ্যখনক লৈ।

দিল্লীত আপৰ চৰকাৰ। ৭ খন লোকসভা আসন থকা ৰাজ্যখনত এইবাৰ লোকসভা নিৰ্বাচনত আপ, বিজেপিৰ মাজতেই মূল যুঁজ হ'ব।

গোৱাত বিজেপিৰ চৰকাৰ আছে। ৰাজ্যখনত লোকসভা আসনৰ সংখ্যা মাত্ৰ দুখন।

গুজৰাটত বিজেপিৰ চৰকাৰ। মোডী, অমিত শ্বাহৰ গৃহৰাজ্য গুজৰাটত লোকসভা আসনৰ সংখ্যা ২৬ ।

হাৰিয়ানাত বিজেপি, জেজেপি আৰু এইচএলপিৰ মিত্ৰজোটৰ চৰকাৰ। ৰাজ্যখনত আছে ১০ খন লোকসভা আসন।

হিমাচল প্ৰদেশত কংগ্ৰেছৰ চৰকাৰ। ৪ খন লোকসভা আসন আছে ৰাজ্যখনত। কংগ্ৰেছে লোকসভা নিৰ্বাচনত হিমাচলত বিধানসভা নিৰ্বাচনৰ দৰেই ভাল ফলাফল লাভ কৰিব বুলি দাবী কৰিছে।

জম্মু-কাশ্মীৰত নাই কোনো দলৰ চৰকাৰ। ৰাষ্ট্ৰপতিৰ শাসনৰ অধীনতেই আছে জম্মু-কাশ্মীৰ। ৬ খন লোকসভা আসন থকা এই ৰাজ্যত সাধাৰণতে স্থানীয় আঞ্চলিক দলেই সফলতাৰ মুখ দেখে। বিজেপি শাসনলৈ অহাৰ পাছত জম্মু-কাশ্মীৰ বহু পৰিবৰ্তন হৈছে। এইবাৰ নিৰ্বাচনত সেই পৰিবৰ্তনৰ পাৰ্শ্বক্ৰিয়া দেখিবলৈ পোৱা যাব।

ঝাৰখণ্ড, কৰ্ণাটকত ইণ্ডিয়াৰ জোটবন্ধন আছে শাসনত। কেৰলাত এলডিএফ আৰু মধ্যপ্ৰদেশত বিজেপিৰ চৰকাৰ। মহাৰাষ্ট্ৰত শিৱসেনা, এনচিপি অজিত পাৱাৰ আৰু বিজেপিয়ে চৰকাৰ গঠন কৰিছে। এইকেইখন ৰাজ্যত লোকসভা আসনৰ সংখ্যা ক্ৰমে- ঝাৰখণ্ডত ১৪ খন, কৰ্ণাটকত ২৮ খন, কেৰলাত ২০ খন, মধ্যপ্ৰদেশত ২৯ খন আৰু মহাৰাষ্ট্ৰত ৪৮ খন।

এই কেইখন ৰাজ্যৰ লোকসভা নিৰ্বাচনৰ ফলাফলে সামগ্ৰিকভাৱে নিৰ্বাচনত প্ৰভাৱ পেলাব। মণিপুৰত এনপিপি, এনপিএফৰ সৈতে চৰকাৰত আছে বিজেপি। মেঘালয়তো এনপিপিৰ সৈতে আন দুই দলৰ সহযোগত বিজেপিয়ে শাসকৰ আসনতেই আছে। মিজোৰামত জেডপিএম, নাগালেণ্ডত এনডিপিপি, বিজেপি, আৰপিআই(এ),এনপিপি,এলজেপি(আৰভি) ৰ সৈতে মিত্ৰ চৰকাৰ। চিক্কিমত শাসনত আছে বিজেপিৰ সৈতে মিত্ৰতাৰে এছকেএম।

এই ৰাজ্যকেইখনত ক্ৰমে লোকসভা আসনৰ সংখ্যা- মণিপুৰত ২, মেঘালয়ত ২, মিজোৰামত ১ আৰু নগালেণ্ডত ১। ইয়াৰ লগতে চিক্কিমত ১ খন লোকসভাৰ আসন আছে।

উৰিষ্যাত লোকসভা আসনৰ সংখ্যা ২১ খন, পঞ্জাৱত ১৩ খন,ৰাজস্থানত ২৫ খন, তামিলনাডুত ৩৯ খন , ত্ৰিপুৰাত দুখন, উত্তৰাখণ্ডত ৫ খন, উত্তৰ প্ৰদেশত ৮০ খন আৰু পশ্চিম বংগত ৪ ২খন।

এই ৰাজ্য কেইখনৰ ভিতৰত উৰিষ্যাত বিজু জনতা দলৰ চৰকাৰ, পঞ্জাৱত আপৰ, ৰাজস্থানত বিজেপি, তামিলনাডুত ইণ্ডিয়া, পশ্চিমবংগত তৃণমূল কংগ্ৰেছ, ত্ৰিপুৰাত বিজেপি-আইপিএফটি মিত্ৰ দলৰ চৰকাৰ, উত্তৰ প্ৰদেশত বিজেপিৰ চৰকাৰ আৰু তেওঁলোকৰ সৈতে আছে এডি,আৰএলডি আদি দল।

উত্তৰাখণ্ডত বিজেপি দলে অকলেই শাসনত আছে। পণ্ডুচেৰীত এআইএনআৰচিৰ সৈতে বিজেপিয়ে ক্ষমতাত আছে। পণ্ডুচেৰীত আসনৰ সংখ্যা ১ খন।

২৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৭ টা অঞ্চলৰ ভিতৰত প্ৰায়বোৰতেই বিজেপি আৰু মিত্ৰ দলৰ চৰকাৰ। সেই সূত্ৰে এইবাৰ নিৰ্বাচনত বিজেপিয়ে বিনা বাধাই চৰকাৰ গঠন কৰিব পৰাকৈ এক ৰাজনৈতিক পৰিবেশ ইতিমধ্যে তৈয়াৰ কৰি থৈছে।

অৱশ্যে শেহতীয়াকৈ হোৱা কৃষক আন্দোলন, ইণ্ডিয়াৰ জোটবন্ধন আদিৰে বিৰোধীয়েও বিজেপিক পৰাস্ত কৰিবলৈ এক সন্মিলিত প্ৰচেষ্টা চলাব। লোকসভা নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত হৈ যোৱা কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে বিৰোধী শিবিৰক উৎসাহিত হ'ব পৰা কোনো সুযোগ নিদিলে।

কোন ৰাজ্যত কাৰ চৰকাৰ,  কোন দিশে বলিছে লোকসভা নিৰ্বাচনৰ বতাহ...
মহানগৰীত বজাৰৰ চিণ্ডিকেটঃ বেলতলাত ভাস্কৰ, ফটিক, জোনৰ দাদাগিৰি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in