মহানগৰীত বজাৰৰ চিণ্ডিকেটঃ বেলতলাত ভাস্কৰ, ফটিক, জোনৰ দাদাগিৰি...

মহানগৰীত বজাৰৰ চিণ্ডিকেটঃ বেলতলাত ভাস্কৰ, ফটিক, জোনৰ দাদাগিৰি...

বজাৰৰ নামত এতিয়া চলিছে চিণ্ডিকেট। নীৰৱ দৰ্শক প্ৰশাসন, নীৰৱ দৰ্শক জি এম চি। সেই সুযোগ গ্ৰহণ কৰি এচামে চলাই গৈছে লুণ্ঠন। ৰাজপথত যানবাহনৰ চলাচল ব্যাহত কৰি পাতিছে বজাৰ। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন।

গুৱাহাটী মহানগৰৰ ভিতৰত আছে বহু বজাৰ। তাৰেই অধিক সংখ্যক বজাৰে পৌৰ নিগমৰ নীতি নিয়ম অমান্য কৰি কাঠফুলাৰ দৰে গঢ়ি উঠিছে। পৌৰ নিগমৰ নিয়ন্ত্ৰণত যি সমূহ বজাৰ আছে সেই সমূহ বজাৰ এতিয়া চিণ্ডিকেটৰ কৱলত।

মহানগৰীৰ এখন পুৰণি বজাৰ বেলতলা বজাৰ। বেলতলা চাৰিআলিৰ পৰা জয়ানগৰ চাৰিআলিলৈকে ৰাজপথ আৰু পদপথত বহা এইবজাৰখন সপ্তাহত দুবাৰকৈ বহে। প্ৰতি সপ্তাহৰ বৃহস্পতিবাৰ আৰু দেওবাৰে বহা বজাৰখন লীজত দিয়ে জি এম চি এইছে।

লেছিয়ে এই বজাৰ লীজত লৈ বজাৰখনত থকা বিক্ৰেতাসকলৰ পৰা সংগ্ৰহ কৰে দৈনিক মাচুল। প্ৰতিজন বিক্ৰেতাৰ পৰা একোখন দোকানৰ বাবদ নূন্যতম ৬০০ টকাৰ পৰা অধিকতম হাজাৰ টকালৈকে সংগ্ৰহ কৰে এই লেছিৰ নিয়োজিত এজেণ্টে।

বেলতলা বজাৰত ধন সংগ্ৰহৰ বাবে নিয়োজিত হৈ আছে তিনিজনকৈ যুৱক। ফটিক, জোন, ভাস্কৰ নামৰ এই তিনিজন এজেণ্টে দাদাগীৰিৰে ধন সংগ্ৰহ কৰি এই পথ ছোৱাত যানবাহনৰ চলাচললৈ পিঠি দি যিকোনো স্থানতেই বহিবলৈ দিয়ে বেপাৰীসকলক।

উল্লেখযোগ্য যে, সপ্তাহৰ নিৰ্ধাৰিত বজাৰৰ দুদিন ৰাজপথৰ দুয়ো কাষে বেপাৰীবোৰক অস্থায়ী দোকান পাতিবলৈ দিব পাৰে যদিও সেই পথচোৱাত এটা ফালেই দুটা শাৰীকৈ দোকান বহিবলৈ দিয়াত সেই পথেৰে আন যানবাহন চলাচল কৰাত ভীষণ অসুবিধাৰ সৃষ্টি হয়।

আনকি সেই পথত উক্ত দুদিন সৃষ্টি হয় ব্যাপক যানজঁটৰ। এইবোৰ দিশলৈ চাওঁতা কোনো নাই। সাধাৰণতে ডাঙৰ ডাঙৰ কথা কোৱা গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াও এই ক্ষেত্ৰত চকুমুদা কুলিৰ ভূমিকা গ্ৰহণ কৰা দেখা গৈছে। ইফালে বজাৰখন তদাৰক কৰিবলৈ জি এম চিৰ বিষয়াই পৰিদৰ্শন কৰিব লাগে যদিও সেই বিষয়াও এতিয়া এই চিণ্ডিকেট চক্ৰৰ জেপত।

এই সপ্তাহত দুদিনকৈ বহা বজাৰখনত প্ৰায় প্ৰতিদিনেই বজাৰ বহা দেখা পোৱা গৈছে। সেই বেপাৰীসকলৰ পৰাও লেছি চক্ৰই সংগ্ৰহ কৰে ধন। যি ধনৰ অংশ নাযায় চৰকাৰী ৰাজহলৈ চৰম বিশৃংখলতাৰে চলি আছে বেলতলা বজাৰ।

উল্লেখযোগ্য যে এই বজাৰৰ বাবে হয় নিবিদা। ২০২১ ৰ ৭ অক্টোবৰত হোৱা নিবিদাৰ বেলতলা বজাৰৰ নিৰিখ ধাৰ্য কৰা হৈছিল ৫৭,৭৫০০ টকা। জাননী নং- জি এম টি/১৩/২০২১/৩৮২২ যোগে এই নিবিদা আহ্বান কৰা হৈছিল।

বৰ্তমান এই বজাৰখন শাসকীয় বিজেপিৰ আশীৰ্দাবপুষ্ট এজন নেতাৰ এজন ঘনিষ্ঠ লোকৰ হাতত। সেয়েহে তেওঁৰ যি ইচ্ছা তাকেই কৰি গৈছে। আৰক্ষী প্ৰশাসন আৰু জি এম চি এতিয়া তেওঁৰ ওচৰত ক্ষমতাহীন। বেলতলাৰ স্থানীয় লোকেই কেইবাবাৰো এই সন্দৰ্ভত অভিযোগ দিয়াৰ পাছতো গ্ৰহণ কৰা নাই জি এম চিয়ে কোনো ব্যৱস্থা।

ভাস্কৰ, ফটিক, জোনক আৰক্ষীয়ে আটক কৰিলেই এই বজাৰক কেন্দ্ৰ কৰি চলি থকা বহু অনিয়ম পোহৰলৈ আহিব। দাদাগিৰীৰে কোটি কোটি টকা সংগ্ৰহ কৰি আছে এই বজাৰৰ নামত।

বেলতলা বজাৰখন এক উদাহৰণহে। গুৱাহাটী পৌৰ নিগমৰ অধীনত আছে ফাঁচী বজাৰ, নিউ মাৰ্কেট বজাৰ, উজান বজাৰ, চানমাৰী ফ্লাই অভাৰ বজাৰ, পল্টন বজাৰ, গণেশগুৰি বজাৰ, বেটকুচি পাইকাৰী মাছৰ বজাৰ, ফটাশীল বজাৰ, দিছপুৰ ছুপাৰ মাৰ্কেট বজাৰ, চানমাৰি কলনী বজাৰ, উলুবাৰী বজাৰ, শান্তিপুৰ বাঁহৰ বজাৰ আদি।

এই বজাৰসমূহ জি এম চিৰ অধীনৰ স্থায়ী বজাৰ। আনহাতে বেলতলাৰ বজাৰ, উজান বজাৰ, কাছাৰীঘাট বজাৰ, ভূতনাথৰ ছাগলী বজাৰ আদি লীজত দিয়া বজাৰ। কাগজে পত্ৰয়ে এই বজাৰৰ উপৰিও মহানগৰীত এতিয়া খোজে খোজে গঢ়লৈ উঠিছে বজাৰ।

সেই বজাৰসমূহত নিয়ন্ত্ৰণ নাই জি এম চিৰ। কিন্তু একাংশ লোকে এনে বজাৰৰ পৰা সংগ্ৰহ কৰে ধন। কোনে এই লোকসকলক ধন সংগ্ৰহ কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছে সেয়াও জি এম চিয়ে নাজানে।

আনকি পদপথসমূহত এতিয়া পাচলি, মাছ বা আন সামগ্ৰীৰ বজাৰে ভৰি পৰিছে। খালী পদপথ এতিয়া মহানগৰীত নাই বুলিলেই হয়। পদযাত্ৰীসকলৰ বাবে নিৰ্মাণ কৰা এই পথসমূহ বেপাৰীৰ বাবে বজাৰস্থলী হৈ পৰিছে।

মাজে মাজে নিজৰ উপস্থিতি প্ৰমাণ কৰিবলৈ জি এম চিয়ে দুই, এঠাইত অভিযান চলাই যদিও পুনৰ সেইবোৰ স্থানত বজাৰ গঢ়লৈ উঠে। চকুৰ সন্মুখতে অবৈধভাৱে স্বাভাৱিক জন-জীৱনক ব্যাহত কৰি বজাৰ গঢ়লৈ উঠাৰ লগতে সেই বজাৰ কেন্দ্ৰিক আৱৰ্জনাসমূহে মহানগৰীৰ পৰিৱেশো বিনষ্ট কৰিছে।

জি এম চিৰ কেতিয়াবা আজৰি হ'বনে এই বজাৰসমূহত চকু দিবলৈ? নিয়ন্ত্ৰিত আৰু সংগঠিত ৰূপত এই বজাৰসমূহ গঢ়ি তুলিবলৈ চৰকাৰে গ্ৰহণ কৰিবনে কিবা ব্যৱস্থা? নে বেলতলা বজাৰৰ দৰেই মহানগৰীৰ বজাৰসমূহো একেই দশাৰে চলি যাব?

মেয়ৰ মৃগেন শৰণীয়াই এইবজাৰসমূহক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষ্যণীয়। আনহাতে বজাৰসমূহৰ পৰা সংগ্ৰহ কৰা কৰ-কাটল চিণ্ডিকেট চক্ৰক উৎখাত কৰি ৰাজহ সংগ্ৰহৰ এক উৎসলৈ পৰিণত কৰাৰ পদক্ষেপ ল'বনে মুখ্যমন্ত্ৰীয়ে কেতিয়াবা?

মহানগৰীত বজাৰৰ চিণ্ডিকেটঃ বেলতলাত ভাস্কৰ, ফটিক, জোনৰ দাদাগিৰি...
লাভজনক মৰাপাটৰ খেতি কৰিও বিপদত পৰিছে ৰাজ্যৰ কৃষক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in