ধোঁৱাচাঙত উঠিল নেকি সাংবাদিকৰ কল্যান আঁচনিবোৰ ?

ধোঁৱাচাঙত উঠিল নেকি সাংবাদিকৰ কল্যান আঁচনিবোৰ ?

এখন সমাজৰ কল্যান তথা উত্তৰণৰ বাবে সাংবাদিকসকলৰ অৱদান অতুলনীয়। বহু কষ্ট, ত্যাগ কৰি ৰাইজৰ হকে কাম কৰা এই সাংবাদিকৰ বাবে চৰকাৰে ঘোষণা কৰিছিল পেঞ্চন। কিন্তু সাংবাদিকৰ বাবে গ্ৰহণ কৰা আঁচনি এতিয়া বন্ধ হোৱাৰ উপক্ৰম। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন

ৰাজ্যত গাঁৱে-ভূঁঞে, নগৰে-চহৰে কৰ্মৰত সাংবাদিকৰ বাবে ৰাজ্য চৰকাৰে ২০১৬ চনতেই এলানি কল্যানমূলক আঁচনি গ্ৰহণ কৰিছিল। শিল্পী, সাহিত্যিকৰ দৰে সাংবাদিককো পেঞ্চন আঁচনিত অন্তৰ্ভুক্ত কৰি প্ৰতি বছৰে ৬০ৰ উৰ্ধত ২০ জনকৈ সাংবাদিকক পেঞ্চন দিয়াৰ কথা ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে।

সেই অনুসৰি অতি কমেও ২০ বছৰ সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰা সাংবাদিকক ৮ হাজাৰ টকাকৈ প্ৰতিমাহে পেঞ্চন প্ৰদানৰ ব্যৱস্থা কৰা হয়। ২০১৭-১৮ বিত্তীয় বৰ্ষত ইয়াৰ বাবে ৰাজ্য চৰকাৰে বাজেটত ২০ লাখ টকা আৱন্টন কৰি তেতিয়াৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল ২০ জনকৈ সাংবাদিকক প্ৰতিবছৰে এই পেঞ্চন প্ৰদান কৰা হ'ব।

২০১৭-১৮ বৰ্ষত ইয়াৰ বাবে নিৰ্বাচন কৰা হৈছিল ২০ জন সাংবাদিক। প্ৰতিবছৰে সাংবাদিকক এই আঁচনিয়ে সামৰি লৈছিল যদিও জানিব পৰা মতে ২০২৩ বৰ্ষত সাংবাদিকৰ পেঞ্চনৰ বাবে গ্ৰহণ কৰা হোৱা নাই আবেদন।

কিহৰ বাবে এই আবেদন গ্ৰহণ কৰা নাই তাক লৈ সাংবাদিক তথা সংবাদ কৰ্মীসকলৰ সংগঠনৰ মাজত ব্যাপক চৰ্চা আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে, সাংবাদিকক ফেলশ্বিপ প্ৰদানৰ প্ৰক্ৰিয়াও ৰহস্যজনকভাৱে বন্ধ হোৱাৰ দিশে।

ফেল'শ্বিপ লাভ কৰা বহু সাংবাদিকেও পাব লগা ফেল'শ্বিপৰ ধন লাভ কৰা নাই এতিয়ালৈকে। সেই সন্দৰ্ভত ৰাজ্যৰ জনসংযোগ বিভাগৰ হাতত নাই কোনো উত্তৰ।ইফালে সাংবাদিকৰ পৰিয়াল কল্যান আঁচনিৰ নামেৰেও আন এক আঁচনি ৰাজ্য চৰকাৰে ২০১৪-১৫ বিত্তীয় বৰ্ষত প্ৰৱৰ্তন কৰিছিল।

২০১৬ চনত ৰাজ্য চৰকাৰে জাননী নং PRD.62/2015/2010 যোগে ঘোষণা কৰিছিল। এই আঁচনিৰ অধীনত এজন সাংবাদিকৰ অকাল মৃত্যু ঘটিলে সাংবাদিকৰ পৰিয়াললৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ ব্য়ৱস্থা আছিল। ইয়াৰ বাবে ২০১৭-১৮ বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰে ১ কোটি টকাৰে এছবিআই দিছপুুৰ শাখাত এটা একাউন্টো খুলিছিল।

সাংবাদিকৰ এই পৰিয়াল কল্যান আঁচনিয়ে সাংবাদিকক কিমান উপকৃত কৰিছে বা অকাল মৃত্যু হোৱা কিমান সাংবাদিকৰ পৰিয়ালে সেই ধন লাভ কৰিছে সেয়া এক বিচাৰ্য বিষয়।

যোৱা সময়চোৱাত বহু সাংবাদিকৰ অকাল মৃত্যু হৈছে। আৰ্থিকভাৱে জুৰুলা হোৱা সেই পৰিয়ালবোৰক আঁচনি অনুসৰি ধন দিয়া হৈছেনে সেই সন্দৰ্ভত দৃষ্টি ৰখা লোকৰো অভাৱ এতিয়া। তেনে পৰিস্থিতিত চৰকাৰে ঘোষণা কৰা এই আঁচনিসমূহ সাম্প্ৰতিক সময়ত ভালুকৰ সাঙী হৈ পৰিছে নেকি?

ইয়াৰোপৰি সাংবাদিকৰ চিকিৎসা কল্যান নামৰ আঁচনি এখন ২০১২ চনত প্ৰথম ৰূপায়ন কৰা হৈছিল। এই আঁচনিৰ অধীনত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত সাংবাদিকলৈ তেওঁলোকৰ চিকিৎসাৰ বাবে এককালীন সাহায্য প্ৰদান কৰা হয়। আঁচনি অনুসৰি সাংবাদিকজনৰ পৰিয়ালৰ নিৰ্ভৰশীল সদস্যসকলৰো চিকিৎসাৰ ক্ষেত্ৰত সাহায্য প্ৰদানৰ নিয়ম আছিল।

বাস্তৱত কিমান সাংবাদিক আৰু তেওঁলোকৰ নিৰ্ভৰশীল পৰিয়ালৰ সদস্যই এই সাহায্য লাভ কৰিছে সেয়া সন্দেহৰ বিষয়। আঁচনিখন ৰূপায়নৰ বাবে গঠন কৰি দিয়া কমিটিৰ সদস্য তথা দিছপুৰৰ আশীৰ্বাদপুষ্ট সাংবাদিকে এনে আঁচনিৰ দ্বাৰাই উপকৃত হৈছে বুলি অভিযোগ আছে।

ৰাজ্যত হাজাৰ হাজাৰ সাংবাদিকে কঠোৰ পৰিশ্ৰমৰ মাজেৰে তেওঁলোকৰ দায়িত্ব পালন কৰিছে। বহু সময়ত সেই পৰিয়ালবোৰে আৰ্থিত সংকটত পৰি উপাইহীন হয়। তেনেক্ষেত্ৰত এই কল্যানমূলক আঁচনিসমূহ নামত আছে যদিও প্ৰকৃতাৰ্থত যিসকল সাংবাদিকক এনে আঁচনিৰ প্ৰয়োজন সেইসকল সদায় উপেক্ষিত হৈ আহিছে।

ধোঁৱাচাঙত উঠিল নেকি সাংবাদিকৰ কল্যান আঁচনিবোৰ ?
৩৭০ প্ৰত্যাহাৰৰ সিদ্ধান্তক বৈধতা ন্যায়ালয়ৰঃ কি পাব, কি হেৰুৱাব জম্মু কাশ্মীৰে?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in