৩৭০ প্ৰত্যাহাৰৰ সিদ্ধান্তক বৈধতা ন্যায়ালয়ৰঃ কি পাব, কি হেৰুৱাব জম্মু কাশ্মীৰে?

৩৭০ প্ৰত্যাহাৰৰ সিদ্ধান্তক বৈধতা ন্যায়ালয়ৰঃ কি পাব, কি হেৰুৱাব জম্মু কাশ্মীৰে?
৩৭০ প্ৰত্যাহাৰৰ সিদ্ধান্তক বৈধতা ন্যায়ালয়ৰঃ কি পাব, কি হেৰুৱাব জম্মু কাশ্মীৰে?

জম্মু কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰৰ সিদ্ধান্তক উচ্চতম ন্যায়ালয়ে বৈধতা প্ৰদান কৰিলে। ইয়াৰ ফলত জম্মু কাশ্মীৰে কি হেৰুৱালে, কি পালে এই সকলো সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

জম্মু কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ কৰাৰ সিদ্ধান্তক বৈধতা প্ৰদান কৰিলে উচ্চতম ন্যায়ালয়ে। যোৱা ৫ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ে দুয়ো পক্ষৰ যুক্তি শুনি এই ৰায় সংৰক্ষিত কৰি ৰাখিছিল। উল্লেখ্য বিষয়টোক লৈ ১৬ দিন ধৰি শুনানি গ্ৰহণ কৰিছিল উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে সংৰক্ষিত কৰি ৰখা ৰায় আজি ঘোষণা কৰিছে।

পাঁচজনীয়া বিচাৰপীঠে গ্ৰহণ কৰিছিল শুনানি

জম্মু কাশ্মীৰৰ পৰা ২০১৯ ত ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰিছিল কেন্দ্ৰই। ইয়াৰ পাছতে জম্মু কাশ্মীৰৰ হেৰুৱা মৰ্যাদা পুনৰুদ্ধাৰৰ বাবে উচ্চতম ন্যায়ালয়ত বিভিন্ন পক্ষই আৱেদন দাখিল কৰিছিল।

তেনে ২৩ খন আৱেদনৰ ওপৰত শুনানি গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ৰ ৫ জনীয়া বিচাৰপীঠে। এই আৱেদনকাৰীসকলে জম্মু কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত আৰু ৰাজ্যখনক দুটা কেন্দ্ৰিয় শাসিত অঞ্চলত বিভক্ত কৰাৰ সিদ্ধান্ত বাতিল কৰিবলৈ অনুৰোধ জনাইছিল।

গোচৰটোৰ শুনানি গ্ৰহণ কৰা এই পাঁচজনীয়া বিচাৰপীঠত আছিল মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ সঞ্জয় কিষাণ কৌল, ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ সূৰ্য কান্ত।

বিষয়টোৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত জ্যেষ্ঠ অধিবক্তা কপিল ছিবাল, গোপাল সুব্ৰমণিয়ম, দুষ্মন্ত দাভে, ৰাজীৱ ধাৱান, দিনেশ দ্বিবেদী, গোপাল শংকৰ নাৰায়ণকে ধৰি মুঠ ১৮ জন অধিবক্তাই আৱেদনকাৰীসকলৰ হৈ যুক্তি প্ৰদান কৰিছিল। আনহাতে চৰকাৰী পক্ষৰ হৈ যুক্তি প্ৰদৰ্শন কৰিছিল আৰ ভেংকটৰমণী, তুষাৰ মেহতা, হৰিশ চালভে, মহেশ জেঠমালানী, মনিন্দৰ সিং, ৰাকেশ দ্বিবেদীয়ে।

জম্মু কাশ্মীৰে ঘূৰাই পাব ৰাজ্যৰ মৰ্যাদা

১১ ডিচেম্বৰ, ২০২৩ সোমবাৰে উচ্চতম ন্যায়ালয়ে জন্মু কাশ্মীৰৰ ৩৭০ প্ৰত্যাহাৰক বৈধতা প্ৰদান কৰি কয়, ২০২৪ ৰ ছেপ্টেম্বৰৰ ভিতৰত জম্মু কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে। যিমান পাৰি সোনকালে জম্মু কাশ্মীৰক ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিব লাগে।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয়, যুদ্ধৰ পিছত উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত সেই সময়ত অনুচ্ছেদ ৩৭০ৰ ব্যৱস্থা কৰা হৈছিল। এয়া এক অস্থায়ী ব্যৱস্থা আছিল। সলনি কৰিব পাৰিলে হয়। কেন্দ্ৰীয় চৰকাৰে সঠিক প্ৰক্ৰিয়াৰে ইয়াক বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

গোচৰটোৰ ৰায় প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে কি কি ক'লে

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ মতে ৰাষ্ট্ৰপতিৰ অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ কৰ্তৃত্ব আছে। তেওঁ কয়, জম্মু-কাশ্মীৰৰ সংবিধান সভাৰ পৰামৰ্শসমূহ ৰাষ্ট্ৰপতিৰ বাবে বাধ্যতামূলক নহয় আৰু ভাৰতীয় সংবিধানৰ সকলো ব্যৱস্থা জম্মু আৰু কাশ্মীৰৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব পাৰে। অনুচ্ছেদ ৩৭০ (৩)ৰ অধীনত ৰাষ্ট্ৰপতিৰ ৩৭০ বাতিল কৰাৰ অধিকাৰ আছে।

উচ্চতম ন্যায়ালয়ে কয়, ৰাজ্যখনৰ যুদ্ধসদৃশ পৰিস্থিতিৰ বাবে অনুচ্ছেদ ৩৭০ এক অস্থায়ী ব্যৱস্থা আছিল আৰু সংবিধানৰ অনুচ্ছেদ ১ আৰু ৩৭০ ৰ পৰা এইটো স্পষ্ট যে জম্মু আৰু কাশ্মীৰ ভাৰতৰ এক অবিচ্ছেদ্য অংগ।

আজি ৰায় প্ৰদান কৰাৰ সময়ত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে দেশৰ নিৰ্বাচন আয়োগক ২০২৪ চনৰ ছেপ্টেম্বৰৰ ভিতৰত জম্মু-কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈও নিৰ্দেশ প্ৰদান কৰে। তেওঁ কয়, আমি নিৰ্দেশ দিছো, ভাৰতৰ নিৰ্বাচন আয়োগে ২০২৪ চনৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত জম্মু-কাশ্মীৰৰ বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে পদক্ষেপ ল'ব।

অনুচ্ছেদ ৩৭০ কি?

অনুচ্ছেদ ৩৭০ হৈছে ভাৰতীয় সংবিধানৰ এটা অনুচ্ছেদ। সংবিধানৰ এই অনুচ্ছেদৰ জৰিয়তে জম্মু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছিল। ইয়াৰ জৰিয়তে ভাৰতীয় সংবিধানৰ ১ নং অনুচ্ছেদক বাদ দি অন্যান্য অনুচ্ছেদসমূহ ৰাজ্যখনত সীমিত কৰি ৰাখিছিল।

এই অঞ্চলটোৰ বাবে এখন নিজা সংবিধান আছিল। অৱশ্যে ৰাষ্ট্ৰপতিৰ প্ৰয়োজন হ'লে ৰাজ্যখনত ভাৰতীয় সংবিধানৰ যিকোনো অংশ প্ৰয়োগ কৰাৰ ক্ষমতা আছিল। কিন্তু ইয়াৰ বাবেও তেওঁক প্ৰয়োজন ৰাজ্য চৰকাৰৰ সন্মতি।

এই অনুচ্ছেদৰ বাবেই ভাৰতীয় সংসদে কেৱল বৈদেশিক পৰিক্ৰমা, প্ৰতিৰক্ষা আৰু যোগাযোগ ক্ষেত্ৰত ৰাজ্যখনত আইন প্ৰণয়ন কৰাৰ ক্ষমতা লাভ কৰিছিল। ৰাষ্ট্ৰপতিয়ে কেৱল জম্মু কাশ্মীৰৰ সংবিধান সভাৰ সন্মতিতহে এই ব্যৱস্থাৰ সংশোধন কৰিব পৰাৰ ব্যৱস্থা আছিল।

উল্লেখ্য ১৯৫১ চনত জম্মু আৰু কাশ্মীৰৰ সংবিধান সভা গঠন কৰা হৈছিল। এই সভাৰ সদস্যৰ সংখ্যা ৭৫ জন। এই সভাই জম্মু আৰু কাশ্মীৰৰ সংবিধানৰ খচৰা প্ৰস্তুত কৰিছিল। ঠিক ভাৰতৰ সংবিধান সভাৰ দৰেই এই খচৰা প্ৰস্তুত কৰা হৈছিল।

ৰাজ্যখনৰ সংবিধান গ্ৰহণৰ পিছত ১৯৫৬ চনৰ নৱেম্বৰত জম্মু কাশ্মীৰ এই সংবিধান সভাৰ অস্তিত্ব নাইকিয়া হয়। আজি উচ্চতম ন্যায়ালয়ে জম্মু কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্তক বৈধতা প্ৰত্যাহাৰ কৰাত এই সকলো ব্যৱস্থাৰ অন্ত পৰে।

৩৭০ প্ৰত্যাহাৰৰ সিদ্ধান্তক বৈধতা ন্যায়ালয়ৰঃ কি পাব, কি হেৰুৱাব জম্মু কাশ্মীৰে?
জম্মু-কাশ্মীৰৰ পৰা ৩৭০ ধাৰা প্ৰত্যাহাৰক লৈ আজি উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in