এইডছে লৈছে ভয়াৱহ ৰূপ : সৰ্বাধিক এইছ আই ভি পজিটিভ আক্ৰান্ত হোৱাৰ পথত অসম

এইডছে লৈছে ভয়াৱহ ৰূপ : সৰ্বাধিক এইছ আই ভি পজিটিভ আক্ৰান্ত হোৱাৰ পথত অসম

ৰাজ্যত ড্ৰাগছৰ সমান্তৰালকৈ বৃদ্ধি পাঠে এইছ আই ভি পজিটিভ ৰোগীৰ সংখ্যা। বিশ্লেষণ কৰি চালে ৰাজ্যত এই ৰোগৰ সংখ্যা বৃদ্ধি পোৱাৰ কাৰণ কেইবাটাও বিচাৰি পোৱা যায়। একেটা বেজীৰে একাধিকে ড্ৰাগছ সেৱনৰ পৰা আৰম্ভ কৰি অসুৰক্ষিত যৌন সম্পৰ্ক স্থাপনলৈ। যদি এনেকৈয়ে থাকে তেন্তে যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছৰ দৰে এইচ আই ভি ৰোগীৰ সংখ্যাও বৃদ্ধি পাব। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন-

ৰাজ্যত অতি ভয়াৱহ হৈ পৰিছে এইডছ। প্ৰজন্মৰ পাছত প্ৰজন্ম নিঃশেষ কৰি যোৱা এইছ আই ভি পজিটিভৰ সংখ্যা অসমত ভাৱিব নোৱাৰা ধৰণে বৃদ্ধি পাইছে।

২০২৩ বৰ্ষৰ এপ্ৰিলৰ পৰা জুলাইলৈকে অসমত বেজীৰে ড্ৰাগছ লোৱা লোকৰ দেহত এইডছ আই ভি পজিটিভ ৫৮শতাংশ বৃদ্ধি পাইছে। অতি মাৰত্মক ৰূপত এইডছ সংক্ৰমণৰ সংখ্যা এই গতিত বৃদ্ধি পাই থাকিলে কিছুদিনৰ ভিতৰত দেশৰে এইডছ আক্ৰান্তৰ সংখ্যা অসমত সৰ্বাধিক হ’বগৈ।

বৰ্তমান নাগালেণ্ডত এইছ আই ভি পজিটিভৰ সংখ্যা দেশৰ ভিতৰত সৰ্বাধিক। তাৰ পাচতে আছে ক্ৰমে মণিপুৰ আৰু মিজোৰাম। কিন্তু,যোৱা ৩বছৰত অসমত এইছ আই ভিত আক্ৰান্তৰ সংখ্যা এনে হাৰত বৃদ্ধি পাইছে যে,যিটো অতি উদ্বেগৰ কাৰণ হৈ পৰিছে।

২০১৮-১৯ বৰ্ষত ৰাজ্যখনত ১,৭১৫গৰাকী এইছ আই ভিত আক্ৰান্ত লোক চিনাক্ত হৈছিল। ২০২০-২১ বৰ্ষত এই সংখ্যা ২,৩৬৬লৈ বৃদ্ধি পায়। ২০২২-২৩ বৰ্ষত সেয়া হয়গৈ ৪০১৮। আনহাতে ২০২৩-২৪ বৰ্ষত এপ্ৰিলৰ পৰা জুলাইলৈকে মাত্ৰ ৪ মাহত অসমত ২৩২১জন এইছ আই ভি ৰোগী ধৰা পৰিছে।

সাধাৰণতে,অসুৰক্ষিত যৌন সম্পৰ্ক স্থাপনৰ বাবে এইডছ সংক্ৰমণ হয়। কিন্তু শেহতীয়াকৈ অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবে নহয়,ইনজেক্টিং ড্ৰাগ ইউচ চমুকৈ ই ডি ইউৰ বাবেহে ৰাজ্যত এইডছ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছে।

এটা বেজীৰে কেইবাজনো লোকে শৰীৰত ড্ৰাগছ গ্ৰহণ কৰাৰ বাবে সেই বেজীৰ জড়িয়তে এইছ আই ভি সংক্ৰমণে ভয়াৱহ ৰূপ লৈছে।২০২০-২১ বৰ্ষত ই ডি ইউৰ বাবে ৭৬জনলোকৰ দেহত এইছ আই ভি পজিটিভ ধৰা পৰিছিল। মুঠ এইছ আক্ৰান্ত ১২৮৮জনৰ ভিতৰত ৭৬জন আছিল বেজীৰ জড়িয়তে ড্ৰাগছ সেৱন কৰাৰ ফলত এইছ আই ভিত আক্ৰান্ত লোক।

২০২০-২১ বৰ্ষত আই ডি ইউ পেক্টিছৰ বাবে ৬২৮জনৰ দেহত,২০২২-২৩ বৰ্ষত ১৭৫৬জনৰ দেহত,২০২৩-২৪ বৰ্ষত ৪মাহতে ১৩৪৩জনৰ দেহত এইডছ ধৰা পৰিছে। শতকৰা হাৰত ২০২০-২১ বৰ্ষত বেজীৰে ড্ৰাগছ লোৱা ৬শতাংশৰ দেহত,২০২১-২২ বৰ্ষত ২৬শতাংশৰ দেহত,২০২২-২৩ বৰ্ষত ৪৩শতাংশৰ দেহত আৰু ২০২৩-২৪ বৰ্ষত মাত্ৰ ৪মাহতে ৫৮শতাংশ লোক এইছ আই ভিত আক্ৰান্ত হৈছে।

দেখা পোৱা গৈছে যে,বৰ্তমান আটাইতকৈ বেছি এইছ আই ভিত আক্ৰান্ত লোক আছে কামৰূপ মহানগৰত।কামৰূপ মহানগৰত ৮৪১৪গৰাকী,কাছাৰত ৫৫৭৫গৰাকী,নগাঁৱত ২৩০৬গৰাকী,ডিব্ৰুগড়ত ১৫৯৬গৰাকী,যোৰহাটত ১০১৫গৰাকী,কৰিমগঞ্জত ৯৭৪গৰাকী,গোলাঘাটত ৮০৩গৰাকী,শোণিতপুৰ ৭২২গৰাকী,বৰপেটা ৬৩৪গৰাকী,কাৰ্বিআংলং ৬৩০গৰাকী,কামৰূপ ৫৭১গৰাকী,বঙাইগাঁও ৫৫৪গৰাকী,তিনিচুকীয়া ৫৩০গৰাকী,ধুবুৰী ৪৩৪গৰাকী,হোজাই ৪১২গৰাকী,মৰিগাঁও ৪০৩গৰাকী,শিৱসাগৰ ৩৮৭গৰাকী,কোকৰাঝাৰ ৩৬২গৰাকী,নলবাৰী ২৫৯গৰাকী,গোৱালপাৰা ২৫৫গৰাকী,দৰং ২২৪গৰাকী,লখিমপুৰ ২২০গৰাকী,হাইলাকান্দি ২০৭গৰাকী,ডিমাহাচাও ১৮৭গৰাকী,ধেমাজি ১৬১গৰাকী,বিশ্বনাথ ১১০গৰাকী,বাক্সা ১০০গৰাকী,ওদালগুৰি ৭৭গৰাকী,পশ্চিম কাৰ্বিআংলং ৬৭গৰাকী,চিৰাং ৫৮গৰাকী,মাজুলী৭গৰাকী,চৰাইদেউ ৫গৰাকী আৰু দক্ষিণ শালমাৰা-মানকাচৰ ০গৰাকী এইছ আই ভি পজিটিভ আছে।

লক্ষণীয়ভাৱে সংখ্যালঘুৰ একাংশ লোক ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত যদিও সংখ্যালঘুৰ প্ৰভাৱ থকা জিলাসমূহত কিন্তু ড্ৰাগছ আক্ৰান্ত আৰু ড্ৰাগছ সেৱনৰ ফলত এইছ আই ভিত আক্ৰান্ত লোকৰ সংখ্যা উজনি অসমৰ জিলাসমূহৰ তুলনাত অতি কম। উদাহৰণস্বৰূপে দক্ষিণ শালমাৰাত নাই এজনো এইছ আই ভি পজিটিভ ৰোগী।

ৰাজ্যখনত ২০২৩ৰ জুলাইলৈকে মুঠ ২৮২৫৯গৰাকী এইছ আই ভি পজিটিভ আছে। এইছ আই ভি পজিটিভৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰধান কাৰণ হিচাপে চিহ্নিত হৈছে একেটা চিৰিঞ্জিৰে একাধিকবাৰ ড্ৰাগছ গ্ৰহণ ক।

গুৱাহাটী মহানগৰীত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ পৰা অহা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে এইডছ আসক্তৰ সংখ্যা আৰু এইছ আই ভিত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ পাছতেই গুৱাহাটীলৈ পূৰ্বৰ বছৰৰ তুলনাত অতিৰিক্তকৈ ১লাখ ছাত্ৰ-ছাত্ৰী আগমন ঘটিছে।

বিভিন্ন হোষ্টেল বা ভাড়াঘৰত আশ্ৰয় লোৱা এইসকল বহিঃৰাজ্যৰ যুৱক-যুৱতীয়েও ৰাজ্যখনত এইছ সংক্ৰমণৰ ক্ষেত্ৰত অন্যতম কাৰকৰ ভূমিকা পালন কৰিছে। চৰকাৰে এই দিশত বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে এইডছ আৰু ড্ৰাগছে অসমৰ উঠি অহা প্ৰজন্মক নিঃশেষ কৰিবলৈ আৰু বেছি সময় হয়তো নালাগিব।

আইনগত কাৰণত কোভিডৰ দৰে এইছ আই ভি চিনাক্তকৰণৰ বাবে ৰাপিড টেষ্ট মুকলিকৈ কৰিব নোৱাৰে যদিও গুৱাহাটী মহানগৰীৰ বে-চৰকাৰী,চৰকাৰী হোষ্টেলত এনে পৰীক্ষা কৰিলে এইছ আই ভি পজিটিভত আক্ৰান্ত সঠিক সংখ্যা পোহৰলৈ আহিব। অসুৰক্ষিত যৌন সম্পৰ্কতকৈ বেজীৰ জড়িয়তে ড্ৰাগছ সেৱন কৰা কাৰণত ৰাজ্যখনত অবিশ্বাস্য হাৰত এইছ আই ভি পজিটিভৰ সংখ্যা বৃদ্ধি পাইছে যদিও এই দিশটোত গুৰুত্ব দিয়া নাই স্বাস্থ্য বিভাগে।

২০২০-২১ বৰ্ষৰ তুলনাত ২০২৩-২৪বৰ্ষৰ ৪মাহতে ইনজেক্টিঙ ড্ৰাগ ইউচ চমুকৈ ই ডি ইউৰ বাবে প্ৰায় ১০গুণ বেছি এইছ আই ভি পজিটিভ ধৰা পৰিছে। এই বিষয়টোকলৈ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাৰ সমান্তৰালকৈ স্বাস্থ্য আৰু এইছ নিয়ন্ত্ৰণ সংস্থাসমূহেও মন দিয়াটো অতি প্ৰয়োজনীয় হৈ পৰিছে। নহ'লে ড্ৰাগছৰ লগতে এইডছেও অসমৰ প্ৰজন্মৰ পাছত প্ৰজন্ম ধ্বংস কৰি সমগ্ৰ সমাজ ব্যৱস্থাটোকে পংগু কৰি তুলিব।

এইডছে লৈছে ভয়াৱহ ৰূপ : সৰ্বাধিক এইছ আই ভি পজিটিভ আক্ৰান্ত হোৱাৰ পথত অসম
অসম হ’ব দেশৰ ভিতৰতে প্ৰথম আৰক্ষী ৰাজ্য : মুখ্যমন্ত্ৰীয়ে দিলে ইংগিত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in