অসম হ’ব দেশৰ ভিতৰতে প্ৰথম আৰক্ষী ৰাজ্য : মুখ্যমন্ত্ৰীয়ে দিলে ইংগিত

অসম হ’ব দেশৰ ভিতৰতে প্ৰথম আৰক্ষী ৰাজ্য : মুখ্যমন্ত্ৰীয়ে দিলে ইংগিত

ব্যাপক হাৰত সাল-সলনি হ’ব ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থা। প্ৰতিটো সমষ্টিৰে এখন আৰক্ষী জিলাৰূপে গঢ়ি তোলা প্ৰক্ৰিয়া চলাই আছে দিছপুৰে। দেশৰ ভিতৰতে প্ৰথম আৰক্ষী ৰাজ্য হৈ পৰিব অসম। বঙাইগাঁৱত অনুষ্ঠিত হৈ যোৱা আৰক্ষী সন্মিলনতে এই ইংগিত দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এই বিশেষ প্ৰতিবেদন।

দেশৰ ভিতৰতে প্ৰথমখন পুলিচ ৰাজ্য হিচাপে পৰিগণিত হোৱাৰ দিশত অসম। বঙাইগাঁৱত অনুষ্ঠিত আৰক্ষী অধীক্ষকৰ সন্মিলনত সেই ইংগিতে প্ৰদান কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীৰ পাছত তিনিচুকীয়া জিলাতো আৰক্ষী জিলা গঠনৰ কথা মুখ্যমন্ত্ৰীৰ বক্তব্যতে প্ৰকাশ পায়।

তিনিচুকীয়া আৰক্ষী অধীক্ষকে মুখ্যমন্ত্ৰীক কৰা এটা অনুৰোধৰ পাছতে মুখ্যমন্ত্ৰীয়ে জিলাখনক যে কেইবাখনো আৰক্ষী জিলাত বিভক্ত কৰা হ’ব আৰু তাৰ পাছত তেওঁ বিচৰা আন্তঃগাঠনি আৰু মানৱ সম্পদ উপলব্ধ হ’ব সেই কথা কৌশলেৰে কৈ গ’ল। সমষ্টি পুনঃনিৰ্ধাৰণ প্ৰক্ৰিয়াকলৈ বিক্ষিপ্ত প্ৰতিবাদ চলি থকাৰ মাজতে সমগ্ৰ ৰাজ্যত এই প্ৰক্ৰিয়া প্ৰায় চূড়ান্ত হোৱাৰ দিশে অগ্ৰসৰ হৈছে।

বঙাইগাঁও আৰক্ষী অধীক্ষকৰ সন্মিলনত মুখ্যমন্ত্ৰীয়ে তেওঁ ভাষণতে সেই ইংগিত প্ৰদান কৰিলে। ইফালে আমাৰ হাতত পৰা খবৰ মতে সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়া চূড়ান্ত হৈ উঠাৰ লগে লগে প্ৰশাসনীয় স্তৰতো ব্যাপক পুনৰ গঠন প্ৰক্ৰিয়াৰে ৰাজ্য প্ৰশাসনক অধিক সক্ৰিয় কৰি তোলাৰ বাবে চৰকাৰ আগ্ৰহী।

এনে এক পৰিকল্পনাৰ অংশ হিচাপে গুৱাহাটী মহানগৰ জিলাত ৪টা সমষ্টিৰ ঠাইত ৫টা সমষ্টি হোৱাৰ লগে লগে আৰক্ষী আয়ুক্তালয়ৰ অধীনতো ৫টা মণ্ডল স্থাপনেৰে ৫জন ডি চি পিক দ্বায়িত্ব অৰ্পণ কৰা হ’ব। হঠাৎ ৫টা সমষ্টিৰ বাবে গুৱাহাটীত হ’ব ৫খন আৰক্ষী জিলা।

গুৱাহাটীত ক্ৰমৱৰ্ধমান হাৰত বৃদ্ধি পোৱা অপৰাধ নিয়ন্ত্ৰণৰ লক্ষ্যৰে আয়ুক্তালয়ক এনেদৰে পুনৰ গঠন আৰু অধিক কাৰ্যক্ষম কৰি তোলাৰ চিন্তা কৰা বুলি জানিব পৰা গৈছে। পিছে কেৱল মহানগৰ আৰক্ষী তথা প্ৰশাসনকে পুনৰ গঠন কৰি ক্ষান্ত হ’ব খোজা নাই চৰকাৰ।

সমগ্ৰ ৰাজ্যৰ প্ৰশাসনক সমষ্টিভিত্তিক পুনৰ গঠিত আৰু অধিক সক্ৰিয় কৰাৰ বাবে প্ৰয়োজন সাপেক্ষে সমষ্টিভিত্তিক আৰক্ষী জিলা গঠনৰ চিন্তাও কৰা হৈছে। এই পৰিকল্পনাত প্ৰতিটো সমষ্টিত এজন জ্যেষ্ঠ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্ব অৰ্পণ কৰাৰ বিপৰীতে জিলা পৰ্যায়ত এছ এছ পি অৰ্থাৎ চিনিয়ৰ এছ পি নিয়োগৰ পৰিকল্পনা আৰু পৰিকাঠামো সন্দৰ্ভত বিতং প্ৰস্তাৱ প্ৰস্তুত কৰাৰ বাবে ইতিমধ্যে গৃহ বিভাগে বিভিন্ন পৰ্যায়ৰ বিষয়াক দায়িত্ব অৰ্পণ কৰাৰ খবৰ ওলাইছে।

এইক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনৰ যুক্তি হ’ল – একোখন জিলাত ৭-৮টাকৈ বিধানসভা সমষ্টি, দুগুণ পৰিমাণৰ থানা আৰু ৪গুণ পৰিমাণৰ উপ-চকী থাকিলেও এই গোটেই বিলাকৰ বোজা শেষ পৰ্যায়ত জিলাখনৰ এছ পি আৰু ডি চিৰ ওপৰত পৰেগৈ। ইয়াৰ ফলত সমাধান প্ৰক্ৰিয়াটো দীঘলীয়া হোৱাই নহয়, প্ৰশাসনীয় মূল কেন্দ্ৰৰ পৰা জনসাধাৰণৰ দূৰত্বও বৃদ্ধি পায়।

এনে দিশৰ প্ৰতি লক্ষ্য ৰাখিয়েই সমষ্টিৰ জনপ্ৰতিনিধি আৰক্ষী আৰু প্ৰশাসনীয় মুৰব্বীক সামৰি সমষ্টিয়ে সমষ্টিয়ে ৰাইজৰ কাষ চপাই নিয়াৰ পৰিকল্পনাৰে সমষ্টিভিত্তিক আৰক্ষী জিলা গঠনৰ চিন্তা কৰা হৈছে। জানিব পৰা মতে একোজন জ্যেষ্ঠ অতিৰিক্ত আৰক্ষী অধীক্ষকক প্ৰতিটো সমষ্টিত এছ পি আই চি হিচাপে নিয়োগ কৰাৰ উপৰি চিনিয়ৰ এ ডি চি বা এছ ডি অ’ক ডি চি আই চি হিচাপে নিয়োগ কৰা হ’ব। ইয়াৰ শীৰ্ষ পৰ্যায়ত থাকিব- আয়ুক্ত পদ মৰ্যদাৰ জ্যেষ্ঠ জিলা উপায়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক।

এনে এক পৰিকাঠামোৰ ভিত্তিতে সমষ্টিয়ে সমষ্টিয়ে আৰক্ষীৰ থানা বা চকীৰ সংখ্যাও বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে। যাতে চৰকাৰৰ লগতে প্ৰশাসনক প্ৰতিটো সমষ্টিবাসী ৰাইজৰ কাষ চপাই নিয়াত সহায়ত হয়। যদিহে সঁচা অৰ্থত এয়া কাৰ্যকৰী হয় আৰু সমষ্টিকেন্দ্ৰিক ৰাজনৈতিক চিন্তাৰ পৰা আৰক্ষী তথা প্ৰশাসনীয় বিষয়াসকলে মুক্ত ৰাখি জনতাৰ কল্যাণৰ হকে হস্তক্ষেপ মুক্তভাৱে কাম কৰাৰ সুযোগ লাভ কৰে তেনেহ’লে নিঃসন্দেহে এই সিদ্ধান্ত এক যুগান্তকাৰী সিদ্ধান্ত হিচাপে পৰিগণিত হ’ব।

তাকে নকৰি ৰাজধানীৰ পৰা ৰাজনৈতিক পৰিকল্পনা ৰূপায়নৰ আহিলা হিচাপে তেওঁলোকক ব্যৱহাৰ কৰা চিন্তা সন্মুখত লৈ এই কাৰ্য কৰিলে এনে ব্যৱস্থাই ৰাজ্যখনৰ গণতান্ত্ৰিক প্ৰমূল্য তথা পৰিকাঠামোকে ধ্বংস কৰাৰ আশংকাও নথকা নহয়।

সেয়া যিয়েই নহওক অহা এবছৰৰ ভিতৰত ভাৰতৰ ভিতৰতে প্ৰথমখন আৰক্ষী ৰাজ্য হিচাপে অসমে নাম খোদিত কৰি অভিলেখ সৃষ্টি কৰাৰ লক্ষ্যৰে আগবাঢ়িছে চৰকাৰ। সময়ে ক’ব এয়া ৰাইজৰ বাবে ভাল হয় নে কাল হয় ।

অসম হ’ব দেশৰ ভিতৰতে প্ৰথম আৰক্ষী ৰাজ্য : মুখ্যমন্ত্ৰীয়ে দিলে ইংগিত
ডি এফ অ'ৰ চৰকাৰী পত্ৰতেই ওলাল ভৱেশ কলিতাৰ প্ৰকৃত স্বৰূপ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in