দিল্লীক চেৰ পেলালে গুৱাহাটীয়ে...

গুৱাহাটী থকাৰ উপযোগী হৈ নাই। গুৱাহাটীৰ আকাশ-বতাহ হঠাৎ ভাবিব নোৱাৰা ধৰণে প্ৰদূষিত হৈ পৰিছে। দিল্লীতকৈ বেয়া অৱস্থা এতিয়া গুৱাহাটীত।
দিল্লীক চেৰ পেলালে গুৱাহাটীয়ে...

গুৱাহাটী থকাৰ উপযোগী হৈ নাই। গুৱাহাটীৰ আকাশ-বতাহ হঠাৎ ভাবিব নোৱাৰা ধৰণে প্ৰদূষিত হৈ পৰিছে। দিল্লীতকৈ বেয়া অৱস্থা এতিয়া গুৱাহাটীত। বিশ্বৰ আটাইতকৈ বেছি প্ৰদূষিত মহানগৰ হবগৈ নেকি গুৱাহাটী। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন-

আমি বায়ু, পানীৰ ওপৰত নিৰ্ভৰশীল। সু স্বাস্থ্যৰ বাবে বিশুদ্ধ পানী আৰু বায়ু অতিকৈ প্ৰয়োজন। বায়ু প্ৰদূষণ মানৱ জাতিৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান। সংবাদ মাধ্যমত দিল্লীৰ বায়ু প্ৰদূষণৰ কথা প্ৰায়েই চৰ্চা হয়।

আজি পিছে আপোনাক দিব ওলাইছো দিল্লী নহয় গুৱাহাটীৰ খবৰ। ভাবিব নোৱাৰা ধৰণে প্ৰদূষিত হৈছে গুৱাহাটীৰ আকাশ-বতাহ। উশাহ লোৱাৰ পৰিৱেশ নাই এতিয়া গুৱাহাটীত।

দিল্লীত বায়ু প্ৰদূষণৰ অন্যতম কাৰণ উদ্যোগীকৰণ। খেতিৰ বতৰত পঞ্জাৱ, হাৰিয়ানাৰ কৃষকে ধানৰ খেৰ আৰু আন পেলনীয়া সামগ্ৰী জ্বলাই দিয়া বাবে হয় অত্যাধিক প্ৰদূষণ। গুৱাহাটীত নাই ইমান বেছি উদ্যোগ। তথাপি কিয় বায়ু প্ৰদূষণে ভয়াবহ ৰূপ লৈছে গুৱাহাটীত।

বায়ু বিশুদ্ধতা নিৰূপন কৰা হয় এয়াৰ কুৱালিটি ইনডেস্ক চমুকৈ AQI ৰ জৰিয়তে। চেন্ট্ৰেল পলিউশ্যন কন্ট্ৰল বোৰ্ডে প্ৰতিদিনাই প্ৰকাশ কৰে দেশৰ বিভিন্ন চহৰ আৰু স্থানৰ AQI ।

যোৱা জানুৱাৰীৰ ১৬ তাৰিখে গুৱাহাটীৰ বায়ুৰ AQI আছিল ৩৫০। আনহাতে বৰ্ণিহাটত সেই দিনটোত AQI আছিল ৪২০। জানুৱাৰী ১৪ তাৰিখে গুৱাহাটীৰ বায়ু AQI আছিল ৩২০, ১৫ জানুৱাৰীত ৩৭৫ হৈছিলগৈ AQI. বায়ু কিমান প্ৰদূষিত হৈছে সেই কথা বুজিবলৈ আপুনি এটা কথা জানিলে হ'ল ৩০০ ৰ ওপৰৰ AQI মানে বায়ু অতিকৈ প্ৰদূষিত হৈছে।

শ্বাস-প্ৰশ্বাস জনিত সমস্যা, আন চৰ্ম ৰোগ হয় এই অৱস্থাত। ইয়াৰ উপৰিও আন বহু বেমাৰৰ কাৰক এই বায়ু প্ৰদূষণ।

২৯ জানুৱাৰীত অতি প্ৰদূষিত বুলি ভৱা দিল্লী চহৰত AQI আছিল ১৯৭। ২০২৩ ৰ ৩০ জানুৱাৰীৰ তথ্য অনুসৰি গুৱাহাটীত বায়ুৰ AQI ২৭৪। দিল্লীত ২৩৬ AQI.

১৭ জানুৱাৰীত গুৱাহাটীৰ ৰেলৱে কলনি আটাইতকৈ প্ৰদূষিত ঠাই আছিল। উত্তৰ গুৱাহাটী উদ্যোগৰ ধোৱাই আই আই টি গুৱাহাটী চৌহদক AQI ৩১০ লৈ বৃদ্ধি কৰিছে। এই দিনটোত নাহৰলগুণত AQI আছিল ৫৪, শিৱসাগৰত ইয়াৰ মাপ আছিল ৬৭ AQI.

গুৱাহাটীত কিয় হঠাৎ এনেদৰে বায়ু প্ৰদূষণ হৈছে। ইযাৰ কাৰক হিচাপে নিৰ্ণয় কৰা হৈছে কেইবাটাও কাৰণ। গুৱাহাটীৰ মাজ মজিয়াত নিৰ্মাণ কৰি থকা নিৰ্মাণ কাৰ্য বোৰে বায়ুৰ প্ৰদূষণ সংঘটিত কৰিছে।

দীৰ্ঘদিন বৰষুণ নোহোৱাৰ বাবে বায়ু মণ্ডলত বৃদ্ধি পাইছে বায়ুক প্ৰদূষিত কৰিব পৰা ধূলি মাকতি।

ইয়াৰোপৰি বৰ্ণিহাট অঞ্চলত থকা উদ্যোগক ধোৱাই গুৱাহাটীৰ বায়ু মণ্ডলত প্ৰভাৱ পেলাইছে। গুৱাহাটীৰ উপকণ্ঠ অঞ্চলত থকা ইটা উদ্যোগেও বায়ু প্ৰদূষণৰ আন এক কাৰণ।

বায়ু প্ৰদূষণৰ ফলত সৃষ্টি হয় বহু অদৰকাৰী গেছৰ। কাৰ্বন মন'ক্সাইড, চালফাৰ ডি অক্সাইডৰ দৰে গেছৰ পৰিমাণ বৃদ্ধি পোৱাৰ বাবে ইয়াৰ প্ৰভাৱ পৰে মানুহৰ স্বাভাৱিক জীৱন ধাৰণাত।

এই বিষয়টো আমি গুৰুত্বপূৰ্ণ যদিও মন কৰা নাই। গুৱাহাটী মহানগৰীত যোৱা কেইবাটা দশকত বহু গছ বন কাটি ধ্বংস কৰা হ'ল। সেই ফল এতিয়া মহানগৰবাসীয়ে ভোগ কৰিব লগীয়া হৈছে।

মানুহৰ দেহত ইয়াৰ ফলত এজমা, চিঅপিডি, হাওফাও সংক্ৰমণ,কেন্সাৰ, নিউকেমিয়া, স্নায়ুজনিত ৰোগ, যকৃত জনিত আদি বহু ৰোগ হব পাৰে।এই ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনে সজাগ সচেতনতা সৃষ্টি কৰাৰ সময় পাৰ হৈ গৈছে।

কিয়নো গুৱাহাটী মহানগৰীত এতিয়া বসবাসৰ উপযোগী হৈ থকা নাই। বাঢ়িছে যান বাহনৰ সংখ্য়া। উপকণ্ঠ অঞ্চলত স্থাপন কৰা উদ্যোগ, বন ধ্বংস, নতুন নিৰ্মাণ কাৰ্য আদি কাৰণত গুৱাহাটী এতিয়া নৰক সদৃশ হৈ পৰিছে।

আৰু পঢ়ক: অল ইণ্ডিয়া মাষ্টাৰ্ছ ৰেংকিং বেডমিণ্টন টুৰ্ণামেণ্ট, ২০২৩ ত ৪০ উৰ্ধৰ ৱমেনছ ডাবলছত স্বৰ্ণ জয় সুমিত্ৰা পূজাৰীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in