/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/93c87be8-3e67-4b31-a1dd-9501b53420c4/sumitra_pujari.jpg)
ডিজিটেল ডেস্ক : ৰাজ্যখনৰ এগৰাকী অভিজ্ঞ আৰু দক্ষ বেডমিণ্টন খেলুৱৈ শ্ৰীমতী সুমিত্ৰা পূজাৰীয়ে ১৭ ৰ পৰা ২৪ জানুৱাৰী,২০২৩ লৈ ৰাজস্থান বেডমিণ্টন এছ'চিয়েচন আৰু বেডমিণ্টন এছ'চিয়েচন অফ ইণ্ডিয়াৰ অধীনত উদয়পুৰ বেডমিণ্টন এছ'চিয়েশ্যনৰ দ্বাৰা আয়োজিত ইয়োনেক্স চানৰাইজ অল ইণ্ডিয়া মাষ্টাৰ্ছ ৰেংকিং বেডমিণ্টন টুৰ্ণামেণ্ট ২০২৩ ত ৪০ উৰ্ধৰ মহিলা ডাবলছত স্বৰ্ণ পদক লাভ কৰিছে।
উদয়পুৰ চহৰৰ আৰ এল চৌফ্লা বেডমিণ্টন একাডেমী আৰু চাৱত ক্ৰীড়া একাডেমীত অনুষ্ঠিত এই আকাংক্ষিত প্ৰতিযোগিতাখনত শ্বাটলাৰে ৪০ উৰ্ধৰ মিক্সড ডাবলছত ব্ৰঞ্জৰ পদক লাভ কৰিছে। গুৱাহাটীত ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ এগৰাকী ক্ৰীড়া ব্যক্তি শ্ৰীমতী সুমিত্ৰা পূজাৰীয়ে মহাৰাষ্ট্ৰৰ ৰাধিকা মধুৰ ইংগলহালকাৰৰ সৈতে তেওঁৰ ডাবলছৰ বাবে, আৰু মিক্সড ডাবলছৰ বাবে নাগালেণ্ডৰ জোচেফ চুমিৰ সৈতে লগ লাগিছিল।
আৰু পঢ়ক : বিটিআৰ এলেকাত সংৰক্ষিত বনাঞ্চলত অবৈধ দখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ উচ্ছেদ অভিযান...