মালিগাঁৱৰ বিজতৰীয়া বস্ত্ৰ ১৪ এপ্ৰিলৰ বিশ্ব ৰেকৰ্ডৰ প্ৰচেষ্টাৰ বিৰুদ্ধে শানিত অস্ত্ৰ নেকি?

এটাৰ পাছত আন এটা বিতৰ্ক। এইবাৰ গামোচাৰ বিতৰ্কই উত্তাল কৰিছে ৰাজ্য। অসমীয়া গামোচাক অপমান কৰাৰ আঁৰত আছে নেকি ষড়যন্ত্ৰ?

author-image
Asomiya Pratidin
New Update
মালিগাঁৱৰ বিজতৰীয়া বস্ত্ৰ ১৪ এপ্ৰিলৰ বিশ্ব  ৰেকৰ্ডৰ প্ৰচেষ্টাৰ বিৰুদ্ধে শানিত অস্ত্ৰ নেকি?

এটাৰ পাছত আন এটা বিতৰ্ক। এইবাৰ গামোচাৰ বিতৰ্কই উত্তাল কৰিছে ৰাজ্য। অসমীয়া গামোচাক অপমান কৰাৰ আঁৰত আছে নেকি ষড়যন্ত্ৰ? এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন-

Advertisment

হঠাৎ আকৌ এবাৰ অসমীয়াৰ স্বাভিমান গামোচাৰ বিতৰ্কই ৰাজ্য উত্তাল কৰি তুলিছে। কোনোবাই আকৌ অবান্তৰ যুক্তিৰে গুৰুতৰ এক বিষয়-বস্তুক লঘু কৰাৰ অভিযানত নামি পৰিছে। সেয়ে বিষয়টো সন্দৰ্ভত যুক্তিপূৰ্ণ বিশ্লেষণৰ প্ৰয়োজনো হৈছে।

দেওবাৰে মালিগাঁৱত আমন্ত্ৰিত সন্মানীয় অতিথি সকলক সন্মান জনোৱাৰ বাবে যি খন বস্ত্ৰ ব্যৱহাৰ কৰা হ'ল সেই খন অসমীয়াৰ গামোচা নহয়। একেদৰে নহয় বঙালী সমাজে সন্মানীয় ব্যক্তিক আদৰণি জনোৱাৰ মুহূৰ্তত ব্যৱহাৰ কৰা জাতীয় স্বাভিমানযুক্ত অংগবস্ত্ৰও।

বঙালী সমাজত অতিথিক আদৰিবলৈ অথবা উৎসৱৰ সময়ত পৰিধান কৰাৰ ক্ষেত্ৰত যি বস্ত্ৰ ব্যৱহাৰ কৰা হয় সেই বস্ত্ৰ হ'ল দীঘলে দুয়োফালে পাৰি থকা বগা অংগবস্ত্ৰ। যাক উত্তৰীয় বুলিও কোৱা হয়। আনহাতে অসমৰ জাতীয় কৃষ্টি সংস্কৃতিৰ সৈতে বিলীন বঙালী লোকসকলে উৎসৱৰ বতৰত গামোচা ল'ব লগা হ'লে অসমীয়া গামোচা ৰূপে চিৰ পৰিচিত ৰঙা ফুল আৰু ৰঙা পাৰিৰ পৰিচিত সেই বিশেষ গামোচা খনেই লয়।

বঙালী সমাজত 'গাম্চা' হিচাপে পৰিগণিত হোৱা বগা বস্ত্ৰত ৰঙা বৰ্গ ক্ষেত্ৰাকাৰ সাচ থকা বস্ত্ৰখনৰো আছে এক বিশেষ সন্মান। সেই বস্ত্ৰখন কিন্তু অতিথিক আদৰিবলৈ নহয় আত্মীয়ৰ মৃত্যু হ'লে পুত্ৰ পৰিয়ালে ডিঙিত লোৱাৰ সমান্তৰালভাৱে আনলোকে গা-ধোৱাৰ সময়ত বা পথাৰত কাম কৰাৰ উপৰি ৰন্ধা-বঢ়াৰ সময়ত ব্যৱহাৰ কৰে।

এতিয়া কোনোবা বিবেক-বিবেচনাৰহিত ব্যক্তিয়ে বঙালী সাহিত্য সভাই দুয়োখন একাকাৰ কৰি সন্বয়ৰ সেঁতু গঢ়িবলৈ চেষ্টাহে কৰিছিল বুলি ক'বলৈ গ'লেও সেয়া সুস্থ চিন্তা বা ৰুচিসন্মত বুলি বঙালী সমাজেও মানি ল'ব নোৱাৰে।

এইখিনিত অতি স্বাভাৱিকভাৱে সকলোৰে মনলৈ এটা প্ৰশ্ন আহিছে। বৰাক উপত্যকাৰে হওঁক বা ব্ৰহ্মপুত্ৰ উপত্যকাৰে হওঁক বংগভাষী হিন্দু সকলৰ কোনোবা অনুষ্ঠানত ইতিপূৰ্বে অতিথিক আদৰিবলৈ কেতিয়াও এনে বস্ত্ৰ ব্যৱহাৰ কৰা হোৱা নাছিল। বঙালী কোনো অনুষ্ঠানে ইতিপূৰ্বে এনে কাৰ্য কৰা নাছিল। ইয়াৰ মানে এইটো নহয়, হঠাৎ অসমীয়া জাতীয়তাবাদ আৰু বঙালী জাতীয়তাবাদৰ মাজত সুদৃঢ় সেঁতু গঢ়িবলৈ প্ৰথমবাৰৰ বাবে মালিগাঁৱত চেষ্টা চলোৱা হ'ল।

সেয়েহে এনে কথা যি সকলে কৈছে তেওঁলোকৰ চিন্তা-চেতনা সুস্থিৰ বুলি ধৰিব নোৱাৰি। পিছে বিশেষ এক সময়ত এনে কাৰ্য সম্পাদন কৰি ৰাজ্যখনৰ সম্প্ৰীতি সমন্বয়ক বিশেষ মাত্ৰা প্ৰদান কৰা বুলি পতিয়ন নিয়াৰ চেষ্টা চলোৱাৰ আঁৰত আছে নেকি আন বিশেষ কোনো এজেণ্ডা। কিয়নো সমগ্ৰ ৰাজ্য এতিয়া ব্যস্ত ১৪ এপ্ৰিলত সৰুসজাইত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যৰ সৰ্ববৃহৎ বিহু অনুষ্ঠানৰ আখৰাত।

১১ হাজাৰ বিহুৱতী আৰু বিহুৱাৰ নৃত্য-গীত প্ৰদৰ্শনেৰে অসমীয়াৰ জাতীয় পৰিচয় বিহুক গিনিজ বুক অৱ ৰেকৰ্ডচত অন্তৰ্ভুক্ত কৰাৰ আখৰা চলি আছে সমগ্ৰ ৰাজ্যত। ইয়াৰ মাধ্যমত বিশ্ব দৰবাৰত অসমীয়াৰ জাতীয় নৃত্য বিহুৰ লগতে ধূতি-গামোচা আৰু মুগাৰ ৰিহা-মেখেলা, গামখাৰু সহিতে সাজ-পাৰ আৰু বাদ্যক সবল ৰূপে প্ৰতিষ্ঠা কৰাৰ এয়া এক অভূতপূৰ্ব আৰু বহু প্ৰত্যাশী প্ৰস্তুতি। তেনে এক গুৰুত্বপূৰ্ণ সময়ত অসমীয়া গামোচাখনক বিকৃত কৰা আৰু ইয়াকে লৈ আগগুৰি নথকাকৈ তৰল মন্তব্য়ৰে সমগ্ৰ পৰিৱেশ পৰিস্থিতক অস্থিৰ কৰি তুলিব খোজাৰ আঁৰত বিশেষ কোনোবা ষড়যন্ত্ৰকাৰী আছে নেকি? সাম্প্ৰতিক সময়ত সেইটোহে সবাতোকৈ গুৰুত্বপূৰ্ণ কথা।

শিলাদিত্য দেৱৰ দৰে বিধায়কৰ বিতৰ্কিত মন্তব্যক প্ৰাধান্য দিয়াৰ প্ৰয়োজন আচলতে নাই। একেদৰে নাই আন বহুতৰ তৰল মন্তব্যৰ সন্দৰ্ভতো। কিন্তু বিশেষ সময়ত বিজতৰীয়া এক বস্ত্ৰৰে চৰকাৰৰ মন্ত্ৰী তথা অতিথিক বঙালী সাহিত্য সভাৰ মঞ্চত সন্মান জনোৱাৰ নামত অসমীয়াৰ স্বাভিমানক আঘাত কৰি কোনোবাই অগ্নিগৰ্ভ পৰিস্থিতৰ ষড়যন্ত্ৰ কৰিছে নেকি সেই বিষয়ে গুৰুত্ব দিয়াতো অতিকে প্ৰয়োজন।

নিসন্দেহে বিহু নৃত্য প্ৰদৰ্শনেৰে গিনিজ বুকৰ ৰেকৰ্ড গঢ়িবলৈ চলোৱা চৰকাৰৰ প্ৰচেষ্ঠা প্ৰশংসনীয়। ইয়াৰ বাবদ ৰাজভড়ালৰ বহু ধন ব্যয় হব আৰু যোৱা এমাহ ধৰি হাজাৰ হাজাৰ লোকে অসমৰ জিলাই জিলাই ঐকান্তিকতাৰে নিৰন্তৰ প্ৰচেষ্টা চলাই আছে।

মুখ্যমন্ত্ৰীকে ধৰি বহু মন্ত্ৰী বিধায়কৰ লগতে দল মত নিৰ্বিশেষে বিভিন্ন পৰ্যায়ৰ লোকো এই প্ৰচেষ্টাক সাফাল্যমণ্ডিত কৰাৰ বাবে ব্যস্ত হৈ আছে। সঁচাকৈয়ে যদি এই প্ৰচেষ্টা সফল হয় তেনেহ'লে কোনো ভাবুকিয়েই অসমীয়াৰ জাতীয় বস্ত্ৰ, বাদ্য আৰু বিহুক ক্ষতিগ্ৰস্ত কৰাৰ সাহস কৰিব নোৱাৰিব। মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক জীৱনৰ ক্ষেত্ৰতো ই এক মাইলৰখুঁটি ৰূপে পৰিগণিত হ'ব।

সেইবাবে এতিয়াৰ সবাতোকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল মুখ্যমন্ত্ৰীৰ এই প্ৰশংসনীয় প্ৰয়াস চৰকাৰ, প্ৰশাসন আৰু হাজাৰ হাজাৰ বিহুৱা-বিহুৱতীৰ লগতে সামগ্ৰিকভাৱে অসমবাসীৰ গভীৰ প্ৰত্যাশাক ধ্বংস কৰাৰ ঘৃণনীয় ষড়যন্ত্ৰ কোনে কৰিছে? চৰকাৰে তাৎক্ষণিকভাৱে মালিগাঁৱৰ ঘটনাৰ অন্তৰালত জড়িত হৈ থকা অশুভ চিন্তা আৰু শক্তিক বিচাৰি উলিয়াই কঠোৰ শাস্তি বিহাৰ প্ৰয়োজন। একেদৰে অতিকে গুৰুত্বপূৰ্ণ সময়ত বিকৃত চিন্তাৰ ফচল স্বৰূপ এই বিজতৰীয়া গামোচা প্ৰসংগই যাতে ৰাজ্যত অগ্নিগৰ্ভ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰখাৰো প্ৰয়োজন।

মালিগাঁৱৰ বঙালী সাহিত্য সভাই এনে গঢ়িত কাৰ্যৰ দায়িত্ব শিৰ পাতি লৈ ৰাজহুৱাভাৱে ক্ষমা খোজাৰ লগতে কোনোবা অশুভ শক্তিৰ প্ৰৰোচনাত যদি এনে কাৰ্য সংঘটিত হৈছিল সেই কথাও চৰকাৰক অৱগত কৰাৰ প্ৰয়োজন। অন্যথা হয়তো আসুৰিক প্ৰবৃত্তিৰ কোনো লোকৰ বিকৃত ফচল মালিগাঁৱৰ গামোচা প্ৰসংগই বিহুক গিনিজ বুকৰ ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰাৰ জৰিয়তে বিশ্ববাসীৰ সন্মুখত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস বাঞ্চাল হৈ যোৱাৰ আশংকা থাকিব।

Also Read: খেলি-মেলি! ২০২৪'ত কংগ্ৰেছ, বিজেপি নে অন্য কিবা...

gamocha