খেলি-মেলি! ২০২৪'ত কংগ্ৰেছ, বিজেপি নে অন্য কিবা...

ৰাজনীতি পাকচক্ৰত সোমালে মানুহে সহজে ওলাই আহিব নোৱাৰে। আমাৰ জীৱনত ৰাজনীতিক আমি নুই কৰি চলিব নোৱাৰো।
খেলি-মেলি! ২০২৪'ত কংগ্ৰেছ, বিজেপি নে অন্য কিবা...

ৰাজনীতি পাকচক্ৰত সোমালে মানুহে সহজে ওলাই আহিব নোৱাৰে। আমাৰ জীৱনত ৰাজনীতিক আমি নুই কৰি চলিব নোৱাৰো। এক বৃহৎ ৰাজনৈতিৰ মেৰপাকত সোমাই পৰিছে কংগ্ৰেছ। কিন্তু হিতে বিপৰীত গৈ ফিল্ডত নমাৰ বাবে কংগ্ৰেছৰ বাবে এয়া হ'ব পাৰে উত্তম সুযোগ। এই সন্দৰ্ভত বৰষা শৰ্মাৰ বিশেষ প্ৰতিবেদন...

ৰাজনীতিত চক্ৰান্ত নতুন কথা নহয়, নতুন নহয় ক্ষমতাৰ অপব্যৱহাৰো। এয়া কেৱল এতিয়াই নহয় ইতিহাসৰ পাত খুচৰিলেও দেখা পোৱা যায়। ক্ষমতাৰ সোৱাদ এবাৰ পালে সেয়া এৰিব নোৱাৰে ৰাজনৈতিক নেতাই। তাৰ বাবে লাগিলে সকলো সীমাই অতিক্ৰম কৰিব।

কোনটো দলে আঘাক হনা নাই ভাৰতৰ গনতন্ত্ৰক। ক্ষমতা বাঘজৰী ধৰি ৰাখিবৰ বাবে ভাৰত স্বাধীন হোৱাৰ আগৰ পৰাই একাংশ ৰাজনৈতিক নেতা- কৰ্মীয়ে কেনেদৰে গণতন্ত্ৰক ব্যৱহাৰ কৰি আহিছে সেয়া আমি সকলোৱে জানো। ভাৰত স্বাধীন হোৱাৰ পাছতো ইয়াৰ ব্যতিক্ৰম নাছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ অপশাসনত অতিষ্ঠ হৈ পৰিছিল জনতা।

কেৱল ৰাজনীতি বা ক্ষমতাৰ বাবে যে ভাৰত বিভাজন হৈছিল, যাৰ বাবে লাখ লাখ মানুহে অত্যাচাৰৰ সন্মুখীন হ'বলগীয়া হৈছিল। মৃত্যুৰ মুখত পৰিছিল। কংগ্ৰেছৰ শাসনতো এয়া কিন্তু চলিয়েই থাকিল। সময়ে সময়ে ভাৰতৰ গনতন্ত্ৰক আঘাত কৰি অহা হৈছে। সেয়া লাগিলে ইন্দিৰা গান্ধীয়ে ঘোষণা কৰা জৰুৰীকালীন অৱস্থাৰ সময়তে হওক বা এতিয়া চৰকাৰে আইনক হাতৰ মুঠিত ৰখাতো।

কিন্তু কিমান দিনলৈ সহ্য কৰিব জনতাই? অতিষ্ঠ হোৱা জনতাই পৰৱৰ্তী সময়ত কংগ্ৰেছক আঁতৰাই অন্য দলৰ হাতত তুলি দিছিল দেশৰ শাসনভাৰ। বহু বছৰ পাছত এনডিএ চৰকাৰে কংগ্ৰেছক গুৰিৰ পৰা আঁতৰাই ক্ষমতালৈ আহিছল।

বৰ্তমান চাৰিওফালে মোডীৰ জয় জয়-ময় ময়। কি ইন্দিৰা গান্ধী কি মোডী, সকলো একেই। মোডী নহ'লে যেন নচলে দেশ। আইন-প্ৰশাসনক হাতৰ মুঠিত লৈ এটাৰ পৰা আনটো বিৰোধিক ওফৰাই পেলোৱাৰ কাম কৰি গৈছে বিজেপিয়ে।

বৰ্তমান ৰাজনীতিত উত্তপ্ত পৰিস্থিতি। ২০১৯ চনৰ এক গোচৰত গ্ৰেপ্তাৰ হৈছিল কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী। মোডী উপাধিৰ লোক সকলক লৈ কৰা মন্তব্যৰ বাবে ৰাহুল গান্ধীক গুজৰাটৰ চুৰাট আদালতে ২ বছৰৰ কাৰাদণ্ড বিহিছিল।

ইয়ালৈ সকলো ঠিকেই আছিল। কাৰাদণ্ড বিহাৰ এদিন পাছতেই কৰ্তন হ'ল ৰাহুল গান্ধীৰ সাসংদ পদ। কেৱল ইমানেই নহয়, আগন্তুক ৮ বছৰলৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰিব কংগ্ৰেছ নেতা গৰাকী।

ইয়াৰ লগে লগে জাঙুৰ খাই উঠিল কংগ্ৰেছৰ লগতে আন বিৰোধী দল সমূহ। প্ৰতিটো বিৰোধী দল একলগ গৈ একেমুখে ধিক্কাৰ দিলে বিজেপি। প্ৰতিটো বিৰোধী দলেই এতিয়া মাত মাতিছে বিজেপিৰ বিৰুদ্ধে।

২০২৪ চনৰ লোকসভা নিৰ্বাচনক লৈ প্ৰস্তুতি চলাইছে প্ৰতিটো দলেই। এটা কথা ক'ব লাগিব যে বিজেপিয়ে হোমৱৰ্ক কেতিয়াবাই কৰি থৈছে। কিন্তু এইবাৰ যেন কেনা লাগিল ক'ৰবাত। হোমৱৰ্ক ভুল হ'ল বিজেপিৰ।

বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো বিৰোধী দলৰ কামিহাড় ভাঙি দিয়াৰ যথেষ্ঠ চেষ্টা কৰিছে। সেয়া লাগিলে কংগ্ৰেছে হওক নাইবা আম আদমি পাৰ্টী। বিগত সময়চোৱাত আপে মানুহৰ মাজত যথেষ্ঠ জনপ্ৰিয়তা সক্ষম হৈছিল।

তাৰ পাছতেই আপৰ আহিল দুঃদিন। গ্ৰেপ্তাৰ হ'ল আপৰ জনপ্ৰিয় নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সোঁহাত স্বৰূপ মনিষ ছিচদিয়া। সুৰা কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী গৰাকী এতিয়া জেলৰ পৰা বাহিৰ হ'ব সেয়া এক ডাঙৰ প্ৰশ্ন। এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও বহু কেইটা দলক মুহূৰ্ততে বিজেপিয়ে ধ্বংস কৰি অহা ঘটনা আমি দেখি আহিছো।

এইবাৰ পিছে বিজেপিৰ কৰবাত ভুল হ'ল। ৰাহুল গান্ধীক ২০১৯ বৰ্ষৰ গোচৰত গ্ৰেপ্তাৰ কৰা হ'ল। কথাতে কোৱা হয় - ভৱা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি। বিৰোধিক নস্যাৎ কৰাৰ সপোন দিঠকত পৰিণত নহ'ল।তাৰ বিপৰীতে বিৰোধী একত্ৰিতহে হ'ল।

জনতাই সকলো দেখি আছে। বিজেপিক ভাল পাই মানুহে, কিন্তু অত্যাচাৰ, স্বেচ্ছাচাৰীতা কিমান দিনলৈ সহ্য কৰিব? কংগ্ৰেছৰ পৰিয়ালবাদ, ক্ষমতাৰ অপযশ জনতাই দেখি আহিছে, সেইবুলি দলটোৰ বিৰুদ্ধে ষড়যন্ত্ৰও সহ্য নকৰে। কিয়নো কংগ্ৰেছৰ অপশাসন দেখাৰ সমান্তৰালভাৱে জনতাই দেখিছে ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধীয়ে দেশৰ বাবে দি যোৱা বলিদান ।

কংগ্ৰেছৰ এই বেয়া সময়তে এতিয়া সম্পূৰ্ণ শক্তিৰে ফিল্ডত নামি পৰিছে প্ৰিয়ংকা গান্ধী। সত্যাগ্ৰহ কাৰ্যসূচী গ্ৰহণ কৰি প্ৰিয়ংকাই এটাৰ পাছত আন এটা মন্তব্য কৰি মোডী থকা সৰকা কৰিছে। তেওঁ কৈছে - গান্ধীসকলে 'লজ্জিত' হ'ব লাগে নেকি যে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে দেশৰ বাবে জীৱন ত্যাগ কৰিছিল। আমাৰ শ্বহীদ পৰিয়ালৰ সদস্যসকলৰ তেজ আমাৰ দেশৰ মাটিত আছে। তেওঁলোকৰ তেজে আমাৰ দেশৰ গণতন্ত্ৰক লালন-পালন কৰিছে।

বিজেপিয়ে ৰাহুল গান্ধীক পাপ্পু বুলি কৰা সম্বোধন সন্দৰ্ভতো প্ৰিয়ংকাই কয় যে, তেওঁৰ ভাতৃ বিশ্বৰ দুখন শীৰ্ষ বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি আহিছে- হাৱাৰ্ড আৰু কেমব্ৰিজ। তদুপৰি শেহতীয়াকৈ ভাৰত জোড়ো যাত্ৰাই এয়া প্ৰমাণ কৰি দিছে ৰাহুল গান্ধী পাপ্পু নহয়, চৰকাৰে ভয় খাইছে তেওঁক অযোগ্য ঘোষণা কৰিবলৈ।

যি নহওক, কংগ্ৰেছৰ বাবে এয়া এক উত্তম সুযোগ। সেই সুযোগ গ্ৰহণ কৰি কংগ্ৰেছে যদি জনতাৰ ওপৰত পুনৰ আস্থা ঘূৰাই অনাৰ চেষ্টা কৰে তেন্তে কিছু ক্ষেত্ৰত হ'লেও সফল হোৱাৰ সম্ভাৱণা আছে।

কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ প্ৰতিও আছে মানুহৰ অগাধ আস্থা। এই সময়ত ছোনিয়া গান্ধীয়ে কি ৰাজনীতিক ৰণনীতি গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।

২০২৪ সমাগত। স্থিতি দুৰ্বল হৈ থকাৰ সময়তে যেন নতুনকৈ গা কৰি উঠাৰ প্ৰয়াস কৰিছে বিৰোধী শক্তিয়ে। যদি এই প্ৰয়াসত সফল হয় কংগ্ৰেছ বা বিৰোধী তেন্তে পৰৱৰ্তী লোকসভা নিৰ্বাচন বিজেপিৰ বাবে হ'ব প্ৰত্যাহ্বানমূলক। এয়াও ঠিক যে বিজেপি হাত সাৱটি বহি নাথাকে। হয়তো বিজেপিৰ পৰৱৰ্তী ব্লু প্ৰিন্ট ইতিমধ্যে ৰচনা হৈ গৈছে।সেয়ে অনাগত সময়ত ভাৰতীয় ৰাজনীতিয়ে অন্য ৰূপ ধাৰণ কৰাৰ সম্ভৱণা আছে।

খেলি-মেলি! ২০২৪'ত কংগ্ৰেছ, বিজেপি নে অন্য কিবা...
আজিও গ্ৰাহকে পোৱা নাই 'দ্যা ইউনিয়ন কৰ্পাৰেটিভ বেংক'ত থোৱা জমা ধন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in