দুটা কোঠালিযুক্ত ঘৰৰ পৰা আই পি এলৰ নায়ক হোৱালৈকে ৰিংকু সিঙৰ যাত্ৰা

দুটা কোঠালিযুক্ত ঘৰৰ পৰা আই পি এলৰ নায়ক হোৱালৈকে ৰিংকু সিঙৰ যাত্ৰা

উত্তৰ প্ৰদেশ ৰাজ্যৰ আলিগড়ৰ এগৰাকী উদীয়মান ক্ৰিকেটাৰ। প্ৰতিভা আছে কিন্তু সুযোগৰ অভাৱ। সময় সকলোৰে বাবে আহে,কিন্তু তাক উচিত প্ৰেক্ষাপটত উপস্থাপন কৰাই আচল কথা। তেওঁৰ ক্ৰিকেট জীৱনত অপেক্ষা আৰু অপেক্ষা। অৱশেষত সময় আহিল,আই পি এলৰ মঞ্চত নায়ক হোৱাৰ সুযোগ । তেওঁ হৈছে প্ৰতিভাৱান ক্ৰিকেটাৰ ৰিংকু সিং। ৰিংকু সিং সন্দৰ্ভত ভাস্কৰ নিলীমাৰ বিশেষ প্ৰতিবেদন।

আই পি এল এনে এখন মঞ্চ য’ৰ পৰা ওলাইছে বৰ্তমান ভাৰতীয় ক্ৰিকেট দলত খেলি থকা একাংশ ক্ৰিকেটাৰ। সূৰ্যকুমাৰ যাদৱ,শুভমন গীল,ঋষভ পণ্ট,খলিল আদমেদ,ঈশান কিশান আদি যুৱ ক্ৰিকেটাৰসকল আই পি এলৰ সৃষ্টি বুলিলেও বঢ়াই কোৱা নহ’ব।

আলিগড়ৰ তেনে এগৰাকী প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ হ’ল ৰিংকু সিং। পিতৃৰ নাম খানচন্দ্ৰ সিং আৰু মাতৃ বীণা দেৱী। ৰিংকুৰ জন্ম ১৯৯৭ চনৰ ১২ অক্টোবৰত।

আৰম্ভণিতে উল্লেখ কৰা ধৰণে ৰিংকুৰ ক্ৰিকেট জীৱন মসৃণ নহয়। উত্তৰ প্ৰদেশত মাত্ৰ দুটা শোৱনি কোঠাযুক্ত এটা ঘৰত বাস কৰে ৰিংকুৰ পৰিয়ালে। আৰ্থিক দীনতাৰ মাজেৰে পাৰ হোৱা শৈশৱ ৰিংকু সিঙৰ। পিতৃ পেচাগতভাৱে এল পি জি গেছৰ বিতৰক।

১৬ বছৰ বয়সত ৰিংকুৱে উত্তৰ প্ৰদেশৰ হৈ ২০১৪ চনলৈকে অনুৰ্দ্ধ ১৬,১৯ আৰু ২৩ বছৰ পৰ্যায়ত ক্ৰিকেট খেলে। ইয়াৰ পাছতে তেওঁ ২০১৬-১৭ বৰ্ষত ঘৰুৱা ক্ৰিকেট ৰঞ্জী ট্ৰফীৰ জৰিয়তে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ভৰি দিয়ে।

উল্লেখ্য যে ২০১৪ চনতে তেওঁ লিষ্ট-এৰ এখন খেলত ৮৩ ৰানৰ এক ইনিংছ খেলি প্ৰতিভাৰ উমান দিছিল। বৰ্তমানলৈকে তেওঁৰ ঘৰুৱা ক্ৰিকেট কেৰিয়াৰৰ পৰিসংখ্যা হৈছে প্ৰথম শ্ৰেণীৰ ৪০ খন মেচ খেলি ৭টা শতক আৰু ১৯টা অৰ্ধশতকসহ ২৮৭৫ ৰান। একেদৰে লিষ্ট-এত ৫০খনত মেচত ১টা শতক আৰু ১৬টা অৰ্ধশতকসহ ১৭৪৯ ৰান লগতে ৭৮খন টি-২০ মেচ খেলি ৬টা অৰ্ধশতকসহ ১৩৯২ ৰান সংগ্ৰহ কৰিছে। উল্লেখ্য যে ২০১৮-১৯ ৰঞ্জী ছিজনত ৰিংকুৱে ১০খন মেচত ৯৫৩ ৰান সংগ্ৰহ কৰি নিৰ্বাচকক তেওঁৰ প্ৰতিভাৰ উমান দিছিল।

২০১৭ চন। ৰিংকুৰ আই পি এল যাত্ৰা। পোন প্ৰথমবাৰৰ বাবে ২০১৭ চনত পাঞ্জাৱ কিংছ একাদশে (বৰ্তমানৰ পাঞ্জাৱ কিংছ) ৰিংকুক ক্ৰয় কৰে আৰু তাৰ পৰৱৰ্তী বছৰটোত ৮০ লাখ টকা মূল্যত কলকাতা নাইট ৰাইডাৰ্ছে ক্ৰয় কৰে।

২০২১ বৰ্ষৰ আই পি এল চলি থকাৰ মাজতে তেওঁ আঁঠুৰ আঘাতৰ বাবে প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'বলগীয়া হয় যদিও পুনৰ ২০২২ বৰ্ষত তেওঁক কলকাতা নাইট ৰাইডাৰ্ছে ক্ৰয় কৰে। একেটা বৰ্ষতে এখন মেচত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে মাত্ৰ ২৩ বলত ৪২ ৰান কৰাৰ সুবাদত ৰিংকুই মেন অৱ দা মেচৰ সন্মান লাভ কৰিছিল।

অৱশ্যে এনেবোৰ সুখৰ মাজতো তেওঁ পান কৰিছে তিক্ততাৰ সোৱাদ। প্ৰায়েই মূল একাদশত স্থান নাপাই হতাশাৰ দিনো পাৰ কৰিছে ৰিংকু সিঙে। ভাল দিন, বেয়া দিন মনুষ্যৰ এক অভিন্ন অংগ। কথাষাৰ যেন দেওবাৰে নিশা অনুষ্ঠিত কলকাতা আৰু গুজৰাট টাইটানছৰ মাজৰ মেচখনৰ দ্বাৰা ৰিংকুৰ জীৱনত প্ৰতিপন্ন হ’ল।

এই মেচখনৰ দ্বাৰা তেওঁ পুনৰবাৰ সুযোগৰ সদব্যৱহাৰ কৰিলে। এইখন মেচত তেওঁ কলকাতাৰ হৈ ৫ নম্বৰ স্থানত বেট ধৰিবলৈ ক্ৰিজত নামিছিল। যেন নায়কৰ প্ৰৱেশ। ইতিমধ্যে দৰ্শকে গুজৰাটৰ হাতত কলকাতাৰ পৰাজয় নিশ্চিত বুলি ধৰি লৈছিল। কাৰণ গুজৰাটে জয়ৰ বাবে বান্ধি দিয়া ২০৫ ৰানৰ লক্ষ্য সন্মুখত লৈ কলকাতাই ২৮ ৰানতে ২টাকৈ উইকেট হেৰুৱায়।

৫ নম্বৰ স্থানত বেট ধৰিবলৈ অহা ৰিংকু কিছু সময় খেলি খেলৰ গতি বিধি বুজি মেচৰ শেষৰ ফালে যেন ৰ'বলৈ সময় নাই । নহ’লে দলৰ পৰাজয় নিশ্চিত। মনত এটাই চিন্তা দলক জয় কৰোৱাব লাগে আৰু এয়াই তেওঁৰ বাবে নায়ক হোৱাৰ সুযোগ।

সময়েও ৰিংকুক সংগ দিলে। ইয়াৰ পাছতেই যেন ৰিংকুৰ বেট চলিল ধুমুহাৰ গতিত। এগৰাকী আক্ৰমণাত্মক বেটাৰৰ দৰে ৰিংকুয়েও বেট চলালে। মাত্ৰ ২১ বলত ১টা বাইণ্ডেৰী আৰু ৬টা অ’ভাৰ বাউণ্ডেৰীসহ অপৰাজিত ৪৮ ৰান সংগ্ৰহ কৰি কলকাতা নাইট ৰাইডাৰ্ছক পৰাজয়ৰ গৰাহৰ পৰা ৰক্ষা কৰে।

তাৰ পাছতেই যেন সকলোৰে মুখত এটা নাম ৰিংকু সিং। নিশাটোৰ ভিতৰতে নায়ক হৈ পৰিল ৰিংকু সিং। এটি প্ৰতিভাৰ উত্থান। যিয়ে উক্ত মেচখন চাইছে সিয়েই ক'ব ৰিংকুৰ এই ইনিংছ অবিশ্বাস্য-অকল্পনীয়। শত্ৰুৱেও নত শিৰে স্বীকাৰ কৰিবলৈ বাধ্য হ'ব।

আশা কৰো অনাগত দিনত ৰিংকু সিঙ আৰু অধি ৰূপত উজলি উঠিব আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ দেশক প্ৰতিনিধিত্ব কৰিব।

দুটা কোঠালিযুক্ত ঘৰৰ পৰা আই পি এলৰ নায়ক হোৱালৈকে ৰিংকু সিঙৰ যাত্ৰা
গামোচা বিকৃতিৰ আঁৰৰ কাহিনী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in