গামোচা বিকৃতিৰ আঁৰৰ কাহিনী...

গামোচা বিকৃতিৰ আঁৰৰ কাহিনী...
গামোচা বিকৃতিৰ আঁৰৰ কাহিনী...
গামোচাক এনে বিকৃত ৰূপ দিয়া আঁৰৰ কাহিনী কি? কাৰ কি উদ্দেশ্য আছিল? কেনেকৈ এয়া হ'বলৈ পালে? মৃদুল কুমাৰ সন্দিকৈৰ বিশেষ প্ৰতিবেদন।

এতিয়াহে গামোচা আৰু বঙালী গামচা এনে বিকৃত ৰূপক লৈ চৰ্চা আৰু আলোচনা চলিছে। কিন্তু এই কাম আজিৰ পৰা প্ৰায় ডেৰ বছৰ আগতেই হৈছিল। শিলচৰত গামোচাক এনেদৰে বঙালী গামচাৰ সৈতে একাকাৰ কৰি দিয়া হৈছিল।

সেই গামচাৰেই শিলচৰত এক অনুষ্ঠানত অংশলৈ সম্বৰ্ধনা গ্ৰহণ কৰিছিল ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই। এই কথা বা অভিযোগ আমাৰ নহয়। যিটো অনুষ্ঠানৰ বাবে শেহতীয়াকৈ গামোচাৰ বিতৰ্ক পোহৰলৈ আহিল সেই অনুষ্ঠানটো হৈছে বাংলা সাহিত্য সভা, অসম।

তেওঁলোকে ২৫ আৰু ২৬ মাৰ্চ ২০২৩ ত প্ৰথমখন ৰাজ্যিক প্ৰতিনিধি সন্মিলন মালিগাওঁ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া ভৱনত অনুষ্ঠিত কৰিছিল। সেই অনুষ্ঠানত ৫০০ প্ৰতিনিধিয়ে বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা আহি অংশ লৈছিল।

বাংলা সাহিত্য সভা, অসমৰ ৰাজ্যিক কাৰ্যকৰী সভাপতি খগেন চন্দ্ৰ দাস আৰু এই অনুষ্ঠানটোৰ সাধাৰণ সম্পাদক ড০ প্ৰশান্ত চক্ৰৱৰ্তী। ৰাজ্যিক প্ৰধান সম্পাদকগৰাকীৰ সৈতে বিষয়টোৰ সন্দৰ্ভত আলোচনা কৰোঁতে তেওঁ জনালে যে, এই গামোচাৰো উদ্ভাৱক তেওঁলোক নহয়।

বৰাক উপত্যকাত এনে গামোচাৰ পূৰ্বৰে পৰা প্ৰচলন হৈ আছে আৰু মন্ত্ৰী বিমল বৰায়ো সেই গামোচাৰে এবছৰ পূৰ্বেই বৰাকত সম্বৰ্ধনা গ্ৰহণ কৰিছিল। প্ৰশ্ন হয়, তেনে এখন গামোচাৰে যদি খোদ সাংস্কৃতিক মন্ত্ৰীগৰাকীয়ে সম্বৰ্ধনা লৈছিল তেনে তেওঁৰ মনলৈ কিয় এবাৰো গামোচাখনৰ এই দুৰৱস্থাৰ কথা অহা নাছিল।

এতিয়া চৌদিশে প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাছত বাংলা সাহিত্য সভাৰ কৰ্মকৰ্তাসকলে অনাগত দিনত এনেকুৱা তেওঁলোকে নকৰে বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কিন্তু প্ৰশ্ন হয়, তেওঁলোকৰ সম্বৰ্ধনা অনুষ্ঠানত এই ধৰণৰ গামোচা কিয় ব্যৱহাৰ কৰা হ'ল।

বাংলা সাহিত্য সভা, অসমৰ নতুন প্ৰজন্মৰ কিছু প্ৰতিনিধিয়ে হেনো প্ৰথম প্ৰস্তাৱ দিছিল এইবিধ গামোচাৰে অনুষ্ঠানটোলৈ অহা অতিথিসকলক সম্বৰ্ধনা জনাব। বিষয়টো উদ্যোক্তাসকলে এই অনুষ্ঠানটোৰ উপদেষ্টা হিচাপে থকা প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱক জনাইছিল।

শিলাদিত্য দেৱে সেউজ সংকেত দিয়াত এইবিধ গামোচা ব্যৱহাৰ হ'বলৈ পালে বুলি বাংলা সাহিত্য সভা অসমে মুকলিলৈ সদৰি কৰিলে। অনুষ্ঠানটোৰ এগৰাকী মুখ্য কৰ্মকৰ্তা ড০ প্ৰশান্ত চক্ৰৱৰ্তীয়ে লগতে ক'লে, অসমীয়া সমাজৰ ফুলাম গামোচাৰ সৈতে বঙালী সমাজৰ মংগল ঘট , উৎসৱ আদিত ব্যৱহৃত গামচা যোগ দি নতুনকৈ এক সম্বৰ্ধনা বস্ত্ৰ তৈয়াৰ কৰা হৈছিল।

ইয়াৰ বাবে তেওঁলোকে সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ বাবে ক্ষমা বিচৰাৰ উপৰিও দুখ ব্যক্ত কৰিছে। তেওঁলোকে নিশ্চয়তা দিছে এই কাম অনাগত সময়ত যাতে কেতিয়াও নহয় তাৰ বাবে অধিক সচেতনতাৰে কাম কৰিব। এনে বিতৰ্ক কাম্য নহয় বুলি উল্লেখ কৰি সেই সমন্বয় অনাগত দিনত অধিক গাঢ় কৰিবলৈ সম্প্ৰীতিৰ পৰিৱেশ সৃষ্টিৰ বাবে সকলোকে আহ্বান জনায়।

গামোচাখনক ডেৰ বছৰ পূৰ্বে এনে অৱস্থা কৰা হ'ল। আমি গমেই নাপালো। খোদ সাংস্কৃতিক মন্ত্ৰীগৰাকীয়ে তেনে অংগক্ষত কৰা গামোচাৰে সম্বৰ্ধনা লৈ নীৰৱে থাকিল। এতিয়া সামাজিক মাধ্যমত মানুহৰ প্ৰতিক্ৰিয়া দেখি তেওঁ মন্তব্য কৰিছে গামোচাখন গামোচা হৈ থাকিব দিব লাগে।

গামোচা আৰু বঙালী গামচা একাকাৰ কৰাৰ কাহিনী এয়া। দুজনকৈ মন্ত্ৰীয়ে হাস্যবদনেৰে সাম্প্ৰদায়িক সমন্বয় এনেদৰে গঢ়ি উঠিব বুলি বিশ্বাস কৰি ল'লে। আন দুই এক সাহিত্যিক, বুদ্ধিজীৱিয়ে অসমীয়া স্বাভিমানৰ ওপৰত কোনোবাই পৰিকল্পিতভাৱে এনে কাম কিবা লক্ষ্য উদ্দেশ্য লৈ কৰিব পাৰে বুলি নাভাবিলে।

সাধাৰণ মানুহৰ অন্তৰত গামোচাখনৰ এই ৰূপ দেখি হাহাকাৰ সৃষ্টি হৈছে। এয়া কেনে সম্প্ৰীতি ? কাৰোবাক অসন্তুষ্টি কৰি, কাৰোবাৰ সংস্কৃতিত আঘাত হানি আনিব পাৰি জানো সম্প্ৰীতি ?

গামোচা বিকৃতিৰ আঁৰৰ কাহিনী...
কাক কৰিব বিশ্বাস ? জীৱন দায়িনী ঔষধৰো ভেজাল ! ১৮ টা কোম্পানীৰ অনুজ্ঞাপত্ৰ বাতিল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in