নতুন কিতাপ...

নতুন কিতাপ...

এতিয়া গ্ৰন্থৰ বতৰ। প্ৰকাশ পাইছে ইখনৰ পাছত সিখন নতুন গ্ৰন্থ। কি কি নতুন গ্ৰন্থ প্ৰকাশ পাইছে গ্ৰন্থমেলাৰ বতৰত। এই সন্দৰ্ভত গ্ৰন্থসমূহৰ পৰিচয়মূলক টোকাৰে অসমীয়া প্ৰতিদিন ডিজিটেলে প্ৰস্তুত কৰিছে এইলানি প্ৰতিবেদনৰ প্ৰথম খণ্ড-

দিলীপ চন্দনৰ মায়াবন বিহাৰ

উত্তৰ-পূৰ্বাঞ্চলৰে সংবাদ আৰু সাহিত্য ক্ষেত্ৰৰ জনপ্ৰিয় আৰু প্ৰতিষ্ঠিত নাম দিলীপ চন্দন। প্ৰায়েই চাৰি দশকজোৰা সাংবাদিকতাৰ অভিজ্ঞতাৰে পুষ্ট দিলীপ চন্দন ৰাজনৈতিক আৰু সামাজিক পৰিস্থিতিৰ এজন দায়ত্বশীল পৰ্যবেশক।

মাজুলীত এতিয়া গধূলি, নিৰুদ্দেশ যাত্ৰা, যুদ্ধভূমিক জোনাক, নেদেখা নদীৰ ঘাট, চিৰিয়াখানাৰ বেহেলা, অৰণ্য আদিম, বৰফ দেশত দুখ, জানোচা পাহৰি গল, অজ্ঞাত বাস আদি তেওঁৰ অনুপম সৃষ্টি।

দিলীপ চন্দনৰে শেহতীয়া উপন্যাস মায়াবন বিহাৰ। এই উপন্যাসখনৰ পটভূমি পৃথক। এজন ২৮-২৯ বছৰীয়া ডেকা মানুহৰ ধ্যান-ধাৰণা ইয়াত প্ৰতিফলিত হৈছে। উপন্যাসখনৰ মূল চৰিত্ৰ সৌৰভ। বাস্তৱৰ বহু চৰিত্ৰৰ মাজেৰে এই কাহিনী আগবাঢ়িছে। পাঠকে উপন্যাসখনৰ মাজত লেখকৰ পূৰ্বৰ উপন্যাসবোৰৰ দৰেই নতুনত্বৰ স্বাদ পাব।

গ্ৰন্থৰ বতৰত প্ৰকাশ পোৱা এইখন এইবাৰৰ এখন উল্লেখযোগ্য উপন্যাস। লেখা প্ৰকাশনৰ হৈ এই উপন্যাসখন প্ৰকাশ কৰিছে দেবেন কলিতাই। ৩২৩ পৃষ্ঠাৰ এই উপন্যাসখনৰ মূল্য ৩৩০ টকা।

গিৰিমল্লিকা শইকীয়াৰ অৰণ্য, পৰিৱেশ আৰু বন্যপ্ৰাণী

প্ৰকৃতি বিষয়ক লেখা-মেলা কৰা সকলৰ ভিতৰত গিৰিমল্লিকা শইকীয়াও অন্যতম। তেওঁৰ নতুন গ্ৰন্থ অৰণ্য, পৰিৱেশ আৰু বন্যপ্ৰাণীত মূলত ৩ টা বিষয়ক তুলি ধৰা হৈছে। সেই কেইটা হৈছে- বন্যপ্ৰাণীৰ অধিকাৰ, জলবায়ুৰ পৰিবৰ্তন আৰু খণ্ডিত অৰণ্য আৰু বন্যপ্ৰাণীৰ ওপৰত ইয়াৰ প্ৰভাৱ।

জলবায়ুৰ দ্ৰুত পৰিবৰ্তনে অসমৰ শক্তিকূলৰ ওপৰত প্ৰভাৱ পেলাইছে। প্ৰকৃতিৰ সেই পৰ্যবেক্ষণ আছে এই গ্ৰন্থখনত। গ্ৰন্থখন প্ৰকাশ কৰিছে বনলতাই। গ্ৰন্থখনৰ মূল্য ২৬০ টকা।

নয়নজ্যোতি শৰ্মাৰ জাল কটা জুই

২০২৩ বৰ্ষত মুনীন বৰকাকতি সাহিত্য বঁটা লাভ কৰিছিল নয়নজ্যোতি শৰ্মাই। এইবাৰ গ্ৰন্থৰ বতৰত পূৰ্বায়ন প্ৰকাশনে প্ৰকাশ কৰা এই গ্ৰন্থখনে পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিব বুলি প্ৰকাশক আশাবাদী। নয়নজ্যোতি শৰ্মাৰ গ্ৰন্থৰ এক নিজস্ব শৈলী আছে। তেওঁৰেই এই চুটি গল্পৰ সংকলন খনৰ মূল্য ২০০ টকা।

সংস্থিতা শৰ্মাৰ অৰ্গল

মহৰ্ষি বিদ্যা মন্দিৰৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী সংস্থিতা শৰ্মা। সংস্থিতা নতুন গল্পকাৰ হলেও তেওঁৰ গল্পত আছে প্ৰতিশ্ৰুতি। এইগৰাকী ছাত্ৰীৰেই প্ৰথমখন গ্ৰন্থ সংকলন অৰ্গল। জাগৰণ সাহিত্য প্ৰকাশনৰ হৈ গ্ৰন্থখন প্ৰকাশ কৰিছে ৰূপজ্যোতি দেৱনাথে।গ্ৰন্থখনৰ মূল্য ১২০ টকা।

ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰৰ চিপাহী গুৰবিন্দ সিঙৰ হেলিকপ্টাৰত উঠাৰ সপোন

সামৰিক বাহিনীক কৰ্মসূত্ৰে বহু অভিজ্ঞতা অৰ্জন কৰিছিল ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰে। তেওঁৰ লিখনি সমূহ অতি সাবলীল আৰু অনুপ্ৰেৰণামূলক। এটা সঁচা ঘটনাক কাহিনীৰ দৰে তুলি ধৰা এই গৰাকী লেখক সফল। তেওঁৰেই গ্ৰন্থ- চিপাহী গুৰবিন্দ সিঙৰ হেলিকপ্টাৰত উঠাৰ সপোন। গ্ৰন্থখন প্ৰকাশ কৰিছে পূৰ্বায়ন প্ৰকাশনে।

মানস প্ৰতিম দত্তৰ সংকট সম্ভাৱণাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতি

প্ৰকৃতিক ভালপোৱা আৰু প্ৰকৃতিৰ কথা চিন্তা কৰা এজন সচেতন তৰুণ লেখক মানস প্ৰতিম দত্ত। পৰিৱেশ শিক্ষাৰ কাৰ্যকৰী কৌশল, অসমৰ পৰিৱেশ সাংবাদিকতাৰ ভূমিক আৰু মহীচন্দ্ৰ মিৰিৰ পৰা আৰম্ভ কৰি কেইবাগৰাকী পৰিৱেশ কৰ্মী আৰু সংগঠনৰ আলোচনা আছে তেওঁৰ সদ্য প্ৰকাশিত গ্ৰন্থ সংকট সম্ভাৱণাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতি।

গ্ৰন্থখন প্ৰকাশ কৰিছে জাগৰণ প্ৰকাশনে। গ্ৰন্থখনৰ মূল্য ২৭৫ টকা। এই গ্ৰন্থখনত লেখকে পৰিৱেশ সংৰক্ষণ প্ৰত্যক্ষ অভিজ্ঞতাৰ কথাও বৰ্ণনা কৰিছে।

বুলন কুমাৰ শইকীয়াৰ আৰাকান ইন্টেল

এখন উপন্যাস। দক্ষিণ-পূৱ এছিয়াৰ ভূ ৰাজনৈতিক কেন্দ্ৰ কৰি প্ৰকাশ কৰা এই উপন্যাসখনৰ পটভূমি বিশাল। উপন্যাসখন লিখিবলৈ লেখকৰ প্ৰচুৰ অধ্যয়ন আৰু প্ৰস্তুতিৰ প্ৰয়োজন হৈছে। পাঠকক নিৰাশ নকৰে উপন্যাসখনে। বৰঞ্চ পাঠকে বহু নতুন কথা সেই উপন্যাসৰ জৰিয়তে জানিব পাৰিব। বুলন কুমাৰ শইকীয়াৰ আৰাকান ইন্টেলৰ মূল্য ৩৮০।

অঞ্জলি মহন্তৰ মৰনৈ পাৰৰ নয়না

লেখিকা অঞ্জলি মহন্তৰ নতুন উপন্যাস মৰনৈ পাৰৰ নয়না এইবাৰ গ্ৰন্থৰ বতৰত বজাৰত উপলব্ধ হৈছে। কমলা বৰুৱাৰ বৰ্ণিল জীৱন পৰিক্ৰমা এই উপন্যাসখনত তুলি ধৰিছে। দৃষ্টিশক্তিহীন এগৰাকী নাৰী কমলা বৰুৱা।

শোনিতপুৰ জিলাৰ অন্তৰ্গত কলাবাৰী অঞ্চলৰ কমলা বৰুৱাক পিতৃ দীননাথ ভূঞাই নাম লগাই দিছিল নগাঁৱত থকা প্ৰথমখন অসমৰ অন্ধ বিদ্যালয়ত। দৃষ্টহীন হৈও স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল তেওঁ। অসমৰ প্ৰথমগৰাকী দৃষ্টিহীন মহিলা স্নাতক আছিল বৰুৱা। তেওঁৰ জীৱন কাহিনীৰে এই মননশীল উপন্যাস। গ্ৰন্থখন প্ৰকাশ কৰিছে পূৰ্বায়ন প্ৰকাশনে। উপন্যাসখনৰ মূল্য ২৫০ টকা।

নতুন কিতাপ...
ধোঁৱাচাঙত উঠিল নেকি সাংবাদিকৰ কল্যান আঁচনিবোৰ ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in