মেট্ৰিকৰ সকলো প্ৰশ্নকাকতে হৈছিল ফাদিল!

পুনৰ ফাদিল হ'ল মেট্ৰিকৰ অসমীয়া বিভাগৰ প্ৰশ্ন কাকত। যাৰ বাবে বাতিল কৰা হ'ল পৰীক্ষা। মুখ্যমন্ত্ৰীয়ে জনালে এই কথা।

author-image
Asomiya Pratidin
New Update
মেট্ৰিকৰ সকলো প্ৰশ্নকাকতে হৈছিল ফাদিল!

পুনৰ ফাদিল হ'ল মেট্ৰিকৰ অসমীয়া বিভাগৰ প্ৰশ্ন কাকত। যাৰ বাবে বাতিল কৰা হ'ল পৰীক্ষা। মুখ্যমন্ত্ৰীয়ে জনালে এই কথা। হয়তো প্ৰতিটো বিষয়ৰে প্ৰশ্ন কাকত ফাদিল হৈছিল। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন-

Advertisment

এতিয়া শিক্ষামন্ত্ৰীয়ে ক'বনে প্ৰশ্নকাকত ফাদিল হোৱা নাছিল? শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ হাঁহি উঠিছিল। ইংৰাজী বিষয়ত প্ৰশ্ন কাকত ফাদিল হোৱা বুলি প্ৰশ্ন কৰোতে তাক কমেডী আখ্যা দিছিল। মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ নিৰ্দেশ দিছে বাতিল হ'ব মেট্ৰিকৰ অসমীয়া পৰীক্ষা।

অসমীয়া প্ৰতিদিন ডিজিটেলক ছেবাৰ অধ্যক্ষ ৰমেশ জৈনে জানিবলৈ দিয়া মতে মুখ্যমন্ত্ৰী নিৰ্দেশৰ পাছত এই সিদ্ধান্ত লৈছে ছেবাই। অৱশ্য শুকুৰবাৰে অসমীয়া বিষয়ত পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব সেয়া সদৰি কৰিব ছেবাই।

বৃহস্পতিবাৰে আৰীয়ে গ্ৰেপ্তাৰ কৰিছিল এজন প্ৰধান শিক্ষকক। লোহিত খাবলু উচ্চতৰ মাধ্যমিক বিদ্যালয়ক প্ৰধান শিক্ষক গৰাকীক গ্ৰেপ্তাৰৰ পাছতে পোহৰলৈ আহে অসমীয়া প্ৰশ্ন কাকত ফাদিল হৈছে। তাৰ পাছতে আৰক্ষীৰ তথ্যৰ ওপৰত ভিত্তি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখ্য যে অসমীয়া প্ৰতিদিন ডিজিটেলৰ হাততো এক বিস্ফোৰক টেলিফোনিক বাৰ্তালাপৰ অডিঅ' আহি পৰিছে। । য'ত ইংৰাজী বিষয়ক প্ৰশ্ন কাকতৰ বাবে এজন দালালে দৰ দাম কৰি থকা বাৰ্তালাপ ৰেকৰ্ডিং হৈছিল।

গণিত বিষয়ক প্ৰশ্ন কাকতো ফাদিল হোৱা বুলি ধেমাজিৰ এজন ছাত্ৰই ৰাজহুৱা কৰিছিল। তাৰ পাছত ছাত্ৰ জনক নকল কৰাৰ অপৰাধত বহিষ্কাৰ কৰা হৈছিল। যিজন ছাত্ৰই দাবী কৰিছিল তেওঁ ৪১ নম্বৰৰ প্ৰশ্ন আগতীয়াকৈ পাইছিল।

গণিত, বিজ্ঞান, অসমীয়া,ইংৰাজী আদি প্ৰায় সকলো কেইটা বিষয়ৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পাছত এই কথা নিশ্চিত কৰা গৈছে যে মেট্ৰিক পৰীক্ষাৰ আটাইবোৰ প্ৰশ্ন কাকত ফাদিল হৈছে। আৰক্ষীৰ তদন্তত, মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতিত এই লোক সকলক জেৰা কৰিলে সকলো ৰহস্য ভেদ হ'ব।

এটা পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব নোৱাৰা ছেবাই এতিয়া কেৱল অপৰাধী শিক্ষক,ছাত্ৰক দোষ দিলে নহ'ব। ইয়াৰ বাবে কিয় এক উচিত ব্যৱস্থা হাতত নল'লে ছেবাই সেয়াহে এক ডাঙৰ প্ৰশ্ন।

মেট্ৰিক পৰীক্ষা দি থকা ছাত্ৰ-ছাত্ৰী সকলকলৈ খেলিছে এতিয়া সকলোৱে। সেই নৈতিক দায়িত্বৰ পৰা এৰাই চলিব নোৱাৰিব শিক্ষামন্ত্ৰী ৰনোজ পেগুয়ে।

Also Read: মেট্ৰিকৰ অসমীয়াৰ প্ৰশ্নকাকত ফাদিলৰ পাছতে বাতিল পৰীক্ষা, মুখ্যমন্ত্ৰীয়ে কৰিলে ঘোষণা...

himanta biswa sarma hslc seba