প্ৰচুৰ সম্ভাৱণাময় ৰেচম শিল্পৰ নামত চলি আছে ল'ৰা ধেমালি

প্ৰচুৰ সম্ভাৱণাময় ৰেচম শিল্পৰ নামত চলি আছে ল'ৰা ধেমালি

ভাৰতবৰ্ষৰ ভিতৰতে ৰেচম উৎপাদনত অসমৰ স্থান তৃতীয়। অতি প্ৰাচীন কালৰ পৰাই আমাৰ সমাজত মুগা পালনে বিশেষ স্থান দখল কৰি আহিছে। এই মুগা শিল্পৰ জৰিয়তে বিশ্বৰ পৰ্যায়ত অসমে সুনাম অৰ্জন কৰিছে যদিও এই খেতি বিকাশৰ বাবে যাৱতীয় কৰনীয়খিনি আজিও সম্ভৱ হৈ উঠা নাই। অসমীয়া প্ৰতিদিন ডিজিটেলৰ ধাৰাবাহিক প্ৰতিবেদনৰ তৃতীয় লানি প্ৰতিবেদনত অসমৰ ৰেচম শিল্পৰ সন্দৰ্ভত সৱিশেষ-

মুগা এক বহুচক্ৰী পতংগ। বছৰি ৫-৬ বাৰলৈ বংশ বৃদ্ধি কৰে মুগাই। অসমৰ সমাজ জীৱনত মুগা উৎপাদন এক এৰাব নোৱাৰা অংগ বহু খেতিয়কৰ বাবে। জাৰুৱা, চতুৱা, জেঠুৱা, ভদীয়া, কতিয়া আদি নামেৰে মুগা পালন কৰা হয়।

মুগা পালকসকলে মুগা উৎপাদনৰ সময়ত বিশেষভাৱে সমস্যাৰ সন্মুখীন হয় মুগাৰ সঁচক লৈ। ইয়াৰোপৰি বতৰৰ ওপৰত নিৰ্ভৰশীল হ'ব লগা হয় মুগা পালকসকল। উন্নতমানৰ মুগা চোমনি প্ৰয়োজন হয় এই খেতিৰ বাবে।

মুগাকে ধৰি এৰি,নুনী বা পাট মুগা উৎপাদনৰ বাবে খেতিয়কসকলৰ সহায়-সহযোগ কৰিবলৈ আছে ৰাজ্যৰ ৰেচম সঞ্চালকালয়। ইয়াৰ জৰিয়তে খেতিয়কসকলৰ বিভিন্ন আঁচনিৰে সামৰি ৰেচম উৎপাদনৰ বাবে উৎসাহিত কৰিব লাগে যদিও এই বিভাগৰ দ্বাৰা কি কি সা-সুবিধা প্ৰদান কৰি আছে সেই সন্দৰ্ভত গৰিষ্ঠ সংখ্যক খেতিয়কে নাপাই উপযুক্ত তথ্য।

যাৰফলত মুগা উৎপাদন যি হাৰত বৃদ্ধি হ'ব লাগিছিল বা এই উদ্যোগ যি ধৰণে বিকাশ হ'ব লাগিছিল সেয়া সম্ভৱ হৈ উঠা নাই। ৰেচম বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ অৱহেলা পূৰ্ণ মনোভাৱ, আঁচনি সমূহৰ সফল ৰূপায়নৰ নামত সংঘটিত হোৱা অনিয়মে প্ৰচুৰ সম্ভাৱণা থকা এই উদ্যোগটিক মৃত্যুৰ মুখলৈ ঠেলি দিছে।

অথচ ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰে ৰেচম উদ্যোগৰ বিকাশৰ বাবে প্ৰতি বছৰে কোটি কোটি টকা ধন ব্যয় কৰে। মন কৰিবলগা যে ৰাজ্য চৰকাৰৰ এই ৰেচম সঞ্চালকালয় স্থাপন হৈছিল ১৯৫৮ চনত।

ইয়াৰোপৰি হস্ততাঁত, বস্ত্ৰ বিভাগেও উৎপাদিত ৰেচম শিল্প উত্তৰণৰ আন এক আধাৰ হিচাপে ৰাজ্যৰ ৰেচম উদ্যোগটোক বহু অগ্ৰগতি দিয়াৰ অৱকাশ আছিল। গুৱাহাটী খানাপাৰ ৰেচম নগৰত অৱস্থিত মুখ্য কাৰ্যালয়ত মুগা উৎপাদনৰ সন্দৰ্ভত তথ্য বিচাৰি কোনো খেতিয়ক আহিলে উপযুক্ত তথ্য প্ৰদানৰ বাব নাই কোনো সু-ব্যৱস্থা।

অথচ ৰাজ্যৰ ৰেচম সঞ্চালকালয়ৰ অধীনত আছে এজন সঞ্চালক আৰু ৪ জন অতিৰিক্ত সঞ্চালক। তেওঁলোকৰ কাৰ্যালয় ক্ৰমে- কোকৰাঝাৰ আৰু ডিফু-ডিমা-হাচাও, গুৱাহাটী মুখ্য কাৰ্যালয়ত আছে দুজন যুটীয়া সঞ্চালক আৰু ৬ জন উপ-সঞ্চালক।

প্ৰতিখন জিলা মহকুমাত আছে জিলা আৰু ৰেচম বিষয়া। মহকুমাই প্ৰতি ২৮ জন ৰেচম বিভাগৰ অধীক্ষক আৰু ৬০ জনকৈ সম্প্ৰসাৰণকাৰী বিষয়া আছে এই বিভাগত। ৬৮ জন মেনেজাৰ, ১৭২ জন সহকাৰী মেনেজাৰ, ৪৬১ জন চেৰিকালছাৰ ডেমনেষ্টৰ থকাৰ পাছতো এই বিয়াগোম বিভাগটোৰ কাম-কাজ চকুত নপৰে।

অসমৰ বিভিন্নস্থানত ২০৩ খন চোমনি আছে বিভাগৰ অধীনত। কিন্তু সেই চোমনি সমূহৰ সৰহভাগতেই চোৱা-চিতাৰ অভাৱৰ বাবে মৃতপ্ৰায় হৈ পৰিছে। ৬ টাকৈ মুগাৰ সঁচ উন্নয়ন প্ৰজেক্ট, ২ টাকৈ টেকনিকেল ইমফৰমেশ্যন চেন্টাৰ, এটা ৰিচাৰ্জ ইনষ্টিটিউট আছে ৰেচম বিভাগৰ। কিন্তু সেইবোৰে ৰেচম বিভাগৰ কি উন্নতি সাধিছে সেয়াহে লক্ষণীয়।

ৰেচম বিভাগৰ অধীনত থকা মুঠ মাটিৰ পৰিমাণ ২৪৯৫.৪৪ হেক্টৰ। ইয়াৰে ১৪২৪.২১হেক্টৰ মাটিতহে আছে চোম গছ বা আন ৰেচম উৎপাদনৰ বাবে ৰোপন কৰা গছ। বেছিভাগ মাটিয়েই পৰি আছে খালী হৈ। তাৰে কিছু অংশ বেদলকাৰীৰ হাতলৈ গৈছে।

মুগা, এৰী বা পাট মুগাৰ এখন বিশ্বজনীন বজাৰ আছে। বিশেষকৈ মুগা কাপোৰৰ আদৰ যথেষ্ঠ বেছি। কিন্তু এই বিভাগটোৰ জৰিয়তে বিভিন্ন সময়ত গ্ৰহণ কৰা আঁচনিবোৰে সেই লক্ষ্যত উপনীত হ'ব পৰা নাই।

চেন্ট্ৰেল চিল্ক বোৰ্ডৰ অধীনতো বহু আঁচনি ৰূপায়ন হয়। ইফালে তিতাবৰত চেৰিকালছাৰ ট্ৰেইনিং চেন্টাৰৰ জৰিয়তে এবছৰীয়া পাঠ্যক্ৰমৰ ব্যৱস্থা আছে মুগা পালকসকলৰ বাবে।

পৰম্পৰাগতভাৱে এৰীপালক সকলে নিজাকৈ বাৰীত হোৱা এৰী গছৰ ওপৰতে নিৰ্ভৰশীল হয়। তেওঁলোকৰ বাবে উন্নত এৰী গছৰ বীজ ৰোপনৰ বাবে নাই কোনো ব্যৱস্থা।

কাগজে পত্ৰই এই বিভাগটোৱে যথেষ্ঠ বিজ্ঞাপন প্ৰচাৰ কৰি ঢাক-ঢোল বজাই যদিও সেইবোৰ এতিয়া ফেটুকাৰ ফেন সদৃশ হৈছে। মুগা পালকৰ বাবে মান বিশিষ্ট নিৰ্ধাৰিত কাৰ্য প্ৰণালীৰ সঁচুৱা মুগা বা কণী উৎপাদনৰ পদ্ধতি থাকিব লাগে। একেদৰে নিৰোগী মুগা কণী উৎপাদনৰ ব্যৱস্থাও কৰিব লাগে ৰেচম বিভাগে।

কেনেদৰে সেইবোৰ প্ৰতিপালন কৰিব লাগে সেই সন্দৰ্ভতো ক্ষেত্ৰভিত্তিত অধ্যয়ন, গৱেষণাৰ প্ৰয়োজন আছে। কেৱল মুগা বা ৰেচম সূতাই নহয়, ইয়াৰ আন কেতবোৰ ব্যৱহাৰিক দিশো মনকৰিবলগীয়া।

মুগা সূতাৰ উপৰিও মুগা লেটাৰো এখন ভাল বজাৰ আছে ৰাজ্যখনত। উচ্চ প্ৰটিনযুক্ত এই লেটা সমূহৰ মূল্যও বহু বেছি। তাৰোপৰি মুগাৰ লেটা সমূহৰ বৰ্জনীয় অংশ উৎকৃষ্ট মানৰ সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। তেনেস্থলত এই সম্ভৱণাময় উদ্যোগটিক সঠিক দিশত প্ৰসাৰিত আৰু উন্নয়নৰ বাবে ৰাজ্যখনত কোনো পদক্ষেপ লোৱা দেখা নাযায়।

কেৱল প্ৰচাৰ আৰু কিছু মিছনৰ জৰিয়তে এই বিভাগটোৱে দায়িত্ব সামৰিছে। মুগা পালনৰ ক্ষেত্ৰত কৃষকসকলক বিজ্ঞান আৰু প্ৰযুক্তিমুখী কৰি তোলাৰ ক্ষেত্ৰত নাই কোনো সঠিক আঁচনি।

ৰেচম বিভাগৰ এই আঁচনিসমূহৰ নামত কি চলি আছে তাৰ পৰ্যালোচনা হোৱাও চকুত নপৰে। সেই সুযোগ গ্ৰহণ কৰি এই বিভাগৰ অধীনত চলি থকা নিয়মমাফিক কাম-কাজেই এতিয়া এই বিভাগটোকে এক বগা হাতীলৈ পৰিণত কৰিছে।

প্ৰচুৰ সম্ভাৱণাময় ৰেচম শিল্পৰ নামত চলি আছে ল'ৰা ধেমালি
নামত আছে নাৰিকল উন্নয়ন ব'ৰ্ডঃ কৃষকেই নাজানে কাৰ্যালয় ক'ত !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in