নামত আছে নাৰিকল উন্নয়ন ব'ৰ্ডঃ কৃষকেই নাজানে কাৰ্যালয় ক'ত !

নামত আছে নাৰিকল উন্নয়ন ব'ৰ্ডঃ কৃষকেই নাজানে কাৰ্যালয় ক'ত !
নামত আছে নাৰিকল উন্নয়ন ব'ৰ্ডঃ কৃষকেই নাজানে কাৰ্যালয় ক'ত !

কৃষিখণ্ডৰ বিকাশৰ বাবে আহে হাজাৰ হাজাৰ কোটি টকা কেন্দ্ৰৰ পৰা। সেই ধনৰ সিংহভাগেই হয় হৰণ-ভগন। নাৰিকল খেতিয়কক উৎসাহিত কৰিবলৈ আছে নাৰিকল উন্নয়ন ব'ৰ্ড। ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰণালয়ৰ অন্তৰ্গত নাৰিকল উন্নয়ন ব'ৰ্ডৰ আঁচনিসমূহ অসমত নামতহে আছে। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এইলানি ধাৰাবাহিক প্ৰতিবেদনৰ দ্বিতীয়খন প্ৰতিবেদন।

দেশত নাৰিকলৰ বিভিন্ন প্ৰকল্পসমূহ ৰূপায়ণৰ বাবে দায়িত্বত আছে নাৰিকল উন্নয়ন ব'ৰ্ড। এই ব'ৰ্ডৰে এটা কাৰ্যালয় আছে বেলতলা ৰোডত থকা হাউচফেড কম্পপ্লেক্সত। এই কাৰ্যালয়ৰ জৰিয়তেই ৰাজ্যৰ নাৰিকলৰ খেতিয়কসকলক বিভিন্ন আঁচনিৰে সামৰি ল'ব লাগে। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ ধন ব্যয় কৰে।

কিন্তু ৰাজ্যখনত নাৰিকল খেতিয়কে পাবলগা কোনো সা-সুবিধা লাভ নকৰে। ৰাজ্যৰ বাহিৰৰ পৰা অহা নাৰিকলে ভৰি পৰে অসমৰ বজাৰ। জলবায়ু আৰু আন দৃষ্টিকোণেৰে প্ৰচুৰ সম্ভৱনা আছে এই খেতিৰ। কিন্তু ইয়াৰ বাবে ল'বলগীয়া উদ্যোগ গ্ৰহণ নকৰাৰ বাবেই নাৰিকল খেতিয়কসকলে লাভৰ বিপৰীতে লোকচানৰহে সন্মুখীন হ'বলগীয়া হয়।

উল্লেখযোগ্য যে, নাৰিকল খেতিয়কৰ বাবে নাৰিকল গছ বীমা আঁচনিও আছে। এই আঁচনি অনুসৰি নাৰিকলৰ গছ আকস্মিকভাৱে মৰি গ'লে কৃষকসকলে সাহায্য লাভ কৰে। এই সাহায্যৰ বাবে বীমাৰ প্ৰিমিয়ামৰ ভাগবতৰা অংশ নাৰিকল উন্নয়ন ব'ৰ্ডৰ ৫০ শতাংশ, ৰাজ্য আৰু কৃষকৰ ক্ৰমে ২৫ শতাংশকৈ।

৪ ৰ পৰা ৫ বছৰ বয়সৰ নাৰিকল গছৰ বীমাৰ প্ৰিমিয়াম প্ৰতিজোপাৰে ৯ টকাকৈ। ইয়াৰে ৪.৫ টকা নাৰিকল ব'ৰ্ডে, ২.৫ টকাকৈ ৰাজ্য চৰকাৰ আৰু কৃষকে বহন কৰিব লাগে। এনে আঁচনিৰ অধীনত এজোপা নাৰিকল গছৰ মৃত্যু হ'লে প্ৰতিজোপাই কৃষকগৰাকীয়ে ৯০০ টকাকৈ লাভ কৰে।

আনহাতে ১৬ ৰ পৰা ৬০ বছৰ বয়লৰ পৈণত নাৰিকল গছৰ মৃত্যুত কৃষকে প্ৰতিজোপাই ১৭৫০ টকাকৈ লাভ কৰিব লাগে। কিন্তু এনে নাৰিকল সুৰক্ষা বীমা আঁচনি সন্দৰ্ভত নাই কোনো ব্যাপক প্ৰচাৰ। ১৯৮১ চনৰ ১২ জানুৱাৰীত গঠন হৈছিল নাৰিকল উন্নয়ন ব'ৰ্ড।

এই ব'ৰ্ডৰ মূল লক্ষ্য আছিল নাৰিকলৰ উন্নত মানৰ ৰোপণ সামগ্ৰী বিতৰণ, নাৰিকলৰ ক্ষেত্ৰ সম্প্ৰসাৰণ, উৎপাদনশীলতাৰ বৃদ্ধিৰ বাবে সংহত পাম স্থাপন, উপযুক্ত প্ৰশিক্ষণ, প্ৰযুক্তি কেন্দ্ৰ স্থাপন, উপযুক্ত বিপণন, কৃষকৰ প্ৰশিক্ষণ আদি। কিন্তু এইবোৰ দিশত ৰাজ্যত থকা নাৰিকল ব'ৰ্ডৰ বিষয়াসকলৰ দায়িত্বহীনতা মন কৰিবলগীয়া।

ৰাজ্য চৰকাৰে নাৰ্চাৰী স্থাপনৰ কাৰ্যসূচী ডি এছ পি ফাৰ্ম স্থাপন আদিৰ বাবে আৰ্থিক সাহায্যও প্ৰদান কৰে। এই আঁচনিৰ অধীনত প্ৰতিটো পুলিৰ বাবত ৰাজ্য চৰকাৰসমূহলৈ ১৬ টকা ব্যয়ৰ ৫০ শতাংশ হাৰত বিত্তিয় সাহায্য প্ৰদান কৰা হয়। এইবোৰ কথা নাৰিকল খেতিয়কসকলে নাজানেই।

আনহাতে গুণগত মানৰ নাৰিকলৰ পুলিৰ বহু চাহিদা থকাৰ পাছতো সেই চাহিদা জোৰা মাৰিবলৈ নাৰিকল ব'ৰ্ডৰ কোনো উদ্যোগ নাই। অথচ নাৰিকল ব'ৰ্ডৰ আঁচনি অনুসৰি নাৰিকলৰ পুলিৰ বীজ উৎপাদনৰ বাবে কোটি কোটি ধন ব্যয় কৰা হয়।

সেই চাহিদা কৃষকৰ বাবে পুৰণ কৰিছে ব্যক্তিগত খণ্ডৰ একাংশ নিউক্লিয়াছ বীজ বাগিচাই। আনহাতে নিৰ্ধাৰিত ৩ বছৰৰ ভিতৰত শস্য বীজ স্থাপনৰ বাবে ৪ হেক্টৰ মাটিত সৰ্বাধিক ৬ লাখ টকালৈ সাহায্য প্ৰদানৰ ব্যৱস্থা আছে।

একেদৰে নাৰিকলৰ পুলিৰ উৎপাদন কৰিবলৈ একো একোটা গোটক ৫০ হাজাৰ টকাকৈ সাহায্য দিয়াৰ আঁচনিও আছে নাৰিকল ব'ৰ্ডৰ। প্ৰতিটো গোটে ২৫০০ পুলি উৎপাদনৰ বাবে সীমিত সৰ্বাধিক ২ লাখ টকা লাভ কৰাৰ সুবিধা ঘোষণা কৰা আছে।

নাৰিকলৰ উৎপাদনশীলতা আৰু উন্নীতকৰণৰ বাবে সংহত কৃষিকাৰ্য কৰিবলৈ চৰকাৰী সাহায্য প্ৰদান কৰা হয়। এই আঁচনিৰ অধীনত এফ পি অ' আৰু ৰাজ্য চৰকাৰৰ জৰিয়তে ৰোগত আক্ৰান্ত বাগিচাসমূহত সংহত ব্যৱস্থাপনা অনুশীলনৰ বাবে দুটা কিষ্টিত প্ৰতি হেক্টৰত ৩৫ হাজাৰ টকাকৈ সাহায্য আগবঢ়োৱা হয়।

এৰেদৰে অধিক ৰোগ্ন আৰু অনুউৎপাদিত নাৰিকল জাতিয় গছ আঁতৰাই উৎপাদনশীল নাৰিকল গছ লগাবলৈ আছে পুনঃ ৰোপণ আৰু পুনঃ সজীৱকৰণ কাৰ্যসূচী। যাক চমুকৈ কোৱা হয় RNR। এই আঁচনিৰ অধীনত ৰোগ্ন নাৰিকল জাতীয় গছৰ প্ৰতিকাৰৰ বাবে ৩২ হাজাৰ টকাকৈ প্ৰতি হেক্টৰত ৰেহাই আৰু চাপৰ হাইব্ৰিড বীজ ৰোপণৰ বাবে ৪ হাজাৰ টকাকৈ প্ৰতি হেক্টৰত ৰেহাইৰ ব্যৱস্থা আছে।

নাৰিকলৰ খেতিয়কসকলৰ বাবে চি ডি বি প্ৰযুক্তি প্ৰতিষ্ঠানৰ অধীনত প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰিব লাগে। সেই প্ৰশিক্ষণৰ কাৰ্যসূচী কাগজে, পত্ৰয়েহে হয়। অথচ এনে প্ৰশিক্ষণৰ বাবে নাৰিকল ব'ৰ্ডে বহু ধন ব্যয় কৰা দেখায়।

এই প্ৰশিক্ষণৰ কাৰ্যসূচীৰ বাবে কৃষকে নিম্ন হাৰত মাচুলো ভৰিব লাগে। এই ক্ষেত্ৰত আগ্ৰহী কৃষকে মাচুল ভৰি প্ৰশিক্ষণ ল'বলৈ সাজু থকা স্বত্বেও সেই প্ৰশিক্ষণ সুলভ নহয় অসমত। নাৰিকল উন্নয়ন ব'ৰ্ড আইনৰ আদেশ অনুসৰি দেশৰ নাৰিকল খণ্ড আৰু এই উদ্যোগৰ বিকাশৰ বাবে বিপণন উত্তৰণৰ কাৰ্যকলাপ গ্ৰহণ কৰাতো বাঞ্চনীয়।

সেই অনুসৰি বজাৰ প্ৰমোচন, বজাৰ বুদ্ধিদীপ্ততা, ৰপ্তানি প্ৰমোচন কৰিব লাগে। কিন্তু সেয়া নাৰিকল উন্নয়ন ব'ৰ্ডে কৰা দেখা নাযায়। সংবৰ্ধন আৰু উৎপাদিত দ্ৰব্যৰ বহুমুখীকৰণৰ বাবে ল'বলগীয়া উদ্যোগো গ্ৰহণ নকৰাত এতিয়া ৰাজ্যত নাৰিকল খেতিৰ সম্ভাৱনা স্থবিৰ হৈ পৰিছে।

অথচ ইয়াৰ নামত ব্যয় হৈ আহিছে প্ৰতি বছৰে শ শ কোটি টকা। উপযুক্ত তদন্ত কৰিলে নাৰিকল ব'ৰ্ডৰ ভিতৰচৰাত সংঘটিত ব্যাপক কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিব। কৃষকে উপযুক্ত সুবিধা আৰু সাহায্য লাভ কৰিলে অসমৰ নাৰিকল খেতিয়কসকলেও আন ৰাজ্যৰ দৰে এই খেতিৰ জৰিয়তে ৰাজ্যৰ কৃষি খণ্ডলৈ বহু অৱদান আগবঢ়োৱাৰ সম্ভাৱনা আছে।

নামত আছে নাৰিকল উন্নয়ন ব'ৰ্ডঃ কৃষকেই নাজানে কাৰ্যালয় ক'ত !
কীৰ্তনপাৰা বজাৰৰ ৩০ খনকৈ দোকান ভস্মীভূত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in