ডি এফ অ'ৰ চৰকাৰী পত্ৰতেই ওলাল ভৱেশ কলিতাৰ প্ৰকৃত স্বৰূপ

ছিণ্ডিকেটৰ সৈতে কোনো সম্পৰ্ক নাই বুলি কোৱা ভৱেশ কলিতাই ছুপাৰি ছিণ্ডিকেটৰ সৈতে নাম উচ্চাৰিত হোৱা জিতুমণি দাস

author-image
Asomiya Pratidin
New Update
ডি এফ অ'ৰ চৰকাৰী পত্ৰতেই ওলাল ভৱেশ কলিতাৰ প্ৰকৃত স্বৰূপ

বালিৰ ছিণ্ডিকেটৰ সৈতেও জড়িত নেকি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ? এখন চৰকাৰী পত্ৰই চোন কয় বহু কথা। অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক্সক্লুছিভ প্ৰতিবেদন

Advertisment

প্ৰমাণ বিচাৰিছিল ভৱেশ কলিতাই। ছিণ্ডিকেটৰ সৈতে কোনো সম্পৰ্ক নাই বুলি কোৱা ভৱেশ কলিতাই ছুপাৰি ছিণ্ডিকেটৰ সৈতে নাম উচ্চাৰিত হোৱা জিতুমণি দাস তেওঁৰ ব্যক্তিগত সহায়ক নহয় বুলি স্পষ্ট কৰিছিল।

ঘনিষ্ঠ বুলি সকলোৱে জনা জিতুমণি দাসক বাৰু কলিতাই অস্বীকাৰ কৰিলে, কিন্তু এইবাৰ এখন চৰকাৰী পত্ৰত উন্মোচিত হোৱা বাস্তৱক কেনেদৰে নুই কৰিব ? বিটিচিৰ অন্তৰ্গত বাক্সা জিলা সংমণ্ডলৰ ডি এফ অ' কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা হৈছিল এখন চিঠি। এই চিঠিখনৰ নম্বৰ আছিল B/BKD/FP/1260/63 ।

২০/০৭/২০২৩ লিখা হৈছিল এই পত্ৰ। যিখনৰ বিষয়বস্তু আছিল- ইছ্যু অৱ ফৰেষ্ট পাৰমিট। এই পত্ৰ ডি এফ অ'ৰ মছলপুৰ কাৰ্যালয়ৰ পৰা দিয়া হৈছিল মছলপুৰ বিট অফিচাৰলৈ। য'ত উল্লেখ কৰা হৈছে ৫০০০ কিউবিক মিটাৰ চেণ্ড-গেভেল আহৰণ কৰিবলৈ বন বিভাগে দিয়া অনুমতিৰ কথা। ট্ৰেনজিত চালান বহী নম্বৰ ১০৪, ১০৫, ১০৬, ১০৭, ১০৮, ১০৯, ১১০ পেজ নম্বৰ ৫১৫১ৰ পৰা ৫৪৮৪ জৰিয়তে এই খননৰ বাবে অনুমতি প্ৰদান কৰিছিল।

ৰং-ইনফাষ্টাক্সাৰ নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোক বালি মহল ক্ৰমে বৰনদী এছ এছ মহল নম্বৰ ওৱান এৰ পৰা ১৫০০ কিউবিক মিটাৰ, বৰনদী এছ এছ নম্বৰ ৩ৰ পৰা আন ১৫০০ কিউবিক মিটাৰ, বৰনদী এছ এছ মহল ৬ৰ পৰা ১৫০০ কিউবিক মিটাৰ আৰু বৰনদী এছ এছ মহল ৭ৰ পৰা ৫০০ কিউবিক মিটাৰ বালি আহৰণ কৰিবলৈ অনুমতি দিয়া হৈছিল।

বাইহাটা চাৰিআলিৰ পৰা গোৰেশ্বৰৰ দুই লেন পথৰ পুনৰ মেৰামতিৰ বাবে এই বালি আৱণ্টন দিয়া বুলি কোৱা হৈছে। ৩১/১২/২০২৩ৰ লৈকে এই বালি আহৰণৰ সময় নিৰ্ধাৰণ কৰিছে। সেইখিনি লৈকে সকলো ঠিকেই আছিল। কিন্তু বন বিষয়াজনে এই নিৰ্দেশনাৰ ৰেফাৰেঞ্চত উল্লেখ কৰা কথাখিনি অতি গুৰুত্বপূৰ্ণ। বিষয়াজনে এই নিৰ্দেশনা প্ৰদান কৰি ৰেফাৰেঞ্চত লিখিছিল যে- বিজেপি সভাপতি ভৱেশ কলিতাই দিয়া এখন পত্ৰৰ আধাৰতে এই অনুমতি দিয়া হৈছে।

ভৱেশ কলিতা বন বিভাগৰ মন্ত্ৰী নহয়। নহয় বাক্সাৰ কোনো সমষ্টিৰ বিধায়ক। তেওঁ বিজেপিৰ অসম ৰাজ্যিক সভাপতি। তেনে স্থলত এই বৃহৎ পৰিমাণৰ বালি আৱণ্টনৰ ঠিকা এটা ঘনিষ্ঠ বা পৰিচিত প্ৰতিষ্ঠানক দিয়াৰ অংক কি ? শুনা যায় ৰাজ্যত চলি আছে অতি কৌশলেৰে শিল-বালিৰ ছিণ্ডিকেট। এই ছিণ্ডিকেটৰ সৈতেও কিবা প্ৰকাৰে জড়িত নেকি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকী। ভৱেশ কলিতাই বন বিভাগলৈ এই চিঠিখন লিখিছিল ১৮/০৬/২০২৩ ত। এতিয়া ইয়াকো মিছা বুলি ক'ব নেকি কলিতাই ?

Also Read: ক্ষমা খুজি ৰক্ষা নাপালেঃ ভূপেন বৰাৰ বিৰুদ্ধে ২৮০খনৰো অধিক এজাহাৰ দাখিল

himanta biswa sarma forest department of assam bharatiya janata party bhabesh kalita