ৰাজ্যত অভিযান্ত্ৰিক মহাবিদ্যালয়, পলিটেকনিকৰ সহকাৰী অধ্যাপক, প্ৰৱক্তা নিযুক্তি পৰীক্ষাত ব্যাপক অনিয়ম

ৰাজ্যত অভিযান্ত্ৰিক মহাবিদ্যালয়, পলিটেকনিকৰ সহকাৰী অধ্যাপক, প্ৰৱক্তা নিযুক্তি পৰীক্ষাত ব্যাপক অনিয়ম

ৰাজ্যত অনুষ্ঠিত হৈছে আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক আৰু আভিযান্ত্ৰিক প্ৰতিষ্ঠানত প্ৰৱক্তা তথা জ্যেষ্ঠ নিৰ্দেশকৰ নিযুক্তিৰ পৰীক্ষা। কিন্তু এই পৰীক্ষাত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত 'অসমীয়া প্ৰতিদিন ডিজিটেল'ৰ এক বিশেষ প্ৰতিবেদন।

ৰাজ্যত চৰকাৰী নীতি নিয়ম ভৰিৰে মোহাৰি চৰম অনিয়মেৰে অনুষ্ঠিত হৈছে আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক আৰু আভিযান্ত্ৰিক প্ৰতিষ্ঠানত প্ৰৱক্তা তথা জ্যেষ্ঠ নিৰ্দেশকৰ নিযুক্তিৰ পৰীক্ষা। আছাম ইঞ্জিনিয়াৰিং চাৰ্ভিছ ৰিকুউটমেন্ট বোৰ্ডে ২৩ এপ্ৰিল ২০২৩ ত জাৰি কৰা নিৰ্দেশনাত কিদৰে এই পৰীক্ষা অনুষ্ঠিত হ'ব সেই বিষয়ে সৱিশেষ নিৰ্দেশনা প্ৰকাশ কৰিছিল।

সেই অনুসৰি বিজ্ঞাপন নম্বৰ এ ই এছ আৰ বি-০১/২০২৩,এ ই এছ আৰ বি-০২/২০২৩,এ ই এছ আৰ বি-০৩/২০২৩, এ ই এছ আৰ বি-০৪/২০২৩, এ ই এছ আৰ বি-০৫/২০২৩ নিযুক্তিৰ বাবে জাৰি কৰা নিৰ্দেশনাত উল্লেখ আছে যে টিচিং/স্কিল প্ৰফিচেঞ্চি টেষ্টৰ উপৰিও নিযুক্তিৰ বাবে প্ৰস্তুত কৰা তালিকাৰ প্ৰস্তুত কৰা হ'ব ২টা পৰীক্ষাৰ আধাৰত। তাৰে এটা হ'ব অ এম আৰ- এম চি কিউ আৰু আনটো হ'ব টিচিং/স্কিল প্ৰফিচেঞ্চি টেষ্ট।

এই চাকৰিৰ বাবে আবেদন কৰা প্ৰাৰ্থীয়ে দুয়োটা পৰীক্ষাত অৱতীৰ্ণ হোৱাতো বাধ্যতামূলক কৰা হৈছিল। অ' এম আৰ-এম চি কিউ টেষ্টত ভাল প্ৰদৰ্শন কৰা প্ৰাৰ্থীক ইনোভেটিভ ৰিটেন টিচিং/স্কিল প্ৰফিচেঞ্চি টেষ্টত অৱতীৰ্ণ হ'ব বুলি এই নিৰ্দেশত উল্লেখ আছিল।

ইনোভেটিভ ৰিটেন টিচিং/স্কিল প্ৰফিচেঞ্চি টেষ্টৰ বাবে চিলেবাছো উল্লেখ কৰিছিল এই নিৰ্দেশত।ছাত্ৰ-ছাত্ৰীক যাতে উপযুক্ত শিক্ষাদান দিব পাৰে তাৰ মান নিৰ্ধাৰণৰ বাবে সহকাৰী অধ্যাপক, প্ৰৱক্তা বা জ্যেষ্ঠ নিৰ্দেশকৰ নিযুক্তিৰ ক্ষেত্ৰত যি নিৰ্দেশনা আছাম ইঞ্জিনিয়াৰিং চাৰ্ভিছ ৰিকুউটমেন্ট বোৰ্ডে জাৰি কৰিছিল সেই নিৰ্দেশনা মানি চলা নহ'ল এই নিযুক্তি প্ৰক্ৰিয়াত।

আনকি চিলেবাছত উল্লেখ কৰা মতে নিৰ্দিষ্ট পাঠ্যক্ৰমৰ বাবে ছাত্ৰ-ছাত্ৰীক কিদৰে পাঠদান কৰিছে তাৰ ফিডবেক ছাত্ৰ-ছাত্ৰীৰ পৰা ল'ব লাগিব বুলিও উল্লেখ আছিল। আছাম চাইঞ্চ এণ্ড টেকনলজি ইউনিভাৰ্চিটিয়ে ২৪ এপ্ৰিল ২০২৩ ৰ পৰা ঠিকেই অনুষ্ঠিত কৰিলে নিযুক্তিৰ বাবে অ' এম আৰ চিটত লিখিত পৰীক্ষা।

কিন্তু সেই পৰীক্ষা লৈ উত্থাপন হৈছে বহু প্ৰশ্ন। আছাম ইঞ্জিনিয়াৰিং চাৰ্ভিছ ৰিকুউটমেন্ট বোৰ্ডৰ হৈ আছাম চাইঞ্চ এণ্ড টেকনলজি বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰা এই পৰীক্ষাত প্ৰাৰ্থী সকলক দিয়া প্ৰৱেশ পত্ৰত অৱশ্যে উল্লেথ নাথাকিল পৰীক্ষা অনুষ্ঠিত কৰা বিশ্ব বিদ্য়ালয় খনৰ নাম।

আছাম টেক্স টাইল ইনষ্টিটিউট কেম্পাছ আমবাৰীত অনুষ্ঠিত কৰা অ' এম আৰৰ লিখিত পৰীক্ষাত চূড়ান্ত বেমেজালিৰ উপৰিও অ' এম আৰ ছিট সমূহ স্কেন কৰি মূল্যায়ন কৰাৰ সময়ত পৰ্যবেক্ষক উপস্থিত থকাতো বাধ্যতামূলক আছিল । কিন্তু কোনো পৰ্যবেক্ষকৰ অনুপস্থিতিত এই পৰীক্ষা অনুষ্ঠিত কৰা অ' এম আৰ ছিট সমূহ মূল্যায়ন কৰা হয়।

সেয়েহে অ' এম আৰ ছিট সমূহ স্কেন কৰি মূল্যায়ন কৰাৰ সময়তে চূড়ান্ত অনিয়ম সংঘটিত হোৱাৰ সন্দেহ আৰু অভিযোগ উত্থাপন হৈছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ স্বচ্ছতা ৰক্ষা নকৰা অভিযোগ তুলি এই পৰীক্ষাত অৱতীৰ্ণ হোৱা গৰিষ্ঠ সংখ্যক পৰীক্ষাৰ্থীয়ে বিষয়টো মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰি ইয়াৰ উপযুক্ত তদন্ত দাবী জনাইছে।

এনে গুৰুত্বপূৰ্ণ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে অতি কম সময়ৰ ভিতৰতে সিদ্ধান্ত লোৱাৰ বাবে বহু উপযুক্ত প্ৰাৰ্থীয়ে বিভিন্ন কামত ৰাজ্যৰ বাহিৰত থকাৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিলে। সেয়েহে এই পৰীক্ষাত অতি কম সংখ্যক পৰীক্ষাৰ্থীয়েহে অৱতীৰ্ণ হোৱাৰ সুযোগ লাভ কৰিলে।

আনহাতে আছাম ইঞ্জিনিয়াৰিং চাৰ্ভিছ ৰিকুউটমেন্ট বোৰ্ডৰ নিৰ্দেশনাত উল্লেখ আছে যে অ' এম আৰ- এম চি কিউ পদ্ধতিত অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীৰ পৰা বাছনি কৰা নিৰ্বাচিত প্ৰাৰ্থীকহে ইনোভেটিভ ৰিটেন টেকনিক./ক্লিল প্ৰফিচেঞ্চি টেষ্টত অৱতীৰ্ণ হ'বলৈ দিয়া হ'ব।

মৌখিক পৰীক্ষাৰ বাবে কোনো নম্বৰ নথকা এই নিযুক্তি পৰীক্ষাত ওপৰত উল্লেখ কৰা দুই পৰীক্ষাৰ মুঠ নম্বৰৰ ভিত্তিত নিৰ্বাচিত প্ৰাৰ্থীৰ চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰস্তুক কৰাৰ কথা আছিল। সেয়েহে দুয়োটা পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছতহে ইয়াৰ ফলাফল ঘোষণা কৰাৰ নিৰ্দেশনা থকাৰ পাছতো অতি খৰখেদাকৈ এই পৰীক্ষা কেৱল অ' এম আৰ ছিটত অনুষ্ঠিত পৰীক্ষাৰ ভিত্তিতেই ঘোষণা কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

যিহেতু এই নিযুক্তি পৰ্বত দুয়োটা পৰীক্ষাতে নিযুক্তিৰ অংশ হিচাপে গন্য কৰা হয়। কিন্তু তাৰ পাছত কেনেকৈ এই চূড়ান্ত বেমেজালিৰে অনুষ্ঠিত কৰিলে তাক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনহাতে প্ৰশ্ন উঠিছে অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক, পলিকেটনিকৰ প্ৰৱক্তা আৰু দুই শৈক্ষিক প্ৰতিষ্ঠানৰে জ্যেষ্ঠ নিৰ্দেশকৰ নিযুক্তিৰ বাবে অনুষ্ঠিত পৰীক্ষাত অ' এম আৰ ৰিটেন টেষ্টৰ স্কেনিং কেনেকৈ পৰীক্ষাকৰ অনুপস্থিতিত কৰা হ'ল।

সেয়েহে এই পৰীক্ষাত অৱতীৰ্ণ প্ৰাৰ্থী সকলে দাবী উত্থাপন কৰিছে যে এটা পৰীক্ষকৰ দলৰ উপস্থিতিত এইবোৰ স্কেনিং কৰি মূল্যায়ন হ'ব লাগে আৰু পৰীক্ষকৰ অনুপস্থিতিত হোৱা স্কেনিঙৰ মূল্যায়ন নাকচ কৰিব লাগে।

এই সমগ্ৰ প্ৰক্ৰিয়াটো নিকাকৈ পুনৰ অনুষ্ঠিত কৰাৰো দাবী তুলিছে পৰীক্ষাৰ্থী সকলে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে অসম চৰকাৰৰ উচ্চ শিক্ষাৰ কাৰীকৰি বিভাগে ২৯ অক্টোবৰ ২০২২ ত এক নিৰ্দেশনা জাৰি কৰিছিল। ই ফাইল নং- ২১৭৫১৩১ নম্বৰৰ এই নিৰ্দেশনা কপি সেই সময়ৰ উচ্চ শিক্ষাৰ কাৰিকৰী বিভাগৰ যুটীয়া সচিব অঞ্জলী শইকীয়াই আছাম ইঞ্জিনিয়াৰিং চাৰ্ভিছ ৰিকুউটমেন্ট বোৰ্ডৰ সচিবলৈ প্ৰেৰণ কৰিছিল।

ৰিকুউটমেন্ট বোৰ্ডৰ সচিবে প্ৰেৰণ কৰা চিঠি নম্বৰ - এ ই এছ আৰ বি/ ১৪/২০২২/৭১ তাং- ৩১-০৫-২০২২ ৰ ভিত্তিত সপ্তম বোৰ্ড মিটিঙত নিযুক্তিৰ বাবে লোৱা মাইনুটছ সমূহৰ বিষয়ে সৱিস্তাৰে এই পত্ৰত উল্লেখ আছিল।

পত্ৰ খনত যুটীয়া সচিব শইকীয়াই চৰকাৰৰ হৈ দিয়া নিৰ্দেশনাত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক, পলিটেকনিকৰ প্ৰৱক্তা আৰু ইঞ্জিনিয়াৰিং কলেজ তথা পলিটেকনিক সমূহত নিযুক্ত লাভ কৰিব লগা জ্যেষ্ঠ নিৰ্দেশকৰ বাবে এম চি কিউ/ অ এম আৰ আধাৰত লিখিত পৰীক্ষা আৰু টেকনিক প্ৰফিচেঞ্চি টেষ্টৰ ভিত্তি দুইটা পৰ্যায়ত অনুষ্ঠিত হ'ব বুলি স্পষ্টকৈ নিৰ্দেশনা জাৰি কৰিছিল।

আছাম চাইন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিয়ে সেই নিযুক্তিৰ বাবে অনুষ্ঠিত হ'ব লগা পৰীক্ষা সমূহৰ দায়িত্বত থাকিব বুলিও উল্লেখ কৰা হৈছিল নিৰ্দেশনাত। চৰকাৰৰ এই সুনিৰ্দিষ্ট আৰু স্পষ্ট নিৰ্দেশনা থকাৰ পাছতো শেহতীয়াকৈ অনুষ্ঠিত হোৱা আছাম ইঞ্জিনিয়াৰিং চাৰ্ভিছ ৰিকুউটমেন্ট বোৰ্ডৰ পৰীক্ষাত সংঘটিত হোৱা এই অনিয়মৰ বিৰুদ্ধে প্ৰাৰ্থী সকলে এতিয়া জাঙুৰ খাই উঠিছে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই নিযুক্তি পৰ্বৰ সমগ্ৰ প্ৰক্ৰিয়াটো তদন্ত কৰি দোষী ব্যক্তি সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে উচ্চ শিক্ষিত প্ৰাৰ্থী সকলে।

ৰাজ্যত অভিযান্ত্ৰিক মহাবিদ্যালয়, পলিটেকনিকৰ সহকাৰী অধ্যাপক, প্ৰৱক্তা নিযুক্তি পৰীক্ষাত ব্যাপক অনিয়ম
মাতৃৰ মমতা বনাম অপৰাধ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in