ৰাজ্যৰ কৃষিখণ্ডৰ ভয়াৱহ ছবি, খেতি-বাতি, মাটিলৈ আমি যেন দিছো পিঠি

ৰাজ্যৰ কৃষিখণ্ডৰ ভয়াৱহ ছবি, খেতি-বাতি, মাটিলৈ আমি যেন দিছো পিঠি

কৃষিগত অৰ্থনীতিৰ উপৰত নিৰ্ভৰশীল হোৱাৰ পাছতো ৰাজ্যৰ কৃষিখণ্ডলৈ চূড়ান্ত অৱহেলা কৃষিবিভাগ আৰু নৱ প্ৰজন্মৰ । ৰাজ্যৰ কৃষিখণ্ডৰ উন্নয়ন যিদৰে দুয়োৰে ওপৰত সমান পৰিমাণে নিৰ্ভৰ কৰে ঠিক একেদৰেই কৃষিখণ্ডৰ অৱহেলাৰ বাবেও দুয়ো সমানেই দোষী । অনাগত সময়ত কৃষি বিভাগক ৰাজ্যৰ কৃষিখণ্ডৰ অধিক মনোযোগ দিয়া ওপৰিও নৱ প্ৰজন্মও আগুৱাই আহিব লাগিব নতুন আৰু উন্নত উপায়েৰে কৰা কৃষিৰ বাবে । সেই সন্দৰ্ভতেই অসমীয়া প্ৰতিদিন ডিজিটেলৰ ধাৰাবাহিক প্ৰতিবেদনৰ পঞ্চম খণ্ড-

দেখাত খেতি কৰা মানুহৰ সংখ্যা বাঢ়িছে যেন লাগিলেও প্ৰকৃত ছবিখন তেনে নহয় । কৃষি বিভাগৰ তথ্যত ৰাজ্যত প্ৰায় ২৭ লাখ কৃষক আছে বুলি উল্লেখ কৰিলেও বৰ্তমান ৰাজ্যত কৃষকৰ সংখ্যা ১১ লাখৰো অধিক নহ'ব । অথচ অসমৰ গ্ৰামীণ অৰ্থনীতিয়ে ৰাজ্যৰ অৰ্থনীতিৰ বুনিয়াদ আছিল । মুঠ ঘৰুৱা উৎপাদনৰ ২০ শতাংশই আহিছিল কৃষিখণ্ডৰ পৰা । ৭৫ শতাংশ লোকেই কৃষি কাৰ্যৰ সৈতে প্ৰত্যক্ষ অতবা পৰোক্ষভাৱে জড়িত আছিল ।

এই কৃষিখণ্ডৰ উন্নয়নৰ বাবে বিভিন্ন আচনি ঘোষণা কৰিলেও, বাজেটত ধন ধাৰ্য্য কৰিলেও কৃষিখণ্ডৰ প্ৰকৃত ছবিখন সন্তোষজনক নহয় । এতিয়া কৃষি কেৱল নৈপৰীয়া কিছু লোক আৰু চৰ চাপৰি তথা সংখ্যালঘু লোকসকলৰ মাজত হে আৱদ্ধ হৈ পৰিছে । গৰুখুটি প্ৰকল্প, কন্যাকাৰ দৰে ফাৰ্ম, বেগন খেতি, গাহৰি, ছাগলী উৎপাদনৰ বাবে কিছু লোক আগবাঢ়ি আহি আশাৰ পোহৰ দেখুৱালেও তথ্যগত ভাৱে সামুহিক অৰ্থত আজিও স্বাৱলম্বী হ'ব পৰা নাই আজিৰ কৃষিখণ্ড ।

ৰাজ্যত ২০১৯ চনত ধানৰ উৎপাদন হৈছিল ৫২.২ লাখ মেট্ৰিক ট'ন । ২০২০ বৰ্ষত ৪৯.৮ লাখ মেট্ৰিক ট'ন হে ধান উৎপাদন হয় । লক্ষণীয়ভাৱে ধানখেতি কৰা পথাৰৰ সংখ্যাও কমি আহিব ধৰিছে । ফ্ৰী চাউল, বিভিন্ন আচনিৰ ধন আদিৰে কোনোমতে চলি গৈছে বহু অসমীয়া পৰিয়াল । গো-পালনৰ ক্ষেত্ৰতো উন্নত প্ৰজাতিৰ গৰু আনিলেও ইয়াৰ বাবে প্ৰয়োজনীয় পুষ্টিকৰ খাদ্যৰ অভাৱত বজাৰৰ পৰা উচ্চ হাৰত সেইবোৰ ক্ৰয় কৰি গো-পালকে লাভতকৈ লোকচানৰ সন্মুখীন হোৱাই দেখা গৈছে ।

চৰকাৰে পথাৰ পৰিচালনা সমিতি গঠন কৰিছিল যদিও সেইবোৰ এতিয়া নামতহে ৰৈছেগৈ । কাগজ কল, মৰাপাট কল, চ‍েনী কল আদি বন্ধ হৈ পৰাত বাহঁ, মৰাপাট, কুঁহিয়াৰ খেতিও কৃষকে নকৰা হৈছে । নতুন চামক কৃষি কৰ্মত পৰম্পৰাগত পদ্ধতিয়ে নিয়োজিত কৰিব নোৱাৰি । ইয়াৰ বাবে কৃষি উদ্যোগী উন্নয়ন, কৃষি বজাৰৰ আন্ত:গাঠনি উন্নয়ন, বজাৰ উপযোগী উৎপাদন আৰু গুণগত উন্নয়ন, উপযুক্ত কৃষি শিক্ষা দিয়াৰ ব্যৱস্থা থাকিব লাগিছিল ।

ধান, চাহপাত, মৰাপাত, সৰিয়হ, কুঁহিয়াৰ, আলু, কল বিভিন্ন শাক-পাচলি খেতিৰ বাবে অসম উপযুক্ত ভূমি । কিন্তু সেই কৃষি সামগ্ৰী সমূহ বিক্ৰীৰ বাবে ঠায়ে ঠায়ে সংৰক্ষণ আৰু উপযুক্ত মূল্য লাভেৰে বিপণনৰ ব্যৱস্থা আজিও গঢ়ি নুঠিল । কৃষিখণ্ডৰ ক্ষেত্ৰখনত ৰাভা হাছং স্বায়ত্ত শাসিত অঞ্চলত যথেষ্ট কাম হৈছে । কিন্তু সেয়াই পৰ্যাপ্ত নহয় । মীন পালনৰ বাবে অসমত প্ৰাকৃতিকভাৱে থকা জলাশয় সমূহেই যথেষ্ট আছিল । ৰাজ্যখনত ৩.১৯ লাখ হেক্টৰ জলাশয় আছে । সেইবোৰ নদী, বিল, পুখুৰী আদি । পশু পালন বিভাগৰ তথ্য অনুসৰি থলুৱা গৰু ছাগলীৰ সংখ্যা ৫.২ শতাংশ কমিছে । সেইয়া চৰকাৰী তথ্য ।

এতিয়া থলুৱা প্ৰজাতিৰ পশু পালন কৰাৰ প্ৰৱণতা মানুহৰ কমিছে । কেচাঁ চাহপাতৰ মূল্য হ্ৰাস হোৱাৰ ফলত উৎপাদন ব্যয় আৰু বেছি হৈছে । ৰাজ্যত কৃষিকেন্দ্ৰিক ক্ষুদ্ৰ উদ্যোগ পৰ্যাপ্ত নহয় । সংহত : কীট তদাৰকি ব্যৱস্থাপনা গাওৰ খেতিয়ক সকলে লাভ নকৰে । এনেকৈ কৃষিখণ্ডলৈ নামি অহা প্ৰত্যাহ্বান চৰকাৰে জোৰ নকৰিলে আৰু ৫-১০ বছৰ পাছত কৃষি নিৰ্ভৰশীল গ্ৰাম্য অৰ্থনীতি শেষ হৈ যাব ।

এনেকৈ কৃষিখণ্ডলৈ নামি অহা প্ৰত্যাহ্বান চৰকাৰে জোৰ নকৰিলে আৰু ৫-১০ বছৰ পাছত কৃষি নিৰ্ভৰশীল গ্ৰাম্য অৰ্থনীতি শেষ হৈ যাব । অসমৰ কৃষিৰ বাণিজ্যকৰণ, উন্নত আন্ত:গাঠনি, কৃষিকৰ্মৰ প্ৰতি নতুন প্ৰজন্মক আকৰ্ষণ কৰিবলৈ, প্ৰকৃত অৰ্থত জৈৱিক পদ্ধতিৰে কৃষিকৰ্ম কৰিবলৈ উৎসাহিত কৰাৰ এক পৰিৱেশ এতিয়া প্ৰয়োজন হৈ পৰিছে । জিলাই জিলাই ২০ প্ৰমাণীকৰণ বিষয়া নিযুক্তি দিয়াৰ কথা কৃষি বিভাগে উল্লেখ কৰে । কিন্তু ২৬ টা পদৰ বিপৰীতে ৰাজ্যত আছে মাত্ৰ ১৪জন হে এনে বিষয়া । ৰাজ্যৰ কৃষি বিশ্ববিদ্যালয়ে উদ্ভাৱণ কৰা বীজ গুণগত মানৰ পৰীক্ষণ নোহোৱাকৈয়ে কৃষকৰ হাতত তুলি দিয়াত সেই বীজৰ গজালিয়ে নেমেলে । এনেকেয়ৈ ভোকো ভাওঁনাৰ ৰূপত কৃষি বিভাগ চলি আছে । ১৪ খন জিলাত থকা বীজ প্ৰমাণীকৰণ বিষয়াৰ ১৩ জনেই ঠিকাভিত্তিক । কমিছনৰ অংকত সেই বিষয়াসকলে বীজৰ প্ৰমাণীকৰণ দিয়ে বুলিও অভিযোগ আছে ।

ইফালে ৰাজ্যৰ জনস্বাস্থ্যৰ প্ৰতি বাহিৰৰ পৰা অহা শাক-পাচলিয়ে ভাবুকি কঢ়িয়াই আনিছে । উচ্চ ন্যায়ালয় পাইছে গৈ সেই বিষয় । ন্যায়ালয়ে সেয়েহে বাহিৰৰ পৰা আমদানী কৰা শাক-পাচলিৰ পৰীক্ষা ৰাজ্যত সোমোৱাৰ পূৰ্বেই কৰাৰ নিৰ্দেশ দিব লগা হৈছে । চৰকাৰীভাৱে ধান ক্ৰয়ৰ কথা কোৱা হৈছিল । কিন্তু চৰকাৰী নিয়মৰ মেৰপাকত বঞ্চিত আৰু দিশহাৰা ধান খেতিয়কসকল । ধান বিক্ৰী কৰিবলৈ যিমানবোৰ নথিপত্ৰ কৃষকে দিব লাগে সেই জটিল নিয়মৰ ব‍াবেই যোৱা দুমাহত মাত্ৰ ২৫ হেজাৰ ৩৫৯ গৰাকী কৃষকেহে ধান বিক্ৰী কৰিবলৈ সক্ষম হৈছে । শামুকীয় গতিত চলা এই ধান ক্ৰয়ৰ ব্যৱস্থা এতিয়া ফ্ল'প শ্ব' হৈ পৰিছে ।

উল্লেখ্য যে, চৰকাৰে ৯ লাখ ৭৪ হাজাৰ ৯৫৮ মেট্ৰিক ট'ন ধান ক্ৰয়ৰ লক্ষ্য লৈছিল । সেই ধান কৃষকৰ পৰা ক্ৰয় কৰিবলৈ দ্বায়িত্ব দিছিল অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেড, কৃষি বিপনন পৰিষদ, ভাৰতীয় খাদ্য নিগম, নাকক, নাফেড আৰু এন চি চি এফক । ২০২২ৰ ডিচেম্বৰৰ পৰা সেই ধান ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ কৰিলেও যদি সেই ক্ৰয় প্ৰক্ৰিয়াত কেৱল ২.২৩ লাখ মেট্ৰিক ট'ন ধান ক্ৰয় কৰিবলৈ সক্ষম হৈছে । ৩০ জুন পৰ্যন্ত ধান ক্ৰয় কৰিব এই প্ৰতিষ্ঠান কেইটাই । অহা ৪ মাহত সেই লক্ষ্য পূৰণ কৰিব পাৰিব বুলি নাভাৱে কৃষক সকলে । এইয়া হৈছে ৰাজ্যৰ কৃষিখণ্ডৰ প্ৰতিচ্ছবি ।

ৰাজ্যৰ কৃষিখণ্ডৰ ভয়াৱহ ছবি, খেতি-বাতি, মাটিলৈ আমি যেন দিছো পিঠি
আৰু কিমান দিন মাছ, মাংস,কণীৰ বাবে বহিঃৰাজ্যৰ নিৰ্ভৰশীল হ'ম আমি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in