আৰু কিমান দিন মাছ, মাংস,কণীৰ বাবে বহিঃৰাজ্যৰ নিৰ্ভৰশীল হ'ম আমি...

কৃষি ক্ষেত্ৰখনত প্ৰচুৰ সম্ভাৱণা থকাৰ পাছতো অসমত ইয়াৰ সফল ৰূপায়ণ হোৱা নাই। এতিয়াও মাছ, মাংস, কণীৰ বাবে বহি ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল হৈ আছে অসম।
আৰু কিমান দিন মাছ, মাংস,কণীৰ বাবে বহিঃৰাজ্যৰ নিৰ্ভৰশীল হ'ম আমি...
কৃষি ক্ষেত্ৰখনত প্ৰচুৰ সম্ভাৱণা থকাৰ পাছতো অসমত ইয়াৰ সফল ৰূপায়ণ হোৱা নাই। অসমীয়া প্ৰতিদিন ডিজিটেলে ৰাজ্যৰ কৃষি আৰু পশুপালনৰ সম্ভাৱণাৰ দিশ সমূহ ধাৰাবাহিকভাৱে তুলি ধৰাৰ এক প্ৰয়াস অব্যাহত ৰাখিছে। আজি এই চতুৰ্থ প্ৰতিবেদনত অসমত মাছ- মাংস আৰু কণীৰ বজাৰখনৰ সন্দৰ্ভত আলোকপাত কৰা হৈছে-

মাছ অকনমান নহ'লে ভাত কেইটা পেটলৈ নাযায়। অসমীয়া মানুহৰ খোৱাৰ জুতি আছে। পুখুৰীৰ মাছ, ঘৰৰ লোকেল কণী,ঘৰতে পোহা হাঁহ, পাৰ, কুকুৰাৰে এটা অসমীয়া পৰিয়াল সমৃদ্ধশীল আছিল।

দিন সলনি হ'ল। পুখুৰীৰ মাছ, নদীত উভৈনদী থৈ থকা মাছ, কাছ প্ৰায় নাইকীয়া হোৱাৰ দৰেই। ঘৰত হাঁহ, কুকুৰা পোহাৰ অভ্যাসো নাইকীয়া হ'ল। স্বাৱলম্বী সেই ব্যৱস্থাৰ পৰা আমি এতিয়া বজাৰ নিৰ্ভৰশীল হৈ পৰিলো।

স্থনীয় প্ৰজাতিৰ কুকুৰাৰ সলনি গাঁৱে-ভূঁঞে ব্ৰইলাৰ পোহা হ'ল। বহিঃৰাজ্যৰ পৰা অহা চালানী মাছে এখন বিশাল বজাৰ দখল কৰিলে। অথচ অসমৰ নদ-নদী,বিল-পুখুৰীত মৎস উৎপাদনৰ সুযোগ সুবিধা থকাৰ পাছতো বিজ্ঞান সন্মত ভাৱে সেইবোৰ উৎপাদনত গুৰুত্ব নিদিয়াৰ বাবেই বছৰি হাজাৰ হাজাৰ কোটি টকা বহিৰাজ্যলৈ ওলাই যায়।

চৰকাৰে নামত বহু আঁচনি কথা ঘোষণা কৰিলেও মাছ-মাংস আৰু কণীৰ এখন স্ব- নিৰ্ভৰশীল বজাৰ আমি গঢ়ি তুলিব পৰা নাই। উন্নত প্ৰজাতিৰ ব্ৰইলাৰ আনি, উন্নত প্ৰজাতিৰ বহিৰাজ্যৰ হাঁঁহ, ছাগলী আনি পোহা প্ৰৱণতা বৃদ্ধি পাইছে যদিও বিভিন্ন ধৰণৰ কাৰণত এই প্ৰচেষ্টাই সফলতা লাভ কৰিব পৰা নাই।

থলুৱা কৃষক সকলে আজিও ব্ৰইলাৰ উৎপাদনৰ বাবে বহিৰাজ্যৰ পৰা অহা খাদ্যৰ ওপৰত নিৰ্ভৰশীল। ৰাজ্যত ব্ৰইলাৰ পোহা লোকৰ সংখ্যা বৃদ্ধি পাইছে। কিন্তু সেই ব্ৰইলাৰ খাদ্য উৎপাদন কৰা উদ্যোগ চৰকাৰে থলুৱাভাৱে গঢ়ি তুলিব পৰা নাই।

ব্ৰইলাৰ ফিদমিল পৰ্যাপ্ত পৰিমাণে উৎপাদন নোহোৱাত সেই খাদ্যৰ বাবে বহি ৰাজ্যত থকা উদ্যোগ সমূহৰ ওপৰত অসমৰ কৃষক নিৰ্ভৰশীল হৈ পৰিছে। উল্লেখ্য যে, উন্নত প্ৰজাতিৰ গাখীৰ উৎপাদন কৰা গাইৰ ক্ষেত্ৰতো ৰাজ্যৰ কৃষক সকল খাদ্য কেন্দ্ৰিক সমস্যাত ভুগি আহিছে।

অসমত পশুধন উৎপাদনত হোৱা ব্যয় ৭০ শতাংশই হয় খাদ্যত। সেয়েহে অসমৰ পালক সকলে ৭০ শাতংশ ধনেই খাদ্যৰ নামত বহি ৰাজ্যৰ উদ্যোগক দিব লগা হয়। কেৱল ব্ৰইলাৰৰ খাদ্যৰ নামত মাহিলী ১০০০ ৰ পৰা ১২০০ কোটি টকা ব্যয় কৰে ৰাজ্যৰ ব্ৰইলাৰ উৎপাদক সকলে। এই কথাই প্ৰমাণ কৰে যে অসমৰ কৃষি আৰু পশুপালনৰ পৰা আহৰণ কৰাৰ সিংহভাগেই বহি ৰাজ্যলৈ যায়।

কণী উৎপাদনৰ ক্ষেত্ৰতো একেই সমস্যা। অসমত যোৱা এটা দশকত মাংস উৎপাদনৰ হাৰ কেৱল ২.৯ শতাংশহে বৃদ্ধি পাইছে। কণী উৎপাদনৰ হাৰ বৃদ্ধি পাইছে যোৱা ১০ বছৰত ২.১৪ শতাংশ।

ৰাজ্যখনত বছৰি কণীৰ চাহিদা জোৰা মাৰিবলৈ বহিৰাজ্যৰ পৰা আমদানি কৰিব লগা হয় ৬০০ কোটিৰো অধিক টকাৰ কণী। ৰাজ্যত কণী উ..পাদনৰ সম্পূৰ্ণ সম্ভাৱণা আছে। ৰাজ্য চৰকাৰে কিছু উদ্যোগ ললে নিবনুৱা কৃষক সকলে সেই কণী উ,,পাদন কৰিব পৰাৰ অৱকাশ আছে।

মৎস পালনৰ ক্ষেত্ৰত অসম এখন উৰ্বৰা ক্ষেত্ৰ। অসমৰ বজাৰত মাছৰ চাহিদা দিনক দিনে বাঢ়ি গৈছে। ৰাজ্যত ৪ লাখ মেট্ৰিক টন মাছৰ প্ৰয়োজন হয় বছৰি। কিন্তু এতিয়ালৈকে সেই লক্ষ্যত উপনীত হ'ব পৰা নাই মীন বিভাগ।

মাছৰ পোনা উৎপাদন আৰু সেইবোৰ প্ৰতিপালন কৰাৰ বাবে মীন বিভাগে বিভিন্ন আঁচনিৰ কথা ঘোষণা কৰে। কিন্তু সেয়া কাৰ্যকাৰী হোৱা নাই। অসমত প্ৰায় ৬০,০০০ হেক্টৰ মাটিকালি সামৰি ৪৩০ খন পঞ্জীয়নভুক্ত চৰকাৰী বিল আছে। পঞ্জীয়ন নকৰা ৭৬৭ খন বিলৰ মাটিকালিও ৪০,০০০ হেক্টৰৰ কম নহয়।

ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদনৰ মীন উদ্যোগে কেৱল ২ শতাংশহে মৎস উৎপাদন কৰিবলৈ সক্ষম হৈছে। এইবোৰ দিশত দুই এজন মৎস পালকে ব্যক্তিগত প্ৰচেষ্টাত মৎস পালনত সফলতা লাভ কৰিছে যদিও বেছিভাগ মৎস পালকে মীন প্ৰযুক্তি কৌশল বিজ্ঞান সন্মত ভাৱে ব্যৱহাৰ নকৰাত মৎস উৎপাদন তেওঁলোকৰ বাবে লাভজনক হৈ উঠা নাই।

ৰাজ্যৰ কৃষি আৰু পশুপালন বিভাগে এইবোৰ দিশত গুৰুত্ব দিয়া ভাল। অসমৰ অৰ্থনীতিত কৃষি খণ্ডই এক বৃহৎ পৰিসৰ দখল কৰি আছে। সেয়েহে ইয়াত সংমিশ্ৰিতভাৱে উন্নত পদ্ধতিৰে উপযুক্ত ব্যৱহাৰ কৰিলে আমি এইবোৰ দিশত আত্মনিৰ্ভৰশীল হ'ব পাৰিম।

তেতিয়াহে পথাৰ আমাৰ, বজাৰ আমাৰ শ্লোগান বাস্তৱত ৰূপায়িত হ'ব। কেৱল আঁচনি ঘোষণা কৰি থাকিলে সেই লক্ষ্যত আমি কেতিয়াও উপনীত হ'ব নোৱাৰো। অসমৰ কৃষি খণ্ডক সু সংগঠভাৱে গঢ়ি তোলাৰ দায়িত্ব চৰকাৰৰ।

আৰু কিমান দিন মাছ, মাংস,কণীৰ বাবে বহিঃৰাজ্যৰ নিৰ্ভৰশীল হ'ম আমি...
ঘৰে ঘৰে গৰু-ছাগলী,ম'হ পুহিবলৈ এৰিলে, কৃষি এৰি অসমীয়া ডেকাই কিহত ধৰিছে...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in