/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/81691ad5-e667-408d-b19b-2e1d9187e5f7/AP_PROTIBEDON_new.jpg)
বিশ্ব ক্ৰিকেটত টুৱেণ্টি-টুৱেণ্টি ক্ৰিকেট সংস্কৰণৰ জনপ্ৰিয়তা অপৰিসীম। আই চি চিৰ দ্বাৰা আয়োজিত টি-২০ বিশ্বকাপ, চেম্পিয়নছ ট্ৰফী, ভাৰতৰ আই পি এল, ডব্লিঅ' পি এল,পাকিস্তান - বাংলাদেশৰ প্ৰিমীয়াৰ লীগ নাইবা অষ্ট্ৰেলিয়াৰ বি বি এছ লীগ আদি অত্যন্ত জনপ্ৰিয় টি-২০ লীগ। দৰ্শকে টি-২০ ক্ৰিকেটক অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হয়। ষ্টেডিয়াম ভৰি পৰে দৰ্শকৰে। বিশ্বৰ প্ৰায়বোৰ সৰু-বৰ দেশে টি-২০ ক্ৰিকেট খেলে। অৱশ্যে টি-২০ সংস্কৰণ খেলিবলৈ সুবিধা পালেও বহুসংখ্যক দেশক টেষ্ট খেলাৰ অনুমতি দিয়া নাই আই চি চিয়ে। এনেবোৰ দিশৰ উপৰি টি-২০ ক্ৰিকেটৰ জন্ম, উত্থান আদিৰ সন্দৰ্ভত 'বিশেষ প্ৰতিবেদন' শিতানত ভাস্কৰ শৰ্মাৰ এই লেখা-
বিশ্ব ক্ৰিকেটৰ সংস্কৰণ বৰ্তমানলৈকে ৩টা। টেষ্ট, এদিনীয়া আৰু টুৱেণ্টি-টুৱেণ্টি (টি-২০)। ইয়াৰে সীমিত অভাৰৰ ক্ৰিকেট হৈছে এদিনীয়া আৰু টি-২০।
টি-২০ ক্ৰিকেটৰ আৱিৰ্ভাৱ বৰ বেছিদিনৰ নহয়। ই আৰম্ভ হোৱা দুটা যুগো হোৱা নাই। ই একবাৰে নব্য সংস্কৰণ। ইয়াক প্ৰথমে ২০০৩ চনত ইংলেণ্ডত ইংৰাজসকলে অনুষ্ঠিত কৰা কাউণ্টি মেচৰ দ্বাৰা শুভাৰম্ভ কৰা হৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/04e3e91b-1a3f-45b3-a78d-3008849598fd/England_vs_Sri_Lanka.jpg)
কম সময়ৰ ভিতৰত যাতে দৰ্শকে অধিক আনন্দ আৰু উত্তেজনা লাভ কৰিব পাৰে, সেই উদ্দেশ্যে টি-২০ ক্ৰিকেটৰ জন্ম দিছিল তেঁওলোকে। তাৰোপৰি ক্ৰীড়াপ্ৰেমীসকলৰ মাজত ক্ৰিকেটক অধিক জনপ্ৰিয় কৰাৰ উদ্দেশ্যও নিহিত হৈ আছিল।
ইংলেণ্ডত টি-২০ ক্ৰিকেটৰ ধাৰণৰ বীজ ৰোপণ হোৱা এই ক্ষুদ্ৰ সংস্কৰণটিক ২০০৫ চনত ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা আই চি চিয়ে স্বীকৃতি প্ৰদান কৰে। এই স্বীকৃতিৰ দ্বাৰা আন্তৰ্জাতিক পৰ্যায়ত ভুমুকি মাৰে টি-২০ ক্ৰিকেটে।
অতি কম সময়ৰ ভিতৰতে বিশ্ব ক্ৰিকেটত টি-২০ সংস্কৰণে প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰিবলৈ সক্ষম হয়। কম সময়ৰ ভিতৰতে দৰ্শকে আঁকোৱালি ল’লে টি-২০ ক্ৰিকেটক।
টি-২০ ক্ৰিকেটৰ মাদকতাই সুকীয়া বুলি ভাবিবলৈ ধৰিলে দৰ্শকে। বাণিজ্যিক তথা বিজ্ঞাপনৰ ক্ষেত্ৰতো যথেষ্ট প্ৰসাৰতা লাভ কৰিলে টি-২০ সংস্কৰণে। যাৰ বাবে বহলভিত্তিত ব্যৱসায়িক দিশটো টি-২০ৰে পৰোক্ষভাৱে সংপৃক্ত।
অৱশ্যে টি-২০ৰ অস্বাভাৱিক উত্তৰণৰ প্ৰভাৱ, টেষ্ট ক্ৰিকেটত নপৰা নহয়। তথাপিও দিনে-দিনে টি-২০ ক্ৰিকেটৰ আদৰ সমগ্ৰ বিশ্বত বিয়পি পৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/9745b54f-2767-4ed2-b239-f6046d101a99/960x0.webp)
এই ক্ষুদ্ৰ সংস্কৰণটিৰ অভূতপূৰ্ব জনপ্ৰিয়তাৰ বাবে ২০০৭চনত পোন প্ৰথমবাৰৰ বাবে আই চি চিয়ে আয়োজন কৰিছিল টি-২০ বিশ্বকাপৰ। দক্ষিণ আফ্ৰিকাত আয়োজিত উদ্বোধনী বৰ্ষৰ বিশ্বকাপৰ খিতাপ আজুৰি আনিছিল ভাৰতীয় ক্ৰিকেট দলে।
নতুনকৈ অধিনায়কৰ দায়িত্ব লাভ কৰা মহেন্দ্ৰ সিং ধোনীৰ বাবে সেয়া আছিল প্ৰথমটো সফলতা। ৰাতিটোৰ ভিৰতে নয়নৰমণি পৰিছিল ধোনী। সমান্তৰালকৈ প্লেয়াৰ অৱ দা টুৰ্ণামেটৰে সন্মানিত তথা ৬টা বলত ৬টা বিশাল ছিক্সাৰ কোবোৱা যুৱৰাজ সিঙো হৈ পৰিছিল নায়ক। খেলপথাৰত ইংলেণ্ডৰ খেলুৱৈ এণ্ড্ৰিউ ফ্লিণ্টফৰে হোৱা বিতৰ্কৰ পাছতে বলাৰ ষ্টুৱাৰ্ড ব্ৰডৰ ১অভাৰত ৬টা ছিক্সাৰ কোবাইছিল যুৱৰাজে।
বীৰেন্দ্ৰ সেহৱাগ, গৌতম গম্ভীৰ, যুৱৰাজ সিং, ধোনী, দীনেশ কাৰ্তিক, ৰোহিত শৰ্মা, ৰবীন উথাপ্পা, পীযুষ চাওলা, ইৰফান পাঠান, হৰভজন সিং আদিৰ দৰে সেই সময়ৰ এজাক তৰুণ ক্ৰিকেটাৰে জোহান্সবাৰ্গৰ পৰা পাকিস্তানৰ মুখৰ ভাত কাঢ়ি অনা দি আজুৰি আনিছিল বিশ্বকাপৰ ট্ৰফী। ইয়াৰ পাছতে ভাৰতীয় ক্ৰিকেটৰ আকাশ উদিত হৈছিল ভালেকেইগৰাকী তাৰকাৰ।
কিয়নো ২০০৭ৰ এদিনীয়া বিশ্বকাপত লীগ পৰ্যায়তে পৰাস্ত হৈছিল ভাৰত। বাংলাদেশৰ অনুষ্ঠিত মেচখনত ধৰাসায়ী হৈ গৈছিল ৰাহুল দ্ৰাবিড় নেতৃত্বাধীন ভাৰতীয় দলটো। কাৰ্যতঃ আহত বাঘৰ দৰে ছটফটা ছটফটা স্বদেশলৈ উৰা মাৰিছিল টীম ইণ্ডিয়া। সমালোচনাৰে থকা-সৰকা কৰিছিল তেঁওলোকক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/9d9ea7c7-235c-4578-bed2-b5fcc1c089ac/rNIhcs9rbD.webp)
২০০৭চনত আৰম্ভ হোৱা টি-২০ বিশ্বকাপ আজি আহি আহি ১৭বছৰীয়া বৰ্ণিল যাত্ৰাত ভৰি দিলেহি। এই ১৭ বছৰীয়া যাত্ৰাত ভাৰতে এবাৰেই টি-২০ বিশ্বকাপ জয়ৰ সোৱাদ লাভ কৰিছে। উদ্বোধনী বৰ্ষতে যি খিতাপ জয় কৰিছিল কেৱল সেয়াই।
তাৰ মাজত পাৰ হৈ গ’ল ৮ খনকৈ টি-২০ বিশ্বকাপ। কেৱল মাত্ৰ ২০১৪ৰ টি-২০ বিশ্বকাপত ফাইনেল খেলিছিল টীম ইণ্ডিয়াই। ২০০৭তেই প্ৰথম আৰু অন্তিমবাৰৰ জয় কৰিছিল টি-২০ বিশ্বকাপ।
এই পৰ্যন্ত ৱেষ্ট ইণ্ডিজে দুবাৰ টি-২০ বিশ্বকাপ জয় কৰিছে। ২০১২ আৰু ২০১৬ চনত। সমসংখ্যকবাৰ ইংলেণ্ডৰ ক্ষেত্ৰতো। ইংলেণ্ডে ২০১০ আৰু ২০২২ত খিতাপ জয় কৰিছে। ভাৰত,পাকিস্তান, অষ্ট্ৰেলিয়া আৰু শ্ৰীলংকাই এবাৰকৈ জয়ী কৰিছে টি-২০ বিশ্বকাপৰ ট্ৰফী।
এতিয়া সময় সমাগত। ভাৰতৰ সন্মুখত সুবৰ্ণ সুযোগ। ১০ বছৰৰ মূৰত ফাইনেলত উপনীত হৈছে ৰোহিত শৰ্মা নেতৃত্বাধীন টীম ইণ্ডিয়া।
২০২৪ৰ টি-২০ বিশ্বকাপত আজি দক্ষিণ আফ্ৰিকাৰে ফাইনেলত মুখামুখি হ’ব ৰোহিত শৰ্মা বাহিনী। এই শেষ যুদ্ধত প্ৰতিপক্ষ দঃ আফ্ৰিকা প্ৰথমবাৰলৈ বিশ্বকাপৰ ফাইনেলত উপনীত হৈছে। এইবাৰ প্ৰতিযোগিখনত অপৰাজেয় ধাৰাৰে ফাইনেলত উপনীত হৈছে দলটো। কোনো কাৰণতে এক ইঞ্চিও মাটি এৰি নিদিয়ে দঃ আফ্ৰিকাই। ভাৰতে ভুল কৰা মানে বিশ্বকাপৰ ট্ৰফী দঃ আফ্ৰিকাৰ হাতত। গতিকে শীতল মস্তিষ্কৰ খেলপথাৰত নামিব টীম ইণ্ডিয়া। প্ৰতিগৰাকী ভাৰতীয়ৰ এটাই আশা এইবাৰ বিশ্বকাপ আমাৰ...!
Also Read: এফালে UAPA গোচৰ আনফালে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি...