বিহু বিহুৱামী নহয়, অসমীয়াৰ স্বাভিমান হে...

সাংস্কৃতিক চেতনা এটা জাতিৰ বাবে অতিকৈ প্ৰয়োজনীয়। ই জাতিটোৰ অন্তঃজগতত প্ৰৱেশৰ সুযোগ প্ৰদান কৰে।
বিহু বিহুৱামী নহয়, অসমীয়াৰ স্বাভিমান হে...

অসমীয়াৰ বাবে বিহু এক আৱেগ। ই অসমীয়া জাতিৰ আয়ুস ৰেখা। আধুনিকতাৰ লগে লগে বিহুও সলনি হৈছে। গছৰ তলৰ বিহু গৈ মঞ্চ পাইছে। সমান্তৰালভাৱে বিহুৰ সময়ত বৃদ্ধি হৈছে অপ্ৰীতিকৰ ঘটনা। এই সন্দৰ্ভত বৰষা শৰ্মাৰ এক বিশেষ প্ৰতিবেদন...

বিহু অসমীয়াৰ আৱেগ। বিহুৱে সকলোৰে মাজত এক সমন্বয়ৰ সেঁতু গঢ়ে।বিহু অসমীয়া জাতিৰ সাৰ। ই আমাৰ আয়ুস ৰেখা। ইতিমধ্যে বিহু আমাৰ জন-জীৱনৰ পৰা বহু আঁতৰি গৈছে। তথাপিও বিহুক লৈ অসমীয়াৰ এক বিশেষ টান আছে।

সময়ৰ সোঁতত বিহুও সলনি হৈছে। ব্যস্ত জীৱন, যান্ত্ৰিকতাৰ মাজত বিহুৰ লগত জড়িত বহু ৰীতি-নীতি হেৰাই গ'লেও মানুহৰ আৱেগ একেই আছে। অৱশ্যে একাংশ দুষ্ট চক্ৰৰ পৰা সাৰি যোৱা নাই বিহুটিও।

প্ৰতিবাৰৰ দৰে এইবাৰো অসমীয়াই হেঁপাহেৰে পালন কৰিলে মৰমৰ বিহুটি। বিহুৰ সময়ত যাতে বাহিৰৰ সা-সামগ্ৰীয়ে স্থান নাপাই, যাতে অসমীয়া লোক সকলৰ ব্যৱসায় আদিতো ভাল দিন উদয় হয় তাৰ বাবে চৰকাৰেও লৈছে পদক্ষেপ। বিহুলৈ কেইদিনমান থকা পূৰ্বে অসম চৰকাৰে ৰাজ্যত বন্ধ কৰি দিছিল পাৱাৰলুমৰ গামোচা।

আনহাতে যোৱা বছৰৰ দৰে এইবাৰো পুৰণি বিহু সমিতি বোৰক চৰকাৰে দিছিল ডেৰ লাখকৈ টকা। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে বহাগ মাহ শেষ হোৱাৰ পাছত ৰাজ্যত পাতিব নোৱাৰিব বিহু উৎসৱ। কোনো সাংস্কৃতিক অনুষ্ঠান পতাত বাধা নাই যদিও ১৫ মে'ৰ পাছত বিহু পাতিব নোৱাৰিব।

কিন্তু ইমানৰ পাছতো এইবাৰ বিহুত দেখা গৈছে অপ্ৰীতিকৰ পৰিস্থিতি। প্ৰায় প্ৰতিদিনেই বিহুৰ অনুষ্ঠানত উদ্ভাণ্ডলী হোৱাৰ বাতৰি আহি পৰিছে। কেতিয়াবা যদি গায়ক-গায়িকাক বেয়া ব্যৱহাৰ, কেতিয়াবা আকৌ আৰক্ষীক প্ৰহাৰ। আনকি দুৰ্বৃত্তৰ আক্ৰমণত বিহুৰ অনুষ্ঠানৰ মাজতে প্ৰাণো হেৰুৱাইছে যুৱকে।

প্ৰথমে আহো মালিগাঁও প্ৰসংগলৈ। ১৬ এপ্ৰিল, শনিবাৰৰ নিশা মালিগাঁও ষ্টেডিয়ামত অনুষ্ঠিত বিহুতলীত অঘটন। এদল যুৱকৰ আক্ৰমণত নিহত হয় ৰোহিত কুমাৰ গামী নামৰ এজন। পহিলা বহাগৰ দিনা ভৃগু কাশ্যপৰ অনুষ্ঠানৰ মাজতে সংঘটিত হয় এই ঘটনা। ৰোহিত আৰু যুৱক কেইজনৰ মাজত হোৱা কাজিয়াৰ পৰিণতিতেই এই ঘটনা সংঘটিত হয়।

উক্ত দিনটোতেই মালিগাঁও ষ্টেডিয়ামৰ বিহুতলীৰ সমীপত সীমান্ত তালুকদাৰ নামৰ এজন যুৱকক উদণ্ড যুৱকে ছুৰীৰে আক্ৰমণ কৰে। যাৰ ফলত গুৰুতৰভাৱে আহত হয় সীমান্ত ।দুয়োটা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছিল কেইবাজনকো।

১ মে'ৰ নিশা তিনিচুকীয়াৰ মাৰ্ঘেৰিটাত সংঘটিত হৈছিল এক জঘন্য কাণ্ড। মাতৃয়ে বিহু চাবলৈ গৈছিল তেওঁৰ ১২ বছৰীয়া সন্তানৰ সৈতে। কিন্তু নিশা টোপনি ধৰাত কিশোৰী গৰাকীক অনন তাঁতী নামৰ এজন আত্মীয়ৰ ঘৰত থৈ যায় মাতৃয়ে। কিন্তু তাৰ পাছদিনাই কিশোৰী গৰাকীৰ মৃতদেহ শৌচালায়ৰ টেংকীত উদ্ধাৰ হয়।

মৃতদেহ উদ্ধাৰৰ পাছতে কিশোৰী গৰাকীক ধৰ্ষণ আৰু হত্যাকাণ্ডৰ গোচৰ ৰুজু হৈছিল। পৰৱৰ্তী সময়ত ধৰ্ষণ আৰু হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল অনন তাঁতী। ঘটনা সন্দৰ্ভত এতিয়াও আৰক্ষীৰ তদন্ত অব্যাহত আছে।

৭ মে'ৰ ঘটনা। চিলাপথাৰৰ কেন্দুগুৰি গাঁৱক অসমীয়াৰ স্বাভিমান গামোচা আৰু ঢোলত পেট্ৰ'ল ঢালি জ্বলাই দিলে একাংশই। বিতুল চেতিয়া নামৰ যুৱকজনে লগৰীয়াৰ সৈতে বিহু মাৰিবলৈ নোযোৱাৰ বাবেই পুৱাই বিতুলৰ ঘৰত উপস্থিত হয় একাংশ। উদণ্ড ৰূপত নৱ চাংমাই, লক্ষী চুতীয়া, অনন্ত নামৰ কেইবাজনো যুৱকে অনাধিকাৰ বিতুলৰ ঘৰত উপস্থিত হয়। তাৰ পাছতে তেওঁলোকে অসমীয়াৰ স্বাভিমান ফুলাম গামোচা, ঢোলত পেট্ৰ'ল ঢালি জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে ।

অসমীয়াৰ আৱেগ-অনুভুতি থকা ফুলাম গামোচা, ঢোল জ্বলাই দিয়া মানে সম্পূৰ্ণ অসমীয়া জাতিৰ হ্ৰদপিণ্ডত আঘাত অনা এক কাৰ্য । এনে কাৰ্য কেতিয়াও কোনো অসমীয়াৰ বাবেই গ্ৰহণযোগ্য নহয় ।

১৩ মে'ৰ ঘটনা। ঢকুৱাখনা ফাট বিহুত অপ্ৰীতিকৰ পৰিৱেশ ৷ উদযাপন সমিতিৰ প্ৰহাৰত আহত হ’ল বিহুৱা ৷ অপদস্থ হ’ল বিহু দল ৷ দেওবাৰে পুৱতি নিশালৈকে ম’হঘুলী চাপৰিৰ ফাট বিহুতলীত দলীয় বিহু পৰিৱেশন হৈছিল ৷ ঘিলামৰাৰ বৰদলৈ চিলা নামৰ দল টোৱে নিশা এক বজাত বিহু প্ৰদৰ্শন কৰে ৷ আনবোৰ দলক পোন্ধৰ মিনিট সময় দিয়া হয় যদিও দলটোক বিচাৰকে মাত্ৰ দহ মিনিট সময় দিয়ে ৷ দহ মিনিট সময় পাৰ হোৱাত বাৰে বাৰে তেওঁলোকক বিহু বন্ধ কৰিবলৈ ফাট বিহু সমিতিয়ে আহ্বান জনায় ৷

তদুপৰি চাউণ্ড চিষ্টেম বন্ধ কৰি দিয়ে বিহু চলি থকা অৱস্থাত ৷ বিহু দলৰ সদস্য সকলে কিয় এনে কৰিলে বুলি প্ৰশ্ন সোধাত ফাট বিহুৰ স্থায়ী কমিটিৰ সম্পাদক ভাস্কৰ দাসে দলটোক গতিয়াই মঞ্চৰ পৰা বাহিৰ কৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ইয়াৰ পাছতে এজন বিহুৱাক প্ৰহাৰ কৰাত বিহুৱা জনে মূৰত গুৰুতৰ ভাৱে আঘাত পায় ৷

১৩ মে'ৰ দিনাই নগাঁৱত সংঘটিত হয় আন এক দুৰ্ভাগ্যজনক ঘটনা। নগাঁও নগৰ আৰক্ষী বিষয়া উৎপল বৈশ্যক আক্ৰমণ কৰে উদণ্ড যুৱকে। নগাঁৱৰ বসন্ত উৎসৱত সংঘটিত হয় এই ঘটনা। ইতিমধ্যে ভাইৰেল হৈ পৰিছে এই ঘটনাৰ দৃশ্য। পৰৱৰ্তী সময়ত আৰক্ষীয়ে আটক কৰে যুৱকজনক।

১৪ মে'। এইবাৰ ঘটনাৰ স্থান গোগামুখৰ আছুৰ ব’হাগী বিদায় অনুষ্ঠান। এই অনুষ্ঠানতে হয় এক অপ্রীতিকৰ ঘটনা । সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানত দুৰ্বৃত্তই চলাই তাণ্ডৱ।দুৰ্বৃত্তৰ আক্রমণৰ বলি যুৱতীসহ আছুৰ নেতা-কৰ্মী। কণ্ঠশিল্পী ৰোহিত সোণাৰৰ বাহনৰ ওপৰতো দুৰ্বৃত্তৰ আক্রমণ চলাই দলটোৱে।

কেৱল ইমানেই নহয়, জাপি, আছুৰ পতাকা গছকি অসমীয়া জাতীয় স্বাভিমানত আঘাত হানে এই উদণ্ড যুৱকৰ দলটোৱে। ঘটনা সন্দৰ্ভত ইতিমধ্যে গোগামুখ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আছুই।

১৪ মে'ৰ নিশাই আন এক ঘটনা সংঘটিত হয় উত্তৰ গুৱাহাটীৰ কটাহবজাৰ কেন্দ্ৰীয় বিহুৰ অনুষ্ঠানস্থলীত। বহাগী উৎসৱৰ সম্পাদক হোৱাৰ বাবে ৰোষত পৰিল এজন।দাৰে ঘপিয়ালে উত্তৰ গুৱাহাটীৰ কটাহবজাৰ কেন্দ্ৰীয় বিহুৰ সম্পাদক অজিত বড়োক।

বিহুৰ অনুষ্ঠানত শিল্পীক অপদষ্ট কৰা লোকক ৰাইজৰ ওচৰত ক্ষমা কৰিবলৈ লোৱা প্ৰস্তাৱৰ বাবেই ৰোষত পৰিল অজিত বড়ো নামৰ যুৱকজন। তেওঁক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৰমেন বড়ো নামৰ এজনৰ বিৰুদ্ধে। ইতিমধ্যে অজিত বড়োৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰমেন বড়োক।

এয়া মাত্ৰ কেইটামান উদাহৰণহে। ইয়াৰপৰি আৰু বহু এনে ঘটনা সংঘটিত হৈছে যিয়ে লজ্জিত কৰে অসমীয়া জাতিক। এনে কাণ্ডই কষ্ট দিয়ে সচেতন নাগৰিকক।

সাংস্কৃতিক চেতনা এটা জাতিৰ বাবে অতিকৈ প্ৰয়োজনীয়। ই জাতিটোৰ অন্তঃজগতত প্ৰৱেশৰ সুযোগ প্ৰদান কৰে। বিহু অসমীয়া জাতীয় জীৱনৰ আয়ুস ৰেখা। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে অতীতৰ পৰাই অসমত বিহু উদযাপন কৰি অহা হৈছে।

অসম কিহৰ বাবে বিখ্যাত বুলি ক'লে ৰঙালী বিহু আৰু এশিঙীয়া গঁড়ৰ কথাই আহে। কিন্তু অসমীয়া জাতিৰ পৰিচয় বিহুৰেই যদি এই অৱস্থা হয় তেন্তে ভৱিষ্যতে থাকিবনে ই আমাৰ স্বাভিমান হৈ?

পূৰ্বতে বিহু আছিল গছৰ তলত। ঘৰে ঘৰে হৈ ডেকা- গাভৰু সকলে হুচৰি জুৰিছিল। কিন্তু সেই বিহু এতিয়া পালেগৈ মঞ্চ। লগে লগে প্ৰসাৰো ঘটিল মঞ্চ বিহুৰ। নৃত্য় প্ৰতিযোগীতাকে ধৰি বিভিন্ন প্ৰতিযোগীতা, খেল ধেমালী অনুষ্ঠিত কৰা হয় বিহুৰ অনুষ্ঠানত।

এতিয়াৰ বিহু অনুষ্ঠান বুলি ক'লে জনপ্ৰিয় কণ্ঠশিল্পীৰ গীতৰ সমাহাৰ। নিশা ১১-১২ বজাৰ আগত আৰম্ভই নহয় বিহুৰ অনুষ্ঠান। পুৱতি নিশালৈ গান গাই থাকে কণ্ঠশিল্পীয়ে। কিন্তু সেই অনুষ্ঠানত হোৱা ভিৰৰ বিপৰীতে নাথাকে নিৰাপত্তাৰক্ষী। তদুপৰি একাংশ যুৱকে সুৰাপান কৰি উদ্ভাণ্ডলী কৰা কামবোৰতো আছেই।

ইয়াৰ বাবে জগৰীয়া কোন? কিহৰ বাবে একাংশই বিহুৰ অনুষ্ঠান মানে ভাবি লয় উদ্ভাণ্ডলী কৰা স্থান বুলি? বিহু চাবলৈ আহি মৃত্যু সাৱতি লোৱা, বিহু কমিটিৰ অসভ্য আচৰণ কেৱল অনুষ্ঠানটোৰ বাবেই নহয়, ভৱিষ্যতৰ বাবে ই এক ভয়াবহ ইংগিত।


বিহুক বিহু হৈ থাকিব দিয়ক। বিহুক লৈ কৰা বহুৱামী সকলৰ বিৰুদ্ধে কঠোৰ হ'ব লাগে প্ৰশাসন। আধুনিকতাৰ প্ৰলেপ পৰিলেও বিহুৰ ঐতিহ্যক পাহৰি যাব নালাগে।ভূপেন হাজৰিকাই কৈ গৈছিল- ''আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব''। সঁচাকৈ, আমি অসমীয়াই যদি ধৰি ৰাখিব নোৱাৰো আমাৰ অস্তিত্ব, যদি আমাৰেই একাংশই আমাৰ স্বাভিমানত আঘাত হানিব কুণ্ঠাবোধ নকৰে তেনে আনে কিয় নকৰিব?

বিহু বিহুৱামী নহয়, অসমীয়াৰ স্বাভিমান হে...
চাৰিকড়ীয়াৰ পাৰত বদনামী নকৰিব ফাটবিহুক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in