চাৰিকড়ীয়াৰ পাৰত বদনামী নকৰিব ফাটবিহুক

চাৰিকড়ীয়াৰ পাৰত বদনামী নকৰিব ফাটবিহুক

- মৃদুল কুমাৰ সন্দিকৈ

ফাট বিহু । ঢকুৱাখনাবাসীৰ বাবে এক আৱেগ আৰু মৰ্যদাৰ অনুষ্ঠান । এই অনুষ্ঠানটোৱে ঢকুৱাখনাক এক বিশেষ পৰিচিতি প্ৰদান কৰিছে । কোনোবা লোকে ঢকুৱাখনাৰ মানুহৰ সৈতে পৰিচয় হ'লেই দুটা কথা কয় । এটা হ'ল ঢকুৱাখনাত ফাট বিহু চাবলৈ যাবলৈ মন আছে বা আনটো হ'ল ঢকুৱাখনাত ফাট বিহু চাবলৈ গৈছো নহয় ।

প্ৰতিজন ঢকুৱাখনাবাসীৰেই এনে কথা শুনাৰ পাছত নি:সন্দেহেই গৌৰৱবোধ হয় । সেয়েহে এই বৰ্ণময় বিহুকেন্দ্ৰিক সাংস্কৃতিক অনুষ্ঠানটো সকলো ফালৰ পৰাই সৰ্বাংগ সুন্দৰ আৰু বিতৰ্কমুক্ত হৈ থকাটো সকলোৱে কামনা কৰে । বিভিন্ন কাৰণত ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ পাৰত মহঘূলি চাপৰিত প্ৰতিবছৰে আয়োজন কৰা ফাট বিহুক লৈ অলপ ইফাল সিফাল হ'লেও মানুহে তাক আওকাণ কৰে ।

এইয়া ঢকুৱাখনাবাসীৰ এক পৰিচয় । এক বিহুস্থলীক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তুলিব পৰা সফলতা ঢকুৱাখনাবাসীয়ে ইতিমধ্যেই দাবী কৰিব পাৰে । বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ এই মিলনস্থলীত প্ৰাকৃতিক পৰিৱেশৰ মাজত বিহুৱে ইয়াত অনন্য ৰূপ ধাৰণ কৰে । সেয়েহে কোৱা হয় ঢকুৱাখনাৰ ফাট বিহু সদায় পৃথক আৰু ইয়াত লোক জীৱনৰ জৰিয়তে লোক সংগীতৰ যি প্ৰতিফলন হয় সেই লোককৃষ্টিয়ে মানুহক সন্মোহিত কৰি ৰাখে ।

হাজাৰ হাজাৰ মানুহ ফাট বিহুস্থলীত সমৱেত হৈ আহিছে । অগণন মানুহৰ সমাৱেশ আৰু বিভিন্ন জনৰ মনান্তৰ হ'লেও ফাট বিহুৰ ইতিহাসত কেতিয়াও ২০২৩ বৰ্ষৰ দৰে ঘটনা সংঘটিত হোৱা নাই । ফাট বিহু স্থায়ী কমিটি অৰ্থাৎ উদ্যোক্তাই মঞ্চত সাধাৰণ বাক-বিতণ্ডাৰ বাবে বিহু হুচৰি দলৰ বিহুৱাক প্ৰহাৰ কৰাৰ নজিৰ নাছিল । কিন্তু ২০২৩ বৰ্ষৰ ১২-১৪ মে' লৈ অনুষ্ঠিত হোৱা ফাট বিহুস্থলীত মাজ নিশা তেনে কাণ্ডই সংঘটিত হ'ল ।

কোনোবাই আপত্তি কৰিছে । আন বিহু দলক দিয়াৰ সময়ৰ তুলনাত তেওঁলোকক কমকৈ সময় দিয়াৰ অভিযোগ তুলিছে । এই সাধাৰণ কথাটোৰ বাবেই কি বিহুৰ মঞ্চৰ পৰা বিহুৱা দলক আক্ৰমণ কৰি গটিয়াই ফাট বিহুস্থলীৰ বাহিৰ কৰি দিব ! মাইকেৰে বিহুৱাক প্ৰহাৰ কৰিব ?

এইয়া কেনেকুৱা সংস্কৃতি ? ইমান ডাঙৰ অনুষ্ঠান এটা অনুষ্ঠিত কৰা আয়োজকসকলৰ সেইকণ সহনশীলতাৰ অভাৱ হ'ল কেনেকৈ ? কেতিয়াওতো ফাট বিহুৰ আয়োজকসকলে এনে কৰা নাছিল । এতিয়া বাৰু ৰাজনীতিৰ প্ৰৱেশ ঘটাত তাৰ ক্ষমতাৰে বলীয়ান হৈ এচাম আয়োজকে এনেবোৰ কাম কৰিবলৈ সাহস কৰিছে নেকি ?

তেওঁলোকৰ বাবে ক্ষমতা আৰু গুণ্ডামী প্ৰদৰ্শন সাধাৰণ কথা হ'ব পাৰে, কিন্তু ফাট বিহুৰ বাবে সামগ্ৰিক অৰ্থত এইয়া চূড়ান্ত অভদ্ৰামি আৰু এনে কাম কৰা সকল ক্ষমাৰ অযোগ্য । সেইয়া লাগে কোনোবা স্থায়ী সমিতিৰ সম্পাদকেই হওক বা আন বিষয় ববীয়াই হওক ।

এই সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে ফাট বিহু আৰু ঢকুৱাখনাবাসীও এই কামত সহযোগ কৰাৰ অভিযোগত চিৰকাললৈ অভিযুক্ত হৈ ৰ'ব । মানুহে প্ৰশ্ন কৰিছে, ঢকুৱাখনালৈ গৈ ফাট বিহু চাই অহা লোকসকলে ঢকুৱাখনাত এনে হ'ব নালাগিছিল বুলি টিপ্পনী দিছে ।

এইবাৰৰ ফাট বিহু ব্যতিক্ৰম আছিল । প্ৰথমবাৰৰ বাবে ফাট বিহুস্থলীলৈ অসমৰ মুখ্যমন্ত্ৰী গৈছিল । মুখ্যমন্ত্ৰী কোনো ৰাজনৈতিক দলৰ নহয় । তেওঁ ৰাজ্যখনৰ মুৰব্বী । সেই অনুসৰি তেওঁক আদৰণি জনোৱা হওক । ইয়াত ৰাজনীতিৰ প্ৰৱেশ ঘটিল কেনেকৈ ? বিজপিৰ পতাকা উৰুৱাই ফাট বিহুলৈ যোৱা মুখ্যমন্ত্ৰীক আদৰণি জনোৱাৰ কিবা প্ৰয়োজন আছিল নে ? ফাট বিহু চাবলৈ যোৱা মানুহেই তেনে দৃশ্য সামাজিক মাধ্যমত দি প্ৰশ্ন কৰিছে এইয়া ফাট বিহু নে বিজেপি বিহু ?

আনকি আয়োজকসকলৰ বৰমূৰীয়াসকলে নিজেই নিজৰ আদৰণিৰ ব্যৱস্থাও কৰি লৈছে । এক অৰ্থত গৃহস্থই অতিথিৰ ৰূপত ভাও ধৰিলে । ফাট বিহুস্থলীত গামোচাক অপমান সহ্য কৰিব পাৰি নে ? এখন গামোচাক দুটা ভাগত দুটুকুৰা কৰি পতাকা উৰুৱালে ।

সেই দৃশ্যৰে সংবাদ মাধ্যমত খবৰো হ'ল । ফাট বিহুৰ পূৰ্বৰ ঐতিহ্য, মাদকতাৰ প্ৰতি যেন সাম্প্ৰতিক সময়ৰ আয়োজনৰ সৈতে জড়িত বিষয়-ববীয়াৰ কোনো চিন্তা নাই । তেওঁলোকৰ এটাই চিন্তা । এই ঐতিহ্যপূৰ্ণ মঞ্চখনত নিজক প্ৰদৰ্শিত কৰাৰ ।

ৰাজনীতিৰ বা ধনৰ বল প্ৰদৰ্শনেৰে ফাট বিহুক প্ৰদূষিত কৰাৰ এই কাৰবাৰত বহুতো পুৰণি ফাট বিহুৰে জড়িত লোক নাৰাজ । কোনোদিনেই ফাট বিহুস্থলীত বিষয়-ববীয়া আৰু ৰাজনৈতিক নেতাৰ ফটোৰে ডাঙৰ গ্ল' ছাইন বেনাৰ আদি বনোৱাৰ নজিৰ নাছিল ।

এইবাৰ কিন্তু সেইয়াও হৈছে । তেওঁলোক সকলোৱে হাত জোকাৰি ভাও ধৰিছে, ফাট বিহুলৈ অহা মানুহক আদৰিবলৈ ইমান কৃত্ৰিমতা প্ৰদৰ্শন নকৰা হ'লেও তেওঁলোক অন্তত: ইয়াতকৈ বেছি ভণ্ড নহ'ল হেতেন । ফাট বিহু আমাৰ সম্পদ । কিন্তু এতিয়া যি ধৰণে ইয়াত ৰাজনীতিৰ প্ৰৱেশ ঘটিছে সেই প্ৰৱণতাই ফাট বিহুলৈ বিপদ মাতিছে ।

ফাট বিহুলৈ সকলো আহক, কিন্তু ৰাজনীতিৰ চোলাটো খুলি এজন সাংস্কৃতিকপ্ৰেমী বা কৃষ্টিৰ সাধক হৈ এই মঞ্চলৈ আহক । তাকে নকৰি বিহুৰ সৈতে ৰাজনীতিৰ সংমিশ্ৰণেৰে ফাট বিহুৰ পৰিৱেশ প্ৰদূষিত কৰাতো মানুহে আৰু কিমান দিনলৈ চাই থাকিব । ইয়াক পৰিশোধন কৰাৰ দায়িত্ব ঢকুৱাখনাৰ সচেতন লোকসকলেই ল'ব লাগিব ।

ফাট বিহুৰ দৰে অনুষ্ঠানৰ স্মৰণিকাখনক লৈও বিতৰ্কৰ সূচনা হৈছিল । স্মৰণিকাখনত থকা এটা শুভেচ্ছাবাণীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছে - "মিছিং জনগোষ্ঠীৰ বৰ্ণাঢ্য লোকসংস্কৃতিৰ অপূৰ্ব প্ৰকাশ ফাট বিহু ।"

এই বাক্যটিক লৈয়ে এতিয়া প্ৰশ্ন উঠিছে । CMS/7/2023/293 নম্বৰৰ এই শুভেচ্ছাবাণীটো নিশ্চয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখা নাই । তেওঁৰ হৈ তলতীয়া বিষয়াই এই বাণী লিখোতে এক ডাঙৰ ভুল কৰি গ'ল । সেই ভুলৰ নিশ্চয় শুধৰণি আছে । ফাট বিহু কেৱল এটা জনগোষ্ঠীৰ অনুষ্ঠান নহয় । স্মৰণিকাখনৰ সম্পাদক বা আয়োজক কমিটিয়ে সেই সংশোধনৰ ব্যৱস্থা নকৰিলে ।

প্ৰতিবাদৰ পাছতো কেৱল কলমেৰে এই শাৰীতো কাটি স্মৰণিকাখন বিক্ৰী কৰাৰ অভিযোগ উঠিছে । ই এক যিকোনো জাতি-জনগোষ্ঠীৰ আৱেগত আঘাত লাগিব পৰা কথা । তাক সংশোধন কৰাৰ পদক্ষেপ কিয় লোৱা নহ'ল । ভিতৰৰ খবৰ মতে মুখ্যমন্ত্ৰীক সেই ভুল আঙুলিয়াই দি তেওঁৰ ভাষণত যাতে একেই ভুল নহয় তাক সতৰ্ক কৰি দিছিল কোনো লোকে ।

ফাট বিহুস্থলীত মানুহ বহু আছিল কিন্তু ফাট বিহুৰ পতাকাখন সুচাৰূৰূপে উত্তোলন কৰাৰ দিহা কৰিব পৰা মানুহৰে অভাৱ আছিল । এইবোৰ কাৰিকৰী বিজুতি বুলি ধৰি ল'লেও যিমান পাৰি ইয়াক সংশোধন কৰিবলৈ যি আন্তৰিকতাৰ প্ৰয়োজন সেই আন্তৰিকতা কিন্তু আয়োজকসকলৰ পৰা দেখা পোৱা নগ'ল ।

এনে অনাদৰে ফাট বিহুক ধ্বংসৰ মুখলৈ ঠেলি দিব । ৰাজনীতিকৰণে ফাট বিহুৰ ঐতিহ্যক গিলি পেলাব । ফাট বিহুক ধ্বংসৰ মাজলৈ এৰি দিব নে সেই মৰ্যদাৰ মাজত ধৰি ৰাখিব সেই সিদ্ধান্ত ল'ব লাগিব ঢকুৱাখনাবাসীয়ে ।

অসম তথা দেশ বিদেশৰ লোকে লক্ষ্য কৰিব ফাট বিহুস্থলীত সংঘটিত এই আসোৱাহবোৰ, ভুলবোৰৰ পৰা আমি শিক্ষা লৈছোনে ? কোনোবা এজন বসন্ত শইকীয়াৰ একচেটিয়া অনুষ্ঠান নহয় ফাট বিহু । একেদৰেই কোনোবা ভাস্কৰ দাস নামৰ লোকে মঞ্চত বিহুৱাক প্ৰহাৰ কৰাৰ পাছত তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই সিদ্ধান্ত নিশ্চয় সচেতন ঢকুৱাখনাবাসীক কোনেও শিকাই দিব নালাগে ।

প্ৰয়োজনত ফাট বিহুক লৈ এখন সাধাৰণ ৰাজহুৱা সভা হওক । তাতেই মুকলিকৈ আলোচনা হওক এইবোৰ কথা । সৰ্বসন্মতভাৱে লোৱা হওক ৰাজহুৱা সিদ্ধান্ত । কিয়নো ফাট বিহু এতিয়া ঢকুৱাখনাবাসীৰেই নহয় অসমৰ ৰাইজৰেই এক আগ্ৰহৰ অনুষ্ঠান ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in