ধৰ্ষণ কাণ্ড ৰোধ হওক: নিকৃষ্ট মানসিকতা নিপাত যাঁওক...

ৰাজ্যত বৃদ্ধি পাইছে ধৰ্ষণ কাণ্ড। এনে ঘটনাৰ বিৰুদ্ধে একাংশই গোচৰ ৰুজু কৰিলেও একাংশই এতিয়াও সামাজিক অপযশ বা বিভিন্ন কাৰণত গোচৰ ৰুজু নকৰে।
ধৰ্ষণ কাণ্ড ৰোধ হওক: নিকৃষ্ট মানসিকতা নিপাত যাঁওক...
ধৰ্ষণ কাণ্ড ৰোধ হওক: নিকৃষ্ট মানসিকতা নিপাত যাঁওক...

ৰাজ্যত বৃদ্ধি পাইছে ধৰ্ষণ কাণ্ড। এনে ঘটনাৰ বিৰুদ্ধে একাংশই গোচৰ ৰুজু কৰিলেও একাংশই এতিয়াও সামাজিক অপযশ বা বিভিন্ন কাৰণত গোচৰ ৰুজু নকৰে। বাল্য বিবাহ বিৰোধী অভিযানৰ দৰে ৰাজ্যত চলিব লাগে ধৰ্ষণকাৰীৰ বিৰুদ্ধে অভিযান। কঠোৰতম শাস্তি লটব লাগে জঘন্য কাণ্ড সংঘটিত কৰা সকলৰ বিৰুদ্ধে। এই সন্দৰ্ভত বৰষা শৰ্মাৰ এক বিশেষ প্ৰতিবেদন...

বাল্য বিবাহবিৰোধী অভিযানে কঁপাইছে ৰাজ্য। নৱজাতৰ মৃত্যু আৰু প্ৰসূতিৰ মৃত্যুৰ হাৰ নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশ মৰ্মে আৰক্ষীয়ে ৰাজ্যজুৰি বাল্য বিবাহৰ লগত জড়িত ব্যক্তিৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে।

হুৰমূৰকৈ চৰকাৰে চলোৱা বাল্য বিবাহ বিৰোধী অভিযান বৰ্তমান সময়ত সমাজত কিছু অবাঞ্চিত ঘটনাৰ সৃষ্টি কৰিছে। কিন্তু এই অভিযানে যে এটা ভাল ভৱিষ্যতৰ বাট মুকলি কৰি দিছে সেয়া নিশ্চিত।

ৰাজ্যত প্ৰতিদিনেই বৃদ্ধি পাই আহিছে নাৰীজনিত অপৰাধমূলক ঘটনা। কিশোৰী, যুৱতীৰ পৰা আৰম্ভ কৰি বৃদ্ধা, শিশুও বাছি নাযায় একাংশ নিকৃষ্ট চিন্তা ধাৰাৰ দানৱৰূপী মানৱৰ কবলৰ পৰা।

অন্য অপৰাধ মূলক ঘটনাৰ সমান্তৰালকৈ ৰাজ্যত বৃদ্ধি পাইছে ধৰ্ষণৰ ঘটনাও। বিগত ৬ বছৰত অসমত নাৰীজনিত অপৰাধমূলক ঘটনাৰ সংখ্যা ৭১ হাজাৰতকৈ অধিক।এনচিআৰবি ২০২১ ৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি অসমত মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰ আছিল ১৬৮.৩। যি ৰাষ্ট্ৰীয় হাৰ ৬৪.৫তকৈ বহু বেছি। উল্লেখ্য যে, অপৰাধৰ হাৰ প্ৰতি ১০০০,০০০ জনসংখ্যাত গণনা কৰা হয়। অসমৰ পাছতে দিল্লীত ১৪৭.৬ আৰু উৰিষ্যাত ১৩৭.৮ আছিল অপৰাধৰ হাৰ।

অসমত মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰ আছিল ২০১৭ চনত ১৪৩.৩ , ২০১৮ চনত ১৬৬ , ২০১৯ চনত ১৭৭, আৰু ২০২০ চনত ১৫৪.৩। গতিকে লক্ষ্য কৰিলে দেখা যায় যে অসমত নাৰী জনিত অপৰাধৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে।

চৰকাৰে এতিয়া ৰাজ্যত বাল্য বিবাহ বিৰোধী অভিযান চলাইছে। এয়া ভাল কথা। কিন্তু কেতিয়া ৰোধ হব ধৰ্ষণৰ দৰে জঘন্য ঘটনা। এনে নহয় যে চৰকাৰে কোনো ব্যৱস্থা হাতত লোৱা নাই। মহিলা আৰু কন্যা শিশুৰ সৈতে সম্পৰ্কিত অপৰাধৰ গোচৰৰ মোকাবিলা কৰিবলৈ কিছুমান জিলাত ১৮ টা ফাষ্ট ট্ৰেক আদালত আৰু ১১ টা বিশেষ মহিলা কোষ স্থাপন কৰা হৈছে।

কিন্তু ইয়াৰ পাছতো বৃদ্ধি পাইছে ধৰ্ষণৰ দৰে জঘন্য ঘটনা। এনচিআৰবিৰ তথ্য অনুসৰি ২০২০ চনত ধৰ্ষণ-হত্যা, দলবদ্ধ ধৰ্ষণৰ ঘটনা ২৬ টা আছিল যাৰ পৰিমাণ ২০২১ ত হয়গৈ ৪৬ টা। ইয়াৰ লগতে ধৰ্ষণৰ ১,৮৩৫ টা ঘটনা, ধৰ্ষণৰ চেষ্টা৫৬৩ টা ঘটনা, শালীনতা হানি কৰাৰ উদ্দেশ্যৰে আক্ৰমণৰ ৪,৫১১ টা ঘটনা আছিল।


গতিকে এই সমূহ ঘটনা ৰোধ কৰাৰ ওপৰতো চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিয় ৰোধ হোৱা নাই ধৰ্ষণ কাণ্ড সেই বিষয়ে চালি জাৰি চোৱা দৰকাৰ। কিছুমান উচ্চ শিক্ষিত লোকেও এনে জঘন্য ঘটনা সংঘটিত কৰা দেখা যায়।

বাল্য বিবাহবিৰোধী অভিযানৰ বিপৰীতে ৰাজ্যত চলিছে ধৰ্ষণ কাণ্ড। দেওবাৰে ডিব্ৰুগড়ত সংঘটিত হয় এক দলবদ্ধ ধৰ্ষণ কাণ্ড। য'ত এগৰাকী কিশোৰীক চাহ বাগিচাৰ মাজত প্ৰায় ৩ দিন ধৰি ধৰ্ষণ কৰে। ইতিমধ্যে ঘটনাৰ লগত জড়িত অভিযুক্ত গ্ৰেপ্তাৰ হৈছে।

ইয়াৰ পাছতে সোমবাৰে গুৱাহাটী মহানগৰীত এগৰাকী ১৩ বছৰীয়া কিশোৰী কামনাৰ বলি হয় এজন পাষণৰ। ইয়াৰোপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনেই ধৰ্ষণ কাণ্ড সংঘটিত হৈ আহিছে।

বাল্য বিবাহবিৰোধী অভিযানৰ লগতে অন্য অপৰাধৰ বিৰুদ্ধেও অভিযান চলিব। আজি-কালি শিশু, কিশোৰী সকলো বাছি নাযায় একাংশ লোকৰ পৰা। গতিকে ইয়াৰ বাবে সজাগতাৰ প্ৰয়োজন।

ধৰ্ষণ এক গুৰুতৰ অপৰাধ। কিন্তু তাৰ পাছতো কিয় একাংশ ধৰ্ষণকাৰী হাত সাৰি যায় সেয়া এক ডাঙৰ প্ৰশ্ন। ইয়াৰ কাৰণ সমূহ বিশ্লেষণ কৰিলে দেখা পোৱা যায় যে একাংশই আৰ্থিক সামৰ্থৰে আইনী ব্যৱস্থাৰ পৰা হাত সাৰিব বিচাৰে বা ধৰ্ষণৰ বলি হোৱা গৰাকীৰ ধন, ভয়-ভাবুকিৰে মুখ বন্ধ কৰিব বিচাৰে।

ৰাজ্যত এনে বহু ধৰ্ষণ কাণ্ড আছে যাৰ গোচৰ ৰুজু নহয়। তাৰ আঁৰত থাকে সামাজিক অপযশৰ ভয়। যিমানেই সমাজ আধুনিক নহ'লেও আজিও পুৰুষতান্ত্ৰিক চিন্তাধাৰাৰে আৱৰি ৰখাৰ চেষ্টা চলাই সকলো।

গতিকে ধৰ্ষণৰ বিৰুদ্ধে থকা আইন সমূহ সন্দৰ্ভত জনতাক সজাগ কৰা দৰকাৰ। সমাজৰ প্ৰতিগৰাকী মানুহৰ আইনৰ ওপৰত বিশ্বাস আনাতো দৰকাৰ। সজাগতা আনিলেহে মানুহে বুজিব পাৰিব ইয়াৰ আঁৰৰ সকলো কথা।

তদুপৰি যৌন শিক্ষা দিয়াতো জৰুৰী। বহু কিশোৰীয়ে নাজানে যৌনতা সম্পৰ্কে। এগৰাকী কিশোৰীক যৌনতাৰ বিষয়েও শিক্ষা দিব লাগে যাতে বুজি পাই ভাল -বেয়া স্পৰ্শ, আৰু কেনেকৈ নিজক সুৰক্ষিত ৰাখিব পাৰি।

সমাজ আধুনিক হ'লেও, মানুহে একবিংশ শতিকাত থাকিলেও আজিকালি মানুহে মুকলিকৈ যৌনতাৰ বিষয়ে কথা ক'ব লাজ কৰে। বহু ল'ৰা-ছোৱালী আছে যিয়ে ভুগি থকা সমস্যা সমূহৰ বিষয়ে পিতৃ-মাতৃক ক'বলৈ সংকোচ কৰে। গতিকে ইয়াৰ বাবে পিতৃ- মাতৃও কিছু পৰিমাণে গুৰুত্ব দিব লাগে।

সমাজ আধুিনক হ'লেও সংস্কাৰ হ'ব বাকী আছে। আজিও একাংশ লোকে ধৰ্ষণৰ কাৰণ ছোৱালী বুলিয়েই ভাৱে। পুৰুষতান্ত্ৰিক সমাজ এখন বান্ধি দিয়া কিছুমান নিয়মৰ ফচল এয়া। পৰোক্ষভালে হ'লেও কিছু পৰিমাণে সমাজো জগৰীয়া এনে কিছুমান কাণ্ডৰ বাবে।

সমাজ সংস্কাৰ হ'লেহে সমস্যা কমিব। এজন এজন লোকৰ দ্বাৰা গঠন হয় এখন সমাজ। এখন সমাজত থাকে বিভিন্ন জনৰ চিন্তা ধাৰা। ভিন্ন লোকৰ চিন্তা-ধাৰা একেই হ'ব নোৱাৰে। কিন্তু ভিন্ন লোকৰ চিন্তা-ধাৰাই যাতে সমাজ কূলষিত কৰাৰ কাৰক সৃষ্টি কৰিব নোৱাৰে তাৰ চেষ্টা চলাব লাগে। মানুহ শিক্ষিত হোৱাৰ লগতে মানসিক ভাৱ-ধাৰাও উন্নত হ'ব লাগিব।

গতিকে ধৰ্ষণৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰিবলৈ চৰকাৰে উপযুক্ত ব্যৱস্থা হাতত ল'ব লাগিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা ৰাইজৰ আশা বহুত। গতিকে মুখ্যমন্ত্ৰী গৰাকীয়ে এনে পন্থা হাতত ল'ব লাগে যাতে লাহে লাহে এনে কাণ্ড নাইকীয়া হৈ আছে। সমাজৰ প্ৰতি গৰাকী ব্যক্তিকেই ইয়াৰ বিৰুদ্ধে সচেতন কৰি ৰখা দৰকাৰ।যাততে সমাজ এখনৰ প্ৰতি গৰাকী বুজি পাই ধৰ্ষণ এক অপৰাধ আৰু কিছুমান লোকৰ নিকৃষ্ট মানসিকতাৰ ফচল...

আৰু পঢ়ক: খেলা-ধূলা, পঢ়া-শুনা কৰা বয়সত কিয় কিশোৰীয়ে কঢ়িয়াইছে মাতৃত্বৰ বোজা? চৰকাৰে ভাৱক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in