খেলা-ধূলা, পঢ়া-শুনা কৰা বয়সত কিয় কিশোৰীয়ে কঢ়িয়াইছে মাতৃত্বৰ বোজা? চৰকাৰে ভাৱক...

হুৰমূৰকৈ চলোৱা বাল্য বিবাহবিৰোধী অভিযানক লৈ ৰাজ্যত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। ক'ৰবাত যদি প্ৰতিবাদ, কৰ'বাত আত্মহত্যা।
খেলা-ধূলা, পঢ়া-শুনা কৰা বয়সত কিয় কিশোৰীয়ে কঢ়িয়াইছে মাতৃত্বৰ বোজা? চৰকাৰে ভাৱক...

হুৰমূৰকৈ চলোৱা বাল্য বিবাহবিৰোধী অভিযানক লৈ ৰাজ্যত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। ক'ৰবাত যদি প্ৰতিবাদ, কৰ'বাত আত্মহত্যা। কোনোৱে যদি থানা ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে কোনোৱে আকৌ আৰক্ষীৰ কোলাত তুলি দিছে কেঁচুৱাক। বাল্য বিবাহ ৰোধ হ'ব লাগে। কিন্তু চৰকাৰে হঠাৎ লোৱা সিদ্ধান্তৰ ফলত ৰাজ্যত অবাঞ্চিত ঘটনাও ঘটিব পাৰে। এই সন্দৰ্ভত বৰষা শৰ্মাৰ এক বিশেষ প্ৰতিবেদন...

বাল্য বিবাহবিৰোধী অভিযানে কঁপাইছে ৰাজ্য। নৱজাতৰ মৃত্যু আৰু প্ৰসূতিৰ মৃত্যুৰ হাৰ নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশ মৰ্মে আৰক্ষীয়ে ৰাজ্যজুৰি বাল্য বিবাহৰ লগত জড়িত ব্যক্তিৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে।

সমাজ সংস্কাৰৰ বিজ্ঞানসন্মত পদ্ধতিক আওকান কৰি মুখ্যমন্ত্ৰী শৰ্মাই বাল্য বিবাহৰ বাবে হুৰমূৰকৈ লোৱা সিদ্ধান্তৰ বাবে ৰাজ্যত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। বৃহস্পতিবাৰৰ নিশাৰ পৰা চলা এই অভিযানৰ পাছতেই একাংশ মহিলাই ৰণচণ্ডী ৰূপ ধাৰণ কৰিছে।

বাল্য বিবাহ যে এক অপৰাধ সেই সম্পৰ্কে কোনো ভূ নোপোৱা মহিলা সকলে স্বামীক ঘূৰাই দিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদো সাৱ্যস্ত কৰিছে। একাংশ মহিলাই থানাৰ প্ৰৱেশদ্বাৰ ভাঙি আৰক্ষীৰ সৈতে প্ৰত্যক্ষ সংঘৰ্ষত লিপ্ত হোৱাও দেখা গৈছে।

ক'ৰবাত যদি প্ৰতিবাদ, ক'ৰবাত মহিলাই আৰক্ষীৰ গাড়ীৰ সন্মুখত পৰি আত্মহত্যা কৰাৰ চেষ্টা চলাইছে। কোনো মহিলাই আকৌ আৰক্ষীৰ হাতত তুলি দিয়াৰ চেষ্টা চলাইছে পানী কেঁচুৱা। মুঠতে এক অৰাজকতা পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যত।আনকি একে পৰিস্থিতি হৈছে যে আৰক্ষীয়ে কন্দুৱা গেছ, লাঠী চালনাৰে বহু ঠাইত প্ৰতিবাদ ৰোধ কৰাৰ চেষ্টা চলাইছে।

বাল্য বিবাহ বিৰোধী অভিযানৰ পৰিণতি ইমানেই ভয়ংকৰ হৈ পৰিছে যে আত্মহত্যাৰ দৰে ঘটনাও পোহৰলৈ আহিছে। স্বামীক গ্ৰেপ্তাৰৰ পাছতেই মানকাচৰত খুচবু বেগম ওৰফে সীমা খাতুন(২৪) নামৰ দুই সন্তানৰ মাতৃয়ে চিপ লৈ আত্মহত্যা কৰে।

জানিব পৰা মতে ১৪ বছৰ বয়সত বিয়া হৈছিল সীমা খাতুনে। অপৈণত অৱস্থাত বিয়া হ'লেও সীমাৰ আছিল এখন সুখৰ সংসাৰ। কিন্তু ২ বছৰ পূৰ্বে তেওঁৰ স্বামীৰ মৃত্যু হয়। স্বামীৰ মৃত্যুৰ পাছত পিতৃ-মাতৃৰ ঘৰত বাস কৰি আহিছিল সীমাই। কিন্তু বাল্য বিবাহ বিৰোধী অভিযানৰ পাছতেই পিতৃ-মাতৃক লৈ গভীৰ শংকাত ভুগিছিল তেওঁ। সেই শংকাতে আত্মহত্যা কৰে সীমা খাতুনে। অৱশেষত ঘাট মাউৰা হৈ পৰিল দুটিকৈ শিশু।

সমগ্ৰ অসমত বাল্য বিবাহ সংক্ৰান্তীয় ৪,০৭৪ টা গোচৰ আছে আৰু বৰ্তমানলৈ আৰক্ষীয়ে ২০০০ তকৈ অধিক লোকক গ্ৰেপ্তাৰ কৰিছে। কিন্তু হঠাৎ চৰকাৰৰ এনে সিদ্ধান্ত কিয়?

বাল্য বিবাহ এক অপৰাধ। ইয়াৰ বিৰোধিতা কৰিব লাগে। বৰ্তমান পৰিস্থিতি চাই চৰকাৰৰ এই সিদ্ধান্তক বহুতে নেতিবাচক বুলি ক'ব পাৰে। কিন্তু ই ভৱিষ্যৎ সমাজক এক উপযুক্ত দিশ দেখুৱাব এয়া নিশ্চিত।

কিন্তু চৰকাৰৰ হঠাৎ লোৱা এনে সিদ্ধান্তৰ ফলত বৰ্তমানৰ সমাজত অবাঞ্চিত ঘটনা ঘটিব পাৰে। ইয়াৰ পূৰ্বে চৰকাৰৰ কিছু পৰিকল্পনাৰ প্ৰয়োজন আছিল। যেনেকৈ ড্ৰাগছ বিৰুদ্ধে বহু সজাগতা মূলক সভা অনুষ্ঠিত হয় বা শিক্ষা দিয়া হয় তেনেদৰে বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰে পন্থা হাতত ল'ব লাগিছিল।

বাল্য বিবাহৰ বিৰুদ্ধে কেৱল কিতাপত লিখা থাকিলেই নহ'ব, ইয়াক সমাজৰ প্ৰতিগৰাকী লোকৰ ওচৰলৈ লৈ যোৱাতো চৰকাৰৰ দায়িত্ব আছিল। চৰকাৰে যদি অভিযান আৰম্ভ কৰাৰ আগতে কিছু সংযম আৰু সজাগতা সৃষ্টি কৰিলেহেতেন তেন্তে আজি সমাজত অৰাজকতা পৰিস্থিতিৰ সৃষ্টি নহ'লহেতেনে।

কেৱল ভয় খুৱাই, গ্ৰেপ্তাৰ কৰিলেই সমাজৰ সমস্যা শেষ নহয়। সমস্যা সমাধান কৰিবলৈ মানুহৰ ওচৰলৈ যাব লাগিব আৰু বুজাব লাগিব যে ই অপৰাধ। যেতিয়া সমাজৰ প্ৰতি গৰাকী লোকেই সচেতন হ'ব তেতিয়াহে প্ৰকৃত অৰ্থত সমস্যা নাইকীয়া হ'ব।

বহু বছৰ ধৰি বাল্য বিবাহ বিৰোধী আইন আছে। কিন্তু কিছুমান আইন কেৱল কিতাপতহে সন্নিবিষ্ট থাকে। সমাজত প্ৰযোজ্য হ'বলৈ সময় লাগে। যাৰ বাবে বহু ক্ষেত্ৰত জগৰীয়া আৰক্ষী তথা প্ৰশাসনো।

প্ৰশ্ন হয়, কিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতহে তৎপৰতা আহে আৰক্ষী তথা প্ৰশাসনৰ? কিয় মুখ্যমন্ত্ৰীয়ে মনত পেলাই দিব লাগে আইনৰ কথা? মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পূৰ্বে আৰক্ষীয়ে কিয় ব্যৱস্থা হাতত নলয়। কিয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পূৰ্বে আৰক্ষীৰ গা নলৰে?

বাল্য বিবাহ বিৰোধী আইন এখন থকাৰ পাছতো ৰাজ্যত ইমান বাল্য বিবাহৰ ঘটনাই প্ৰশাসনৰেই স্বৰূপ উদঙাই দিছে। ১৪-১৫ বছৰীয়া কিশোৰীয়ে কঢ়িয়াই ফুৰিছে মাতৃত্বৰ বোজা। কিয় আগতে চকু পৰা নাছিল এই সকলো কথা আৰক্ষীৰ?

তদুপৰি চৰকাৰৰো কিছুমান কৰণীয় আছিল। কোনো ধৰণৰ নীতি প্ৰস্তুত নকৰাকৈ হঠাৎ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে বাল্য বিবাহবিৰোধী অভিযান। সমাজৰ একাংশ লোকেই এতিয়াও নাজানে যে বাল্য বিবাহ অপৰাধ আৰু ইয়াৰ বাবে কি প্ৰভাৱ পৰিব পাৰে এগৰাকী ছোৱালীৰ জীৱনৰ ওপৰত।

এয়া আমি নুই কৰিব নোৱাৰো যে, দৰিদ্ৰতা, জনবিস্ফোৰণ আদিৰ কাৰক বহু পৰিমাণে বাল্য বিবাহো হয়। কিন্তু খেলা-ধূলা, পঢ়া শুনা কৰা বয়সত কিয় এগৰাকী কিশোৰীয়ে বিবাহ পাশত আৱদ্ধ হ'ব লগা হয় সেয়া খবৰ চৰকাৰে ৰাখিছেনে?

কি পৰিস্থিতিত একাংশ পিতৃ-মাতৃয়ে ছোৱালী জনীৰ শৈশৱ কাঢ়ি নিয়ে সেয়া কোনে জানে! চৰকাৰে বাল্য বিবাহবিৰোধী অভিযান চলাইছে ভাল কথা, কিন্তু ইয়াৰ আঁৰত থকা কাৰক সমূহো চালি জাৰি চোৱা প্ৰয়োজন। যি সময় এগৰাকী কিশোৰীৰ সপোন দেখাৰ সময়,যি সময়ত এগৰাকী কিশোৰীয়ে খেলা ধূলা কৰিব লাগে, পঢ়া-শুনা কৰিব লাগে, তেনে সময়তে এগৰাকী কিশোৰীয়ে কঢ়িয়াব লগা হয় সংসাৰৰ বোজা।

জীৱন কি বুজি পোৱাৰ আগতেই চাৰি বেৰৰ মাজত আৱদ্ধ হৈ পৰে বাল্য বিবাহৰ কবলত পৰা এগৰাকী ছোৱালীৰ জীৱন। গতিকে ইয়াৰ কাৰণ জনা বা ইয়াৰ বিষয়ে সজাগতা অনাতো চৰকাৰৰ দায়িত্ব নহয়নে?

আজিকালি বিশেষকৈ দেখা যায় যে কিশোৰ-কিশোৰী সকলৰ মাজত অভাৱ হৈছে সজাগতাৰ। তদুপৰি পৰোক্ষভাৱে হ'লেও বাল্য বিবাহৰ দৰে ঘটনাক এতিয়াও সমাজত স্বীকৃতি দিয়া হয় যাৰ বাবে একাংশই এনে কাণ্ড কৰিবলৈ ভয় নকৰে।

লক্ষ্য কৰিলে দেখা যায় যে, একাংশ কিশোৰ-কিশোৰীয়ে ঘৰৰ অমান্তিত পলাই গৈ বিয়া হয়। তাৰ কিছুদিন সমাজত এই বিবাহক সামাজিক স্বীকৃতি দিয়া হয়। গতিকে এই ঘটনাটোত সমাজৰো কিছু পৰিমাণে ভুল নাইনে?

এতিয়া ৰাজ্যত কিছুমান এনে মানুহক গ্ৰেপ্তাৰ কৰিছে যিয়ে বহু বছৰ আগতে বিয়া কৰাইছে। যাৰ আছে এখন সুখৰ সংসাৰ। অপৈণত অৱস্থাত বিয়া হ'লেও এতিয়া পৈণত গৃহিনী তথা সন্তানৰ মাতৃ হৈ পৰা বহুতৰে স্বামী, পিতৃ-মাতৃ গ্ৰেপ্তাৰৰ পাছত শংকিত হৈ পৰিছে মহিলা সকল।

বাল্য বিবাহবিৰোধী সজাগতা, সচেতনতা অভিযানে ঢুকি নোপোৱা একাংশ মহিলাৰ সংসাৰৰ মূল চালিকা শক্তি, ঘৰৰ উপাৰ্জনকাৰী নোহোৱা হোৱাৰ পাছত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে।

গতিকে চৰকাৰে সজাগতা সৃষ্টি কৰাৰ অতিকে প্ৰয়োজন আছিল। নিঃসন্দেহে চৰকাৰৰ এই সিদ্ধান্তই পাছলৈ সমাজত এক ইতিবাচক প্ৰভাৱ পেলাব। কিন্তু ইয়াৰ পূৰ্বে নীতিৰ প্ৰয়োজন আছিল। নীতি প্ৰস্তুত নকৰাকৈ কেৱল চমক দেখুৱাবলৈ চৰকাৰে কৰা এনে কাৰ্য দুৰ্ভাগ্যজনক।

ভাৰতত বাল্য বিবাহ প্ৰতিৰোধ আইন প্ৰথমে প্ৰৱৰ্তন হৈছিল ১৯২৯ চনতেই। ২০০৬ চনত এই আইনৰ সংশোধন হৈছিল আৰু ২০০৭ চনৰ পৰা কাৰ্যকৰী হৈ আছে । কিন্তু বৰ্তমান পৰ্যন্ত এই আইনৰ কোনো নীতি প্ৰস্তুত হোৱা নাই। গতিকে চৰকাৰে প্ৰথমে নীতি প্ৰস্তুত কৰি বাল্য বিবাহ বিৰোধী অভিযান চলাব লাগিছিল। আৰু সেই নীতিৰ ভিত্তিত দিব লাগিছিল শাস্তি। তেনে নকৰি চৰকাৰৰ হঠাৎ লোৱা সিদ্ধান্তৰ ফলত ৰাজ্যত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হোৱাতো স্বাভাৱিক।

বাল্য বিবাহৰ বিৰোধিতা কৰিব লাগে সমাজৰ প্ৰত্যোকজন ব্যক্তিয়ে। বাল্য বিবাহ ৰোধ হ'ব লাগে। কিন্তু ইয়াৰ আঁৰত থকা কাৰক সমূহ চালি জাৰি চাই সমাজ আৰু চৰকাৰেও ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যাতে কেৱল আৰক্ষীৰ ভয়ত নহয়, একাংশৰ মনত থকা বাল্য বিবাহ নামৰ ব্যাধিটোৱে নোহোৱা হৈ যায়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in