ব্যস্ত প্ৰধানমন্ত্ৰীয়ে কেতিয়া শুনিব মণিপুৰ, মল্লযুঁজাৰু সকলৰ আৰ্তনাদ ?

ব্যস্ত প্ৰধানমন্ত্ৰীয়ে কেতিয়া শুনিব মণিপুৰ, মল্লযুঁজাৰু সকলৰ আৰ্তনাদ ?

মণিপুৰত বৰ্তমান উত্তপ্ত পৰিস্থিতি। সমান্তৰালকৈ দেশৰ আগশাৰীৰ মল্লযুঁজাৰু সকলেও ৰাজধানী দিল্লীত সাৱ্যস্ত কৰি আছে প্ৰতিবাদ। কিন্তু এই সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ব্যস্ত নিৰ্বাচীন প্ৰচাৰত। এই সন্দৰ্ভত বৰষা শৰ্মাৰ এক বিশেষ প্ৰতিবেদন-

অগ্নিগৰ্ভা মণিপুৰ। এতিয়ালৈকে শান্ত হোৱা নাই মণিপুৰৰ উত্তপ্ত পৰিস্থিতি। আগৰ তুলনাত কিছু হিংসাত্মক ঘটনা হ্ৰাস পালেও চুবুৰীয়া ৰাজ্যলৈ বিয়পি পৰিছে ইয়াৰ প্ৰভাৱ।

মেইটে লোক সকলক এছ টিত অন্তৰ্ভুক্ত কৰাৰ বিৰোধিতা কৰি যি প্ৰতিবাদ আৰম্ভ হৈছিল সেই প্ৰতিবাদে এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ৫০ জনৰো অধিক লোকৰ মৃত্যু হোৱাৰ উপৰিও ১০০০ ৰো অধিক বাসগৃহ জ্বলাই দিয়া হৈছে।

১০,০০০ ৰো অধিক লোকক ইতিমধ্যে উদ্ধাৰ কৰিছে আৰক্ষীয়ে।ৰাজ্যখনৰ বিভিন্ন স্থানত জাৰি কৰা হৈছে কাৰ্ফিউ, কৰ্তন কৰা হৈছে ইন্টাৰনেট সেৱা। ৰাজধানী দিল্লীতো আজি ইয়াক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

ঘটনাৰ বিৱৰণ অনুসৰি মণিপুৰৰ হিংসাত্মক ঘটনাক কেন্দ্ৰ কৰি দিল্লীৰ বিজয় নগৰত এখন প্ৰাৰ্থনা সভা অনুষ্ঠিত হৈছিল। এই প্ৰাৰ্থনা সভাৰ পাছতে ইয়াত অংশগ্ৰহণ কৰা কেইবাগৰাকীও যুৱতীক তেওঁলোক থকা স্থানলৈ আগবঢ়াই থবলৈ গৈছিল কেইজনমান যুৱক।

তাৰ মাজতে পথৰ মাজত এটা প্ৰায় ২৫ জনীয়া যুৱকৰ দলে তেওঁলোকক আগভেটি ধৰে আৰু তেওঁলোকৰ পৰিচয় বিচাৰে। নিজৰ পৰিচয় দিবলৈ অসন্মত হোৱা এই যুৱক-যুৱতীৰ দলটোক উক্ত ২৫ জনীয়া যুৱকৰ দলটোৱে আক্ৰমণৰ চেষ্টা কৰে।

কেৱল মণিপুৰে নহয়। দেশৰ ৰাজধানী দিল্লীতো প্ৰতিবাদ সাৱ্যস্ত কৰি আছে দেশৰ একাংশ মল্লযুঁজাৰুয়ে ৰেচলিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ অধ্যক্ষ তথা ব্ৰীজভূষণ চৰন সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি দেশৰ গৌৰৱ খেলুৱৈ সকলে প্ৰতিবাদ কৰি আছে । কিন্তু এই প্ৰতিবাদলৈ কাণসাৰ নাই কেন্দ্ৰীয় চৰকাৰৰ।

এই প্ৰতিবাদত অংশ লোৱা একাংশই দেশৰ বাবে অলিম্পিক, বিশ্ব চেম্পিয়নশ্বিপত অংশ গ্ৰহণ কৰি গৌৰৱ কঢ়িয়াই আনিছিল। বজৰং পুনিয়াৰ দৰে অলিম্পিক পদকধাৰী খেলুৱৈক ওচৰত বহুৱাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে একেলগে আহাৰ গ্ৰহণ কৰিছিল।

কিন্তু সেই মোডীয়ে আজি মৌন। মৌন হৈ আছে কেন্দ্ৰীয় চৰকাৰ। এই পৰ্যন্ত অভিযোগ উত্থাপন হোৱা নেতা গৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস কৰা নাই চৰকাৰে। নেতা গৰাকীয়েও দম্ভালি মাৰি কৈছে যে মোডী, অমিত শ্বাহে ক'লেহে তেওঁ ফেডাৰেশ্যনৰ পৰা পদত্যাগ কৰিব।

ব্ৰীজভূষণ এগৰাকী আগশাৰীৰ নেতা। ৬ বাৰকৈ সাংসদ তেওঁ। তাৰেই এবাৰ সমাজবাদী পাৰ্টীৰ পৰা আৰু ৫ বাৰ বিজেপিৰ পৰা তেওঁ সাংসদ হৈছে।ধন, অপৰাধ,দলত আধিপত্য সকলো থকাৰ লগতে তেওঁৰ বিৰুদ্ধে ৩৫ টাৰো অধিক গোচৰ ৰুজু আছে। ঘৰত পত্নী আৰু নিজৰ নামত কোটি কোটি টকাৰ সম্পত্তি থকাৰ লগতে আছে ১০-১৫টাকৈ মাৰনাস্ত্ৰ।

তেওঁৰ বিৰুদ্ধে আছে বহু গুৰুতৰ অভিযোগ। বিভিন্ন ঘটনাৰ অভিযুক্ত এই লোক জনৰ সেইবাবে গাৰ নোম এডালো লৰাব পৰা নাই বেটী বচাও, বেটী পঢ়াওৰ শ্লোগান দিয়া কেন্দ্ৰীয় চৰকাৰে।

মুঠতে দেশৰ বিভিন্ন স্থানত এতিয়া উত্তপ্ত পৰিস্থিতি। কিন্তু দেশৰ প্ৰধানমন্ত্ৰী এতিয়া ব্যস্ত নিৰ্বাচনী প্ৰচাৰত। সমাগত কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰত নামি পৰিছে মোডী। এখনৰ পাছত আন এখন জনসভা সম্বোধন কৰিছে। হাত জোকাৰি জোকাৰি ৰেলী কৰিছে। ডাঙৰ ডাঙৰ কথা ফুলজাৰি ফুটাই জনতাক আকৰ্ষিত কৰাৰ চেষ্টা কৰিছে।

দেশৰ গৌৰৱ বুলি কোৱা, যি সকল খেলুৱৈৰ পৰা দেশৰ ল'ৰা-ছোৱালী অনুপ্ৰাণিত হ'ব পাৰে বুলি মোডীয়ে কৈছিল সেই মোডী আজি নিমাত। ৰ'দে -ৰষুণে দিন পাৰ কৰিছে প্ৰতিবাদকাৰী সকলে,কিন্তু মোডীয়ে শুনা নাই তেওঁলোকৰ চিঞৰ। কাৰণ ৰাজনীতি। এজন বাহুবলী নেতাৰ বিৰুদ্ধে কেনেদৰে মাত মাতিব চৰকাৰে?

কিছুদিন পূৰ্বে উত্তৰ-পূৱক অষ্টলক্ষ্মী আখ্যা দিছিল মোডীয়ে। কৈছিল দিল্লী বেছি দূৰ নহয়। কৈছিল উত্তৰ-পূৱৰ লোক সকলৰ বাবে থকা তেওঁৰ মৰম। কিন্তু আজি যেন দিল্লী দূৰ বুলি বুজাই দিছে। এতিয়ালৈকে মোডীয়ে গ'ম পোৱা নাই নেকি মণিপুৰৰ কথা?

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই ক্ষেত্ৰত মণিপুৰৰ মুখ্যমন্ত্ৰীৰ লগত কথা-বতৰা পাতিছে। সেনা বাহিনীও প্ৰেৰণ কৰিছে। কিন্তু নিৰ্বাচনৰ পূৰ্বে বাৰে বাৰে উত্তৰ-পূৱ ভ্ৰমণৰ বাবে অহা নেতা সকলৰ নাই আজি সময়।

কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰ চলাই থকা প্ৰধানমন্ত্ৰী গৰাকীয়ে ভাষণক্ৰমে 'দ্যা কেৰলা ষ্টৰী' নামৰ বিষয়েও কৈছে। কিন্তু আহৰি নাই কেৱল মণিপুৰ আৰু দিল্লীৰ প্ৰতিবাদৰ কথা ক'বলৈ।

এয়াই ৰাজনীতি। বিজেপিয়ে জানে ক'ত, কেতিয়া,কেনেকৈ ৰাজনীতি কৰিব লাগে। এতিয়া বিজেপিৰ বাবে গুৰুত্বপূৰ্ণ কৰ্ণাটকহে। গতিকে মণিপুৰৰ জনতাৰ চকুপানী ক'ত দেখা পাব।

একাংশই আপোনজনক হেৰুৱালে। কিন্তু কিমান দিনলৈ মনত থাকিব এই কথা। নিৰ্বাচনৰ সময়ত পুনৰ নেতা, মন্ত্ৰী আহিব। উপহাৰ দিব, ডাঙৰ ডাঙৰ কথা ক'ব আৰু আবেগিক জনতাই তেওঁলোকক বিশ্বাস কৰিব।

এতিয়া জনতাই কান্দিছ আৰু মোডীয়ে ফুলৰ মালা লৈ ঘূৰি ফুৰিছে। আশা মাঁথো এটাই মোডীয়ে শুনক ৰাইজৰ কথা। চৰকাৰ থিয় দিয়ক মল্লযুজাৰু সকলৰ পক্ষত। যদি দেশৰ খেলুৱৈ সকলেই ন্যায় নাপাই সাধাৰণ জনতাই ন্যায় আশা কৰিব কৰ পৰা।

দেশৰ পৰিস্থিত ইমানেই বেয়া যে ক্ৰমান্বয়ে জনতাই হেৰুৱাই পেলাইছে প্ৰশাসন, চৰকাৰৰ ওপৰত বিশ্বাস। ক্ষমতাৰ ব্যৱহাৰ কেনেদৰে কৰি আহিছে চৰকাৰে সেয়া জনতাই দেখি আহিছে। যদি সকলো এনকৈয়ে থাকে তেন্তে পৰৱৰ্তী সময়ত এক ভয়ংকৰ ভৱিষ্যতৰ পিনে ঢাল খাব দেশৰ গণতন্ত্ৰাতিক ব্যৱস্থা।

ব্যস্ত প্ৰধানমন্ত্ৰীয়ে কেতিয়া শুনিব মণিপুৰ, মল্লযুঁজাৰু সকলৰ আৰ্তনাদ ?
যাৰ নাই কোনো সীমা-পৰিসীমা, সিয়েই মুক্তাগাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in