যাৰ নাই কোনো সীমা-পৰিসীমা, সিয়েই মুক্তাগাৰ

যাৰ নাই কোনো সীমা-পৰিসীমা, সিয়েই মুক্তাগাৰ

কিতাপ আৰু শিশু । দুয়োটাই অতীত, বৰ্তমান আৰু ভৱিষ্যত একোখন সমাজৰ । একেদৰেই দুয়োটাই সংপৃক্ত এটাই আনটোৰ সৈতে । যিদৰে আমি শিশুসকলৰ বাবে ভৱিষ্যতে এৰি থৈ যাব লগীয়া পৃথিৱীখনৰ কথা চিন্তা কৰো, তেনেদৰেই জানো চিন্তা কৰো পৃথিৱীখনৰ বাবে আগুৱাই দিব লগীয়া শিশুসকলৰ বিষয়ে ? কি পৃথিৱী এৰি যাম সেই কথাৰ সৈতেই আহে কেনে মানৱ সম্পদ এৰি যাম । এই কথা আপুনি-মই চিন্তা নকৰিলেও, কৰিছে নগাঁৱৰে এগৰাকী যুৱকে । কিন্তু কি এই চিন্তা ? সেই সন্দৰ্ভতেই জয়দীপ নাৰায়ণ দেবৰ এই বিশেষ প্ৰতিবেদন -

এটা মোবাইল ফোন । সৰু স্ক্ৰীণখনত সকলো সময়তেই চলি থাকে কাৰ্টুন অথবা মোবাইল গেম । সৰু স্ক্ৰীণ খনতেই সকলো সময়তেই আৱদ্ধ হৈ থাকে এহাল কণমানি চকু । তাৰ পাছত আপুনি নিশ্চিতমনে সেই কণমানি চকুহালৰ গৰাকীক আহাৰ খুওৱাই দিয়ক, এঠাইত বহুৱাই থৈ দিয়ক ।

তেওঁৰ কোনো আপত্তি নাই । কিয়নো তেওঁৰ দৃষ্টি, মন-প্ৰাণ সকলো সেই স্ক্ৰীণখনতেই নিমগ্ন সকলো সময়তেই । কিন্তু স্ক্ৰীণখন আতৰি গ'ল মানেই আপুনি বিপদত পৰিল ।

এই দৃশ্য এতিয়া সুলভ । কি নগৰ-চহৰ, কি গাঁও । সকলোতেই এতিয়া শিশুসকল ব্যস্ত মোবাইল, টেবলেট অথবা কম্পিউটাৰৰ সন্মুখত । যিদৰে এটা সময়ত আছিল টেলিভিছনৰ সন্মুখত । এই ক্ষেত্ৰত দোষী কোনো নহয় ।

ৰং-বিৰঙী আকৰ্ষণীয় কাহিনীৰে শিশু এটিক ১০ মিনিটতকৈ বেছি সময় ব্যস্ত কৰি ৰাখিব পৰাও এক প্ৰকাৰৰ কৃতিত্ব । এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে সফল কাৰ্টুন অথবা গেম নিৰ্মাতা সকল । দোষ নাই শিশুটি অথবা অভিভাৱকৰো । সকলোৱে বিনা সমস্যাত নিজৰ নিজৰ কামত মনোনিৱেশ কৰিব পাৰিছে সুকলমে ।

তেন্তে সমস্যা ক'ত ?

সমস্যা বিভিন্ন প্ৰকাৰৰ । একেবাৰেই প্ৰথমটো হৈছে শাৰীৰিক । দীৰ্ঘ সময় ধৰি স্ক্ৰীণত আৱদ্ধ হৈ থকা চকুহালে ব্যয় কৰিব লগীয়া হয় অপৰিসীম শক্তি । একে সময়তেই স্ক্ৰীণখনৰ বিভিন্ন ভাগত হৈ থকা প্ৰতিটো ঘটনাৰাজি সময়মতে স্নায়ুৰ সহায়েৰে পঠিয়াব লগীয়া হয় মগজুলৈ সংকেতৰ ৰূপত ।

এই সকলোৰে মাজত ভাগৰি পৰে চকুহাল আৰু স্নায়ু-তৰংগৰ মাজৰ খেলটো । যি পৰৱৰ্তী সময়ত মূৰৰ বিষ অথবা বিতচকুৰ প্ৰয়োজনীয়তালৈ ৰূপান্তৰিত হ'ব পাৰে অনায়াসে ।

আনটো সমস্যা হৈছে সামাজিক আৰু বৌদ্ধিক । স্ক্ৰীণত নিবদ্ধ হৈ থকা প্ৰতিটো মুহুৰ্ত শিশুটিয়ে হেৰুৱাই আন এক সুযোগৰ পৰা । সেই সময়খিনি ব্যয় কৰিব পৰা গ'ল হয় প্ৰকৃতিৰ সৈতে, চৰাই-চিৰিকতি, গছ-গছনিৰ সৈতে । ইয়াৰ গুৰুত্ব হ'ল যে মোবাইল অথবা কম্পিউটাৰটো বৰ্তমান অথবা ভৱিষ্যতৰ অবিচ্ছেদ্য অংগ যদিও সমাজখন মোবাইলকেন্দ্ৰিক আজিও নহয় ।

মানুহ সামাজিক প্ৰাণী, সমাজৰ সৈতে আছে মানুহৰ আদিম সম্পৰ্ক । সেই সম্পৰ্ক উপেক্ষা কৰি জীয়াই থকা সম্ভৱ হ'লেও সফল নহয় । তেনেস্থলত মোবাইলত প্ৰয়োগ কৰা সময়খিনি ব্যয় কৰিব পৰা যায় সমাজৰ সৈতে ।

ঠিক একেদৰেই মানৱ ইতিহাসৰ সৰ্বোত্তম আৱিষ্কাৰ হ'ল গ্ৰন্থ । যি গ্ৰন্থই উন্মেষণ কৰে জ্ঞানৰ । জ্ঞান আহৰণৰ অন্য উৎস আছে যদিও গ্ৰন্থৰ সমান হৈ উঠিব নোৱাৰে কোনো ।

কিন্তু কিয় প্ৰয়োজনীয় এইখিনি কথা ?

এই কথাখিনিৰ অৱতাৰণ কৰিব লগীয়া হ'ল নগাঁওৰ এজন যুৱকৰ বিষয়ে ক'বলৈ গৈ । নগাঁও মহাবিদ্যালয়ৰ পৰা অংকশাস্ত্ৰত স্নাতক ডিগ্ৰী সম্পন্ন কৰা যুৱক গৰাকীৰ নাম পুলক জ্যোতি দাস । সাধাৰণতেই অংকশাস্ত্ৰ বুলিলেই সমাজৰ এক বচা বচা লোক হে আকৰ্ষিত হয় ।

সমগ্ৰ জীৱন কোনেনো থিয়'ৰাম, ফৰ্মুলাৰ মাজত কটাব বিছাৰে ? কিন্তু এই থিয়'ৰাম, ফৰ্মুলা সমূহেই যে প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে সমগ্ৰ পৃথিৱী পৰিচালনা কৰি আছে সেই কথা অনুধাৱণ নহয় সকলোৰে । অংক নোহোৱাকৈ জানো আজিৰ দিনত কোনো বস্তু সম্ভৱ ?

অংকশাস্ত্ৰৰ সৈতে সাহিত্য । একেবাৰেই যেন ৰাহি যোৰা নিমিলে দুয়োটা বিষয়ৰেই । কিন্তু একেজন যুৱকেই আকৌ নগাঁও কলেজৰ ২০২১-২২ চনৰ শ্ৰেষ্ঠ সাহিত্যিক ।

সৰুৰে পৰাই কিতাপৰ সংস্পৰ্শত ডাঙৰ হোৱা পুলকৰ বাবে কেতিয়াও মাৰ যোৱা নাছিল গোগ্ৰাসে কিতাপ গিলি যোৱাৰ ক্ষুধা । তাৰ পাছতো যেন কাহানিও যথেষ্ট নাছিল সেই কিতাপ ।

নিজে শিশুকালৰে পৰাই প্ৰত্যক্ষ কৰি অহা কিতাপৰ ক্ষুধাই যুৱকজনৰ মনত সঞ্চাৰ কৰিলে এক প্ৰকল্পৰ কথা । যিদৰে নিজৰ বাবে কাহানিও যথেষ্ট নাছিল কিতাপৰ সংখ্যা ঠিক একেটা ঘটনাইতো সংঘটিত হ'ব পাৰে নৱ প্ৰজন্মৰ কণমানিসকলৰ সৈতেও । নাই এনেদৰে নহ'ব । গঢ়ি তুলিব লাগিব এটি গ্ৰন্থাগাৰ ।

। কিন্তু গ্ৰন্থাগাৰ বুলিলেই মনলৈ আহে এটি নিজম-নিতাল বৃহৎ কোঠা, য'ত কোনোবাখন কিতাপেই হয়তো কণমানিবোৰৰ হাত দুখনতকৈ ডাঙৰ । গধুৰ এই কিতাপসমূহত সমগ্ৰ বিশ্বৰ জ্ঞান থাকিলেও বা, আহৰণ জানো কৰিব পাৰিব কণ কণ মগজুবোৰে ? কেৱল সেয়াই নহয় যি কিতাপত ছবি নাই, যি কিতাপে কাহিনী নকয় সেই কিতাপৰ প্ৰতিনো কিমান সময় মনযোগ থাকিব শিশুসকলৰ ।

অৰ্থাৎ শিশুসকলৰ বাবে লাগিব এটি সুকীয়া শিশু গ্ৰন্থাগাৰ । যি গ্ৰন্থাগাৰত মুকলি মনেৰে আহিব এটি শিশু, প্ৰাণখুলি কথা পাতিব-হাঁহিব, খেলিব, প্ৰয়োজনত কান্দিবও আৰু থাকিব নানানটা অভিমান । যি গ্ৰন্থাগাৰে পৃথিৱীৰ আন গ্ৰন্থাগাৰসমূহৰ কোনো নিয়ম-কানুন নামানিব, শিশুসকলৰ দৰেই ।

এই উদ্দেশ্য আগত লৈয়েই পুলকে আৰম্ভ কৰিলে এটি শিশু গ্ৰন্থাগাৰ । প্ৰথমে নিজৰ ঘৰতেই আৰম্ভ কৰা গ্ৰন্থাগাৰটোৰ পঢ়ুৱৈ আছিল চুবুৰীৰে শিশুসকল । ৰবিবাৰৰ দিনটোত কিছু সময়ৰ বাবে অহা শিশুসকলক পুলকে পঢ়িবলৈ কিতাপ দিয়ে, যি কিতাপত আছে ৰং-বিৰঙী ছবি ।

পুলকে সাধু কয়, কেতিয়াবা ল'ৰা-ছোৱাৰীবোৰেও কয়, পুলকে শুনে । এনেদৰেই আৰম্ভ হোৱা গ্ৰন্থাগাৰটোৱে এসময়ত প্ৰয়োজনীয় গুৰুত্ব বিচাৰি পালে সমাজত । এতিয়া এই শিশু সকলৰ আগমণ প্ৰতি সপ্তাহতেই নিয়মিত ।

পুলকে প্ৰথমে এটা কোঠাৰ পৰা আৰম্ভ কৰা গ্ৰন্থাগাৰটো এতিয়া দুটা কোঠাত । এটা কোঠাত শিশু সকলৰ বাবে কিতাপ থাকে, আনটো কোঠা ৰিডিং ৰুম, অৰ্থাৎ কিতাপ পঢ়িবৰ বাবে । পুলকৰ ভাষাতেই, "কিতাপ কোনো বোজা নহয়, ই এক আমোদজনক খেল হে"

তেনেদৰেই আৰম্ভ হোৱা গ্ৰন্থাগাৰটোত এতিয়া ১৫০০ ৰো অধিক গ্ৰন্থ আছে । য'ত ৭৫০ৰো অধিক গ্ৰন্থ কণমানিসকলৰ বাবে আৰু আনখিনি কিশোৰ-কিশোৰী অথবা প্ৰাপ্ত:বয়স্কৰ বাবে ।

এই গ্ৰন্থাগাৰৰ নাম মুক্তাগাৰ । যি ভৱিষ্যতে সৃষ্টি কৰিব মুকুটাৰ । প্ৰতিটো শিশুৱেই এটি এটি মুকুটা, হয়তো বিচাৰি উলিয়াই ইয়াক পৰিস্কাৰ কৰাৰ হে প্ৰয়োজন মানৱ সম্পদ ৰূপে গঢ় দিবলৈ ।

এইখিনিতেই আকৌ শেষ নহয় পুলকৰ সপোন ।

মুক্তাগাৰৰ সমান্তৰালকৈ সৃষ্টি কৰিলে আন এক প্ৰকল্পৰ । ইয়াৰ নাম "স্কুলকৈ যাওঁ ব'লা" । এই প্ৰকল্পৰ অধীনত পুলকে বৰ্তমান তিনিখন বিদ্যালয়ৰ সৈতে সংযোগ স্থাপন কৰিছে ভৱিষ্যত পৰিকল্পনাৰ বাবে । ৰহাৰেই তিনিখন বিদ্যালয়ৰ দুখন চৰকাৰী, এখন ব্যক্তিগত ।

এই প্ৰকল্পত পুলকে সপ্তাহত এদিনকৈ বিদ্যালয় কেইখনলৈ গৈ যাদুকৰৰ টোপোলাটোৰ দৰেই এটি টোপোলাৰ পৰা উলিয়াই দিয়ে চলন্ত গ্ৰন্থাগাৰৰ প্ৰকল্পটো । অৰ্থাৎ কিতাসমূহ লৈ পুলকে বিদ্যালয়খনতেই শিক্ষক-শিক্ষয়ত্ৰীসকলৰ সহযোগত আৰম্ভ কৰে গ্ৰন্থাগাৰটো ।

দিনটোৰ কোনোবা এটা সময়ত শিশুসকল গ্ৰন্থাগাৰটোলৈ আহে, কিতাপ পঢ়ে, পুলকৰ সৈতে কথা পাতে । আকৌ মাতে পুলকক পুনৰ আহিবলৈ । যেন অসমৰ ত'ত্ত'-চ্চান ।

এই টেলিফোনিক সাক্ষাৎকাৰটোত ভৱিষ্যত পৰিকল্পনাৰ বিষয়েও জানিবলৈ দিলে পুলকে । গ্ৰন্থাগাৰলৈ অহা শিশুসকলৰ মাজৰে পৰাই ভৱিষ্যতে মুক্তাগাৰক নেতৃত্ব দিব পৰা কিশোৰৰো সন্ধানত পুলক ।

অৱশ্যে ইয়াৰ বাবে বিশেষকৈ কোনো প্ৰশিক্ষণ নিদিয়ে পুলকে, তাৰ পৰিৱৰ্তে স্বইচ্ছাই আগবাঢ়ি আহিব কোনো শিশু । কিয়নো ভৱিষ্যতে অধ্যয়ণ অথবা কৰ্মসূত্ৰে ৰহাত থকা সম্ভৱ হৈ নুঠিবও পাৰে পুলকৰ বাবে ।

কিন্তু পুলক ৰহাত থাকক বা নাথাকক, থাকি যাব পুলকৰ এই সপোন । যি সপোনে ভৱিষ্যতলৈ সৃষ্টি কৰিব হেজাৰ হেজাৰ সাহিত্যিক, কবি, চিত্ৰশিল্পী, কথক আৰু সকলোতকৈ প্ৰয়োজনীয়ভাৱে পঢ়ুৱৈ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in