বিশ্বৰ শীৰ্ষ দুই অৰ্থনীতিৰ দেশৰ দুৰৱস্থা ! নালাগে পৰিয়াল, নালাগে সন্তান...

বিশ্বৰ শীৰ্ষ দুই অৰ্থনীতিৰ দেশৰ দুৰৱস্থা ! নালাগে পৰিয়াল, নালাগে সন্তান...
বিশ্বৰ শীৰ্ষ দুই অৰ্থনীতিৰ দেশৰ দুৰৱস্থা ! নালাগে পৰিয়াল, নালাগে সন্তান...
বিশ্বৰ শীৰ্ষ দুই অৰ্থনীতিৰ বিপৰ্যয়। পৰিয়াল পোহপাল দিবলৈও চিন্তা কৰিবলগীয়া হৈছে জনতাই। সন্তান জন্ম দিব নিবিচাৰে বিবাহিত যুৱক-যুৱতীয়ে। সলনি হৈছে জীৱন প্ৰণলী। আৰম্ভ হৈছে অৰ্থনৈতিক বিপৰ্যয়। এই বিষয়ে অসমীয়া প্ৰতিদিন ডিজিটেলৰ তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

বিশ্বৰ শীৰ্ষ অৰ্থনীতিৰ দুখন দেশত সৃষ্টি হৈছে উদ্বেগ। কিয়নো দেশ দুখনৰ নাগৰিকে পৰিয়াল প্ৰতিপালন কৰিবলৈ আগ্ৰহহীন হৈ পৰিছে। পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে, যুৱ প্ৰজন্মই বিয়াত বহিছে যদিও সন্তান জন্ম দিবলৈ আগ্ৰহহীন হৈ পৰিছে।

পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে ৰাষ্ট্ৰৰ মূৰব্বীয়ে কবলৈ বাধ্য হৈছে এনে পৰিস্থিতি অব্যাহত থাকিলে দেশ ধ্বংস হৈ যাব। এছিয়াৰ দুই মহাশক্তিশালী দেশ চীন আৰু জাপান।

দুয়োখন ৰাষ্ট্ৰত শেহতীয়াকৈ সৃষ্টি হৈছে এনে এক পৰিস্থিতি। দেশদুখনৰ জনতাই পৰিয়াল পোহপাল দিবলৈ হৈ পৰিছে অসমৰ্থ। বিয়া কৰিছে যদিও নতুন প্ৰজন্মই সন্তান জন্মদিবলৈও আগ্ৰহী নহয়।

ঐশ্চৰ্য, বিভূতিৰে ভৰপূৰ দেশ দুখনত এনে কি হ'ল যে ইয়াৰ জনতাই সন্তান জন্মদিবলৈ, পৰিয়ালৈ পোহপাল দিবলৈ আগ্ৰহহীন হৈ পৰিছে? কিন্তু আঁৰৰ ইয়াৰ কাৰণ কি? বিশেষজ্ঞ সকলে বিচাৰি পাইছে ইয়াৰ আঁৰৰ কাৰণ।

চুবুৰীয়া চীন হৈছে বিশ্বৰ দ্বিতীয় বৃহত্তম অৰ্থনীতি আৰু জাপান হৈছে তৃতীয় বৃহত্তম অৰ্থনীতি। অৰ্থাৎ বিশ্বৰ এইদুই সমৃদ্ধিশালী দেশত শেহতীয়াকৈ উদ্বেগজনক ভাৱে হ্ৰাস পাইছে সন্তান জন্মহোৱাৰ সংখ্যা।

বিশেষজ্ঞসকলৰ দাবী, এই দুয়ো দেশৰ বিবাহিত দম্পতীয়ে পৰিয়াল প্ৰতিপালন কৰিবলৈ আগ্ৰহী নহয়। আৰু ইয়াৰ মূল কাৰণ হৈছে মুদ্ৰাস্ফীতি। মুদ্ৰাস্ফীতিৰ বাবে বিশ্বৰ শীৰ্ষ দুই সমৃদ্ধিশালী দেশৰ যুৱক-যুৱতীয়ে পৰিয়াল প্ৰতিপালন কৰিব নিবিচাৰে।

অৰ্থনৈতিক ভাৱে দুৰ্বল এখন ৰাষ্ট্ৰৰ দৰিদ্ৰ জনতাই যিদৰে সন্তান প্ৰতিপালন কৰা, খাদ্যৰ ব্যয় বহন কৰা, শিক্ষাৰ ব্যয় বহন কৰাৰ কথা চিন্তা কৰিবলগীয়া হয় ঠিক একেই অৱস্থা বিশ্বৰ এই দুই সমৃদ্ধিশালী দেশত।

ভাৰতৰ তুলনাত আজিৰ তাৰিখত জাপানত বাস কৰাটো ১৮২ গুণ অধিক ব্যয়বহুল। ঠিক একেদৰে চীনত বাস কৰাটো ভাৰতৰ তুলনাত ১০৪ গুণ ব্যয়বহুল।

বিশেষজ্ঞসকলৰ দাবী চৰকাৰী নীতি, সামাজিক গাঁথনি আৰু অৰ্থনৈতিক পৰিস্থিতিৰ বাবে আজি চীন আৰু জাপান দুয়োখন ৰাজ্যৰ যুৱ প্ৰজন্মৰ চিন্তাধাৰা সলনি হৈছে। প্ৰাথমিকতা সলনি হৈছে। যাৰ বাবে আজি এনে পৰিস্থিতিৰ সৃষ্টি হৈছে যে দেশ দুখনত জনসংখ্যা হ্ৰাস হ'বলৈ আৰম্ভ কৰিছে।

আজিৰ তাৰিখত জাপানত বাস কৰাটো কিমান ব্যয়বহুল সেয়া এটা উদাহৰণে স্পষ্ট কৰিব। ভাৰতৰ কোনো এখন মহানগৰত আজিৰ তাৰিখত ১ কেজি আলুৰ দাম গড়ে ৩২ টকা।

একেদৰে ১ কেজি বিলাহীৰ মূল্য গড়ে ৪৫ টকা। কিন্তু জাপানত আজিৰ তাৰিখত ১ কেজি আলুৰ দাম ২৯০ টকা। বিলাহীৰ দাম প্ৰতি কিলোগ্ৰামত ৩৯৪ টকা।

ভাৰতত টুথপেষ্টৰ এটা টিউবৰ মূল্য ৮৮ টকা আৰু জাপানত ১২১ টকা। চিনেমা চাবৰ বাবে ভাৰতত দুটা টিকট ৬৫০ টকালৈকে উপলব্ধ। কিন্তু জাপানত এখন চিনেমা চাবলৈ দুজন ব্যক্তিয়ে ব্যয় কৰিব লাগিব ২২০০ টকাৰো অধিক।

জাপানত পৰম্পৰাগতভাৱে এক পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থা বৰ্তি আছে। ভাৰতৰ দৰেই জাপানৰ সমাজ আৰু পৰিয়ালত মহিলাতকৈ পুৰুষৰ প্ৰভাৱ অধিক। পৰম্পৰাগতভাৱে জাপানত, মহিলাসকলে ঘৰুৱা কাম কৰি আহিছে।

কিন্তু সময়ৰ লগে লগে জাপানত নগৰায়ন বৃদ্ধি পোৱাত মানুহৰ জীৱনশৈলীও সলনি হৈছে। জাপানৰ কঠোৰ কৰ্ম সংস্কৃতিৰ বাবে, পুৰুষসকলে প্ৰায়ে ঘৰৰ বাবে সময় উলিয়াব পৰা নাছিল। যাৰ বাবে মহিলা সকলেও হাতত অফুৰন্ত সময় পোৱাৰ বাবে চাকৰি কৰিবলৈ আৰম্ভ কৰে।

কিন্তু সময়ৰ লগে লগে, মহিলাৰ চাকৰিৰ পৰা পৰিয়ালটোৰ অতিৰিক্ত উপাৰ্জনো পৰিয়ালটোৰ বাবে এক প্ৰয়োজনীয় হৈ পৰিল। এতিয়া জাপানৰ চহৰসমূহত মুদ্ৰাস্ফীতিৰ পৰিস্থিতি এনেকুৱা পৰ্যায়ত উপনীত হৈছেগৈ যে, স্বামী আৰু পত্নী দুয়োৱে কাম কৰাটো বাধ্যতামূলক হৈ পৰিছে।

জাপানৰ ২০২১ চনৰ এক জৰীপে দেখুৱাইছে যে, দেশখনত ৫২.২ শতাংশ মহিলা বিভিন্ন ক্ষেত্ৰত নিয়োজিত হৈ আছে। ২০১২ত, এই সংখ্যা আছিল ৪৬.২ শতাংশ। ২০১২ ত জাপানত নিযুক্তি প্ৰাপ্ত মহিলাৰ সংখ্যা আছিল প্ৰায় ২.৬৬ কোটি, আনহাতে ২০২১ ত নিযুক্তি প্ৰাপ্ত মহিলাৰ সংখ্যা বৃদ্ধি হয় গৈ 30 নিযুতৰো অধিক।

বিশেষজ্ঞসকলৰ মতে, ১০ বছৰ পৰ্বে জাপানত প্ৰতি বছৰে গড়ে দুই নিযুত শিশুৰ জন্ম হৈছিল। কিন্তু এতিয়া গড়ে প্ৰতি বছৰে 8 লাখ শিশুহে জন্ম হৈছে। জাপানৰ কৰ্ম সংস্কৃতি আৰু বৰ্ধিত মুদ্ৰাস্ফীতি দেশখনত শিশুৰ জন্মহাৰ হ্ৰাস হোৱাৰ বাবে আটাইতকৈ বেছি দায়বদ্ধ।

উল্লেখ্য যে, জাপানত ২০ ৰ পৰা ৪০ বছৰ বয়সৰ লোকসকলে মুদ্ৰাস্ফীতি আৰু চাকৰি সম্পৰ্কীয় উদ্বেগৰ বাবে পৰিয়াল পৰিকল্পনাৰ পৰা পলায়ন কৰিছে।

ইফালে চুবুৰীয়া চীনৰ অৱস্থা জাপানৰ দৰে নহয় যদিও চীনতো জনসংখ্যা হ্ৰাস হবলৈ আৰম্ভ কৰিছে। অৱশ্যে চীন এতিয়াও বিশ্বৰ আটাইতকৈ জনবহুল দেশ। কিন্তু চীনতো জনসংখ্যা বৃদ্ধিৰ হাৰ হ্ৰাস হ'বলৈ আৰম্ভ কৰিছে।

২০২২ ত চীনত যিমান শিশুৰ জন্ম হৈছিল তাতকৈ বহু বেছি লোকৰ মৃত্যু হৈছিল। ২০২২ ত ৰাষ্ট্ৰখনত ৯০ লাখ ৫৬ হাজাৰ শিশুৰ জন্ম হোৱাৰ বিপৰীতে ১৪১ হাজাৰ লোকৰ মৃত্যু হৈছে।

চীনা কমিউনিষ্ট চৰকাৰে ১৯৮০ চনৰ পৰা ২০১৬ চনলৈ দেশখনত এক সন্তান নীতি ৰূপায়ণ কৰিছিল। ২০১৬ চনত, দুটা সন্তানৰ নীতি ৰূপায়ণ কৰা হৈছিল আৰু এতিয়া চীনা লোকসকলক ৩ টাকৈ সন্তান জন্ম দিবলৈ উৎসাহিত কৰা হৈছে।

কিন্তু এই আঁচনিখনৰ পৰিৱৰ্তনৰ পিছতো চীনত শিশুৰ বিষয়ে মানুহৰ চিন্তাধাৰা সলনি হোৱা নাই। ইয়াৰ এটা মুখ্য কাৰণ হৈছে চীনত ক্ৰমান্বয়ে বৰ্ধিত জীৱন ধাৰণৰ ব্যয়। কিয়নো চীনৰ চহৰসমূহত জনসংখ্যাৰ ঘনত্ব বহু বেছি। সেয়েহে ইয়াত জীৱন ধৰাণ অতি ব্যয়বহুল।

চীনত আছে বিশ্বৰ সৰ্বাধিক জনসংখ্যা। কিন্তু চীনৰ গ্ৰামাঞ্চলত জনসংখ্যাৰ ঘনত্ব অতি কম।ঔদ্যোগিক চহৰবোৰত জনসংখ্যাৰ ঘনত্ব যথেষ্ট বেছি। সেয়হে চহৰৰ সীমিত সম্পদৰ ওপৰত অধিক লোকৰ দাবীৰ বাবেই, প্ৰতিটো সম্পদৰ মূল্য বৃদ্ধি হৈ আহিছে।

চীনৰ কমিউনিষ্ট শাসনে কল্যাণমূলক আঁচনিৰ জৰিয়তে জনসাধাৰণক সুবিধা প্ৰদান কৰাৰ কথা কয়, কিন্তু জনসংখ্যাৰ এক বৃহৎ অংশ এই আঁচনিসমূহৰ পৰিসৰৰ বাহিৰত।

সেয়েহে চীনৰ চহৰবোৰৰ জীৱন ব্যয়বহুল আৰু কঠিন। চীনৰ যুৱ প্ৰজন্মই শিশুতকৈ উপাৰ্জন বৃদ্ধিত অধিক গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে। মুদ্ৰাস্ফীতিৰ বাবে, শিশুক ডাঙৰ দীঘল কৰাৰ কথা চিন্তা কৰিবলৈ বাদ দিছে চীনৰ নতুন প্ৰজন্মই।

বিশ্বৰ শীৰ্ষ দুই অৰ্থনীতিৰ দেশৰ দুৰৱস্থা ! নালাগে পৰিয়াল, নালাগে সন্তান...
এই মানুহজনক পদ্মশ্ৰী, অসম গৌৰৱ দিব নোৱাৰি নেকি?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in