CBI ক জেপত ৰাখি শংকিত বিজেপিৰ ২০২৪ৰ ৰণনীতি...

বৰ্তমানৰ ভাৰতৰ ৰাজনীতিৰ ছবিখন লক্ষ্য কৰিলে এটা ছবি স্পষ্ট হৈ পৰে যে বিজেপিয়ে সৰ্বেসৰ্বা। বৰ্তমান সময়ত ভাৰতীয় ৰাজনৈতিক ব্যৱস্থা ভাৰতীয় জনতা পাৰ্টী এনে এটা দল যাক স্থায়ী আৰু প্ৰতিষ্ঠিত বুলি ক'ব পাৰি।
CBI ক জেপত ৰাখি শংকিত বিজেপিৰ ২০২৪ৰ ৰণনীতি...

বৰ্তমানৰ ভাৰতৰ ৰাজনীতিৰ ছবিখন লক্ষ্য কৰিলে এটা ছবি স্পষ্ট হৈ পৰে যে বিজেপিয়ে সৰ্বেসৰ্বা। বৰ্তমান সময়ত ভাৰতীয় ৰাজনৈতিক ব্যৱস্থা ভাৰতীয় জনতা পাৰ্টী এনে এটা দল যাক স্থায়ী আৰু প্ৰতিষ্ঠিত বুলি ক'ব পাৰি। বহু সময়ত একাংশই এয়া অভিযোগ উত্থাপন কৰি আহিছে যে দলটোৱে ক্ষমতাৰ অপব্যৱহাৰ হওক বা ৰাজনৈতিক কৌশলৰ জৰিয়তে ক্ষমতাত তিষ্টি থকাৰ অহৰহ চেষ্টা কৰি গৈছে। এই সন্দৰ্ভত বৰষা শৰ্মাৰ এক বিশেষ প্ৰতিবেদন-

২০২৪ চনৰ লোকসভা নিৰ্বাচন সমাগত। গতিকে শাসকীয় দলটোৰ লগতে অন্য দল কেইটাৰ তৎপৰাত বৃদ্ধি পাইছে। এয়া আমি নুই কৰিব নোৱাৰো যে বিজেপিৰ ব্লু প্ৰিন্ট ইতিমধ্য়েই তৈয়াৰ হৈ গৈছে। আনকি বিৰোধীক নিশ্চিহ্ন কৰাৰ খেল খনত নামি পৰিছে।

বিগত কেইটামান বছৰ লক্ষ্য কৰিলে দেখা যায় যে বিজেপিৰ বিৰুদ্ধে বিৰোধী শক্তি সমূহ থিয় দিয়াৰ চেষ্টা কৰিছে। কিন্তু বিৰোধী দল সমূহ শক্তিশালী হোৱাৰ বাবে কৰি থকা যুঁজ খনত হেঙাৰ হৈ থিয় দি আহিছে বিজেপি। তাৰ বাবে বিজেপিয়ে কৰা নাই কি!

পাকে প্ৰকাৰে চৰকাৰ গঠন, ৰাজ্য সমূহৰ ক্ষমতা নিজৰ হাতলৈ অনাৰ কায়দা বিজেপিয়ে জানে। ইয়াৰ উদাহৰণ আমি কেইদিনমান পূৰ্বে হৈ যোৱা উত্তৰ পূৱৰ নিৰ্বাচনৰ পৰা পাব পাৰো। মেঘালয় নিৰ্বাচনৰ পূৰ্বে এন পি পি আৰু বিজেপিয়ে এটাই আনটোৰ বাবে বিতৰ্ক মূলক মন্তব্যও কৰিছিল। আনকি নিৰ্বাচনত এন পি পিয়ে অকলে প্ৰতিদ্বন্দিতা কৰিছিল। গৰিষ্ঠ সংখ্যক আসন পোৱা এন পি পিয়ে পৰৱৰ্তী সময়ত বিজেপিৰ সৈতে মিলি চৰকাৰ গঠন কৰে।

ত্ৰিপুৰাত বিজেপিয়ে লাভ কৰে একক সংখ্যা গৰিষ্ঠতা আৰু নাগালেণ্ডতো বিজেপিয়ে এন ডি পি পিৰ লগত লগ লাগি চৰকাৰ গঠন কৰিলে। গতিকে ২০২৪ চনৰ নিৰ্বাচনৰ পূৰ্বৰ এই সফলতাই বিজেপিক যথেষ্ঠখিনি সহায় কৰিব। এক কথাত ক'বলৈ গ'লে বিজেপিয়ে ২০২৪ চনৰ নিৰ্বাচনৰ পূৰ্বে ছেমিফাইনেলত উত্তীৰ্ণ হ'ল।

উত্তৰ পূৱত সফলতা লাভ কৰিলেও কিছুমান ৰাজ্যত বহু কষ্ট কৰিও বিজেপি প্ৰৱেশ কৰিব পৰা নাই। পশ্চিবংগ, পঞ্জাৱ আনক ৰাজধানী দিল্লীতো বিজেপিৰ অৱস্থা একেবাৰেই বেয়া। ইয়াৰে পশ্চিমবংগত তৃণমূল কংগ্ৰেছ আৰু আন দুখনত আপৰ চৰকাৰ আছে।

বিগত কেইটামান বছৰত আম আদমী পাৰ্টী(আপ)ৰ ৰাজনৈতিক অভ্যুত্থান মন কৰিবলগীয়া। আপে ৰাইজৰ মাজলৈ গৈ কাম কৰাৰ চেষ্টা কৰিছে আৰু ৰাইজেও সঁহাৰি দি আহিছে। বিশেষকৈ একাংশ যুৱ প্ৰজন্মৰ বাবে আপ এক আশাৰ ৰেঙণি হৈ পৰিছে।

পঞ্জাৱতো বিজেপিয়ে প্ৰৱেশ কৰাৰ চেষ্টা কৰিছিল যদিও সফলতা লাভ কৰিবলৈ সক্ষম নহ'ল। বিজেপিয়ে আপক কৰা কেইটামান আক্ৰমণত বেয়াকৈ পৰাজয় হোৱাতো পৰিলক্ষিত হয়। আনকি আপৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে দলত্যাগ কৰাতো বিজেপিৰ সফলতা বুলি ধৰা হৈছিল যদিও ই ফুটুকাৰ ফেনত পৰিণত হ'ল।

আনহাতে দিল্লী বিজেপিৰ দখললৈ আনিব নোৱাৰাতো দলটোৰ বাবে এক লজ্জাজনক ঘটনা। কেন্দ্ৰত শাসন কৰাৰ পাছতো ৰাজধানীত বিজেপিৰ বাবে আপ এক প্ৰত্যাহ্বান হৈ পৰিছে।

দিল্লীৰ কেজৰিৱাল চৰকাৰৰ বহু নীতিয়ে মানুহক আকৰ্ষিত কৰি আহিছে। দিল্লীত কেজৰিৱালৰ এক বিশেষ স্থান আছে। ইয়াৰোপৰি দিল্লীৰ শিক্ষানীতি বা দিল্লীৰ স্কুল মডেলে সমগ্ৰ দেশত চৰ্চাৰ কেন্দ্ৰ বিন্দু। মহল্লা ক্লিনিক, বিনামূলীয়া ঔষধ আৰু পৰামৰ্শ; প্ৰদূষণ নিয়ন্ত্ৰণ; যান-বাহন আৰু পৰিবহন ব্যৱস্থাপনা; শিক্ষা, শক্তি, জল বোৰ্ড, আৰু নগৰ পৰিকল্পনা আৰু উন্নয়নৰ ক্ষেত্ৰত সংস্কাৰ দিল্লী বাসীৰ বাবে আশীৰ্বাদ স্বৰূপ।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সোঁ হাত স্বৰূপ মনিষ ছিচদিয়া। দিল্লীত শিক্ষা সংস্কাৰৰ কথা ক'লে প্ৰথমেই নাম আহে ছিচদিয়াৰ। ইয়াৰোপৰি আপৰ এগৰাকী জ্যেষ্ঠ নেতা ছিচদিয়া। কিন্তু তেওঁ বৰ্তমান কাৰাগাৰত। সুৰা কেলেংকাৰীৰ গোচৰত প্ৰথমে চিবিআইয়ে আৰু পাছত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল মনিষ ছিচদিয়াক। যাৰ বাবে বৰ্তমান তেওঁ ইডিৰ জিম্মাত আছে।

ছিচদিয়াক গ্ৰেপ্তাৰৰ পাছতেই বিভিন্ন মহলত বহু প্ৰশ্নৰ উত্থাপন হৈছে। একাংশই অভিযোগ উত্থাপন কৰে যে বিজেপিয়ে ইডি আৰু চিবিআইৰ দৰে সংস্থা সমূহক নিয়ন্ত্ৰণ কৰি এনে কাম সমূহ সংঘটিত কৰি আহিছে। যাৰ বাবে ৰাজনৈতিক কৌশলেৰে বলে নোৱাৰা আপক ভাঙি পেলাবলৈ সকলো চেষ্টা কৰিছে বিজেপিয়ে।

আনহাতে আপে কয় যে ছিচদিয়াক গ্ৰেপ্তাৰ কৰা ঘটনাই জনসাধাৰণৰ মাজত সহানুভূতি বৃদ্ধি কৰিছে। চিছোদিয়াৰ সমাজত এক পৰিষ্কাৰ প্ৰতিচ্ছবি আছে আৰু এজন কৰ্মীৰ পৰা কেজৰিৱাল চৰকাৰৰ ব্যস্ততম মন্ত্ৰীলৈ ৰূপান্তৰিত হৈছে । জনতাই জানে মনিষ ছিচদিয়া কি হয়।

ইয়ে ৰাজনৈতিক ক্ষেত্ৰখনত পৰিৱৰ্তন আনিছে। বিগত সময়চোৱাত কেজৰিৱালৰ একলা চলো(অকলে যোৱা) নীতিৰ পৰিৱৰ্তন ঘটিছে। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী, উদ্ধৱ থাকৰে আদিকে ধৰি বিভিন্ন জন বিৰোধী নেতাক তেওঁ সাক্ষাৎ কৰিছে। আনকি আগন্তুক সময়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৰাজ্য সমূহতো মনোনিবেশ কৰিছে। এক কথাত ক'বলৈ গ'লে বিজেপিৰ বিৰুদ্ধে যুজিবলৈ সকলো একত্ৰিত হোৱাৰ পথত।

যি নহওক আপক সম্পৰ্ণ ক্ষমতাহীন কৰাৰ চেষ্টা কৰিছে বিজেপিয়ে। হয়তো বিজেপিয়ে বিৰোধিবিহনী ৰাজনীতি বিচাৰিছে নাইবা বিজেপিয়ে বিৰোধী একত্ৰিত হ'ব বুলি শংকিত হৈছে।

বৰ্তমান সময়ত আপৰ কেইবাগৰাকী নেতাৰ নাম কেলেংকাৰীৰ গোচৰত সাঙুৰ খাইছে। অৱশ্যে ইয়াতে সীমাবদ্ধ নাই বিৰোধী শক্তি। বিহাৰতো বিজেপিয়ে ইডি, চিবিআইৰ হাত ধৰি প্ৰৱেশ কৰাৰ অভিযোগ উত্থাপন হৈছে।

কেইমাহমান পূৰ্বে বিহাৰত বিজেপিৰ মিত্ৰতা কেনেদৰে ভংগ হৈছিল সেয়া আমি নেদেখা নহয়। কিন্তু এয়াও সকলোৱে জানো যে বিজেপি হাত সাৱতি বহি নাথাকে। বিভিন্ন কেলেংকাৰীৰ নামত নাম সাঙুৰ খাই পৰিছে বিহাৰৰ কেইবাজনো মন্ত্ৰীৰ নাম।

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ, তেওঁৰ পত্নীকো চিবিআইয়ে সোধ পোচ কৰিছে। আনকি বিহাৰৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱকো জেৰাৰ বাবে নিৰ্দেশনা প্ৰেৰণ কৰিছে। কেৱল ইমানেই নহয়, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালকো জেৰা চলোৱাৰ সম্ভাৱণা আছে।

গতিকে একাংশই কৈছে যে এয়া স্পষ্ট হৈ পৰিছে এয়া বিজেপিৰ ৰণনীতি। বিৰোধিত আঁতৰাই ৰাখিবলৈ সকলো বাধাই দিব বিজেপিয়ে। কম সময়তে মূৰ দাঙি উঠা আপৰ ৰাজহাড়া ভাঙিবলৈ শাসকীয় দলটোৱে সকলো প্ৰয়াসেই কৰিছে। বিৰোধী একত্ৰিত হ'লে বিজেপি ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব। কংগ্ৰেছক ইতিমধ্যেই প্ৰায় নিশেষ কৰা বিজেপিয়ে এইবাৰ আপক কোঙা কৰাৰ ৰাজনীতিত নামি পৰিছে...

CBI ক জেপত ৰাখি শংকিত বিজেপিৰ ২০২৪ৰ ৰণনীতি...
পে পে পে বা শুই যোৱাৰ নহয়! খবৰ সত্যজিতৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in