পে পে পে বা শুই যোৱাৰ নহয়! খবৰ সত্যজিতৰ...

বাতৰিৰ নামত কিছুমান সস্তীয় প্ৰচাৰত নামি পৰাৰ দিশে সকলো। পে পে পে আদিৰ পৰা আৰম্ভ কৰি বিবাহ স্থলীত দৰাই শুই যোৱা ঘটনা প্ৰচাৰৰ এক অঘোষিত প্ৰতিযোগীতা। তাৰ মাজতে পিছ পৰি ৰৈছে সত্যজিতৰ দৰে কিছু ইতিবাচক খবৰ।
পে পে পে বা শুই যোৱাৰ নহয়! খবৰ সত্যজিতৰ...

মৃদুল কুমাৰ সন্দিকৈ

কিয় এই সংযমহীন আচৰণ? কিয় এনে আস্থাহীনতা আৰু শংকাপূৰ্ণ সময়ে আমাৰ চৌপাশ ঘেৰি ধৰিছে? ইতিবাচক কথা বোৰতকৈ নেতিবাচক কথাবোৰলৈ আমাৰ দৃষ্টি বেছি হৈছে নেকি? সৰু সৰু অলাগতিয়াল কথাবোৰকলৈ আমি অধিক চৰ্চা কৰিব ধৰিছো নেকি?

তেনে এক পৰিৱেশৰ মাজতে আহিছিল এটা ভাল খবৰ। মৰিগাঁওৰ এজন যুৱকে ফুটবলৰ ক্ষেত্ৰখনত ৰাষ্ট্ৰীয় পৰ্যায়খনত উজ্বলি উঠাৰ খবৰ। সত্যজিৎ বৰদলৈ নামৰ মৰিগাঁওৰ ঔজাৰি এই ফুটবলাৰ গৰাকীয়ে অসমবাসীক গৌৰৱান্বিত কৰিলে।

চৌদি আৰৱত অনুষ্ঠিত হৈছিল সন্তোষ ট্ৰফী চূড়ান্ত খেল। কৰ্ণাটকৰ হৈ সেই খেলত মেঘালয়ৰ বিৰুদ্ধে খেলিছিল মৰিগাঁৱৰ সত্যজিৎ বৰদলৈয়ে। খেলখনৰ অন্যতম মধ্যমণি আছিল সত্যজিৎ।

কৰ্ণাটক দলৰ হৈ গল ৰক্ষকৰ দায়িত্বত আছিল অসমৰ এই গৰাকী প্ৰতিভাবান খেলুৱৈ।চৌদি আৰৱৰ পৰা ঘূৰি অহাৰ পাছত এতিয়া তেওঁ কৰ্ণাটকতে ব্যস্ত। সেই খেলৰ অনুভৱ আৰু অভিজ্ঞতা জানিবলৈ যোগাযোগ কৰা হৈছিল তেওঁৰ সৈতে।

সত্যজিতে জনালে এয়া এক অনন্য অভিজ্ঞতা আছিল তেওঁৰ। জয়ী হৈ অহাৰ পাছত ৰাজ্যখনত খেলুৱৈ সকলক জনোৱা অভিনন্দনত তেওঁ অভিভূত। স্বাভাৱিকতে প্ৰশ্ন হয় এইগৰাকী খেলুৱৈ অসমৰ হৈ কিয় ফুটবল নেখেলিলে।

অসম দলৰ হৈ সন্তোষ ট্ৰফী খেলাৰ তেওঁৰ ইচ্ছা আছিল। কিন্তু সেই ইচ্ছা বিভিন্ন মেৰপাকৰ বাবে পূৰণ নহ'ল। তথাপিও তেওঁ আশা এৰি দিয়া নাছিল। বহু ক্লাৱৰ হৈ খেলিছে সত্যজিতে। পঞ্চম শ্ৰেণীত থাকোতেই জিলা পৰ্যায়ৰ খেলা সত্যজিতৰ জন্ম হৈছিল ১৯৯৬ চনৰ ৫ জানুৱাৰীত ত্ৰিপুৰাৰ আগৰতলাত।

সত্যজিতৰ পিতৃ আছিল চিআইএছএফৰ জোৱান। সেই সূত্ৰে পিতৃ ঘূৰি ফুৰিব লগা হৈছিল দেশৰ বিভিন্ন প্ৰান্তত। অসমৰ হৈ সন্তোষ ট্ৰফী খেলিবলৈ বিচৰা সত্যজিতৰ সন্মুখত হেনো জন্মৰ প্ৰমাণ পত্ৰত অসমত জন্ম নোহোৱা বুলি উল্লেখ থকাতোৱেই অন্যতম হেঙাৰ হৈ থিয় দিছে।

ইয়াৰোপৰি আই লিগ খেলাৰ বাবে আন এক হেঙাৰ আছিল সত্যজিতৰ বাবে। সত্যজিতে ক'লে বিচৰা হ'লে মই এনঅচি আনি দিব পাৰিলোহেতেন। মই চকুৰ সন্মুখতে দেখিছিলো একাংশ খেলুৱৈক একাংশ কৰ্মকৰ্তাই তুমি আগৰবাৰ খেলিছা এইবাৰ নালাগে বুলি নিৰাশ কৰিছিল।

সত্যজিতৰ মনত প্ৰশ্ন ৰৈ গৈছিল কোনোবা যদি দক্ষ, কোনোবা যদি সক্ষম তেওঁক কিয় বঞ্চিত কৰি কিছু নিৰ্দিষ্ট লোকক সেই সুবিধা দিয়াৰ চেষ্টা কৰে একাংশ ক্ষমতাবান লোকে।

সত্যজিতে বহিৰাজ্যৰ ক্লাৱৰ হৈ অসমত বহু কেইখন প্ৰতিযোগীতাত অংশ লৈছিল। অল ইণ্ডিয়া ইউনিভাৰ্চিটি দলৰ হৈ তিনিটা চিজন খেলিছিল। ২০১৭ চনত ২৩ বছৰ অনুৰ্ধ ভাৰতীয় জাতীয় দলৰ হৈ ট্ৰায়েল পৰ্যন্ত পাইছিলগৈ।

সৰুৰে পৰা ফুটবলৰ বাবে ৰাপ থকা সত্যজিত কিয় গল ৰক্ষক হ'ল? আন স্থানত তেওঁ খেলিব পাৰিলে হয়। সত্যজিতে ক'লে এটা দলৰ গল ৰক্ষক গৰাকী ব্যৱহাৰিকভাৱে দলটোৰ নেতা।

শেষত থাকি তেওঁ ক'ত কি হৈ আছে চাই যাব পাৰে। সেই অনুসৰি খেলুৱৈ সকলক সতৰ্ক কৰি দিয়ে। তেওঁৰ ভাল লাগে গল ৰক্ষকৰ বাবে খেলাৰ সময়খিনি বহু প্ৰত্যাহ্বানেৰে ভৰা।

১০টা মান গল বচাই এটা গল ভুল কৰিলে মানুহে কেৱল ভুল কৰা গলটোৰ কথায়েই ভাৱে।এইবাৰ সন্তোষ ট্ৰফী খেলিবলৈ যাঁওতে ৰোনাল্ডৰ হতে খেলি যোৱা খেল পথাৰত খেলিবলৈ সুযোগ পালে।

সেয়া তেওঁৰ অন্য এক প্ৰাপ্তি। সত্যজিতৰ পিতৃৰ মৃত্যু হৈছে। পিতৃয়ে তেওঁক ফুটবল খেলাৰ বাবে বহু উৎসাহিত কৰিছে। সত্যজিতৰ প্ৰিয় খেলুৱৈ স্পেইন জাতীয় দলৰ গল কিপাৰ কেচিলাছ।

আজৰি সময়ত বা ৱামআপ মেছৰ আগত প্ৰায়েই তেওঁ এই গল কিপাৰ জনৰ ভিডিঅ' চায়। অনুপ্ৰাণিত হয় তেওঁৰ পৰা। ফুটবলৰ ক্ষেত্ৰখনত একাগ্ৰতাৰে জড়িত হৈ পৰিছে। সুধিছিলো সন্তোষ ট্ৰফীৰ ফাইনেলক স্পোনচাৰ সকলে পৃষ্ঠপোষকতা কৰা এক সমীক্ষাত দৰ্শকে শ্ৰেষ্ঠ গল ৰক্ষক হিচাপে নিৰ্বাচিত কৰিছে।

বিনম্ৰতাৰে সত্যজিতে কলে মেঘালয়ই কৰ্ণাটকক ২ গল দিছিল। ইয়াৰ প্ৰত্যুত্তৰত মেঘালয়ে কৰ্ণাটকক দিছিল ৩ টা গল। যি দুটা গল তেওঁ ৰক্ষা কৰিব নোৱাৰিলে তাৰে এটা আছিল পেনালটি। আৰু আনটো ইমান সুন্দৰ শ্বত আছিল যে ৰক্ষা কৰাটো প্ৰায় অসম্ভৱ আছিল।

সুধিছিলো সত্যজিতক কিমানটা গল প্ৰতিভূত কৰিব পাৰিছিল এইখন চূড়ান্ত খেলত। সত্যজিতে কৈছিল ৫ টা গল তেওঁ ৰক্ষা কৰিছিল। বাকী সৰু শ্বত বোৰৰ কথা বেলেগ। সত্যজিতৰ দৰে প্ৰতিভা মূল্যায়ন কৰিব নোৱাৰাতো ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে শুভ লক্ষণ নহয়।

ক্ৰীড়াত স্বজন প্ৰীতিতকৈ প্ৰতিভাৰ মূল্যায়ন হোৱা উচিত। এইবোৰ খবৰ আমি কেৱল নিয়ম মাফিক ভাৱে দি সামৰি থও। আন খুচৰা খবৰবোৰ দিবলৈ প্ৰতিযোগীতাত নামো। আমি ভাৱি নাচাও সত্যজিতৰ খবৰে নতুন সমাজৰ বাবে আশাপদ নে 'পে পে পে' বা কোনোবা বিবাহস্থলীত শুই যোৱাৰ খবৰ গুৰুত্বপূৰ্ণ...

পে পে পে বা শুই যোৱাৰ নহয়! খবৰ সত্যজিতৰ...
ৰাইজৰ দুখ বুকুতঃ কুকুৰ পাছত বিৰোধী...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in