ভেজাল ঔষধ,চিকিৎসকক সন্তুষ্টিৰে দেশত চলিছে বছৰি ৪ লাখ কোটিৰো অধিক টকাৰ চিকিৎসাৰ ব্যৱসায়

ভেজাল ঔষধ,চিকিৎসকক সন্তুষ্টিৰে দেশত চলিছে বছৰি ৪ লাখ কোটিৰো অধিক টকাৰ চিকিৎসাৰ ব্যৱসায়

চিকিৎসাৰ নামত বেহা বহিছে সৰ্বত্ৰে। ক্ৰমশঃ স্বাস্থ্য খণ্ডৰে অৱস্থা কাহিল হৈ পৰিছে। কেৱল ৰোগীৰ পৰা লুণ্ঠন চলাবলৈ কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে চিকিৎসালয়। উত্তৰ-পূৰ্বাঞ্চল এতিয়া স্বাস্থ্যখণ্ডৰ এই ক'লা বজাৰৰ লক্ষ্য হৈ পৰিছে। কেনেদৰে চলিছে লুণ্ঠনৰাজ। অসমীয়া প্ৰতিদিন ডিজিটেলৰ তথ্যভিত্তিত এই ধাৰাবাহিক প্ৰতিবেদন-২

জীৱনদায়িনী ঔষধৰ মূল্য ভাবিব নোৱাৰা ধৰণে বৃদ্ধি পাইছে। ৰোগীৰ বাবে ঔষধ ক্ৰয় কৰাতো এতিয়া ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। কিহৰ বাবে এই ঔষধৰ মূল্য বৃদ্ধি পাইছে সেই সন্দৰ্ভত কিন্তু নিমাত চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষ।

ফাৰ্মাচিটিকেল ইণ্ডাষ্ট্ৰিত ভাৰতৰ বিশ্বৰ ভিতৰতে দখল আছে। বৰ্তমান ফাৰ্মাচিটিকেল ইণ্ডাষ্ট্ৰিত প্ৰতিবছৰে ভাৰতত গঢ় লৈ উঠা বজাৰখনৰ বাৰ্ষিক মূল্য ৬৫ বিলিয়ন মাৰ্কিন ডলাৰ। প্ৰায় ৪ লাখ কোটিৰো অধিক ঔষধৰ ক্ৰয়-বিক্ৰী হয় ভাৰতত।

উল্লেখ্য যে, ভাৰত চৰকাৰে ফাৰ্মাচিটিকেল ইণ্ডাষ্ট্ৰিত প্ৰত্যক্ষ বিদেশী বিনিয়োগত অনুমোদন জনোৱাৰ পাছতে এই উদ্য়োগটো বিশাল ৰূপ ধাৰণ কৰিছে।এতিয়া ভাৰতৰ ঔষধ প্ৰস্তুত কৰা কোম্পানীসমূহত ৭৪ শতাংশ বিদেশী বিনিয়োগ আছে।

সেই বিদেশী বিনিয়োগৰ পাছতেই ফাৰ্মাচিটিকেল চেক্টৰৰ বিকাশ ২০০ শতাংশৰো অধিক হৈছে। ঔষধ ৰপ্তানীৰ দিশত পৰিমাণৰ ক্ষেত্ৰত ভাৰতৰ স্থান বিশ্বৰ ভিতৰতে তৃতীয়। আনহাতে ঔষধৰ মূল্যৰ হিচাপত এই ৰপ্তানীৰ ক্ষেত্ৰত ভাৰতৰ স্থান বিশ্বৰ ভিতৰত ১৪ সংখ্যক।

ভেকচিনৰ ক্ষেত্ৰত বিশ্বৰ ৫০ শতাংশ ভেকচিনেই উৎপাদন হয় আমাৰ দেশত। এই ঔষধ আৰু স্বাস্থ্যখণ্ডত ব্যৱহাৰ কৰা চিকিৎসাৰ সা-সামগ্ৰী নিৰ্মাণৰ প্ৰচুৰ সম্ভাৱণা ভাৰতত সৃষ্টি হৈছে। সেইবোৰৰ মূল্য নিৰূপন আৰু নিৰ্ধাৰণৰ বাবে আছে নেছনেল ফাৰ্মাচিটিকেল প্ৰাইচিং অথৰিটি। যাক চমুকৈ কোৱা হয় এনপিপিএ।

বিদেশী বিনিয়োগৰ মাত্ৰা বাঢ়ি যোৱাৰ ফলত মূল্য নিৰূপন আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এনপিপিৰ ভূমিকা গুৰুত্বহীন হৈ পৰিছে। এনপিপিৰ তথ্য অনুসৰি ২০২২-২৩ বৰ্ষতেই হোলচেল প্ৰাইচ ইনডেক্স ১০.৭৬ শতাংশ নূন্য়তম বৃদ্ধি পাইছে।

ঔষধৰ এই বজাৰখনৰ প্ৰভাৱ উত্তৰ-পূৰ্বাঞ্চলতো পৰিছে। দেখা পোৱা যায় একোটা ঔষধৰ উৎপাদন মূল্যতকৈ কেইবাগুণ বেছিকৈ সেই মূল্যৰ ঔষধৰ ওপৰত ছপা কৰা হয়। সেয়েহে ঔষধবোৰ বিক্ৰীৰ ক্ষেত্ৰত দামৰ তাৰতম্য বিভিন্ন ফাৰ্মাচীত ভিন্ন হয়।

ইফালে ঔষধসমূহৰ বিজ্ঞাপন আৰু প্ৰচলনৰ বাবে বহুজাতিক ঔষধ কোম্পানীসমূহে ।যথেষ্ঠ ধন বিনিয়োগ কৰে। তেওঁলোকে নিয়োগ কৰা মেডিকেল ৰিপ্ৰেজেন্টিভৰ জৰিয়তে এই ঔষধ সমূহৰ প্ৰচলনৰ বাবে লক্ষ কৰি লয় চিকিৎসকসকলক।

চিকিৎসকসকলক ইয়াৰ বাবে মাহেকীয়া বা বছেৰেকীয়া কিস্তিত ধন দিয়াৰ উপৰিও লোভনীয় উপহাৰ, বিদেশ ভ্ৰমণৰ সুবিধা আদি প্ৰদান কৰে। এইবোৰ কাৰণতো ঔষধ প্ৰস্তুত কৰা কোম্পানীসমূহে বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰিবলগীয়া হয়। যাৰ কুফল ভোগ কৰিবলগীয়া হয় ঔষধ ক্ৰয় কৰা সাধাৰণ ৰোগীয়ে।

ইয়াৰোপৰি ঔষধৰ ভুৱা এখন বজাৰ গঢ় লৈ উঠিছে সমগ্ৰ দেশত। যিবোৰ ঔষধৰ কোৱা হয় ভূচি মেডিচিন। প্ৰয়োজনীয় আৰু পৰ্যাপ্ত মৌল বা উৎপাদনৰ অবিহনেই প্ৰস্তুত কৰা এইবোৰ ঔষধে ৰোগীক কোনো নিৰাময় নিদিয়ে।কিন্তু এই কম ব্যয়ত উৎপাদন কৰা ঔষধসমূহ ক্ৰয় কৰি ফাৰ্মাচীসমূহে অত্য়াধিক লাভৰ মুখ দেখে।

সমগ্ৰ দেশতে এতিয়া ভেজাল ঔষধৰ এখন ৰমৰমীয়া বজাৰ গঢ় লৈ উঠিছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলটো সেই বজাৰ ব্যাপক হাৰত বিস্তাৰিত হৈছে। ঔষধসমূহৰ গুণগত মান নিশ্চিত কৰণৰ বাবে প্ৰয়োজনীয় পৰীক্ষা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে হ'ব লাগে।

এই দিশত কিন্তু বিশেষ তৎপৰতা অসমত দেখা পোৱা নাযায়। নামত ড্ৰাগছ ইন্সপেক্টৰ সকল আছে যদিও তেওঁলোকৰ কাম কাৰ্যালয়ত বহি চহী মাৰিয়েই সেইবোৰ গুণগত বুলি প্ৰমাণ দাখিল কৰাতেই অন্ত পৰিছে।

অসম তথা উত্তৰ পূৰ্বাঞ্চলত দেশৰ মুঠ ঔষধ বজাৰৰ ২০ শতাংশ ঔষধ বছৰি বিক্ৰী হয়। বহু গুৰুতৰ ৰোগৰ ৰোগীৰ সংখ্যাও উত্তৰ-পূৰ্বাঞ্চলত সৰ্বাধিক। তাৰ ভিতৰত বৃক্কজনিত ৰোগ, কৰ্কট ৰোগ আদি উল্লেখযোগ্য।

এই ৰোগৰ চিকিৎসা আৰু ঔষধ ব্যয়বহুল। সেয়েহে এনে ঔষধৰ চাহিদা এই অঞ্চলটোত যথেষ্ঠ বেছি। ৰাজ্যৰ স্বাস্থ্য বিভাগে এইবোৰ দিশত সদায় উদাসীন ভূমিকা গ্ৰহণ কৰি আহিছে। ফাৰ্মাচীসমূহত তদাৰকী সংস্থাসমূহে অভিযান চলোৱা উদাহৰণ বিৰল। ফলত মানুহৰ স্বাস্থ্যৰ প্ৰতি ভ্ৰুকুটি কৰি এই ব্যৱসায় বিনা বাধাই চলাই আছে। যাৰ যি ইচ্ছা সেই অনুসৰি ঔষধৰ মূল্য আদায় লৈছে।

ফাৰ্মাচিটিকেল কোম্পানীসমূহক সুখী কৰিবলৈ একাংশ চিকিৎসকে প্ৰয়োজনীয় অপ্ৰয়োজনীয় ভাৱে ৰোগীৰ ব্যৱস্থনাপত্ৰত এই ঔষধসমূহ লিখি দি কোম্পানীসমূহৰ বিক্ৰীৰ টাৰ্গেট পূৰণ কৰিছে।

স্বাস্থ্যখণ্ডত সংঘটিত এই অনিয়মৰ উদাহৰণ ইমানতেই অন্ত পৰা নাই। পৰৱৰ্তী প্ৰতিবেদনত আমি এই খণ্ডটোত সংঘটিত হোৱা আন কিছু বিসংগতি আৰু অনিয়ম উদঙাই দিম।

ভেজাল ঔষধ,চিকিৎসকক সন্তুষ্টিৰে দেশত চলিছে বছৰি ৪ লাখ কোটিৰো অধিক টকাৰ চিকিৎসাৰ ব্যৱসায়
স্বাস্থ্য সেৱাৰ নামত অসমত সৰ্বাধিক লুটপাত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in