স্বাস্থ্য সেৱাৰ নামত অসমত সৰ্বাধিক লুটপাত...

স্বাস্থ্য সেৱাৰ নামত অসমত সৰ্বাধিক লুটপাত...

চিকিৎসাৰ নামত বেহা বহিছে সৰ্বত্ৰে। ক্ৰমশঃ স্বাস্থ্য খণ্ডৰে অৱস্থা কাহিল হৈ পৰিছে। কেৱল ৰোগীৰ পৰা লুণ্ঠন চলাবলৈ কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে চিকিৎসালয়। উত্তৰ-পূৰ্বাঞ্চল এতিয়া স্বাস্থ্যখণ্ডৰ এই ক'লা বজাৰৰ লক্ষ্য হৈ পৰিছে। কেনেদৰে চলিছে লুণ্ঠনৰাজ। অসমীয়া প্ৰতিদিন ডিজিটেলৰ তথ্যভিত্তিত এই ধাৰাবাহিক প্ৰতিবেদন-১

যিফালে চকু যায় সেইফালেই এতিয়া নাৰ্ছিংহোম, চুপাৰস্পেচিয়েলিটি হাস্পাতাল, লেবৰটৰী,ফাৰ্মাচী। ৰোগীক ৰোগৰ পৰা পৰিত্ৰাণ দিয়াৰ সলনি কেনেকৈ লাখ লাখ টকা ৰোগীৰ পৰা সৰকাব পাৰি তাৰ জাল মেলি বহি আছে একাংশ চিকিৎসক, স্বাস্থ্যখণ্ডৰ ব্যৱসায়ী।

উত্তৰ-পূৰ্বাঞ্চল এতিয়া এই লুণ্ঠনৰাজৰ প্ৰধান ক্ষেত্ৰ হৈ পৰিছে। ঔষধৰ পৰা আৰম্ভ কৰি, স্বাস্থ্যৰ বিভিন্ন পৰীক্ষা, চিকিৎসাৰ নামত এইসকল ব্যৱসায়ীয়ে বছৰি লাখ লাখ কোটি টকা সৰকাই নিছে। স্বাস্থ্য বিভাগ এটা আছে যদিও ব্যক্তিগতখণ্ডত গঢ় লৈ উঠা এই ব্যৱসায়ক তদাৰক কৰিবলৈও কাৰো আজৰি নাই।

অসমৰ প্ৰায় প্ৰতিখন জিলা সদৰত আছে পূৰ্ণ পৰ্যায়ৰ হাস্পাতাল। ইয়াৰোপৰি বিভিন্ন বিভাগে স্থাপন কৰা হাস্পাতাল আছে যদিও ৰোগীয়েও ব্যক্তিগতখণ্ডৰ হাস্পাতালতহে ভিৰ কৰাত সেই সুযোগ গ্ৰহণ কৰিছে এই ব্যৱসায়ীসকলে।

অসমৰ চুকে-কোনে গঢ় লৈ উঠিছে এম আৰ আই, এক্সৰে, চিটিস্কেন, ই চি জি, ইক'কাডিঅগ্ৰাফী, হল্টাৰ আদি পৰীক্ষা কৰা বিভিন্ন ব্যক্তিগতখণ্ডৰ লেবৰটৰী। লক্ষণীয় কথাতো হ'ল এই লেবৰটৰীবোৰত পৰীক্ষাৰ বাবে লাখ, কোটি টকা ব্যয়ে মেচিন স্থাপন কৰে যদিও সেইসমূহ লেবৰটৰীত নাই প্ৰয়োজনীয় অভিজ্ঞ চিকিৎসক আৰু এই মেচিনবোৰৰ ব্যৱহাৰৰ বাবে অভিজ্ঞ টেকনেচিয়ান।

একাংশ ফাৰ্মাচী আৰু এনে লেবৰটৰী স্থাপন কৰা প্ৰতিষ্ঠানে নিজৰ আন্তঃগাথনি নথকাকৈ চেম্পুল সংগ্ৰহ কৰি সেইবোৰ আন লেবৰটৰীত পৰীক্ষা কৰি অত্যাধিক দাম ৰোগীৰ পৰা সংগ্ৰহ কৰি আহিছে।

ৰাজ্যখনত পূৰ্ণ পৰ্যায়ৰ ৪২৮ খন চৰকাৰী হাস্পাতাল আছে। এই চিকিৎসালয়বোৰত চিকিৎসাৰ বাবে প্ৰয়োজনীয় সকলো সুবিধা আৰু আন্তঃগাথনি থকাৰ পাছতো দেখা পোৱা যায় ব্যক্তিগত খণ্ডৰ চিকিৎসালয়বোৰলৈ যায় ৰোগী।

সেই ব্যক্তিগত খণ্ডৰ চিকিৎসালয়বোৰে চলোৱা প্ৰচাৰ,বিজ্ঞাপন আদিত ভোল গৈ ৰোগীয়ে উপযুক্ত চিকিৎসা লাভৰ আশাত তালৈ যায় যদিও প্ৰকৃতাৰ্থত বেছি সংখ্যক চিকিৎসালয়তে অতিকে প্ৰয়োজনীয় ব্লাডবেংক পৰ্যন্তই নাই।

আনহাতে একাংশ এম্বুলেঞ্চ চালকৰ সৈতে থকা গোপন বুজা পৰাৰ বাবে ৰোগীক এম্বুলেঞ্চ চালকসকলে পোনে পোনে এনে চিকিৎসালয়বোৰলৈ লৈ আহে।সেই সকল এম্বুলেঞ্চ চালকে এজন ৰোগীক কোনো এখন ব্যক্তিগতখণ্ডৰ চিকিৎসালয়লৈ লৈ অহাৰ বাবদ লাভ কৰে কমিছন।

গুৱাহাটী মহানগৰীতেই একাংশ এম্বুলেঞ্চ চালকসকলৰ বাবে এয়া এক ডাঙৰ ব্যৱসায় হৈ পৰিছে। একোজন ৰোগীক আনি দিয়াৰ বাবদ এম্বুলেঞ্চ চালকে একাংশ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ পৰা ৫ ৰ পৰা ১০ হাজাৰ টকা পৰ্যন্ত কমিছন পাই বুলি অভিযোগ আছে।

গুৱাহাটী মহানগৰীতেই নামত ৪০ খন চুপাৰস্পেচিয়েলিটি হাস্পাতাল আছে। নামত সেইবোৰ চুপাৰ স্পেচিয়েলিটি হাস্পাতাল বা ৰিচাৰ্চ চেন্টাৰ যদিও তাত থাকিব লগা ব্যৱস্থা নথকাত সংকটজনক অৱস্থাত ৰোগীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ স্থানান্তৰ কৰাৰ বহু উদাহৰণ আছে।

এনে চিকিৎসালয়বোৰত কোনো ৰোগীক আই চি ইউত ভৰ্তি কৰিবলগীয়া হ'লে ৰোগীৰ অভিভাৱকে আৰাম্ভণীতেই নূন্যতম ১-২ লাখ টকা জমা দিয়াতো অলিখিত নিয়ম হৈ পৰিছে। এই চুপাৰ স্পেচিয়েলিটি চিকিৎসালয়বোৰৰেই নিৰ্দিষ্ট সময়ত বাহিৰৰ অভিজ্ঞ চিকিৎসক আহে যদিও এনে চিকিৎসকৰ ভিজিটিং ফিজেই ন্যূনতম ১৫০০ টকাৰ পৰা আৰম্ভ হয়।

গুৱাহাটী মহানগৰীত বিভিন্ন স্বাস্থ্য পৰীক্ষা কৰিবৰ বাবে চৰকাৰী পঞ্জীয়নকৃত ৩৩৩ টা পৰীক্ষাগাৰ আছে যদিও ব্যৱহাৰিকভাৱে সেই সংখ্যা প্ৰায় ৪০০০ৰো কম নহ'ব। চৰকাৰী হাস্পাতালত নথকা পেটস্কেন, এনঞ্জোগ্ৰাফি আদি কোটিটকীয়া মেচিন সৰু সৰু একোটা স্থানত বহাই দৈনিক কোটিটকা উপাৰ্জন কৰি আছে এইসকল ব্যক্তিগত খণ্ডৰ ব্যৱসায়ীয়ে।

মহানগৰীত প্ৰতিষ্ঠিত এনে লেবৰটৰীও আছে যিবোৰে এচাম যুৱকক বিভিন্ন প্ৰান্তৰ পৰা পৰীক্ষাৰ নমুনা সংগ্ৰহ কৰিবলৈ নিৰ্দিষ্ট কমিছনৰ ভিত্তিত নিয়োগ কৰি ৰাখিছে। সেইবোৰ পৰীক্ষা কৰাৰ পাছত সেই পৰীক্ষাৰ নথি কোনোবা পেথলজিষ্টৰ চেম্বাৰলৈ পঠিয়াই ৰোগীক প্ৰদান কৰে। অথচ এই লেবৰটৰীবোৰৰ নাই নিজাকৈ এই পৰীক্ষা সমূহ নিৰীক্ষণৰ বাবে অভিজ্ঞ পেথলজিষ্ট।

আন এচাম ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে দেশৰ প্ৰতিষ্ঠিত চিকিৎসা প্ৰতিষ্ঠানৰ ব্ৰেণ্ডৰ নাম ব্যৱহাৰ কৰি ৰমৰমীয়া ব্যৱসায় চলাই গৈছে। এইসকলে প্ৰকৃততে তেনে প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰ নাম ব্য়ৱহাৰ কৰিবলৈ ফ্ৰেন্সচাইজি লয় যদিও তেওঁলোকৰ তাত সেই প্ৰতিষ্ঠিত চিকিৎসালয়ৰ দৰে চিকিৎসা সেৱা উপলব্ধ নহয়।

উল্লেখ্য যে, ঔষধৰ ক্ষেত্ৰতো এনে এখন বজাৰে সমগ্ৰ দেশত ছানি ধৰিছে। জীৱনদায়িনী ঔষধবোৰৰ নাম নিয়ন্ত্ৰণ কৰাতো এতিয়া চৰকাৰৰ বাবে সম্ভৱপৰ হৈ থকা নাই। কিয়নো এই খণ্ডটোত বিদেশী বিনিয়োগৰ হাৰেই সৰ্বাধিক।

ঔষধ সমূহৰ ওপৰত থকা খুচুৰা দাম প্ৰায় দুগুণ কৰি প্ৰিন্ট কৰাত ফাৰ্মাচীসমূহতো ঔষধৰ মূল্যৰ তাৰাতম্য দেখা যায়। কোনো কোনোৱে ১০ টকা মূল্যৰ ঔষধ ৮ টকাত আৰু কোনোৱে ১০ টকীয়া ঔষধটো ১০ টকাতেই বিক্ৰী কৰি আহিছে।

ভাৰতত প্ৰতিবছৰে ঔষধৰে ৫৯ বিলিয়ন ডলাৰ ব্যৱসায় হয়। এনেকৈ এতিয়া স্বাস্থ্য খণ্ডৰ কেৱল ধন ঘটাৰ উৎস হৈ পৰিছে। গুৱাহাটী মহানগৰীত বহু ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোমে তেওঁলোকৰ আন্তঃগাথনি অৱহনেই কেৱল বিজ্ঞাপনৰ ঢাক-ঢোক বজাই ৰোগীক প্ৰৱঞ্চনা কৰি আহিছে।

ট্ৰমা চেষ্টাৰৰ নামত লাইচেঞ্চ লৈ চুপাৰস্পেচিয়েলিটি হাস্পতাল চলাই আহিছে একাংশ ব্যৱসায়ীয়ে। একাংশ চিকিৎসকে ব্যক্তিগত খণ্ডৰ লেবৰটৰী লৈ ৰোগীক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি তাৰ বিনিময়ত নিয়মীয়াকৈ কমিছন আদায় লয়। সেয়েহে প্ৰয়োজনবিহীনভাৱে বহুৰোগীক ব্যয় বহুল পৰীক্ষা কৰিবলৈ দিয়ে বুলি এক গুৰুতৰ অভিযোগ উঠি আহিছে।

চিকিৎসা এতিয়া উত্তৰ-পূৰ্বাঞ্চলত অতিকে ব্যয় বহুল হৈ পৰিছে। নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ বাবে চিকিৎসা ব্যয় আকাশলংঘী হৈ পৰাত বহুৰোগীয়ে বিনা চিকিৎসাই ইহ সংসাৰ এৰিব লগীয়া অৱস্থাৰ সৃষ্টি হৈছে।

স্বাস্থ্য সেৱাৰ নামত অসমত সৰ্বাধিক লুটপাত...
এইডছে লৈছে ভয়াৱহ ৰূপ : সৰ্বাধিক এইছ আই ভি পজিটিভ আক্ৰান্ত হোৱাৰ পথত অসম

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in