/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/e56f3785-d57a-44f1-a2f9-da6f9e63a425/AP_FOR_WEB_NEW____bikhekh_lekha_.jpg)
জনতাক লাগে বিকল্পঃ কংগ্ৰেছী নেতায়ো চোন কৰিব নোৱাৰে চৰকাৰক প্ৰশ্ন...
তুষাৰ প্ৰতিম
একেখিনিয়েই কথা, একেখিনিয়েই সমস্যা। সঘনে হৈছে সমালাচোনাও। অৱশ্যে সমাধানৰহে কোনো লক্ষ্যণ নাই। সমস্যাৰ সমাধানৰ বাবে শাসক পক্ষৰ যি সদ্ভাৱনাৰ প্ৰয়োজন সেই সদ্ভাৱনাৰ বিপৰীতে তেওঁলোকেও সমূহক সমালোচনা কৰাতহে সচেষ্ট হৈছে।
গণতন্ত্ৰত বিৰোধীৰ ভূমিকা অপৰিসীম। শক্তিশালী বিৰোধীয়ে এখন চৰকাৰক সঠিক দিশত অগ্ৰসৰ হোৱাত বাধ্য কৰিব পাৰে। অৱশ্যে যিকোনো এটা বিষয়ত বিৰোধিতা কৰিবলৈ বিৰোধী ৰাজনৈতিক নেতাসকল নিজেও শুদ্ধ আৰু পৰিস্কাৰ হ'ব লাগিব। ঠিকে সেই শুভ্ৰ পোচাকজোৰৰ দৰেই।
কিন্তু যেতিয়া বিৰোধী নেতাসকলেই বিভিন্ন অপকৰ্মৰে লুতুৰি পুতুৰি হৈ থাকিব তেতিয়া তেওঁলোকে ৰাইজৰ স্বাৰ্থত কিদৰে মুখ খুলিব? সমাজ আৰু সমূহৰ স্বাৰ্থত কিদৰে গ্ৰহণ কৰিব শক্তিশালী ভূমিকা? কিদৰে দিব সঠিক নিৰ্দেশনা?
গুৱাহাটীৰ বানপানী কোনো নতুন কথা নহয়। এয়া গুৱাহাটীবাসীৰ বাবে এক চিনাকী ছবি। এনে পৰিস্থিতিৰ মুখামুখী হ'বৰ বাবেই অথবা এই পৰিস্থিতি কোনো কালেই সলনি নহয় বুলি অনুধাৱন কৰিয়েই যিবোৰ স্থানত বানপানীৰ উপদ্ৰৱ চলে সেই স্থানসমূহৰ বাসিন্দাই অট্টালিকাৰ গ্ৰাউণ্ড ফ্লৰ ব্যৱহাৰ নকৰাকৈ পেলাই থৈছে।
খৰালি কালত গুৱাহাটী উন্নয়ন মন্ত্ৰীয়ে বানমুক্ত গুৱাহাটীৰ সপোন দেখুৱায়। আকাশীযানত উঠি গুৱাহাটীৰ নলা, নৰ্দমা পৰ্যবেক্ষণ কৰে। বাৰিষা আৰু বান অহাৰ সময়ত সেই মন্ত্ৰীয়েই গুৱাহাটীবাসীৰ বাবেই বানপানী হৈছে বুলি কৈ নিজৰ ব্যৰ্থতা ঢাকিবলৈ ব্যৰ্থ চেষ্টা কৰে।
অথচ সেই মন্ত্ৰীক উভতি ধৰিব পৰাকৈ বিৰোধী আজি শক্তিহীন। কিয় বিৰোধীয়ে প্ৰশ্ন কৰিব নোৱাৰে বসবাসৰ অনুপযোগী হৈ পৰা গুৱাহাটীৰ আজিৰ পৰিৱেশ, পৰিস্থিতিৰ বাবে দোষী কোন? কিয় প্ৰশ্ন কৰিব নোৱাৰে গুৱাহাটীক আজিৰ পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিবলৈ তোমালোকৰ সক্ষমতা নাই?
প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সময়ত সৰ্বশক্তিমান হৈ পৰা একাংশ কংগ্ৰেছ নেতা সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপিৰ চৰকাৰ গঠন হোৱাৰ পাছতেই হৈ পৰিল ভিজা মেকুৰী। সেই সময়ৰ তেওঁলোকৰ সতীৰ্থ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ অনুগতক লৈ বিজেপিত যোগদান কৰি সোণোৱালৰ মন্ত্ৰীসভাত আকৌ সৰ্বশক্তিমান হৈ উঠিল।
পৰৱৰ্তী সময়ত তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰীও হ'ল। আজিৰ তাৰিখত তেওঁৰ সমান শক্তিশালী ৰাজনৈতিক নেতা অসমৰ বিজেপি দলত আন কোনো নাই। গুড বয়ৰ ইমেজ লৈ থকা সৰ্বানন্দ সোণোৱালো তেওঁৰ বিকল্প নহয়। এইদৰে শক্তিশালী হৈ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আছিল কংগ্ৰেছৰ আমোলত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী।
অথচ সেইগৰাকী হিমন্ত বিশ্ব শৰ্মাক আজি প্ৰশ্ন কৰিবলৈ প্ৰশ্নৰ অভাৱ বিৰোধী কংগ্ৰেছৰ তেতিয়াৰ মহাশক্তিশালী মন্ত্ৰীসকলৰ। যোৱা সময়ছোৱাত ৰাজ্যত শাসনাধিস্ত বিজেপি চৰকাৰক বিপদত পেলাব পৰাকৈ বহু ইছ্যু বিৰোধীয়ে লাভ কৰিছিল।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চৰকাৰৰ বিৰুদ্ধে বিৰোধীয়ে এক জনমত গঠন কৰাৰ সুযোগ আৰু সময় দুয়োটাই পাইছিল। কিন্তু সেই সুযোগ আৰু সময়ৰ সদব্যৱবহাৰ কৰাৰ পৰা বিৰত থাকিল কংগ্ৰেছ।
অসম জাতীয় পৰিষদ, ৰাইজৰ দলৰ কিছু সীমাবদ্ধতা আছে। আপৰ কথাও সুকীয়া। এ আই ইউ ডি এফৰ ভূমিকা বিৰোধীৰ নে মিত্ৰ দলৰ সেয়া এতিয়াও স্পষ্ট নহয়। অসম বিধানসভাত এ জে পিৰ এজনো সদস্য নাই। ৰাইজৰ দলৰ কেৱল অখিল গগৈ আছে। আপে সাংগঠনিক কাম-কাজ চলাই আছে। এই দল কেইটাৰ তৃণমূল কৰ্মী যিমান আছে কংগ্ৰেছৰ তাতকৈ বহু বেছি। তিনিবাৰকৈ ধাৰাবাহিক শাসন চলাইছে।
আজিৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰীকে ধৰি তেওঁৰ মন্ত্ৰীসভাৰ একাধিক সদস্যক হাড়ে হিমজুৱে চিনি পাই বিৰোধীয়ে। আৰু বিৰোধী নেতাকো সেইদৰেই চিনি পাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সেয়েহে পূৰ্বে সংঘটিত কৰা কেতবোৰ কাৰ্যৱলীৰ বাবেই আজিৰ তাৰিখত বিৰোধীৰ অধিকাংশ নেতাৰে মুখ বন্ধ।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সংবাদ মাধ্যমৰ সন্মুখত যিদৰে মন্তব্য কৰে সেইদৰে তৃণমূল পৰ্যায়ত শক্তি বৃদ্ধিৰ বাবে কি কাম কৰিছে? এই প্ৰশ্ন যদি সাৰ্বজননী হয় তেন্তে অধিকাংশ লোকৰে উত্তৰ হ'ব- 'নাজানো'।
ভূপেন বৰাই নহয়, কংগ্ৰেছৰ কোনজন নেতাই তৃণমূল পৰ্যায়ত আজিৰ তাৰিখত দলক শক্তিশালী কৰিবলৈ দেহেকেহে লাগিছে? কংগ্ৰেছ কৰ্মীৰ বাবেই হয়তো ই এক ডাঙৰ প্ৰশ্ন। তেওঁলোক নাজানে কোন নেতাই কি কৰি আছে।
সামাজিক মাধ্যমৰ বতাহ যিফালেই বলিছে সেইফালেই উৰি ফুৰা বিৰোধী কংগ্ৰেছে হয়তো এতিয়াও বুজিবলৈ বহু বাকী এই বতাহ ইচ্ছাকৰি বলাব পাৰি। তেওঁলোকক এই বতাহৰ সৈতে উৰি ফুৰিবলৈ দিয়া হৈছে। তেওঁলোকে বুজি পোৱা উচিত সামাজিক মাধ্যমত লিখিলেই সকলো শেষ হৈ নাযায়।
সামাজিক মাধ্যমত বিজেপিৰ নীতি, অপশাসনক সমালোচনা কৰা ভূপেন বৰাৰ দলৰ বিধায়কেই অমৃত কল যাত্ৰাত ভাগ লৈছে। বিজেপিৰ সভাত অংশ লৈছে। মানুহৰ বুজিবলৈ অসুবিধা হৈছে আচলতে এইসকল বিধায়ক কংগ্ৰেছৰ নে বিজেপিৰ?
সংবাদ মাধ্যমৰ সন্মুখত বিজেপি চৰকাৰক সমালোচনা কৰা বিৰোধী নেতাই জনতাৰ মাজত সোমাই যাবলৈ এতিয়াও বাট বিচাৰি পোৱা নাই। ভূপেন বৰা আৰু গৌৰৱ গগৈয়ে যদিও সংবাদ মাধ্যমৰ জৰিয়তেই কিছু প্ৰভাৱ পেলাবলৈ চেষ্টা কৰিছে তেওঁলোকো হৈ পৰিছে অসহায়।
আনহে নালাগে বহু চৰ্চিত ভূমি কেলেংকাৰী বিষয়টোত অসহায় ভাৱে গৌৰৱ গগৈয়ে প্ৰথম অৱস্থাত যুঁজ দি আছিল। দিল্লীৰ কঠোৰ নিৰ্দেশনা অহাৰ পাছতহে তৎপৰ হৈছিল বিৰোধী। ন্যায়ালয়ে এই বিষয়ত গৌৰৱ গগৈক মৌনকা অৱলম্বনৰ নিৰ্দেশ দিয়াৰ পাছতে মৌন হ'ল বিৰোধী কংগ্ৰেছ।
কোভিডৰ সময়ছোৱাৰ পৰা এই পৰ্যন্ত এনে বহু ইছ্যু পোহৰলৈ আহিছে যিবোৰত শাসক পক্ষ বেকফুটলৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছিল। কিন্তু নিজেই পূৰ্বে সংঘটিত কৰি অহা কেতবোৰ অপকৰ্মৰ বাবে আজি মুখ খুলিব নোৱাৰে একালত মহাশক্তিশালী হৈ পৰা কিছুমান কংগ্ৰেছ নেতাই।
এইসকল নেতাৰ নাম উল্লেখ কৰাৰো প্ৰয়োজন নিশ্চয়কৈ নাই। কথাবোৰ পঢ়ি গলেই এফালৰ পৰা সেইসকল নেতাৰ মুখবোৰ মনত ভাঁহি আহে। বিৰোধীত থকা এই নেতাসকলৰ কোনোবা যদি তেতিয়া বনমন্ত্ৰী আছিল আন কোনোবা আছিল শক্তিমন্ত্ৰী। ইয়াৰোপৰি একাংশ আছিল কংগ্ৰেছৰ শেষৰটো কাৰ্যকালৰ কেবিনেট মৰ্যদাপ্ৰাপ্ত সংসদীয় সচিব।
এইসকলক সোঁৱে বাওঁৱে লৈ আজিৰ কংগ্ৰেছ নেতৃত্বই বাৰে বাৰে শাসক পক্ষৰ ওচৰত হাৰ মানিছে। নিৰ্দিষ্ট এটা বিষয়ক ৰাইজৰ মাজলৈ লৈ যোৱাৰ পৰিৱৰ্তে কেৱল নিৰ্দিষ্ট দুই, তিনিটা দিনত সংবাদ মেল দি, সামাজিক মাধ্যমতে মন্তব্য কৰিয়েই শেষ কৰিছে বিৰোধীৰ দায়িত্ব। অধিকাংশক আকৌ সামাজিক মাধ্যমতো বিচাৰি পাবলৈ নাই।
জনসাধাৰণ বিকল্পৰ সন্ধানত আছে। এই বিকল্প আজিৰ তাৰিখত কোন হ'ব পাৰে? সেই প্ৰশ্নৰ উত্তৰ কাৰো হাতত নাই। যেতিয়ালৈকে বিৰোধী কংগ্ৰেছত এইসকল নেতা থাকিব তেতিয়ালৈকে কোনো বৰা, গগৈয়ে দলটোক আজিৰ পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিব নোৱাৰে। জনসাধাৰণেও তেওঁলোকক আদৰি ল'বলৈ বাৰে বাৰে চিন্তা কৰিব।
অৱশ্যে এইসকল নেতাই যদিহে প্ৰকৃততে বিজেপিৰ পৰা ৰাজ্যবাসীক মুক্ত কৰিব বিচাৰে অথবা চৰকাৰৰ অপকৰ্ম, ভুল নীতিৰ বিৰুদ্ধে প্ৰৱল জনমত গঠনত বলিষ্ঠ ভূমিকা ল'ব বিচাৰে তেন্তে তেওঁলোক সৰ্বোচ্ছ ত্যাগ কৰিবলৈ সাজু হ'ব লাগিব।
পূৰ্বে কৰা পাপ অথবা অপকৰ্মৰ প্ৰায়শ্চিত্ব হ'ব পাৰে এই ত্যাগ। অন্যথা কেৱল বতাহৰ সৈতে উটি-ভাঁহি ফুৰাৰ বাহিৰে বেলেগ বিকল্প নাথাকিব মূল বিৰোধী কংগ্ৰেছৰ। অশোক সিংহালৰ দৰে নেতাই নিজৰ ব্যৰ্থতা ঢাকিবলৈ জনতাক ঢাল হিচাপে ব্যৱহাৰ কৰাৰ সময়ত স্পষ্টকৈ ক'ব পাৰিব লাগিব- সকলো সফলতাৰ ক্ৰেডিট নিজৰ কৰা তোমাৰ নেতা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেখোন আছিল দীৰ্ঘ সময়ৰ গুৱাহাটী উন্নয়ন মন্ত্ৰী। আজিৰ এই সমস্যাৰ বাবে তেওঁ কিয় দাবী নহ'ব?
মুখ্যমন্ত্ৰী ড০ শৰ্মাই গুৱাহাটীত বানপানী দেখা নাই বুলি ক'বলৈ সাহস কৰাৰ পূৰ্বেই এইসকল নেতাই মুখ্যমন্ত্ৰীক তেওঁৰ ব্যৰ্থতা স্বীকাৰ কৰিবলৈ বাধ্য কৰাব পাৰিব লাগিব। আৰু ইয়াৰ বাবে প্ৰয়োজন বিৰোধী কংগ্ৰেছৰ সেইসকল নেতাৰ বলিষ্ঠ ভূমিকা।
যদি সেই ভূমিকা ল'ব নোৱাৰে তেন্তে নতুনলৈ এৰি দিয়ক বাট।তেওঁলোকৰ মৌনতা, তেওঁলোকৰ ব্যৰ্থতাৰ বাবেই জনতা মুখামুখী হৈছে নতুন নতুন সমস্যাৰ। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ লাগিব শক্তিশালী বিৰোধী।
Also Read: ভ্ৰাম্যমাণ থিয়েটাৰ থাকিব, নাথাকিব ৰুচিশীল দৰ্শক !