১৯৬০ ৰ ভাষা আন্দোলনঃ অথলে গ'ল বহু প্ৰতিভাৰ ত্যাগ...

১৯৬০ ৰ ভাষা আন্দোলনঃ অথলে গ'ল বহু প্ৰতিভাৰ ত্যাগ...
১৯৬০ ৰ ভাষা আন্দোলনঃ অথলে গ'ল বহু প্ৰতিভাৰ ত্যাগ...

ভাষা আন্দোলনৰ ছহিদ ৰঞ্জিত বৰপূজৰীৰ আজি মৃত্যু তিথি। অসমীয়া ভাষাৰ হকে প্ৰাণ আহুতি দিয়া এইগৰাকী প্ৰতিভাৰ ত্যাগে উচিত মৰ্যাদা পালেনে? যি লক্ষ্যৰে অসমীয়াই ভাষা আন্দোলন কৰিলে সেই লক্ষ্যত প্ৰকৃততে উপনীত হ'লনে? এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কৰ এক বিশেষ প্ৰতিবেদন।

ভাষা আন্দোলনৰ প্ৰথমগৰাকী ছহিদ ৰঞ্জিত বৰপূজাৰীৰ আজি ৬৩ সংখ্যক মৃত্যু তিথি। ১৯৬০ চনৰ ভাষা আন্দোলনৰ সময়ত ৪ জুলাইৰ দিনটোতেই কটন কলেজৰ হোষ্টেল কেম্পাচৰ ভিতৰতেই নিৰ্বিচাৰ গুলিচালনাৰে ৰঞ্জিত বৰপূজাৰীক হত্যা কৰিছিল।

কটন কলেজত উচ্চ শিক্ষা গ্ৰহণৰ বাবে আহি ভাষাৰ বাবে প্ৰাণ আহুতি দিয়া ৰঞ্জিত বৰপূজৰীৰৰ ত্যাগে আজিও উচিত বা প্ৰকৃত মূল্য পালেনে তাক লৈ বিভিন্ন সময়ত প্ৰশ্নৰ অৱতাৰণা হৈ আহিছে। ভাষা আন্দোলনে তীব্ৰ ধাৰণ কৰি থকাৰ সময়তে সংঘটিত এই ঘটনাক বহুতেই পৰিকল্পিত হত্যাকাণ্ড বুলিও সন্দেহ কৰে।

অৱশ্যে ইয়াৰো কাৰণ নথকা নহয়। সেয়া আছিল ১৯৬০ চনৰ কথা। সেই সময়ত অসমত ৰাজ্যভাষা অসমীয়া হ'ব লাগে বুলি প্ৰৱল দাবী উত্থাপন হ'বলৈ আৰম্ভ কৰিছিল। অৱশ্যে এই দাবী ১৯৫০ চনৰ মানৰ পৰাই লাহে লাহে উত্থাপন হ'বলৈ আৰম্ভ কৰিছিল।

এই লৈ অসমৰ যি দুই, এখন কাকত আছিল তাত এই বিষয়ে দাবী উত্থাপন হৈছিল যদিও অসমীয়া কাকততকৈ কলকাতাৰ পৰা প্ৰকাশিত বাংলা ভাষাৰ একাংশ কাকতত তাৰ বিৰোধিতা প্ৰৱল হ'বলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত অসমৰ যি দুই এখন কাকত আছিল তাত নিয়মীয়াকৈ এই বিষয়ে লেখা-মেলা প্ৰকাশ পোৱাৰ সমান্তৰালকৈ অসমীয়াই অসমীয়া ভাষা ৰাজ্যভাষা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আন্দোলনো আৰম্ভ কৰে।

এই আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল ঐতিহ্য মণ্ডিত কটন বিশ্ববিদ্যালয়ে। বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে সন্মুখৰ পৰা নেতৃত্ব দিছিল এই আন্দোলনক। সেই সময়ৰ কটনৰ ছাত্ৰ সমাজৰ নেতৃত্বত এই আন্দোলনে ১৯৬০ ৰ ৪ জুলাইত তীব্ৰ ধাৰণ কৰিছিল।

সেই দিনা কটন কলেজৰ ২ নং ছাত্ৰাবাসৰ বাৰাণ্ডাতে ছাত্ৰসমাজ একত্ৰিত হৈছিল। এই ছাত্ৰাবাসতে আছিল ৰঞ্জিত বৰপূজাৰী। এই একত্ৰিত ছাত্ৰসমাজে সামূহিক প্ৰতিবাদৰ বাবে সাজু হৈছিল। জনসমাগমো যথেষ্ঠ বৃদ্ধি হৈছিল।

কিন্তু তেতিয়ালৈকে কোনো হিংসাত্মক পৰিস্থিতিৰ সূচনা হোৱা নাছিল। সকলো শান্তিপূৰ্ণ ভাৱেই আছিল। তেতিয়া মুখ্যমন্ত্ৰী আছিল বিমলা প্ৰসাদ চলিহা। তেওঁ সেই সময়ত আছিল ৰাজধানী শ্বিলঙত।

ইফালে সেই সময়ত গুৱাহাটীত লাল বি কে দে' নামৰ এগৰাকী শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়া আছিল যি আছিল বাংলা ভাষাৰ সমৰ্থক আৰু অসমীয়া ভাষাৰ বিৰোধী। এই আৰক্ষী বিষয়াজনেই সদলবলে কটনৰ ছাত্ৰাবাসত গৈ উপস্থিত হৈছিল আৰু কোনো হিংসাত্মক ঘটনা সংঘটিত নোহোৱা স্বত্বেও প্ৰতিবাদকাৰীলৈ লক্ষ্য কৰি গুলীচালনা কৰাৰ নিৰ্দেশ দিছিল।

প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ নিৰ্বিচাৰ অত্যাচাৰ চলিছিল। ফলত বহু কেইগৰাকী লোক আহত হোৱাৰ লগতে ৰঞ্জিত বৰপূজৰাৰী বুকুত লাগিছিল আৰক্ষীৰ গুলী। ইফালে ইফালে পশ্চিমবংগতো অসমৰ ভাষা আন্দোলনৰ প্ৰভাৱ পৰিছিল।

সেই সময়ত কলকাতাত লাচিত বৰফুকন নামৰ চলচ্চিত্ৰ খনৰ শ্বুটিং আধাতে সামৰি অন্য শিল্পী আৰু কলা-কুশলীসকল উৰাজাহাজেৰে অসমলৈ উভতে যদিও সূৰ্য বৰা নামৰ ছবিখনৰ অভিনেতা এজন ৰে'লেৰেহে উভতি আহিছিল। আহোঁতে দুৰ্বৃত্তই তেওঁক শিলিগুৰিত হত্যা কৰিছিল।

এইদৰেই ভাষা আন্দোলনত প্ৰথমে ৰঞ্জিত বৰপূজাৰী আৰু তাৰ পাছত পৰ্যায়ক্ৰমে কেইবাজনো লোকে প্ৰাণ আহুতি দিছিল। চিৰদিনৰ বাবে মৰহি গৈছিল ফুলকুমলীয়া প্ৰতিভা। ৰচনা হৈছিল এক ৰক্তাক্ত ইতিহাস।

যি উদ্দেশ্যৰে ভাষা আন্দোলন হ'ল, ৰঞ্জিত বৰপূজাৰীকে ধৰি আন আন অসমীয়া ছহিদ হ'ল সেই উদ্দেশ্যত কিন্তু আজিও উপনীত নহ'ল অসমীয়া। ১৯৬১ চনত ৰাজ্য ভাষা আইন আহিল যদিও, ৰাজ্যিক ভাষা হিচাপে অসমীয়াই স্বীকৃতি পালেও অসমত আজিও অসমীয়াৰ ভাষাৰ দুৰ্দশাৰ অন্ত নাই।

ৰাজ্য ভাষা আইন আজিও সম্পূৰ্ণকৈ কাৰ্যকৰী নহ'ল। চৰকাৰৰ পৃষ্ঠপোষকতাতে বাৰে বাৰে হত্যাৰ চেষ্টা কৰা হৈছে অসমীয়া ভাষাক। চৰকাৰী অফিচ, কাছাৰীত অসমীয়া ভাষা ব্যৱহাৰ দূৰৰে কথা, বিদ্যালয়ৰ পাঠ্যক্ৰমৰ পৰাও পৰিকল্পিত ভাৱে আঁতৰাই দিয়া হৈছে অসমীয়া ভাষা।

এনে পৰিস্থিতিত ৰঞ্জিত বৰপূজাৰীৰ দৰে প্ৰতিভাৰ ত্যাগ যেন আজি অথলৈ গৈছে, সেই চিন্তা ভাষাটোক ভাল পোৱা মানুহে কৰিবলৈ আৰম্ভ কৰিছে।

১৯৬০ ৰ ভাষা আন্দোলনঃ অথলে গ'ল বহু প্ৰতিভাৰ ত্যাগ...
নিশা কৰিমগঞ্জত ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে মহিলাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in