এয়াই নেকি নৰক ? ১২৩ বছৰৰ ভিতৰত সৰ্বাধিক গৰম..

এয়াই নেকি নৰক ? ১২৩ বছৰৰ ভিতৰত সৰ্বাধিক গৰম..

বৰষুণ নাই, গৰমে কি ৰূপ ল'ব সেই প্ৰমাণ বতৰে ইতিমধ্যে দিছে । যোৱা ১২৩ বছৰৰ ভিতৰত এইবাৰে ভাৰতত সৰ্বাধিক গৰম পৰিব । এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন -

এইবাৰ গৰম ভয়াৱহ ৰূপত আহিব । যোৱা ১২৩ বছৰৰ ভিতৰত দেশত গ্ৰীষ্মকালছোৱাত সৰ্বাধিক তাপমান বৃদ্ধি পাব । সেই সতৰ্কবাণী আমাৰ নহয় । ইতিমধ্যে বতৰ বিজ্ঞানীসকলে সেই সতৰ্কবাণী প্ৰকাশ কৰিছে । ভাৰতীয় বৰতবিজ্ঞান বিভাগৰ তথ্য অনুসৰি, অলপতে অন্ত পৰা ২০২৩ বৰ্ষৰ ফেব্ৰুৱাৰী মাহটো আছিল যোৱা ১২৩টা বছৰৰ ফেব্ৰুৱাৰী মাহবোৰৰ ভিতৰত সৰ্বাধিক গৰম । ১৯০১ চনৰ পৰা ২০২৩ লৈকে ফেব্ৰুৱাৰী মাহত ইমান গৰম আগতে পৰা নাছিল । ২০২৩ বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ গড় তাপমান আছিল ২৯.৫৪ ডিগ্ৰী চেলছিয়াছ । ইয়াৰ কাৰণ প্ৰদূষণ । প্ৰদূষণৰ ফলত বা আন প্ৰাকৃতিক কাৰণত শীত কালছোৱাত বৰষুণ লক্ষণীয়ভাৱে হ্ৰাস পালে । বতৰ বিজ্ঞানীসকলৰ মতে, এইবাৰ ফেব্ৰুৱাৰী মাহটোত ৬৮ শতাংশ বৰষুণ হ্ৰাস হৈছে । যাৰ প্ৰভাৱ গ্ৰীষ্মকালছোৱাত পৰিব ।

মাৰ্চৰ পৰাই গ্ৰীষ্মপ্ৰৱাহে ভয়াৱহ ৰূপ ধাৰণ কৰিব । দেশৰ ১৫খন ৰাজ্যত গৰম কালছোৱা অতি ভয়াৱহ হ'ব কিয়নো সেই ৰাজ্য কেইখনত বৰষুণৰ পৰিমাণ আটাইতকৈ কম । উল্লেখযোগ্য যে, গ্ৰীষ্মকালছোৱাত যথেষ্ট সংখ্যক লোকৰ গৰমৰ বাবে মৃত্যু হয় । এটা অধ্যয়নত দেখা পোৱা গৈছে গৰমৰ বাবে ২০১৭ৰ পৰা ২০২২ চনলৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫৫ শতাংশ বৃদ্ধি পাইছে । সেয়েহে এইবাৰ গৰমে ঘাটক ৰূপ ধৰাৰ পূৰ্ণ সম্ভাৱনা আছে ।

এয়াই নেকি নৰক ? ১২৩ বছৰৰ ভিতৰত সৰ্বাধিক গৰম..
ইতিহাসে গৰকা ৮৮টা বছৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in