ইতিহাসে গৰকা ৮৮টা বছৰ...

ইতিহাসে গৰকা ৮৮টা বছৰ...

ডিজিটেল ডেস্ক : আজি ১০ মাৰ্চ। আজিৰ দিনটোতেই অসমৰ সাংস্কৃতিক জগতত সূচনা হৈছিল এক নতুন অধ্যায়ৰ। অসমীয়া বোলছবিৰ সৃষ্টিৰ বীজ অংকুৰণ হৈছিল আজিৰ এই ঐতিহাসিক দিনটোতেই। ১৯৩৫ চনৰ ১০ মাৰ্চত মুক্তিলাভ কৰিছিল প্ৰথম অসমীয়া বোলছবি 'জয়মতী'। জ্যোতিপ্ৰসাদ আগৰৱালৰ অমৰ সৃষ্টি জয়মতী।

সেই সময়ত জ্যোতি প্ৰসাদৰ এক প্ৰকাৰ মৰসাহ বুলি ক'লেও বঢ়াই কোৱা নহ'ব ! ছবি নিৰ্মাণৰ ক্ষেত্ৰত আগৰৱালাই কাৰিকৰী শিক্ষা লৈছিল যদিও তাক হাতে কামে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত মুখৰ কথা নহয়।  ছবি নিৰ্মাণৰ বাবে অত্যন্ত আৱশ্যকীয় উপাদান বিধেই হ'ল ষ্টুডিঅ'। জ্যোতিপ্ৰসাদ আগৰৱাই গাঁঠিৰ ধন ভাগি ভোলাগুৰি চাহ বাগিছাত কলগছ, বাঁহ-বেত আদি কেচামাল গোটাই নিৰ্মাণ কৰিলে চিত্ৰবন নামে এটা ষ্টুডিঅ'। ষ্টুডিঅ' নিৰ্মাণ হ'ল,নাম ভূমিকাত কোনে কৰিব অভিনয়, জয়মতীৰ চৰিত্ৰ কোনে ৰূপায়ণ কৰিব । আকৌ এটা নতুন চিন্তা। সাধাৰণ মানুহৰ বাবে ই এক বিড়াম্বনা।

কিন্তু ছবি পৰিচালক-প্ৰযোজক হিচাপে জ্যোতিপ্ৰসাদৰ মনত এই ভাৱৰ উদয় হোৱা কথাই শোভা নাপায়। নীলাম্বৰ সন্দিকৈৰ দুহিতা আইদেউ সন্দিকৈক সৈমান কৰোৱা হ'ল জয়মতীৰ মুখ্য চৰিত্ৰত অভিনয় কৰোৱাৰ বাবে। সেই সময়ৰ সমাজ ব্যৱস্থাত নাৰী বাহিৰত ওলোৱাটো এক অপৰাধ হিচাপে গণ্য কৰা হৈছিল। তাতে আকৌ ছবিত অভিনয় ! অসম্ভৱ বুলি ক'লেও চাগে ভুল কোৱা নহ'ব। অসমীয়া জনসাধাৰণে বোলছবি কি কেনেকৈ কি কৰে এই সম্পৰ্কে ধাৰণা সুস্পষ্ট নহয়। হ'বনো কেনেকৈ আগতে ছবি নিৰ্মাণ হ'লেহে। সকলো ক্ষেত্ৰতে বাটকটীয়া হোৱাটো মুখৰ কথা নহয়। তিক্ততা,ব্যৰ্থতা আৰু ভাগি যোৱা মনক জয় কৰি নিজৰ লক্ষ্য আৰু উদ্যেশ্য সৰোগত কৰি হেলাৰঙে আগুৱাই গ'লেহে কোনোৱে নিয়ম ভাঙি নিয়ম সৃষ্টি কৰি সমাজত অসাধাৰণ ব্যক্তি হিচাপে পৰিগণিত হয়।

অৱশেষত আইদেউ সন্দিকৈক বুজাই বঢ়াই জয়মতীত অভিনয় কৰোৱাৰ বাবে সন্মত কৰোৱা হ'ল। পৰিচালক জ্যোতিৰ চকুত আশাৰ কিৰণ, মনত প্ৰচণ্ড সাহস। চিত্ৰবন ষ্টুডিঅ'ত প্ৰথম অসমীয়া ছবিৰ শ্বুটিং আৰম্ভ হ'ল। একলা দুকলাকৈ আগবাঢ়িল জয়মতীৰ অগ্ৰগতি। অসমৰ সাংস্কৃতিক জগতত নতুনৰ উকমুকনি। অসমে পাব আইদেউ নামে এগৰাকী অভিনেত্ৰী। যেন জেৰেঙাৰ জয়মতী পুনৰ জী উঠিব আইদেউ সন্দিকৈৰ মাজত। বিভিন্ন বাধা-বিঘিনি নেওচি শ্বুটিং সম্পূৰ্ণ হৈ উঠিল লক্ষ্মীনাথ বেজবৰুৱাৰ কাহিনী, জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিচালনা,প্ৰযোজনা আৰু সংগীতেৰে প্ৰথম অসমীয়া বোলছবি জয়মতী। ছবিৰ ডাবিংৰ বাবে পৰিচালক গ'ল লাহোৰলৈ। আকৌ আন এটা সমস্যা । ডাবিং ষ্টুডিঅ'ত গৈ দেখে যে বহিঃশব্দগ্ৰহণ কৰা সকলো কলা-কুশলীৰ কোনো মাত নাই। যেন এখন নিৰ্বাক ছবি।

জ্যোতিপ্ৰসাদে লাহোৰতে সিদ্ধান্ত ল'লে অকলে ভইচ ডাব কৰিব। সেয়াই হ'ল প্ৰায় অৰ্ধশতাধিক শিল্পীৰ ভয়চ আগৰৱালাই নিজেই ডাবিং দিলে। অৱশেষত আহিল সেই ঐতিহাসিক দিনটো। অসমৰ বাবে গৌৰৱৰ দিন। ১৯৩৫ চনৰ ১০ মাৰ্চত কলকাতাৰ ৰৌনাক ছবিগৃহত মুক্তি পালে প্ৰথম অসমীয়া ছবি জ্যোতিপ্ৰসাদৰ জয়মতী। সূচনা হ'ল এক যাত্ৰাৰ। ছবি উদ্যোগ নিৰ্মাণৰ সপোন। জ্যোতিৰ জ্যোতিয়ে পোহৰাই তোলক অসমৰ ছবি জগতক। সচাঁ অৰ্থত অসমীয়া ছবি জগত উদ্যোগ হিচাপে চিহ্ণিত হওঁক।

ইতিহাসে গৰকা ৮৮টা বছৰ...
সেনাৰ পৰা ৰাষ্ট্ৰপতিলৈ, শ্বি জিনপিঙৰ অভ্যূত্থান...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in