ক্ষমা খুজি ৰক্ষা নাপালেঃ ভূপেন বৰাৰ বিৰুদ্ধে ২৮০খনৰো অধিক এজাহাৰ দাখিল

ক্ষমা খুজি ৰক্ষা নাপালেঃ ভূপেন বৰাৰ বিৰুদ্ধে ২৮০খনৰো অধিক এজাহাৰ দাখিল

author-image
Asomiya Pratidin
New Update
ক্ষমা খুজি ৰক্ষা নাপালেঃ ভূপেন বৰাৰ বিৰুদ্ধে ২৮০খনৰো অধিক এজাহাৰ দাখিল

ভুল হৈছে বুলি ক্ষমা খুজিও ৰক্ষা নাপালে ভূপেন বৰাই। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰায় প্ৰতিখন থানাতেই ৰুজু হ'ল গোচৰ। ক'ত ক'ত গোচৰ দাখিল হ'ল বৰাৰ বিৰুদ্ধে ? অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন...

Advertisment

শ্ৰীকৃষ্ণ-ৰুক্মিণী প্ৰেম আৰু বিবাহক লাভ জেহাদৰ লগত তুলনা কৰি চৰম বিপদত পৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে শুকুৰবাৰে এই মন্তব্যৰ বাবে ভাৰতীয় জনতা দলৰ যুৱ মৰ্চাৰ নেতাই ৰাজ্যৰ বিভিন্ন থানাত পৃথক পৃথক কৈ এজাহাৰ দাখিল কৰে। এতিয়ালৈকে ভূপেন বৰাৰ বিৰুদ্ধে ২৮০খনৰো অধিক এজাহাৰ দাখিল কৰা হৈছে।

বৰাৰ বিৰুদ্ধে কেৱল বিজেপি জিলা যুৱ মৰ্চাই ৫৮খন এজাহাৰ দাখিল কৰিছে। শুকুৰবাৰে বজালী জিলাৰ যুৱ মৰ্চা, উত্তৰ-পূব বজালী মণ্ডল, পাটাছাৰকুচী মণ্ডল আৰু পাটশালা মণ্ডলে পাটশালা আৰক্ষী থানাত এজাহাৰ দাখিল কৰি অচিৰেই বৰাক গ্ৰেপ্তাৰৰ দাবী জনায়।

নলবাৰী জিলাৰ বেলশৰ আৰক্ষী থানাতো বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে পশ্চিম নলবাৰী মণ্ডল যুৱ মৰ্চাই। নাওবৈচা থানাতো বিজেপি যুৱ মৰ্চাই এজাহাৰ দাখিল কৰি সনাতনী ধৰ্মত আঘাত সনাৰ বাবে বৰাক কঠোৰ শাস্তিৰ দাবী জনাই বিজেপি সদস্যসকলে।

ওদালগুৰি সদৰ থানাত আৰোধ্য প্ৰভু কৃষ্ণক অপমান কৰাৰ বাবে ওদালগুৰি জিলা যুৱ মৰ্চা, ভৈৰৱ কুণ্ডল মণ্ডল যুৱ মৰ্চাই বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। বৰাই ক্ষমা বিচাৰিলেও ৰাজ্যৰ প্ৰায়বোৰ সদৰ থানাতেই গোচৰ দাখিল কৰে যুৱ মৰ্চা সদস্যসকলে।

ঘগৰাপাৰা থানাতো ভাৰতীয় জনতা যুৱ মৰ্চাৰ বড়িগোগ বনভাগ মণ্ডল সমিতিয়ে গোচৰ ৰুজু কৰে। ধুবুৰী সদৰ থানাতো ৰুজু হৈছে গোচৰ। কলিয়াবৰ থানাত ভূপেন বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে সত্যৰঞ্জন বৰাই। পলাশবাৰী থানাত, গহপুৰ, গোলাঘাট, লংকা থানাতো কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। বিজেপি যুৱ মৰ্চাৰ প্ৰতিখন জিলাসমিতিয়ে বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

মহানগৰীৰ পাণবজাৰ থানাতো বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ভাৰতীয় জনতা যুৱ মৰ্চাই। শিলচৰৰ সদৰ থানাত আন এক গোচৰ ৰুজু কৰা হৈছে ভূপেন বৰাৰ বিৰুদ্ধে। লাভ জেহাদৰ বিৰুদ্ধে কৃষ্ণ-ৰুক্মিণীৰ নাম সাঙুৰি কৰা মন্তব্যৰ বাবে এতিয়া কংগ্ৰেছ নেতাজনৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰতিখন থানাতে গোচৰ ৰুজু কৰা হয়।

Also Read: নগাঁৱত মূল্যবৃদ্ধিৰ প্ৰতিবাদত কংগ্ৰেছৰ ধৰ্ণা কাৰ্যসূচী

Assam Pradesh Congress Commitee bhupen bora