নগাঁৱত মূল্যবৃদ্ধিৰ প্ৰতিবাদত কংগ্ৰেছৰ ধৰ্ণা কাৰ্যসূচী

নিত্য ব্যৱহাৰ্য সামগ্ৰীকে ধৰি বিভিন্ন সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত শুকুৰবাৰে নগাঁও জিলা কংগ্ৰেছে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে

author-image
Asomiya Pratidin
New Update
নগাঁৱত মূল্যবৃদ্ধিৰ প্ৰতিবাদত কংগ্ৰেছৰ ধৰ্ণা কাৰ্যসূচী

ডিজিটেল সংবাদ, নগাঁওঃ নিত্য ব্যৱহাৰ্য সামগ্ৰীকে ধৰি বিভিন্ন সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত শুকুৰবাৰে নগাঁও জিলা কংগ্ৰেছে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। নগাঁও শ্বহীদ ভৱনৰ সন্মুখত নগাঁও জিলা কংগ্ৰেছে এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰক দাবী জনায়। কংগ্ৰেছৰ নেতা-কৰ্মীসকলে মূল্যবৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায়, বিজেপি গ'বেক আদি বিভিন্ন ধ্বনি দি নগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে।

Advertisment

এই কাৰ্যসূচীত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, বিধায়ক ক্ৰমে নুৰুল হুদা, শিবামনি বৰা, নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰা, নগাঁও জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰূপালী শইকীয়াকে ধৰি ২ শতাধিক নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে। মূল্যবৃদ্ধি ৰোধ কৰাত বিজেপি নেতৃত্বাধীন চৰকাৰ ব্যৰ্থ হৈছে বুলি চৰকাৰক কঠোৰ সমালোচনা কৰি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনায়। কাৰ্যসূচীৰ অন্তত নগাঁও জিলা কংগ্ৰেছে এই দাবীত নগাঁও জিলা আয়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

Also Read: পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক...

Assam Pradesh Congress Commitee