আলফা(স্বা)ৰ প্ৰাক্তন উপ-সেনাধিনায়ক দৃষ্টি ৰাজখোৱাৰ এক্সক্লুচিভ সাক্ষাৎকাৰ...

পৰেশ বৰুৱাৰ সোঁহাত আছিল দৃষ্টি ৰাজখোৱা। আলফা(স্বা)ৰ উপ সেনাধিনায়ক আছিল ৰাজখোৱা। দৃষ্টি অসম নামেও পৰিচিত আছিল তেওঁ। আলফা(স্বা)ৰ ১০৯ নং বেটেলিয়ানৰ কামাণ্ডাৰ দায়িত্ব চাম্ভালিছিল দৃষ্টি ৰাজখোৱাই।
drishti rajkhowa
drishti rajkhowa

এটা এক্সক্লুচিভ সাক্ষাৎকাৰ । বহু বিস্ফোৰক ভাষ্য। গোপন স্থানত লোৱা হৈছিল সেই সাক্ষাৎকাৰ। আলফা(স্বা)ৰ উপ সেনাধিনায়ক দৃষ্টি ৰাজখোৱাই কি কি ক'লে। অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন-

পৰেশ বৰুৱাৰ সোঁহাত আছিল দৃষ্টি ৰাজখোৱা। আলফা(স্বা)ৰ উপ সেনাধিনায়ক আছিল ৰাজখোৱা। দৃষ্টি অসম নামেও পৰিচিত আছিল তেওঁ। আলফা(স্বা)ৰ ১০৯ নং বেটেলিয়ানৰ কামাণ্ডাৰ দায়িত্ব চাম্ভালিছিল দৃষ্টি ৰাজখোৱাই।

২০১১ চনৰ নৱেম্বৰত তেওঁক পৰেশ বৰুৱাই উপ সেনাধিনায়ক পদলৈ বদলি কৰিছিল। দৃষ্টি ৰাজখোৱাৰ আচল নাম মনোজ ৰাভা। আলফাৰ কেন্দ্ৰীয় কমিটিৰ অন্যতম সদস্য এই দৃষ্টি ৰাজখোৱা। ১৯৭০ চনত জন্ম হোৱা দৃষ্টি ৰাজখোৱাৰ ঘৰ আছিল গোৱালপাৰাৰ ৰংজুলিত।তেওঁৰ পিতৃৰ নাম ধনেশ্বৰ ৰাভা আৰু মাতৃৰ নাম সুশীলা ৰাভা।

গুপ্ত হত্যাকাৰীয়ে হত্যা কৰিছিল দুয়োকে। সেয়া আছিল ১৯৯৯ চনৰ ৯ মাৰ্চৰ কথা। ১৯৮৮ চনৰ পৰা ২০২০ চনলৈকে প্ৰায় ৩ টা দশক আলফাত আছিল দৃষ্টি ৰাজখোৱা। ২০২০ চনৰ ১১ নৱেম্বৰত মেঘালয়ত সেনাৰ ওচৰত আত্মসমৰ্পন কৰিছিল দৃষ্টি ৰাজখোৱাই।

মেঘালয়ৰ বোল চুগ্ৰেই নামৰ গাঁৱত আত্মগোপন কৰি থাকোতেই নিৰাপত্তাৰক্ষীয়ে বেৰি ধৰিছিল। কি পৰিস্থিতিত আলফা(স্বা) এৰি আত্ম সমৰ্পন কৰিব লগা হ'ল দৃষ্টি ৰাজখোৱাই। আলফাৰ এই শীৰ্ষ নেতা জনৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰ।

'দ্যা উইক'ৰ ডেপ্যুটি ব্যুৰ ছীফ নম্ৰতা বিজি আহুজা আহিছিল অসমলৈ। ২০২২ ৰ ডিচেম্বৰৰ কথা এয়া। এক গোপন স্থানত আলফা(স্বা)ৰ পূৰ্বৰ উপ সেনাধিনায়ক গৰাকীৰ সৈতে হোৱা কথোপকথনৰ সম্পাদিত ৰূপ-

প্ৰশ্ন- কেতিয়াবা ভাবিছিল নে আত্ম সমৰ্পন কৰিব?

দৃষ্টি ৰাজখোৱা- মই আলফা(স্বা) এৰা নাই।এতিয়াও মই সংগঠনটোত আছো। কিন্তু মই আত্মসমৰ্পন কৰিছো। মই কেতিয়াও সংগঠনটোৰ প্ৰতি অনুগত্য নাথাকিব বুলি ভৱা নাছিলো। মাজবাটত এই সংগ্ৰাম এৰি স্বাভাৱিক জীৱনলৈ ঘূৰি আহিম বুলিও ভৱা নাছিলো।

কোনো পথ নথকাত পৰিস্থিতিগত কাৰণত মই সংগঠনটো এৰিব লগা হ'ল। ভাৰত ৰাষ্ট্ৰক মই জনাইছিলো যদি মোক নিৰাপত্তাৰক্ষীয়ে মোৰ পত্নীক চোৱা চিতা কৰিবলৈ সুবিধা কৰি দিয়ে আৰু নিশ্চিয়তা প্ৰদান কৰে তেন্তে মই আত্মসমৰ্পন কৰিম।

আমি স্বাধীনতা পাঁও নাপাঁও সেয়া পৃথক কথা। কিন্তু সেয়া আলোচনাৰ মজিয়ালৈ যাব লাগিব। কাৰণ ইয়াৰ কাৰণেই বহুজনে জীৱন আৰু সৰ্বোচ্ছ ত্যাগ কৰিলে।মই ইণ্ডিয়া-বাংলাদেশৰ ন'মেনচ লেণ্ডত আত্মগোপন কৰি আছিলো মেঘালয়ৰ কাষত। ৮ বছৰ সংগ্ৰাম কৰিব লগা হৈছিল ভাৰতীয় সেনাৰ অভিযানৰ পৰা পলাই থাকিবলৈ। মেঘালয় আৰক্ষীয়েও আমাক বিচাৰি ফুৰিছিল। বাংলাদেশৰ বিভিন্ন চোৰাংচোৱা এজেন্সি, স্পেচিয়েল ফোৰ্চবোৰৰো আমাৰ ওপৰত চকু আছিল।

২০১১ আৰু ২০১৬তো মই ধৰা পৰো পৰোকৈ বাছি গৈছিলো। কোনোমতে পলাবলৈ সক্ষম হৈছিলো। এটা নিশা মই সীমান্তৰ এটা পিলাৰৰ কাষত আছিলো। তেতিয়া ৭ দিনলৈকে খোৱা নাছিলো। আমি খবৰ পাইছিলো আমি ক'ত আছো সেনাই খবৰ পাইছে। ৩ দিন খোজ কাঢ়ি তেওঁলোকে আমাক বিচাৰি আহিছিল।

আমাৰ খবৰ আছিল বহু গাড়ী সেই ঠাইলৈ আহিছে। বহু সেনা মোতায়েন কৰা হৈছে। দুখন হেলিকপ্টাৰেৰে আমাক বিচাৰি থকা হৈছে। কি কৰিম নকৰিম কৈ মই আত্মহত্যাৰ সিদ্ধান্ত লৈছিলো। তাৰপাছতে মই কৈছিলো মই আত্মসমৰ্পন কৰিম।

প্ৰশ্নঃ আপোনাৰ পত্নী আৰু সন্তানৰ বিষয়ে কওকচোন?

দৃষ্টি ৰাজখোৱাঃ মোৰ পত্নীৰ নাম লীলা ডি মাৰাক। তেওঁ এগৰাকী প্ৰশিক্ষণপ্ৰাপ্ত আলফাৰ কেডাৰ। সংগঠনৰ নিয়ম অনুসৰিয়েই মই তেওঁক বিয়া কৰাইছিলো। প্ৰতিজ্ঞা কৰিছিলো আমাৰ প্ৰথম দায়িত্ব হ'ব আলফা। মোৰ বিয়ালৈ ছীফ ছাৰো(পৰেশ বৰুৱা) আহিছিল। তেতিয়াৰ পৰা মোৰ পত্নী ছীফ ছাৰৰ সহধৰ্মীনি ববী ভূঞা বৰুৱা বাইদেউৰ সৈতে ঢাকাত থাকিছিল। তেওঁ আমাৰ পৰিয়ালৰ বাবে মাতৃ সদৃশ।

২০১৯ চনত মোৰ পত্নী অসুস্থ হৈ পৰে। খৰটকীয়া চিকিৎসাৰ প্ৰয়োজন হৈছিল। তেওঁলোকৰ পৰিয়াল মেঘালয়ত থাকে। ২০২০ ৰ ২০ ফেব্ৰুৱাৰীত তেওঁলোক সীমা পাৰ হৈ মেঘালয় পাইছিল। ঢাকাত কৰা বায়োপাচি ৰিপোৰ্টত নিশ্চিত হৈছিল তেওঁৰ কেন্সাৰ। পৰেশ বৰুৱা ছাৰে মুম্বাইত এজন অসমীয়া চিকিৎসকৰ ব্যৱস্থা কৰিছিল।

কিন্তু ভাৰতত প্ৰৱেশ কৰাৰ পাছত আলফাৰ আলোচনাপন্থী নেতা অনুপ চেতিয়াই তেওঁক লগ ধৰি চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ গৈছিল। মোৰ এটা ল'ৰা আৰু এজনী ছোৱালী আছিল। তেওঁলোক বাংলাদেশতে থাকি গৈছিল। বৰুৱা ছাৰৰ বাইদেউয়ে তেওঁলোকক স্কুললৈ পঠাইছিল আৰু যতন লৈছিল। মই জানিছিলো বাংলাদেশলৈ মই ঘূৰি যাব নোৱাৰিম।

সীমান্তত এনেদৰে কিমানদিন আৰু মই জীয়াই থাকিম। সেয়েহে মই ভাৰতীয় পক্ষক ইচ্ছা কৰি আত্মসমৰ্পনৰ প্ৰস্তাৱ দিছিলো। তেওঁলোকে মোক সুৰক্ষিতভাৱে সীমা অতিক্ৰম কৰোৱাৰ লগতে মোৰ পত্নীক যতন লোৱাত সুবিধা কৰি দিছে।

প্ৰশ্নঃ আত্মসমৰ্পন কৰাৰ আগতে পৰেশ বৰুৱাৰ সৈতে আলোচনা কৰিছিল নে?

দৃষ্টি ৰাজখোৱাঃ যেতিয়া আমি পলাই যোৱাতো অসম্ভৱ হৈ পৰিছিল তেতিয়া তেওঁ মোক চীনলৈ পলাই যাবলৈ পৰামৰ্শ দিছিল। কিন্তু তালৈ যাবলৈও ১৫ দিনৰ বেছি সময় লাগিব। পাহাৰ, পানী ,মাটি বগাই যোৱাৰ উপৰিও সীমান্তবোৰত নিৰাপত্তাৰক্ষীৰ তীক্ষ্ণ নজৰ আছে। ৰোহিংগীয়া সকলৰ অনুপ্ৰৱেশৰ সম্ভাৱণাৰ পাছত সীমান্তবোৰত চোকা নজৰ দিয়া হৈছিল। মই ২০১৮ত সেইবোৰ অতিক্ৰম কৰি মেঘালয়লৈ আহিছিলো। পুনৰ বাংলাদেশলৈ ঘূৰি যাঁওতে ভাৰতীয় সেনাৰ এনকাউন্টাৰৰ সন্মুখীন হৈছিলো। সেইবাবে মই ন'মেন লেণ্ডতে ৰৈ গৈছিলো।

বাংলাদেশ সেনাইও উগ্ৰপন্থী ধৰিলে বৰ নিৰ্যাতন চলায়। তাৰ কাৰাগাৰ বোৰৰ অৱস্থাও বৰ বেয়া। জীয়াই থকাই কঠিন হৈ পৰে।

প্ৰশ্নঃ বাংলাদেশ, ভূটান,ম্যানমাৰ আৰু চীনত কিমান আলফাই আশ্ৰয় লৈ আছে? আজিৰ তাৰিখত আলফাৰ শক্তি কিমান?

দৃষ্টি ৰাজখোৱা: বাংলাদেশত অতি ক'মেও ৮ টা কেম্প আছে। ম্যানমাৰত আছিল ৫ টা। মই আত্মসমৰ্পন কৰাৰ পাছতো বহুতে বাংলাদেশ এৰিছে। বৰ্তমান কিমান লোক আছে মোৰ হাতত তথ্য নাই। ভূটানতো আছিল বহু আলফা সদস্য। বৰ্তমানৰ কথা মই নাজানো। এটা কথা মই ক'ব পাৰো আলফা স্বাধীনৰ এটা ভাল ভেঁটি আছে চীনৰ য়ুনান প্ৰদেশত। তাত সংগঠনটোৰ শীৰ্ষ নেতৃত্ব থাকে।

ম্যানমাৰ আৰু ইষ্ট নাগালেণ্ডতো কেম্প আছে। মোতামতি ১০০০তকৈ অধিক আলফা সদস্য এই অঞ্চলটোত আছে। বিভিন্ন স্থানত প্ৰতি বছৰে নিযুক্তি হয়। পূৰ্বতে ইয়াৰ বাবে ফিজিকেল ৰিকিউটমেন্ট চিষ্টেম আছিল। কিন্তু বৰ্তমান অনলাইন যোগে, ফেচবুক, হোটচএপৰ জৰিয়তেও ৰিকুইট হয়। মই নাভাৱো এয়া সফলদায়ক নহ'ব।আলফাই সেয়েহে নিয়ুক্তিৰ ক্ষেত্ৰত এক নতুন পদ্ধতি ল'ব লাগে যাতে চোৰাংচোৱা এজেন্সিয়ে ধৰা পেলাব নোৱাৰে।

প্ৰশ্নঃ আফগানিস্তান, পাকিস্তান সীমান্তত গৈ প্ৰশিক্ষণ লোৱা আলফাৰ প্ৰথমটো বেটছত আপুনিও আছিল। এই বিষয়ে কিছু কথা আমাক জনাবনে?

দৃষ্টি ৰাজখোৱাঃ প্ৰথমে মই অস্ত্ৰ-শস্ত্ৰ চালনাৰ বেচিক প্ৰশিক্ষণ লৈছিলো। ১৯৮৯ত ডিমোলিশ্যন টেকনিক আৰু ৱায়াৰলেছ অপাৰেশ্যনত প্ৰশিক্ষণ লৈছিলো বাৰ্মাত। তাত ৫ বছৰ থাকি মই অসমলৈ ঘূৰি আহিছিলো। ১৯৯৫ ত বাংলাদেশলৈ গৈছিলো। তাতেই এছ এছ খাপলাংৰ নেতৃত্বাধীন এনএছচিএনে আলফাৰ সদস্য সকলক প্ৰথম ৱায়াৰ লেছ একুইপমেন্ট ব্যৱহাৰৰ প্ৰশিক্ষণ দিছিল। তেওঁলোক আছিল ইঞ্জিনিয়াৰ কেডাৰ।

১৯৯৫ ৰ জুনত মোৰ পঠোৱা হৈছিল আফগানিস্তান, পাকিস্তানৰ সীমান্তলৈ। তাত আমি ৩ মাহ প্ৰশিক্ষণ লৈছিলো। আমাৰ গ্ৰুপটোত ৮জন সদস্য় আছিল। ইয়াৰে ৬ জন আলফাৰ আৰু দুজন অল ত্ৰিপুৰা টাইগাৰ ফোৰ্চৰ সদস্য।

বাংলাদেশৰ পৰা আমি কাৰাছীলৈ বিমানেৰে গৈছিলো। তাতে আমাক পাকিস্তান চোৰাংচোৱাই সুৰক্ষিত স্থানলৈ নি থকাৰ ব্যৱস্থা কৰিছিল। ইয়াৰ পৰা আমি গৈছিলো ইছলামাবাদ। এখন লেণ্ড কুউজাৰ গাড়ীয়ে প্ৰায় ৮ ঘন্টা সময় তাৰপৰাই আমাক লৈ গৈছিলো পেছোৱাৰ ওচৰত থকা এটা প্ৰশিক্ষণ কেন্দ্ৰলৈ। তাত মুখ্য প্ৰশিক্ষণ জন আছিল কৰ্ণেল আয়ুব খান।

প্ৰশ্নঃ পাকিস্তানত কি ধৰণৰ প্ৰশিক্ষণ দিছিল?

দৃষ্টি ৰাজখোৱাঃ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ চলোৱাৰ প্ৰশিক্ষণ দিয়া হৈছিল আমাক। যেনে ধৰক এ কে চিৰিজৰ ৰাইফল, চীনত নিৰ্মিত লাইট মেছিন গান, স্নিপাৰ ৰাইফল, ৬০ এম এম মটৰ, ৰকেট লঞ্চাৰ, গ্ৰেনেড আদি। আক্ৰমণৰ বিভিন্ন পদ্ধিত সন্দৰ্ভতো আমাক শিকোৱা হৈছিল। কেৱল সেনাবাহিনীক আক্ৰমণ কৰিবলৈ নহয়, বুলেট ব্যৱহাৰ নকৰাকৈ কেনেকৈ আতংক বিয়পাব পাৰি সেই সন্দৰ্ভতো শিক্ষা দিয়া হৈছিল।

প্ৰশ্নঃ আপুনি আলফা(স্বা)ত বহু দিন আছিল। কিন্তু এতিয়ালৈকে আলোচনা হোৱা নাই। আলোচনাৰ বাবে কোন আগবাঢ়ি অহা নাই?

দৃষ্টি ৰাজখোৱাঃ মই এইটো নিশ্চিত নহয়। আলফা গঠন আৰু ইয়াৰ সংগ্ৰাম কোনো ভিত্তিহীন কাৰণত হোৱা নাই। এয়া এক সামাজিক দায়বদ্ধতা আৰু বুৰঞ্জীগত পটভূমি আছে। প্ৰয়োজনত এই সংগ্ৰাম আৰম্ভ হৈছিল। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি কেন্দ্ৰৰ মনোভাৱে আমাক এনে অনুভৱ কৰাইছিল যে তেওঁলোকে আমাক মাকীমাকৰ দৰে আচৰণ কৰে।

আমাৰ উন্নয়ন আৰু সমস্যাবোৰৰ কথা নেতাবোৰে শুনিব নোখোজে। আন্দোলন প্ৰতিবাদে প্ৰাপ্য অধিকাৰ আনিব নোৱাৰাৰ পাছত আলফাৰ দৰে সংগঠনৰ জন্ম হ'ল। আলফাৰ জন্ম ভাৰত চৰকাৰ আৰু নিৰাপত্তা বাহিনীৰ সৈতে যুঁজিবলৈ নহয়। ইয়াৰ জন্ম আমাৰ অধিকাৰ আৰু আমাৰ লোক সকলক সুৰক্ষিত কৰিবৰ বাবে। আমি আমাৰ অধিকাৰ দাবী কৰিছো। আমি আমাক জীৱ জন্তুৰ দৰে মাৰিবলৈ দিব নোৱাৰো।

প্ৰশ্নঃ আপুনি সংগঠনটোৰ ছেকেণ্ড ইন কামাণ্ড পদত আছিল। পৰেশ বৰুৱাৰ পাছতেই। চৰকাৰে আপোনাক কৈছে নেকি তেওঁক আনিব লাগে আৰু আলোচনা কৰিব লাগে?

দৃষ্টি ৰাজখোৱাঃ পৰেশ বৰুৱা ছাৰে কেতিয়াও কোনা নাই তেওঁ আলোচনালৈ আগবাঢ়ি নাহে।কিন্তু যি মুখ্য কাৰণত আলফা গঠন হৈছিল সেয়াই আলোচনা নহয় বুলি কোৱা হৈছে। আমি স্বাধীনতা পাঁও নাপাঁও সেয়া বেলেগ বিষয়। কিন্তু আলোচনাৰ টেবুলত বিষয়টো আলোচনাৰ বাবে অনাত বাধা কত? এয়া আমাৰ বাবে, সংগঠনটোৰ বাবে গুৰুত্বপূৰ্ণ কথা। ইয়াৰ বাবে বহুজনে প্ৰাণ উছৰ্গা কৰিলে।

প্ৰশ্নঃ আত্মসমৰ্পন কৰাৰ পাছত পৰেশ বৰুৱাৰ সৈতে কথা পতা হৈছেনে?

দৃষ্টি ৰাজখোৱাঃ হয়। তেওঁ মোক সুধিছিল ভাৰতীয় নিৰাপত্তা বাহিনী, চোৰাংচোৱাই তেওঁৰ বিষয়ে কি সুধিলে আৰু মই কি কলো। তেওঁ জানিব বিচাৰিছিল চৰকাৰে মোক কি দিছে। মই থাকিবলৈ ঘৰ এটা পাইছোনে। মই বিনম্ৰতাৰে তেওঁক জনাইছিলো তেওঁৰ বিষয়ে একো কথাই বেয়াকৈ কোৱা নাই। চোৰাংচোৱা আৰু নিৰাপত্তাবাহিনীয়ে জানিব বিচাৰিছিল তেওঁৰ ভৱিষ্যত পৰিকল্পনাৰ কথা। তেওঁ মোক জনাইছিল আলফা(স্বা)য়ে বিচৰা ধৰণে মূল বিষয়বোৰক লৈ আলোচনা কৰিব বিচাৰিলে তেওঁ আলোচনা কৰিবলৈ ৰাজী।

(দ্য উইকৰ সৌজন্যত)

আৰু পঢ়ক: শান্তি ‍আলোচনা : ভ্ৰম নে সত্য ?


Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in