শান্তি ‍আলোচনা : ভ্ৰম নে সত্য ?

শান্তি ‍আলোচনা : ভ্ৰম নে সত্য ?

-জয়দীপ নাৰায়ণ দেব

উত্তৰ-পূৰ্বাঞ্চল । স্বাধীন ভাৰতৰ আটাইতকৈ অশান্ত এলেকা সমূহৰ ভিতৰত অন্যতম । দেশৰ অন্য প্ৰান্ততো আছে ৰাজনৈতিক, সামাজিক অস্থিৰতা কিন্তু এনে এক বিশাল খণ্ডক আৱৰি কোনো কালেই দেশে প্ৰত্যক্ষ কৰা নাই এনে অস্থিৰতা । এই অস্থিৰতাৰ কাৰক বহুত, কাৰণ বহুত । আৰু একেদৰেই স্থিৰ নোহোৱাৰো কাৰক আৰু কাৰণ বহুত । মুঠ ৮ খন ৰাজ্যৰ সমষ্টি এই উত্তৰ-পূৰ্বাঞ্চলৰ ৪ খন ৰাজ্যতেই বৰ্তমানো আফছ্পা অৰ্থাৎ "আৰ্মড ফোৰ্চেছ (স্পেছিয়েল পাৱাৰ) এক্ট" কাৰ্যকৰী । চলি আছে জৰুৰীকালীন অৱস্থা ।

তাৰ মাজতেই শান্তি আলোচনাৰ কথা ঘুনুক ঘানাককৈ শুনা গৈছিল অঞ্চলটোৰ বিদ্ৰোহী সংগঠনসমূহ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত । কেইবা দশকযোৰা সাৰ্বভৌম আৰু স্বাধীন ভূখণ্ডৰ দাবীৰে উত্তাল কৰি তুলিছিল সমগ্ৰ দেশ এই সংগঠন সমূহে ।

ইয়াৰে ভিতৰত অন্যতম আছিল অসমৰ 'সংযুক্ত মুক্তি বাহিনী, অসম' অথবা আলফা; আনহাতে নাগালেণ্ডত 'ৰাষ্ট্ৰীয় সমাজবাদী পৰিষদ' অথবা এন এছ চি এন । ৰাষ্ট্ৰই সততেই উত্তৰ-পূৰ্বাঞ্চলক আওকাণ কৰি অহাৰ অভিযোগেৰে আৰম্ভ হোৱা এই সশস্ত্ৰ বিদ্ৰোহে পাছলৈ কিছু সুবিধাবাদীৰ কুকীৰ্তিৰ বাবে সন্ত্ৰাসবাদৰ নাম পাইছিল । বিশ্বৰ বিখ্যাত বিদ্ৰোহী ছে' গুৱেভাৰাৰ গেৰিলা যুদ্ধৰ আদৰ্শেৰে আগবাঢ়ি নিষ্পাপ জনতাক হত্যা, অপহৰণ কৰা কাৰ্যৰ ফালেহে ধাৱমান হ'ল বিদ্ৰোহ । বিদ্ৰোহৰ পৰিকল্পনা, লক্ষ্য একোৱেই এনে নাছিল পূৰ্বতে ।

বিদ্ৰোহ সমূহৰ সপক্ষে অথবা বিপক্ষে যুক্তি দাঙি ধৰা উদ্দেশ্য নহয় কাৰো । কিন্তু একে সময়তেই ভুল-শুদ্ধ সমূহলৈ আঙুলিয়াই দিয়া দ্বায়িত্ব সমাজৰ ।

সময়ৰ সোঁতত অসমত সলনি হ'ল ৰাজনৈতিক আৰু সামাজিক পট পৰিৱৰ্তন । সংগ্ৰামী মনোভাৱেৰে অৰণ্যলৈ গমন কৰা বিদ্ৰোহী সংগঠন সমূহে ৰাজ্য চৰকাৰ আৰু মধ্যস্থতাকাৰীৰ হস্তক্ষেপত শান্তি আলোচনাৰ প্ৰতি মত আৰোপ কৰিলে । তাৰ সমান্তৰালকৈয়ে বিদ্ৰোহী সংগঠন সমূহৰ বহু কেইজন শীৰ্ষৰ নেতাই শান্তি আলোচনাৰ বাবে অস্ত্ৰ ত্যাগ কৰি আত্মসমৰ্পন কৰিলে । ইয়াৰে ভিতৰত আলফাৰ প্ৰাক্তন সভাপতি অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া, শশ চৌধুৰী আৰু ৰাজু বৰুৱা অন্যতম ।

২০০৯ চনত আত্মসমৰ্পন কৰা এই গোটটোৱে আগ্ৰহ প্ৰকাশ কৰিছিল আলফা আৰু কেন্দ্ৰীয় চৰকাৰৰমাজত শান্তি আলোচনাৰ বাবে মধ্যস্থতাকাৰী হ'বলৈ । কিন্তু নিস্বৰ্ত আলোচনা যেন অলীক কল্পনা হৈ ৰ'ল দুয়ো পক্ষৰ বাবে । ইতিমধ্যে উল্লেখ কৰি অহাৰ দৰেই বিভিন্ন কাৰক আৰু কাৰণৰ বাবে এই আলোচনা আজিও সম্ভৱ হৈ উঠা নাই ।

একেদৰেই ২০২০ চনৰ ২১ নৱেম্বৰত আত্মসমৰ্পন কৰিছিল আলফাৰ শীৰ্ষ নেতা দৃষ্টি ৰাজখোৱা ওৰফে মনোজ ৰাভাই । আলফাৰ একালৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই দৃষ্টি ৰাজখোৱাক শান্তি আলোচনা চক্ৰলৈ অনাৰ পৰিকল্পনা হাতত লৈছিল যদিও সময়ৰ সোঁতত যেন অদৃশ্য হৈ পৰিল দৃষ্টি ৰাজখোৱা । তাৰ পাছতেই দা ৱীক নামৰ এটি সংবাদ গোষ্ঠীয়ে ২০২৩ বৰ্ষৰ ২৭ জানুৱাৰীত মুকলি কৰিলে এটি ভিডিঅ' সাক্ষাৎকাৰ । য'ত গোৱালপাৰাৰ এটি অঞ্চলত পৰিয়ালৰ সৈতে বাস কৰি আছে দৃষ্টি ৰাজখোৱাই । কেৱল দৃষ্টি ৰাজখোৱাই নহয় বৰং আন কেইবাজনো প্ৰাক্তন আলফা সতীৰ্থও উপস্থিত আছিল সেই সাক্ষাৎকাৰৰ সময়ত ।

অৱশ্যে ‍আত্মসমৰ্পনৰ সময়ছোৱাত সেনাৰ জিম্মাত থকা অৱস্থাত দৃষ্টি ৰাজখোৱাক কৰা হৈছিল পৰেশ বৰুৱা সম্পৰ্কে বহু প্ৰশ্ন কিন্তু পৰেশ বৰুৱা সম্পৰ্কে অজ্ঞাত আত্মসমৰ্পনকাৰী নেতা গৰাকী । অৰ্থাৎ দৃষ্টি ৰাজখোৱাৰ জৰিয়তে শান্তি আলোচনা অথবা পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ অনাটো এক প্ৰকাৰ অসম্ভৱ বুলি প্ৰমাণ হৈছিল ।

কিন্তু বৰ্তমান আকৌ উত্থাপন হৈছে শান্তি আলোচনাৰ চৰ্চা । জাতীয় সংগঠন সমূহৰ নেতৃবৃন্দৰ সৈতে হোৱা এই আলোচনাত উত্থাপন হৈছিল নিস্বৰ্ত আলোচনা আৰু সাৰ্বভৌম ৰাষ্ট্ৰৰ প্ৰস্তাৱ । ভৱিষ্যতলৈ ই কিমান কাৰ্যকৰী হয় সেইয়া জনা যাব আলোচনাৰ পশ্চ্যাতত । তাৰ পূৰ্বে সম্ভৱ নহয় এই কথা জনাৰ । একে সময়তেই অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবিধানৰ শপত গ্ৰহণ কৰি ভাৰতৰ এক অঞ্চলক সাৰ্বভৌম ৰাষ্ট্ৰৰ মৰ্যদা প্ৰদানৰ সমৰ্থন কৰিব নোৱাৰে বুলিও প্ৰদান কৰিছিল মন্তব্য । তেনেস্থলত সমগ্ৰ বিষয়টোৱেই ধূসৰ এতিয়া ।

আলোচনা সম্ভৱ হৈ নুঠালৈকে অশান্ত হৈয়ে ৰ'ব অসমৰ ৰাজনৈতিক আৰু সামাজিক বাতাবৰণ । শেহতীয়াকৈ ২৬ জানুৱাৰী, গণতন্ত্ৰ দিৱসত আলফাই আহ্বান কৰিছিল অসম বন্ধ তথা গণৰাজ্য দিৱস বৰ্জনৰ । এই আহ্বানৰ পৰা আলফা যে এতিয়াও নিজৰ স্থিতিত অটল সেই কথা হে প্ৰমাণিত হৈছিল ।

আনহাতে, একেই অৱস্থা স্বাধীন কমতাপুৰৰ দাবীৰে গঠন হোৱা কে এল অ' অথবা নাগালেণ্ডৰ এন এছ চি এনৰ । ২৮ বছৰীয়া সংগ্ৰামৰ অন্ত পেলাই অৰণ্যৰ পৰা মূলসূঁতিলৈ উভতি আহিছিল কে এল অ'ৰ শীৰ্ষনেতা জীৱন সিংহ তথা আন কেইবাজনো নেতা । কিন্তু তাতেও আছিল আন এক ৰহস্য । আন আত্মসমৰ্পনকাৰী সকলৰ দৰে জীৱন সিংহ তথা সতীৰ্থ বিদ্ৰোহী সকলৰ সৈতে নাছিল কোনো অস্ত্ৰ । কে এল অ'ৰ আন শীৰ্ষ নেতা সকল এতিয়াও অৰণ্যতেই শান্তি আলোচনাৰ আশাত । আত্মসমৰ্পন কৰিয়েই নতুন দিল্লীত কেন্দ্ৰৰ সৈতে আলোচনাৰ বাবে উপস্থিত হৈছিল জীৱন সিংহ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ঘোষণা অনুসৰি, কিছুদিনৰ বিশ্ৰামৰ অন্তত বিদ্ৰোহী নেতাজন মিলিত হ'ব কেন্দ্ৰৰ সৈতে ।

ইয়াৰ পাছতেই ৰাজ্যৰ বিভিন্ন সংবাদ মাধ্যমত ফাদিল হ'ল কে এল অ'ৰ বহু ৰহস্য । আলফাৰ এসময়ৰ জ্যেষ্ঠ নেতা অশান্ত বাধফুকনৰ নেতৃত্বত পৃথক কমতাপুৰৰ দাবীৰে গঢ় লৈ উঠিছিল কে এল অ' । আলফাৰ বিদ্ৰোহস্থলী অসম হোৱাৰ নিমিত্তেই হেনো পশ্চিম বংগক লক্ষ্য কৰি লৈছিল কে এল অ'ই । যাতে দুয়োটা সংগঠনৰ কাম কাজত সৃষ্টি নহয় কোনো বাধাৰ ।

কিন্তু বৰ্তমান জীৱন সিংহ ক'ত ? আলোচনাৰ নামত মূলসুঁতিলৈ উভতি অহা কে এল অ'ৰ মুৰব্বী তথা বিদ্ৰোহী নেতা জীৱন সিংহৰ নাই কোনো খবৰ । ১৭ জানুৱাৰীৰ পৰা ২৯ জানুৱাৰী পালেহি । শান্তি আলোচনা কেৱল সংবাদ মেলতেই আৱদ্ধ হৈ থাকিল । তেনেস্থলত পৰৱৰ্তী সময়ত সংগঠনটোৰ যি সকল নেতা এতিয়াও অৰণ্যত শান্তি আলোচনাৰ আশাত বন্দী, সেই সকল পথভ্ৰষ্ট হৈ পৰাটো অতি সহজ ।

অনুৰূপ ঘটনা সংঘটিত হ'ল নাগালেণ্ডৰ এন এছ চি এনৰ সৈতে । দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ অন্তত শান্তি আলোচনাৰ বিষয় উত্থাপন হৈছিল এন এছ চি এনৰ সৈতে । যুদ্ধবিৰতি ঘোষণা কৰিছিল নিষিদ্ধ ঘোষিত সংগঠনটো আৰু চৰকাৰে । তেনেস্থলত মধ্যস্থতাকাৰীৰ প্ৰচেষ্টাত অতি শীঘ্ৰেই শান্তি আলোচনা সম্ভৱ হৈ উঠিল হয় দুয়োপক্ষৰ মাজত ।

কিন্তু তেনে অৱস্থাতেই সংঘটিত হ'ল আন এক অপ্ৰত্যাশিত ঘটনা । অসম ৰাইফলছৰ ৩১ জনীয়া এটি দলক এন এছ চি এনৰ শিবিৰত আবদ্ধ কৰি ৰখাৰ এক আলোকচিত্ৰ সামাজিক মাধ্যমত প্ৰকাশ পালে । লগে লগেই তৎপৰ হৈ পৰিল দুয়োপক্ষ আত্মসমৰ্থনত কৈফিয়ৎ দিয়াত । এন এছ চি এনে ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ বিৰতি ভংগৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিলে, ৰাষ্ট্ৰই ক'লে বাট হেৰুৱাই হে উপস্থিত হৈছিল সেন‍াৰ দলটো । নাগালেণ্ডৰ পেৰেন জিলাত এন এছ চি এনৰ মুখ্য প্ৰশিক্ষণ শিবিৰৰ সমীপতে সংঘটিত এই ঘটনাই এতিয়া পুনৰ পিছুৱাই পঠিয়ালে শান্তি আলোচনাৰ সম্ভাৱনীয়তাক । পাছত অস্ত্ৰসহ অসম ৰাইফলছৰ দলটিক উভতাই পঠিওৱা হয় যদিও এই আলোকচিত্ৰখনৰ পৰা প্ৰকাশ পালে আন এক কথাহে ।

ৰাষ্ট্ৰ বাহিনীৰ সেনাক এইদৰে আৱদ্ধ কৰি ৰাখিব পৰা ক্ষমতা থকা এন এছ চি এন জানো নিস্বৰ্ত আলোচনাৰ প্ৰতি আকৃষ্ট হ'ব ? যি সাৰ্বভৌম ৰাষ্ট্ৰৰ নামত ব্যয় কৰা হ'ল অত সময়, তেজ আৰু অৰ্থ সেই বিদ্ৰোহৰ লক্ষ্য পাহৰি মূলসুঁতিলৈ উভতি আহিব জানো মুইভাৰ সৈতে আন সতীৰ্থ বিদ্ৰোহী সকল । অৱশ্যে এন এছ চি এনৰ সাংগঠনিক দিশটো বৰ্তমান দুৰ্বল । এই সময়তেই আলোচনাৰ বাবে আগবাঢ়ি নাহিলে পৰৱৰ্তী সময়ত অসমত সন্ত্ৰাসৰ সৃষ্টি কৰা ছালফা সকলৰ দৰেই হ'ব পাৰে পৰিণতি । এই পৰিণতি কাৰো কাম্য নহয় । সকলোৱে বিচাৰে বিদ্ৰোহী সংগঠন সমূহে আৰু ৰক্তক্ষৰণ নোহোৱাকৈ উভতি আহক । আলোচনাৰ মেজত চালি জাৰি চোৱা হওক সকলো দিশ । প্ৰকৃততে নি:স্বৰ্ত আলোচনা সফল হওক । জবাবদিহি হওক সকলো সিদ্ধান্তৰ । সকলো দিশ পুংখানুপুংখ ভাৱে চালি জাৰি চালেহে আগন্তুক সময়ত শান্ত হৈ উঠিব উত্তৰ-পূৰ্বাঞ্চল । প্ৰত্যাহাৰ কৰা হ'ব আফছ্পা ।

কিন্তু আজিলৈ সকলো ধূসৰ । শান্তি আলোচনা এক ভ্ৰম নে সত্য সেয়াই উপলব্ধি কৰিব পৰা নাই সাধাৰণ ৰাইজে । আৰু এই কথা অনুধাৱণ কৰিব নোৱাৰালৈ আৱেগৰ বশৱৰ্তী হৈ এই সংগঠন সমূহলৈ যাত্ৰা কৰি থাকিব ডেকা-ডেকেৰীয়ে । ৰাষ্ট্ৰ বাহিনীৰ হাতত মৃত্যুবৰণ কৰিব সাৰ্বভৌম ৰাষ্ট্ৰৰ সপোনেৰে যোগদান কৰা অজস্ৰ ডেকাই । কিন্তু দেশ এখনৰ মানৱ সম্পদক এনেদৰে নিশ্চিত মৃত্যুৰ মুখলৈ ঠেলি দিয়াটো হয়তো ৰোমাঞ্চকৰ হ'ব পাৰে কাহিনীৰ পাতত কিন্তু কোনোপধ্যেই যুক্তি সংগত নহয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in