নালাগে আপুনি ঔষধ খাব,জামু খালেই এইবোৰ সুফল পাব...

নালাগে আপুনি ঔষধ খাব,জামু খালেই এইবোৰ সুফল পাব...

মনলৈ উভতি আহে ল'ৰালি। গোলাপী ৰঙৰ জামুবোৰৰ সেই মুখত লগা স্বাদে ধৰি ৰাখিছে আজিও পুৰণি সময়। আজি নাই সেই পৰিৱেশ। জামু গছৰ পৰা জামু পাৰি খোৱা দিনবোৰ হ'ল কাহিনী। গাঁৱে-ভূঁঞে সৰি পৰি থকা জামুৰো আছে বহু ঔষধি গুণ। আছে তাৰ বহু উপকাৰ। বিচাৰি ল'ব জানিলেই আমাৰ চৌপাশে আছে এনে বহু ফল। সেই সন্দৰ্ভতে চয়নিকা শইকীয়াৰ এক প্ৰতিবেদন...।

খাদ্য সামগ্ৰীৰ পৰা ঔষধৰ লৈকে অভাৱনীয় মূল্যবৃদ্ধি। সকলো সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সাধাৰণ জনতাক। একাংশই যদি মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে,একাংশই আকৌ চৰকাৰৰ সিদ্ধান্তক মূৰ পাতি লৈছে। কিন্তু এয়া জানো সমাধান হ'ব পাৰে? মূল্যবৃদ্ধিৰ বিৰোধিতাৰ অন্য এক বিকল্প হব পাৰে নিজক সুস্বাস্থ্যৱান কৰি ৰখা..

আমাৰ শৰীৰটো তেতিয়াহে সুস্থ হৈ থাকিব যেতিয়া ই প্ৰয়োজনীয় পৰিমাণৰ পুষ্টিকৰ উপাদান সময়মতে লাভ কৰি থাকিব । কিন্তু আজিৰ যুগত প্ৰায় সকলো বয়সৰ মানুহৰ মাজত অস্বাস্থ্যকৰ খাদ্যাভ্যাস বহু পৰিমাণে বৃদ্ধি পাইছে। সঠিক সময়ত সঠিক পৰিমাণত পুষ্টিকৰ,সুষম আৰু হজম হোৱা খাদ্য গ্ৰহণ কৰা উচিত।কিন্তু এফালে আমি জাংক ফুড,প্ৰচেছ ফুড,ৰেড মিট ইত্যাদিৰ প্ৰতি আসক্ত হৈছো আনফালে ঔষধৰ মূল্যবৃদ্ধিৰ বিৰোধীতা কৰিছো।

ইয়াৰোপৰি কেৱল সুষম আহাৰেৰে সু-স্বাস্থ্যৰ গৰাকী হ’ব নোৱাৰি, যদিহে শৰীৰক জিৰণি দিয়া নহয়,কোনো মানুহে জিৰণি নোলোৱাকৈ একেৰাহে কাম কৰিব নোৱাৰে। আনকি যন্ত্ৰকো অলপ সময়ৰ কাৰণে জিৰণিৰ প্ৰয়োজন।তেনেদৰে প্ৰয়োজনীয় টোপনিতকৈ কম টোপনি হ’লে বিভিন্ন আহুকালে দেখা দিয়ে। একেৰাহে কেইবাদিনো টোপনিত ব্যাঘাত জন্মিলে অৰ্থাৎ টোপনি নহ’লে বা কম হ’লে মগজুত গ্লু’কজৰ পৰিমাণ কমি যায়।

ঔষধৰ অবিহনে কিদৰে শৰীৰটোক সবল কৰি ৰাখিব পাৰো ইয়াৰ প্ৰতি গুৰুত্ব দিয়া উচিত। সঠিক খাদ্য,জিৰণি,ব্যায়ামাভাসে শৰীৰ বাবে প্ৰয়োজনীয়। সঠিক খাদ্য বুলি কওঁতে ফল-মূল ইয়াত অন্তৰ্ভুক্ত।

প্ৰকৃতি মাতৃয়ে বেমাৰ প্ৰতিকাৰৰ বাবে প্ৰচুৰ গছ-বন, ফল-ফুল অপৰ্যাপ্তভাবে আমাৰ মাজত বিলাই দিছে। তাৰ ভিতৰত এবিধ উত্তম ফল হৈছে ক'লা জামু...

জামুত যথেষ্ট পৰিমাণে পটাচিয়াম,কেলচিয়াম,মেগনেচিয়াম, ফচফৰাছ,ভিটামিন B1,ভিটামিন B6 আৰু এন্টি অক্সিডেন্ট পোৱা যায়।

জামু সেৱনৰ ফলত তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ হয় সেয়ে ফলবিধ মধুমেহ ৰোগীৰ বাবে উত্তম। জামু হাড়ৰ গঠনটো কাম কৰে,ফলবিধত যথেষ্ট পৰিমাণৰ ফচফৰাছ আৰু কেলচিয়াম থাকে।

ক’লা জমুৰ গুটি আটাইতকৈ বেছি উপকাৰী ৷ ক’লা জমুৰ গুটিত জামভলিন থাকে৷ যি শ্বেতসাৰক চেনীলৈ পৰিৱৰ্তন কৰাত সহায় কৰে ৷ ফলস্বৰূপে, ক’লা জামুৱে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰাখে। চিকিৎসকে ডায়েবেটিচ ৰোগীসকলক তেজৰ ইনচুলিনৰ স্তৰ বৃদ্ধি কৰিবলৈ প্ৰতিদিনে ক’লা জামু খাবলৈ পৰামৰ্শ দিয়ে।

ক’লা জামুৱে হজম বৃদ্ধি কৰাত সহায় কৰে। কাল জামুত প্ৰচূৰ পৰিমাণে ফাইবাৰ থাকে। যকৃত সক্ৰিয় কৰে আৰু প্লীহা পাচন নলীক সুস্থ কৰি ৰাখে। জামুত যথেষ্ট ভিটামিন চি থাকে। এই ফলটোৱে ভিটামিন চি-ৰ অভাৱত হোৱা ৰোগ প্ৰতিহত কৰে।

জামুৱে তেজৰ কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰি হৃদযন্ত্ৰ স্বাস্থ্যৱান কৰি ৰাখে। ই শৰীৰত দূষিত কাৰ্বন ডাই অক্সাইডৰ স্তৰ হ্ৰাস কৰে আৰু শৰীৰৰ প্ৰতিটো অংশলৈ অক্সিজেন প্ৰদান কৰে।

জামুৱে উচ্চ ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে। জামুত কম কেলৰি থাকে, যি ক্ষতিকাৰক নহয় কিন্তু স্বাস্থ্যকৰ। গতিকে যিসকলে ওজনৰ বিষয়ে চিন্তিত আৰু নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে তেওঁলোকে জামু গ্ৰহণ কৰিব পাৰে।

নালাগে আপুনি ঔষধ খাব,জামু খালেই এইবোৰ সুফল পাব...
চাকমা-হাজং শৰণাৰ্থীঃ অৰুণাচল ৰক্ষা পৰিব, অসমৰ কি হ'ব?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in